সপোন

3[ কল্যাণ কুমাৰ কলিতা ]

দুখৰ বৰষুণত সেমেকি থকা
মোৰ উকা কোলাত
তুমি তুলি দিলা এটা ৰঙীণ সপোন
সেই সপোনৰ ভাঁজে ভাঁজে
জিলিকি উঠিল সুখৰ একাঁজলি ৰ’দ,
সেই ৰ’দৰ নীলাভ উষ্মতাৰে
আঁতৰিল মোৰ বুকুৰ তলীৰ
গভীৰ এন্ধাৰ ঘোৰ…।

তুমি জগাই দিয়া
সপোনটিৰ সুবাসত
গঢ়ি উঠে মোৰ কলিজাত
ন আশাৰ বালিঘৰ
হেৰাই যোৱা কপৌজনীয়ে
আকৌ ৰুণ দিয়ে—
হেঁপাহৰ চাংঘৰত
গভীৰ আশাৰ স্বৰ…।

মোৰ আকাশ কঁপাই
খিলখিলাই উঠে
এটি গর্ভজাত শিশুৰ
হাঁহিৰ খলকনি
নিৰাশাৰ মলিন পোছাক ফালি
আন্ধাৰৰ গভীৰতাক নেওচি
ধিমিক ধামাক দিঠকৰ
দিয়ে আৱাহনী…।

এই সৰগীয় সপোনটিৰ ঢাপত
ৰুই দিলো
মোৰ জীৱনৰ ৰৈ যোৱা
প্রতিটো ক্ষণ
পোখা মেলি ঠন ধৰি উঠা
সুখবোৰ সাবটি
পাৰ কৰি দিব বিচাৰো জীৱন…।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

সম্পাদক

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz