সন্ধিক্ষণ

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

galpa11

: এই তোমাৰ হৈছে কি? কিয় এনেকৈ আছা? গা বেয়া লাগিছে নেকি? মানৱীৰ গাত ঠেলা মাৰি দি সুধিলে তুষাৰে। একো নামাতিলে মানৱীয়ে। তেনেকৈয়ে তলমূৰকৈ পৰি থাকিল তাই। ৰুমটোত আহি সোমোৱা এঘণ্টা হ’ল, তেনেকৈয়ে পৰি আছে তাই। অথচ ৰুমত সোমোৱাৰ আগলৈকে কিমান কি যে ভবা নাছিল তাই!

দুৱাৰত কাৰোবাৰ টোকৰ শুনি দুৱাৰখন মেলি দিলে তুষাৰে। হাতত ট্ৰে এখন লৈ হোটেল বয় এটা ৰৈ আছে। দুকাপ কফি আৰু পনিৰ-পকোৰাৰ প্লেটখনৰ লগত টমেট’ চচ্‌ আৰু চিলি চচ্‌ দি বয়টো গ’লগৈ। কফি আৰু পনিৰ-পকোৰাৰ কম্বিনেচন মানবীৰ ফেভাৰিট্‌।
: বী, কফি নোখোৱা?
নিঃশব্দে উঠি কাটা চামুচ এখনেৰে পকোৰা এটা লৈ একান্ত মনেৰে খোৱাত লাগিল মানৱী। তুষাৰে কফিকাপত চুমুক দি তাইক লক্ষ্য কৰি আছে। বুজিবৰ যত্ন কৰিছে অসুবিধাটো ক’ত হৈছে। এই সময়, এই পৰিৱেশ, হোটেলৰ এই বন্ধ ৰূমত মানৱীৰ এনে নীৰৱতা, ক’ৰবাত যেন ছন্দপতন ঘটিছে। কিবা এটা হৈছে। যেন যোগসূত্ৰ হেৰাই গৈছে ইটোৰ লগত সিটোৰ। তাই বাৰু অপৰাধবোধত ভূগিছে নেকি? কিন্তু তাইতো তেনেকুৱা দুৰ্বল মানসিকতাৰ মানুহ নহয়। তুষাৰে মানৱীক লগ পোৱাৰে পৰা ঘটনাবোৰ মনত পেলাবলৈ ধৰিলে। ‘হেষ্টি টেষ্টি’ত প্ৰিয়ংকাৰ লগত লাঞ্চ কৰিবলৈ গৈছিল সেইদিনা তুষাৰ। লাঞ্চৰ অৰ্ডাৰ দি বহি আছিল সিহঁত দুয়োটা। গৰমত ঘামি-জামি হাতত টোপোলা দুটামান লৈ পুতেকৰ লগত সোমাইছিল মানৱী আইচক্ৰীম খাবলৈ। প্ৰিয়ংকাক দেখি উঠি আহি মাত দিছিল। তাৰ লগতো চিনাকি হৈছিল। অফিচৰ পৰা এদিনৰ ছুটী লৈ পুতেকৰ লগত বিহুৰ বজাৰ কৰিছে। আইচক্ৰীম খাই সেইদিনা গুচি গৈছিল মানৱীহঁত। লাহে লাহে অচিনাকি মানৱী চিনাকি হৈ আহিছিল তাৰ বাবে। সি ক’ব নোৱৰাকৈয়ে তাৰ মনটোত, তাৰ বুকুখনত দখল আৰম্ভ কৰিছিল মানৱীয়ে। তাৰ এসময়ৰ প্ৰেয়সী প্ৰিয়ংকাৰ বিয়া হৈ যোৱাৰ পাছতো কেতিয়াবা সি তাইলৈ মেছেজ-কল কৰিছিল যদিও এটা সময়ত সকলোবোৰ বন্ধ হৈ গৈছিল। প্ৰিয়ংকাৰ অৱসৰ বিনোদনৰ আহিলা হৈ পৰা সি যেন লেটাৰ পৰা ওলাই পখিলা হৈ উৰিবলৈ লৈছিল। নিজক লৈ নিজেই আচৰিত হৈছিল সি। পাৰ হৈ যোৱা বছৰবোৰত কেনেকৈ জীয়াই আছিল সি? তাৰ কোনো অস্তিত্বই নাছিল দেখোন! সি মাথোঁ নমৰি বাচি আছিল। সেয়া সঁচাকৈ সিয়ে আছিল নে? ঠুনুকা, লেহুকা অলপ কথাতে ভাগি পৰা তাৰ দুৰ্বল মনটোৱে সকলো সময়তে আনৰ ঠাট্টা-মস্কৰা, লাঞ্চনা-গঞ্জনা খাই জীৱনটো অথলে গ’ল বুলি হা-হুমুনিয়াহ কাঢ়ি থাকিছিল। সেয়ে বিয়া হৈ যোৱাৰ পাছতো প্ৰিয়ংকাৰ মেছেজ-কলৰ উত্তৰ দি তাৰ নীৰস জীৱনটোত বহুত কিবা পোৱা যেন লাগিছিল। কিন্তু মানৱীক লগ পোৱাৰ পাছতেই তাৰ সকলো ধ্যান-ধাৰণা ওলট-পালট হৈ গৈছিল। ইমান বছৰে সি পাই অহা, দেখি থকা পৃথিৱীখন নতুন ৰূপত দাঙি ধৰিছিল মানৱীয়ে তাৰ সন্মুখত। দুটা সন্তানৰ মাতৃ মানৱী আনবোৰতকৈ যেন অলপ বেলেগ। আত্মনিৰ্ভৰশীল, স্পষ্টবাদী, জেদী, খঙাল (কিন্তু ভিতৰি অদ্ভুত মৰমিয়াল), স্পৰ্শকাতৰ মানৱী। প্ৰথম দেখাত তেনেই নিমাখিত যেন লাগে। স্বল্পভাষী কিন্তু তীব্ৰ সংবেদনশীল মন আৰু উজ্জ্বল চকুদুটাৰে অহৰহ মানুহৰ মনবোৰ টুকুৰিয়াই ফুৰে। ঘুকুটি উলিয়াই আনে ভিতৰত সোমাই থকা দুখ-অভিমানৰ পাহাৰবোৰ। তাই মমতাৰ স্পৰ্শৰে যাদুৰ দৰেই দি যায় এমুঠি হাঁহি। এচমকা পোহৰ। তাইৰ শব্দবোৰ শক্তিশালী। জোঙা কাঁড় এপাটৰ দৰে পোনে পোনে কলিজাত আঘাত কৰে। অথচ তাই নিজেই বন্দী প্ৰেম আৰু ঘৃণাৰ মায়াজালত। ক্ষোভৰ আগ্নেয়গিৰিত গলিত লাভাৰ দৰে প্ৰতি পলে পলে তাই নিজকে ধ্বংস কৰি গৈছে। সকলো জানি-শুনিও সি একো কৰিব নোৱাৰি মাথোঁ অসহায় দৰ্শক হৈ চাই গৈছে। তাইৰ প্ৰবল ইচ্ছা শক্তিৰ ওচৰত সি বাৰে বাৰে হাৰি গৈছে। দিনে দিনে তাই বেপৰোৱা হৈ উঠিছে। অনমনীয় হৈ উঠিছে। নিজৰ খোৱা-বোৱা, দেহৰ যতন ল’বলৈ এৰি দিছে। কিমান ৰাতি সি ফোনত তাইৰ নীৰৱ উচুপনি শুনিছে। বেমাৰ-আজাৰ হ’লেও ডাক্তৰৰ ওচৰলৈ নাযায়। বেছিকৈ ক’লে ফোন অফ কৰি বহি থাকে। কেতিয়াবা কয় উশাহ ল’ব নোৱাৰি তাইৰ বুকুখন বিষায় বুলি। আচলতে আজি সি তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাম বুলি মনে মনে প্লেন এটা কৰি থৈছিল; সেয়ে এই এদিনীয়া ট্ৰেইনিংটো এটেণ্ড কৰিবলৈ সিয়ে বৰকৈ জোৰ কৰিছিল তাইক। কিন্তু এতিয়া তাই যিটো মূৰ্তি ধৰি আছে তাইক কথাটো কেনেকৈ কয় সি ভাবি উলিয়াব পৰা নাই। সি যিদিনা তাইক ভালপাওঁ বুলি কৈছিল কি কৈছিল তাই—।
: শেষত তুমিও!
: মানে?
: ভালপাওঁ বুলি যে ক’লা, কি ভালপোৱা— দেহটো নে মনটো? মই কিন্তু দেহা নেবেচোঁ, মনহে বেচোঁ। তোমাক কি লাগে?
: কি অদ্ভুত কথা কৈছা! মই কেতিয়া তোমাৰ দেহ লাগে বুলি ক’লো? মোক তোমাৰ মনটোহে লাগে।
: কিন্তু মনটোনো কিয় লাগে? এইবোৰ বাজে কথা বাদ দিয়া।
: তোমাক মোৰ ভাল লাগে, সেইকাৰণে।
: চোৱা, পুৱা-গধূলি কথা পাতিছা। কিবা এটা হয়তো তোমাৰ ভাল লাগিছে— সময়খিনি কাটি গৈছে অথবা তুমি আগেয়ে নোপোৱা কিবা এটা হয়তো পাইছা, সেয়ে ভাল লাগিছে। এইখিনিলৈকে ঠিকে আছে। কিন্তু ভালপোৱা? প্লিজ ভালপাওঁ বুলি নক’বা। মোৰ বাবে ভালপোৱা এটা সপোন, এটা মৰীচিকা, এটা ছলনা, এটা সাঁথৰ, এটা উত্তৰহীন প্ৰশ্ন! আজি আৰু একো নকওঁ। গুড্‌ নাইট্‌।

সেইদিনাৰ পৰা সি আৰু তাইক ভালপাওঁ বুলি কোৱা নাছিল। কাৰণ যুক্তিৰে তাইক বুজাব পৰাকৈ তাৰ ভাষাৰ অভাৱ আছিল। কিন্তু তাৰ দিন-ৰাতি, পুৱা-গধুলিৰ প্ৰতিটো ক্ষণ তাই কাঢ়ি নিছিল নিৰ্মমভাৱে। আৰু সি আকণ্ঠ বুৰ গৈছিল তাইৰ প্ৰেমত। তাই তাক সদায় কয়— ‘মই বিবাহিতা। দুটাকৈ সন্তান আছে মোৰ। মানুহজন আছে। মোৰ লগত লাগি থাকি তুমি কি পাবা? তোমাৰ নিজৰ জীৱন আছে। ভৱিষ্যৎ আছে। কিয় তোমাৰ সময়বোৰ মোৰ লগত এনেদৰে নষ্ট কৰিছা?’ সি সকলো বুজে কিন্তু, নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ঠিক কোনটো মুহূৰ্তত সি তাইতেই লীন হৈ গৈছিল সি নাজানে। সি মাথোঁ জানে, জীৱনত সঁচা প্ৰেম এবাৰেই হয় আৰু এই প্ৰেম কেৱল তাইৰ বাবে। তাৰ অতীত-বৰ্তমান-ভৱিষ্যৎ একাকাৰ হৈ গৈছে তাইক লৈ। তাইবিহীন এটা দিনো তাৰ কল্পনাৰ বাহিৰত। মদ খাই মাতাল হৈ এদিন সি দুপৰ ৰাতি তাইলৈ ফোন কৰিছিল। তাই ৰিচিভ নকৰি কাটি দিছিল। সি গোটেই ৰাতি মেছেজত কবিতা লিখিছিল তাইলৈ। পাছদিনা তাই গালি পাৰিছিল তাক। কফি খাবলৈ বুলি মাতি মুখৰ আগত বহুৱাই আকৌ কৈছিল তাক— ‘তুমি কিয় নুবুজা মোৰ এখন সংসাৰ আছে? তাত কিছুমান নীতি-নিয়ম আছে, যিবোৰ ইচ্ছা কৰিলেও মই ভাঙিব নোৱাৰোঁ। মোৰ কিছু সীমাবদ্ধতা আছে, তাক মই পাৰ কৰিব নোখোজোঁ। মই স্বাধীনমনা হ’ব পাৰোঁ, কিন্তু উচ্ছৃংখল নহওঁ। তোমাক মোৰ সান্নিধ্য লাগে, দিছোঁ; কিন্তু মোৰ মৰ্যাদা হানি নকৰিবা। তুমি যদি এনে কৰিবলৈ নেৰা, মই আৰু তোমাৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিম। পাহৰি যাম তুমি কোন।‘ সি প্ৰতিজ্ঞা কৰে আৰু তেনে নকৰোঁ বুলি, কিন্তু বাৰে বাৰে তাৰ প্ৰতিজ্ঞা ভঙ্গ কৰে আৰু তাই খং কৰি তাক কেইবাদিনলৈ নমতাকৈ থাকে। সেইকেইদিনত তাৰ অৱস্থা পানীৰ পৰা তুলি অনা মাছৰ দৰে হয়। শূন্য হৈ যায় তাৰ পৃথিৱী। নিজৰ ওপৰতে খং উঠে তাৰ। বেৰত খুন্দিয়াই মূৰটো ভাঙি পেলাবৰ মন যায়। যুঁজি যুঁজি ভাগৰি পৰি মাফ খুজি সি আকৌ মেছেজ কৰে তাইলৈ। এইবাৰৰ পৰা আৰু নকৰোঁ বুলি কয়। তাৰ মেছেজ পাই তাই আৰু দুগুণ গালি দিয়ে তাক। তাইৰ গালি শুনি তাইলৈ তাৰ আকৰ্ষণ আৰু বাঢ়ে। তাইৰ প্ৰতি থকা কোবাল প্ৰেমত পাৰাপাৰহীনভাৱে সি উটি গৈ থাকে, গৈ থাকে, গৈয়ে থাকে।

: পকোৰা নোখোৱা? তাইৰ মাতত তাৰ ভাবত যতি পৰে। তাইলৈ চালে সি। কৌতুকত চিক্‌মিকাই উঠা চকুজোৰেৰে ওঁঠত মিচিকিয়া হাঁহি এটা লৈ তালৈ চাই আছে মানৱীয়ে। ভাল লাগি গ’ল তুষাৰৰ। এইজনী মানৱীহে তাৰ চিনাকি।
: তুমিনো তেতিয়াৰ কি ভাবি আছিলা? ঘৰলৈ মনত পৰিছে নেকি। বেয়া লাগিছে নেকি? বেয়া লাগিছে যদি যাওঁগৈ ব’লা। এতিয়াও টিকট পাম।
: চেণ্টি নাফালিবা। টিকট পালেও নাযাওঁ, কাৰণ আজিৰ ৰাতিটো এনেকৈ ইয়াত কটাম বুলিয়ে আহিছিলো আৰু তোমাক কথা দিছিলো। তুমিতো জানাই, ভাল হওক বেয়া হওক, কথা দি কথা ৰখাটো মোৰ স্বভাৱ।
: নহয় বী, তুমি তেতিয়াৰ পৰা যেনেকৈ আছা, মোৰ ভাব হৈছে, তুমি যেন অন্তৰ্দ্বন্দ্বত ভুগিছা। মাত্ৰ কথা দিলা বুলিয়েই মনক কষ্ট দি তুমি ইয়াত থকাৰ কোনো মানে নাই।
: নহয়, আচলতে মই আন এটা কথাহে ভাবি আছিলো।
: কি ভাবি আছিলানো?
: মোকতো তুমি জানাই বিবাহিতা বুলি, গতিকে পুৰুষ-নাৰীৰ শাৰীৰিক সম্পৰ্কক লৈ মোৰ কোনো কৌতুহল নাই। কিন্তু তুমি পুৰুষ, তাতে ডেকা ল’ৰা। তোমাৰ বাবে এটা নাৰী শৰীৰ নিশ্চয় লোভনীয় হ’ব। মই ভাবি আছিলো, মই আহি ৰূমত সোমোৱাৰ লগে লগে তুমি মোক হেঁচা মাৰি ধৰিবা আৰু মই বাধা দিয়াৰ আগতেই তুমি মোক উদং কৰি তোমাৰ ক্ষুধা দূৰ কৰিবা। কিন্তু তেনে একো নহ’ল। বৰং তুমি মোক হাতত ধৰি আনি আথেবেথে বহুৱালা। ভাগৰ লাগিছে নেকি সুধিলা। কপালত চুমা এটা আঁকি দি অলপ জিৰাবলৈ কৈ নিজেই কফিৰ অৰ্ডাৰ দিলা। তোমাক আচলতে লাগে কি তুষাৰ? আজিৰ দিনটোৰ বাবে তুমিয়েই বহুত হেঁপাহ কৰা নাছিলা জানো?
: হেঁপাহ কৰিছিলো বী, আজিৰ দিনটোলৈ বুলি নহয়। প্ৰতিদিনে তোমাক কাষত পোৱাৰ হেঁপাহ কৰোঁ মই। তোমাক এদিন নেদেখিলেই বলিয়া যেন লাগে মোৰ। কোনোবাখিনিত আধৰুৱা হৈ ৰওঁ। মিছা নকওঁ বী, তুমি আহি ৰূমত সোমোৱাৰ আগলৈকে মই তোমাৰ শৰীৰটোৰ কথাই ভাবি আছিলো। কল্পনাতে তোমাৰ শৰীৰটো সাবটি উত্তেজনাত ইতিমধ্যে হস্তমৈথুন কৰিছোঁ; কিন্তু তোমাক দেখিলেই মোৰ কি হৈ যায় নাজানো, তোমাৰ হাঁহিটো, তোমাৰ চকুদুটা, তোমাৰ মুখখনৰ বাহিৰে একো নেদেখোঁ। একো মনতো নপৰে। এক নামহীন প্ৰশান্তিয়ে আগুৰি ধৰে মোক। এনে লাগে যেন মই মোৰ প্ৰাপ্য পাই গ’লো। আৰু কোনো দাবী নাই মোৰ। আজিলৈকে তোমাক যিমানবাৰ, যিমান সময় মই পাইছোঁ বী, মই যেন প্ৰতিবাৰেই নতুনকৈ জী উঠিছোঁ। মোৰ জনম সাৰ্থক হৈছে। এটা কথা ক’বা?
: কি?
: মোৰ কথা বাদ দিয়া, মইতো হকে-বিহকে যেতিয়াই তেতিয়াই কিবাকিবি দাবী কৰোঁ তোমাৰ ওচৰত। সময়ে-অসময়ে তোমাক লগ কৰাৰ সুবিধা বিচাৰোঁ। কিন্তু তুমিতো যুক্তিবাদী মানুহ। তোমাৰ ঘৰখন, মানুহজন, সন্তান দুটাক লৈ তুমি এক প্ৰকাৰ সুখী মানুহ। তেনেস্থলত আজি তুমি তোমাৰ সীমা পাৰ হৈ এনেকৈ কিয় আহিলা?
: আহিব নালাগিছিল নেকি?
: নালাগিছিল বী। কিন্তু তোমাৰ ফালৰ পৰা চাবলৈ গ’লে নালাগিছিল।
: তেনেহ’লে যাওঁগৈ ব’লা।
: বী?
: সৰুতে সাধু কথা শুনিছিলা নে তুষাৰ? আজি আকৌ শুনা, বন্দিনী ৰাজকন্যাৰ সাধু। মা-দেউতাৰ একমাত্ৰ সন্তান মই। দেউতা জ্যেষ্ঠ অধিবক্তা আছিল। মোৰ মা অতি আধুনিকা আছিল। খোৱা-পিন্ধা, খোজ-কাটল, কথা-বতৰা প্ৰতিটো ক্ষেত্ৰতে আভিজাত্য বৰ্তাই ৰখাত তেওঁ অকণো কৃপণালি কৰা নাছিল। দেউতাই বেছিভাগ সময় বাহিৰৰ মানুহৰ লগতেই ব্যস্ত হৈ থাকিছিল নতুবা ষ্টাডি ৰুমতে কটাইছিল। আনহাতে ক্লাব-পাৰ্টি-মিটিং এইবোৰ কৰি মাই আহৰি নাপাইছিল। প্ৰকাণ্ড ঘৰটোত চাকৰ-নাকৰৰ হাতত মোৰ বাবে এখন নিৰ্দিষ্ট ৰুটিন জাৰি কৰা আছিল। পুৱা শুই উঠি জগিং-ছুইমিং কৰাৰ পাছত ব্ৰেকফাষ্ট কৰি স্কুল যোৱা, স্কুলৰ পৰা আহি আকৌ ল’ন টেনিচৰ প্ৰেক্টিচ, তাৰপাছত টিউচন, নিজৰ পঢ়া, ৰবিবাৰে ডাঞ্চ ক্লাচ। মুঠৰ ওপৰত জীয়েকক সকলো বিদ্যাতে পাৰ্গত কৰি তোলাত মাই যত্পৰোনাস্তি চেষ্টা চলাইছিল। দুই তিনিদিন কেতিয়াবা মাৰ মুখ দেখিবলৈয়ে নাপাওঁ। ক’লৈ যায়, কি কৰে একো গম নাপাওঁ। পুৱা-গধুলি দেউতাক অলপ সময় পাওঁ। ডাঙৰ হৈ অহাৰ পাছত নিঃসঙ্গতাই খেদি ফুৰে মোক। নিঃসঙ্গতা আঁতৰাবলৈকে এদিন হাতত কিতাপ তুলি ল’লো। মোৰ মৌন প্ৰহৰবোৰ কিতাপৰ চৰিত্ৰবোৰে ভৰাই তোলে। সেইবোৰৰ সৈতেই মই মোৰ অনুভৱবোৰ ভগাই ল’বলৈ আৰম্ভ কৰিলো। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পাছ কৰি উঠি কটনত পঢ়িবলৈ গ’লো। প্ৰথমবাৰৰ বাবে মাৰ কটকটীয়া শাসনৰ বান্ধ খুলি মুকলি আকাশৰ তলত থিয় দিলো। মোৰ কেনে লাগিছিল তেতিয়া, তোমাক মই বুজাই কব নোৱাৰিম। মুক্ত পক্ষীৰ দৰে ঘূৰি ফুৰিছিলো গুৱাহাটীৰ অলিয়ে গলিয়ে। শুক্লেশ্বৰ ঘাট, উজান বজাৰ, চিৰিয়াখানা, নেহৰু পাৰ্ক, শৰাইঘাট দলং, বালাজী মন্দিৰ, কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, কলাক্ষেত্ৰ, চাইন্স মিউজিয়াম— সকলোবোৰ এমাহ নহওঁতেই ঘূৰি শেষ কৰিছিলো। বেপৰোৱা হৈ উঠিছিলো। অকস্মাৎ পোৱা স্বাধীনতাখিনিয়ে মোক উতলা কৰি তুলিছিল। হোষ্টেলৰ দুগৰাকী ছিনিয়ৰৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়িছিল। এদিন তেওঁলোকৰ প্ৰৰোচনাত পৰি এটা পাৰ্টি এটেণ্ড কৰিবলৈ গৈ মই মোৰ সৰ্বস্ব হেৰুৱালো। মোৰ ক’ল্ড ড্ৰিংকছৰ গ্লাচত কিবা মিহলাই নিচাসক্ত কৰি মোক সিহঁতে তুলি দিছিল এদল কামান্ধ লোকৰ হাতত। হোষ্টেললৈ নতুনকৈ অহা মোৰ দৰে মূৰ্খবোৰক সিহঁত দুজনীয়ে এনেকৈয়ে টকাৰ বিনিময়ত আনক যোগান ধৰে। এটা বৃহৎ নাৰী চক্ৰৰ হাতৰ পুতলা সিহঁতবোৰ। টকাৰ বিনিময়ত সিহঁতে নিজকো বিক্ৰী কৰে। অচেতন অৱস্থাত কোনে, কেনেকৈ, কেতিয়া মোক হস্পিতালত ভৰ্তি কৰিছিল, মই নাজানো। চেতনা অহাৰ পাছত মা-দেউতালৈ খবৰ পঠিওৱা হৈছিল। মাই মোক ককৰ্থনা কৰিছিল। দেউতাই পুলিচৰ লগত কেচটো সন্দৰ্ভত কথা পাতি সিহঁত দুজনীক ধৰা পেলাব খুজিছিল, কিন্তু মাই বাধা দিলে। মোৰ ভৱিষ্যতৰ দোহাই দি মোক গুৱাহাটীৰ পৰা লৈ আহিল। ওচৰ-চুবুৰীয়াই মোৰ কিবা ডাঙৰ বেমাৰ হোৱা বাবে ঘৰলৈ ঘূৰি অহা বুলি জানিলে। স্থানীয় কলেজতে পুনৰ নাম লগাই দিলে। মানসিকভাৱে মই ভাঙি পৰিছিলো। দেউতাই প্ৰিঞ্চিপালৰ লগত কথা পাতি ক্লাচ নকৰাকৈয়ে ঘৰতে পঢ়ি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিলে। এইবাৰ মায়ে সঁচাকৈ মোক লৈ চিন্তা কৰিছিল। দুৰ্ঘটনাটোক এটা দুঃস্বপ্ন বুলি ভাবিবলৈ মায়ে মোক বহুত বুজালে। দিনত ক’ৰবালৈ ওলাই গ’লেও ৰাতিটো মা মোৰ লগতেই ঘৰত থকা হ’ল। মই নিজে নিজে পঢ়া-শুনা কৰি থাকিলো। দুমাহমানৰ পাছত ইংৰাজী বিষয়টো দেখুৱাই দিবলৈ মাৰ লগৰে এগৰাকীৰ ভায়েক এজনে গাত ল’লে। তেওঁ স্থানীয় কলেজতে নতুনকৈ জইন কৰিছিল। দুৰ্যোগটো পাহৰি পুনৰ সহজ হৈ উঠা মোৰ বাবে সম্ভৱ নাছিল। তথাপি ছাৰে পঢ়োৱা সময়খিনিত যত্নেৰে পঢ়াৰ চেষ্টা কৰো। সময়বোৰ আগুৱাই গৈ থাকিল। এদিন তেওঁ মোলৈ দুখন কিতাপ আনিছিল। এখন অৰুণ শৰ্মাৰ উপন্যাস ‘আশীৰ্বাদৰ ৰং’ আৰু আনখন অনুৰাধা শৰ্মা পূজাৰীৰ ‘চাহেবপুৰাৰ বৰষুণ’। ভাল লাগিল কিতাপ দুখন পঢ়ি। মোক দিয়াৰ তৃতীয় দিনাই কিতাপ দুখন ঘূৰাই দিয়া দেখি তেওঁ ‘নপঢ়িলা নেকি’ বুলি সুধিছিল। মই পঢ়িলো বুলি কোৱাত তেওঁ মোলৈ বৰ মৰমেৰে চাইছিল। লাহে লাহে তেওঁৰ লগত মোৰ ব্যৱহাৰ সহজ হৈ আহিছিল। সময়ে পাহৰাই আনিছিল মোৰ বুকুৰ ঘাঁ টুকুৰা। পাঠ্যপুথিৰ বাহিৰেও আমি আন গল্প-উপন্যাস-কবিতাৰ কিতাপৰ কথা পাতিছিলো। তেওঁ দুখনমান বৰ ভাল উপন্যাস আনি দিছিল। অনুবাদ সাহিত্যৰ সোৱাদো দিছিল। মই ডিগ্ৰী ফাইনেল দিয়াৰ পাছত তেওঁ মোক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে। মা-দেউতাৰ আপত্তি কৰিব লগা একো নাছিল। ময়ো না কব লগা কোনো কাৰণ বিচাৰি পোৱা নাছিলো। হয়তো মানসিকভাৱে মই তেওঁৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো। ধুমধামেৰে বিয়া হৈ গৈছিল আমাৰ। কিন্তু বিয়াৰ প্ৰথম নিশাতেই মোৰ হেঁপাহবোৰৰ মৃত্যু ঘটিল। সদায় দেখি অহা মানুহজন কিমান আচিনাকি লাগিছিল সেইদিনা! মই মনে মনে ভাবি আছিলো, যিহেতু তেওঁৰ লগত মই যুগ্ম জীৱনৰ পাতনি মেলিম, এটা নতুন জীৱনৰ আৰম্ভ কৰিম, গতিকে মই তেওঁক মোৰ বিষয়ে সকলো কথা খুলি কম। আমাৰ সম্বন্ধৰ ভেটি হ’ব সততা আৰু বিশ্বাসৰ। দুয়ো মিলি প্ৰেমেৰে সজাম আমাৰ ঘৰখন। কিন্তু কাৰ্যতঃ সেইটো হৈ নুঠিল। ন-কইনা হৈ নীতি-নিয়মবোৰ সামৰি মই যেতিয়া ৰূমত সোমাওঁ, তেওঁ তেতিয়া ফুলশয্যাৰ ফুলবোৰ আঁতৰোৱাত ব্যস্ত। মোক দেখি ক’লে— ‘কানি-কাপোৰ সলাই, মুখ-হাত সোনকালে ধুই আহাঁ। ভাগৰ লাগিছে, শোওঁ আৰু।’ মোৰ এনে লাগিল যেন মই যেনিবা বিয়াৰ ৰভাতলৰ পৰা নাহি কোনোবা দূৰণিৰ পৰা যাত্ৰা কৰিহে ঘৰলৈ উভতিছোঁ। সেই যে প্ৰথম নিশাতেই মোক ভোগ কৰি উঠি মোৰ ফালে পিঠি দি তেওঁ নিশ্চিন্তমনে টোপনি গৈছিল, এতিয়াও তাৰ ব্যতিক্ৰম হোৱা নাই।… বিয়াৰ দুমাহৰ পাছতেই চাকৰি পাই বিহাৰত ট্ৰেইনিং কৰিবলৈ গুচি গৈছিলো। তিনিমাহৰ ট্ৰেইনিং। সেই তিনিমাহত মই তেওঁৰ পৰা মাত্ৰ তিনিখন চিঠি পাইছিলো। অথচ মই প্ৰায়ে চিঠি লিখিছিলো তেওঁলৈ। ফোন কৰাত অসুবিধা, কাৰণ কেম্পাচৰ বাহিৰলৈ ছোৱালীবোৰক ওলাব নিদিয়ে আৰু ঘৰৰ পৰা ফোন কৰিলেও ক্লাচৰ সময়তহে কৰিব পাৰে। আন সময়ত ফোন ৰিচিভ কৰিবলৈ নিদিয়ে সঞ্চালকে। ট্ৰেইনিং চেণ্টাৰত বেলেগ বেলেগ ঠাইৰ বিভিন্ন মানুহ লগ পালো। চাকৰিত জইন কৰাৰ দুবছৰৰ পাছত জিতৰ জন্ম। তাৰ চাৰিবছৰৰ পাছত মিতুৰ। যোৱা ১২ বছৰত বহুত মানুহ লগ পালো। বহুত অভিজ্ঞতা হ’ল। এতিয়া মই নিজক বুজি পাওঁ ভালকৈ। মানুহজনে বিয়াৰ নামত আচলতে মোক বিচৰা নাছিল, মোৰ শৰীৰটো বিচাৰিছিল। মোৰ শৰীৰৰ সৌন্দৰ্য হেনো অপূৰ্ব সুন্দৰ, তেওঁৰ মতে। এনেয়ে মই কি কৰিছোঁ, কি খাইছোঁ, কি পিন্ধিছোঁ,— এইবোৰ লৈ তেওঁ কেতিয়াও মূৰ নঘমায়। কিন্তু লগৰ কোনোবাই যদি তেওঁৰ আগত মোৰ ৰূপৰ প্ৰশংসা কৰে, সেইদিনা তেওঁৰ মোলৈ বৰ মৰম লাগে। ল’ৰা-ছোৱালীহালক খুৱাই-বুৱাই কাম-বন সামৰি শেষ নোহোৱালৈকে সেইদিনা তেওঁ মোলৈ ৰৈ থাকে। সুখী হ’বলৈ তেওঁক মাত্ৰ দুই বা তিনি মিনিটৰ প্ৰয়োজন। তাৰপাছত লাগে মই মৰোঁ বা জীওঁ, তাক জনাৰ তেওঁৰ দৰকাৰ নাই। তুমি পুৰুষ তুমি বুজিবা। তুমি কোৱা মোক এতিয়া, এয়া কি ধৰণৰ ব্যৱহাৰ? বিয়া মানে কি অকল শাৰীৰিক সম্বন্ধ? মোৰ কি আন দাবী নাই? আৰু যদি সুখ পোৱাৰ ক্ষেত্ৰত অকল শৰীৰটোৱেই একমাত্ৰ মাধ্যম, তেনে মই কিয় আধৰুৱা হৈ ৰওঁ? আজি বিয়াৰ ইমান বছৰৰ পাছতো তেওঁ কিয় বুজি নাপালে, মোৰো কিবা প্ৰাপ্য থাকিব পাৰে বুলি?
: কিন্তু বী, এই ক্ষেত্ৰত তুমি নিজেওতো অলপ আগভাগ ল’ব পাৰা? মানে…।
: মই জানিছিলো তুষাৰ, তুমি এনেকৈ ক’বা বুলি। বিয়াৰ পাছৰে পৰা সকলো ক্ষেত্ৰতে ময়ে আগভাগ লৈ আহিছোঁ। তুমি জানা, নিঃসঙ্গতাই খেদি ফুৰা অন্তৰ্মুখী ছোৱালী মই। সকলো কথা মুখ ফুটাই কব নোৱাৰোঁ। তথাপি সংসাৰৰ দাবীত ল’ৰা-ছোৱালী দুটাৰ সকলো দায়িত্ব ময়ে লওঁ। সিহঁত দুটাৰ পঢ়া-শুনা, মোৰ অফিচ, সংসাৰৰ দেধাৰ লেঠা সকলোবোৰ ময়ে চাওঁ। আন নালাগে, ঘৰটো সাজোঁতে লোৱা বেংকৰ লোনৰ হিচাপো আজিকালি মই ৰাখো। তেওঁ মাত্ৰ দৰমহাটো আনি মোৰ হাতত দিয়ে আৰু নিজে হাতত কিতাপ এখন লৈ মগ্ন হৈ বহি থাকে। তথাপি একো নকওঁ মই। তেওঁৰ প্ৰয়োজন বুজি প্ৰতি মুহূৰ্ততে তেওঁৰ কাষত মই থিয় দিছোঁ। তেওঁৰ অলপ মৰম, অলপ যত্নৰ বাবে মই পলে পলে হাহাকাৰ কৰোঁ। কিন্তু তেওঁ যেন নিৰ্বিকাৰ। নিজে পোৱাখিনি লৈয়ে তেওঁ সন্তুষ্ট। মোক লৈ তেওঁৰ কোনো কৌতুহল নাই। মই যেন এটা নিৰ্জীৱ পদাৰ্থ। সকলো কথাতে আগভাগ লওঁতে লওঁতে মই মোৰ পৰা হেৰাই গৈছোঁ। আৰু পৰা নাই তুষাৰ, সুখী হোৱাৰ অভিনয় কৰি ভাগৰ লাগিছে মোৰ। মোক অলপ জিৰণিৰ প্ৰয়োজন। মোক এটা পৰিৱৰ্তন লাগে। সংসাৰ নামৰ গাড়ীখন চলাওঁতে চলাওঁতে পাহৰি গৈছোঁ মই নিজকে। মৃত্যু শীতল এক জঠৰতাই কোঙা কৰি আনিছে মোক। মোক অকণ মৰম লাগে, অলপ উত্তাপ লাগে। ময়ো মানুহ। মোৰ শৰীৰটো তেজ-মঙহেৰেই গঢ়া। ভোক-পিয়াহ মোৰো আছে।
: কিন্তু বী, এয়া জানো প্ৰতাৰণা নহয়?
: কিয় হ’ব? কাক প্ৰতাৰণা কৰা হ’ব?
: তোমাক নিজকে। তুমি কোনোদিনে স্বীকাৰ কৰা নাই, মোৰ প্ৰতি তোমাৰ প্ৰেম আছে বুলি। মই নিজে এইটো মানো যে মনেৰে পৰিপূৰ্ণ হোৱাৰ পাছতহে শৰীৰে শৰীৰক আঁকোৱালি ল’ব পাৰে। অন্যথা ই মাথোন শৰীৰৰ খেলা হৈ পৰে। মই ভালপাওঁ তোমাক বী। মোৰ সমগ্ৰ সত্তাৰে মই তোমাক আপোন কৰিব বিচাৰোঁ। সেইবুলি মই এইটো কেতিয়াও নিবিচাৰোঁ যে মোৰ এটা ভুলে তোমাক জীৱনজোৰা মনোকষ্ট দিয়ক। মোক তোমাক লাগে বী। তুমি য’তে থাকা, যেনেকৈ থাকা, মোৰ একো অসুবিধা নহয়। মাত্ৰ তুমি মোৰ বুকুত মোৰ হৈ থাকা চিৰদিনলৈ।
: নহয় তুষাৰ, তুমি ভুল বুজিছা। আজি আৰু ফাঁকি নিদিওঁ। ময়ো ভালপাওঁ তোমাক। মোক তোমাৰ প্ৰেমৰ উত্তাপ লাগে। অস্তিত্বহীনতাত হেৰাই যাব ধৰা মোৰ আত্মাক এটা লগ লাগে। জীৱনে মোক লৈ বৰ বেয়াকৈ হেতালি খেলিলে। ইয়াত আজি এনেকৈ মই তোমাৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ অহা নাই। মই আহিছোঁ তোমাৰ আত্মাৰ সাৰথি হ’বলৈ। তোমাৰ প্ৰেমত উটি যাবলৈ। কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ, কাৰোবাৰ জী— এই সকলো চিনাকি পৰিচয় এৰি আজি মই মাথোঁ মই হৈ আহিছোঁ তোমাৰ হ’বলৈ। মৰি গৈছোঁ মই তুষাৰ। এদিনৰ বাবে হ’লেও মোক জী উঠিবলৈ দিয়া। আজি পাহৰি যোৱা— তুমি কোন, মই কোন। আমাৰ পৰিচয় কি। মোক তোমাৰ বুকুত অকণ ঠাই দিয়া। এবাৰ আঁকোৱালি লোৱা মোক।

আৰু পঢ়ক:  প্ৰেম 💔 অপ্ৰেমৰ গল্প

‘খুৰী খুৰী, আগফালে কোনোবা আলহী আহিছে’— মইনাৰ মাতত টোপনি ভাঙি গ’ল মানৱীৰ। চকুদুটা মেলি তাই ধৰিব নোৱাৰিলে তাই ক’ত আছে। থমক খাই ৰৈ এপলক তাই গোটেই কথাখিনি আকৌ এবাৰ মনত পেলালে। তাই তাৰমানে ইমানপৰে সপোনহে দেখি আছিল। কিন্তু কিয় দেখিলে তাই এনে সপোন? তাইতো তাইৰ মনৰ কথা আজিলৈকে কাকো খুলি কোৱা নাই! এইটো সঁচা যে তাইৰ মনত কষ্ট আছে। মানুহজনে তাইৰ প্ৰতি দেখুওৱা বিৰাগে তাইক অপৰিসীম যন্ত্ৰণা দিছে, সেইবুলি তাইতো কোনো বিকল্প বিচৰা নাই। কিহৰ ইংগিত এয়া? যোৱা ৰাতিৰ সংঘাতৰ প্ৰতিফলন নেকি এয়া? একো ঠাৱৰ কৰিব নোৱাৰি দ্বিধাগ্ৰস্ত হৈয়ে মানৱী ওলাই গ’ল কোন আহিছে চাবলৈ।«

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts