শব্দহীন

[ মৈত্ৰেয়ী পাতৰ ]

মৌন ৰাতি এটাৰ নিকৰুণ আৰ্তনাদ
কোলাহলবোৰ বুকুত সামৰি
মোৰ দুয়োকাষে নৈখনৰ বিলাপ।
সুঁতিয়ে সুঁতিয়ে যন্ত্ৰণা, শব্দহীনতাৰ
নিশ্চুপ নৈৰাজ্য,
নিঃশব্দ!
শিলৰ ফাঁকে ফাঁকে নিটাল নিঢাল গেঙনিবোৰ
হয় হয়, মোৰ বুকুৰ ফাঁকে ফাঁকে নিটাল নিঢাল!

তোমাৰ দুচকুৰ শূন্যতাত ওলমি থকা প্ৰশ্নটোৰ
নিষ্কলুষ নিৰৱতাত
মোৰ শৰীৰেদি ক্ৰমান্বয়ে আগ্ৰাসী হৈ আহে
একোখন গধুৰ শিলৰ নাও,
যন্ত্ৰণাৰ ঢৌ ফালি
তোমাৰ চকুযুৰিৰ শূন্যতাত জিলিক মাৰি উঠে
মোৰ কাংক্ষিত শব্দ-পোৱাল
সুগন্ধি আত্মীয়তাৰ এডাল সৰলৰেখা,
মোৰ সৰলপাতৰ এসন্ধ্যা।
আজি,
তোমাৰ চকুৰ শূন্য নিৰৱতাত
মৌন ৰাতিবোৰ মোৰ জিকাৰ খাই উঠে
শিলৰ ফাঁকে ফাঁকে এতিয়াও নিটাল মাৰি আছে শব্দবোৰে
তোমাৰ নিৰৱতাৰ উত্তৰ বিচাৰি।

নীলা চৰাই . আগষ্ট ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz