সন্ধিক্ষণত এগৰাকী কইনা

Drops of Love

[ অৰূপ কুমাৰ পাঠক ]

মনৰ পদূলি আজি উগুল-থুগুল ,
য’তেই পৰে চকু কিয় হয় যে গণ্ডগোল।
আইৰ চেনেহৰ ঘৰখন এৰি
আজি যাম মই গুচি,
নাজানো কি হ’ব
মোৰ অদূৰ ভৱিষ্যতৰ গতি!
ল’ৰালিৰ দিনবোৰে কৰিব আমনি
হিয়া মন উচুপিব, নহয় ই ধেমালি।
সোণৰ খাৰু, মণি-কেৰু, কাজল, সেন্দুৰ
সকলোৰে শোভিত হ’লেও মন যে বিভোৰ।
অনামিকা আঙুলিত মোৰ এই আঙুঠি,
কত সপোন কত আশাৰ ই দিয়ে অনুভূতি।
প্রিয়তম আহিব সখিয়েকৰ ছাতিৰ তলত,
ভন্তিয়ে গৈ ভৰি ধুৱাব সবাৰে আগত।
আয়তীৰ বিয়ানাম, উৰুলি
সুখ-দুখৰ সন্ধিক্ষণত মন উদুলিমুদুলি।
কইনাৰ সাজত লুকাভাকু খেলে হেঁপাহৰ ৰংবোৰে,
পিছে অন্তৰৰ একোণত কান্দো মই কৰুণ সুৰে।
যামগৈ যদিও আঁতৰি, হ’ব মোৰো নতুন সংসাৰ
আঁচলত তথাপি বুটলি লৈছোঁ মই স্মৃতিৰ সম্ভাৰ।

ছবি: শান্তিছায়া দত্ত, উৎস: ফ্লিকআৰ

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz