ইউনিকোড: এক নতুন যুগৰ আৰম্ভণি ২

প্ৰকাশ: ১৪ ফেব্ৰুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ২০ জুন, ২০২১

| এই প্ৰবন্ধৰ পূৰ্বৰ খণ্ড

[su_divider top=”no” style=”dotted” divider_color=”#999999″ size=”1″ margin=”15″]

আমি এতিয়ালৈ গম পালো যে ইউনিকোড এনে এটা পদ্ধতি যাক এৰাই পৃথিৱীৰ কোনো ভাষাই ভৱিষ্যতে জীয়াই থাকিব নোৱাৰে বা থাকিলেও সেই ভাষাই বিশ্বদৰবাৰত সসন্মানে নিজৰ সুকীয়া অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ অসমৰ্থ হ’ব।

এতিয়া আহক, আমি আমাৰ অসমীয়া ভাষাটোক ইউনিকোডে কেনে ধৰণৰ স্থান দিছে, সেই বিষয়ে আলোচনা কৰোঁ। ওপৰৰ আলোচনাত কোৱা হৈছে যে ইউনিকোডে পৃথিৱীৰ সকলো ভাষাৰ লিপিৰ বাবে পৰ্যায় ক্ৰমে একো একোটা অঞ্চল (range) স্থিৰ কৰিছে, কিন্তু অসমীয়া লিপিৰ বাবে কোনো সুকীয়া range দিয়া নাই। তেনেহলে অসমীয়া লিপিৰ বাবে কি কৰা আছে? আমি কেনেকৈ অসমীয়া লিখিব পাৰিছোঁ বা অসমীয়া দেখা পাইছোঁ? ইউনিকোডে অসমীয়া লিপিক বাংলা লিপিৰ ভিতৰতে একে লগে ৰাখি থৈছে। বঙালী লিপিৰ বাবে U+0980-ৰ পৰা U+09FF লৈ range স্থিৰ কৰা আছে বুলি ওপৰত আগতেই উল্লেখ কৰিছোঁ (Bengali U+0980—U+09FF)।

ইউনিকোডে উল্লেখ কৰা তথ্য অনুসৰি এনেকৈ লিখা আছে — ” The Bengali script is a North Indian script closely related to Devanagari. It is used to write the Bengali language primarily in the West Bengal state and in the nation of Bangladesh. In India and Bangladesh, the preferred name for the script and language is Bangla. The script is also used to write Assamese in Assam and a number of other minority languages, such as Bishnupriya Manipuri, Daphla, Garo, Hallam, Khasi, Mizo, Munda, Naga, Rian and Santali, in northeastern India.” (পৃষ্ঠা 285, South Asian Script, Unicode version 6.0)

এই কথাখিনিৰ অসমীয়া অনুবাদ কৰা নিষ্প্ৰয়োজন। এই কথাখিনি চালে এইটো দেখা যায় যে ইউনিকোডে অসমীয়া ভাষা লিখাৰ বাবে বঙালী লিপি ব্যৱহাৰ কৰা হয় বুলি আওপকীয়াকৈ নহয়, পোনপটীয়াকৈ কৈ দিছে, লগতে এইটোও জনাই দিলে যে অসমীয়া ভাষাটো উত্তৰ-পূৰ্বাঞ্চলৰ অন্য গৌণ ভাষাসসূহৰ এটা মাত্ৰ। কিহৰ ভিত্তিত মুখ্য বা গৌণ ভাষা কৰিলে, এই বিষয়ে তাত একো লিখা নাই।

এইটো কথা সচাঁ যে অসমীয়া ভাষাৰ আখৰ আৰু বাংলা ভাষাৰ আখৰৰ মাজত মাত্ৰ তিনিটা প্ৰভেদ আছে, কিন্তু ইউনিকোডে উল্লেখ কৰাৰ দৰে The script (Bengali Script) is also used to write Assamese in Assam and a number of other minority languages— এইষাৰ কথা কিমান দূৰ সঁচা? ইয়াত ইউনিকোডৰ বাবে আৰু গবেষণাৰ থল নাছিল জানো? ইমান পোনপটীয়াকৈ কৈ দিব পাৰিনে— The script (Bengali Script) is also used to write Assamese in Assam বুলি?

Bengali Script Unicode-অত Unicode version 1.1.0 ৰ পৰা দিয়া হৈছে আৰু এয়া ১৯৯৩ চনত প্ৰকাশ পাইছিল। (http://www.unicode.org/versions/Unicode6.0.0/UnicodeStandard-6.0.zip)

বাৰু, এতিয়া আমি চাওঁ অসমীয়া ভাষাৰ ‘ৰ’ ‘ৱ’ আৰু ‘ক্ষ’ আখৰৰ স্থানকেইটা। আগতেই কৈছোঁ, ইউনোকোডে প্ৰতিটো আখৰৰ বাবে এটা নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি থৈছে, উদাহৰণ স্বৰূপে, ‘অ’ আখৰৰ বাবে ইউনিকোডে স্থান দিছে u+0985, ‘ক’ আখৰৰ বাবে স্থান দিছে u+0995, ‘ঙ’ আখৰৰ বাবে u+0999 ইত্যাদি।

এনেদৰে সম্পুৰ্ণ বৰ্ণমালাখন ক্ৰমানুসাৰে আছে। বৰ্ণমালাৰ শেষত ০ ৰ পৰা ৯-লৈ সংখ্যাসমূহ আছে, ইয়াৰ পিছত Bengali- Specific Additions বুলি এটা ভাগ আছে। অসমীয়া ভাষাৰ ‘ৰ’ আৰু ‘ৱ’ এই Bengali- Specific Additions-অত অন্তৰ্ভুক্ত কৰা আছে। ‘ক্ষ’টো? ‘ক্ষ’ আখৰটো Unicode-অত নায়েই। এইখিনি উল্লেখ কৰাটো উচিত হব যে ‘ক্ষ’ আখৰটো অসমীয়া ভাষাত এটা স্বতন্ত্ৰ ব্যঞ্জন বৰ্ণ নহ’লেও অসমীয়া বৰ্ণমালাত ‘ক্ষ’ৰ স্থান  আছে। বাংলা বৰ্ণমালাত ‘ক্ষ’ নাই,  সেই বাবে ‘ক্ষ’টো Unicode-অত নাই। গোটেই Bengali range-টো কেইবাটাও ভাগত ভগোৱা আছে— Various signs (ং ঃ ঁ), Independent vowels (‘অ’-ৰ পৰা ‘ঔ’-লৈ, Consonants (‘ক’-ৰ পৰা ‘হ’-লৈ), Various signs (হ্ -Bengali sign Avagraha), Dependent vowel signs (া ি ী ু ূ ৃ ), Two part Dependent vowel signs ( ো ৌ), Virama (্), Additional consonant (ত্) sign (ৗ), Additional consonants ( ড় ঢ় য়), Additional vowels for Sanskrit  (09E0, 09E1, 09E2, 09E3), Reserved (09E4, 09E5), Digits (১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ০), Bengali specific addition (ৰ, ৱ, 09F2, 09F3, 09F4, 09F5, 09F6, 09F7, 09F8, 09F9, 09FA, 09FB)। (কিছুমান character keyboard-অৰ দ্বাৰা লিখিবলৈ অসুবিধা হয়, সেইবোৰ character-অৰ unicode স্থানটো উল্লেখ কৰা হৈছে)

ওপৰৰ কথাখিনিৰ পৰা এইটো অতি সহজেই ধৰিব পাৰি যে ‘ৰ’ আৰু ‘ৱ’-ক মূল বৰ্ণমালাৰ পৰা সম্পূৰ্ণ পৃথককৈ ৰখা আছে। ‘ৰ’— U09F1—Bengali letter Ra with middle diagonal (Assamese)। ‘ৱ’—U09F2— Bengali letter Ra with lower diagonal (Assamese)। (http://unicode.org/charts/PDF/U0980.pdf)

শেহতীয়াকৈ ইউনিকোড কনছৰ্টিয়ামে আগৰ Bengali Script নামটো সলনি কৰি Bengali and Assamese Script কৰিছে। এই সলনিটো ২০১১ চনৰ ২২ চেপ্তেম্বৰ তাৰিখে কৰা হয় (ইউনিকোডৰ site update কৰা তথ্য অনুযায়ী)। ভিতৰৰ কিছুমান তথ্য শুধৰণি কৰা অৱশ্যে এতিয়াও বাকী আছে। আশা কৰিব পাৰি, ইউনিকোড কনছৰ্টিয়ামে বাকী থকা কামখিনিও অতি সোনকালে সম্পন্ন কৰি তুলিব।

অসমীয়া ইউনিকোড পদ্ধতিয়ে এতিয়াও আমাৰ মাজত যথোপযুক্ত প্ৰসাৰ বা সমাদৰ লাভ কৰা নাই। ইয়াৰ মুখ্য কাৰণকেইটামান তলত আলোচনা কৰা হ’ল।

প্ৰথম কাৰণটো হৈছে ইয়াৰ উপযুক্ত প্ৰচাৰ হোৱা নাই। ইউনিকোড পদ্ধতি প্ৰচলন হোৱা আজি কুৰি বছৰৰ ওপৰ হ’ল যদিও আমাৰ সৰহ সংখ্যক জনসাধাৰণৰ মাজত ইয়াৰ বহুলভাৱে প্ৰচাৰ হোৱা নাই। চুবুৰীয়া বাংলাদেশ এই ক্ষেত্ৰত বহু আগবাঢ়ি গৈছে। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত ইউনিকোডৰ বিষয়ে এতিয়াও সম্যক জ্ঞানৰ অভাৱ। অৱশ্য যোৱা প্ৰায় এবছৰৰ পৰা আমাৰ অসমীয়া ৰাইজৰ এই পদ্ধতিৰ প্ৰতি আদৰ বাঢ়িছে আৰু আগতকৈ প্ৰসাৰো বাঢ়িছে, তথাপিও এয়া পৰ্যাপ্ত নহয়। আমি ইউনিকোডৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজৰ মাজত আৰু সজাগতা বৃদ্ধিৰ বাবে চেষ্টা কৰিব লাগে।

আৰু পঢ়ক:  কাৰবি জনগোষ্ঠীৰ অনন্য সাংস্কৃতিক সম্পদ: কৰ্মবিষয়ক গীত ‘ৰেতকিনং আলুন’

দ্বিতীয় কাৰণটো হৈছে কম্পিউটাৰ, মবাইল তথা অন্য ইলেকট্ৰণিক সামগ্ৰীৰ ব্যৱহাৰ আমাৰ মাজত এতিয়াও বহুলভাৱে হোৱা নাই। ইয়াৰ বাবেও ইউনিকোডৰ ব্যৱহাৰৰ কথাটোৱে এতিয়াও প্ৰাধান্য পোৱা নাই। কিন্তু এইটো কাৰক সময়ৰ লগে লগে আঁতৰি যাব, কাৰণ আধুনিক যুগত ইলেকট্ৰণিক সামগ্ৰীৰ উপযোগিতাৰ কথা আমাৰ ৰাইজে ইতিমধ্য বুজি উঠিছে আৰু ইয়াৰ ব্যৱহাৰো বনজুইৰ দৰে দিনক দিনে বাঢ়ি গৈছে। এই সঁজুলিসমূহৰ ব্যৱহাৰ আৰু বৃদ্ধি পোৱাৰ লগে লগে ইউনিকোডৰ প্ৰসাৰ আৰু ব্যৱহাৰে, আমাৰ বোধেৰে, আৰু ক্ষিপ্ৰতা লাভ কৰিব।

তৃতীয়তে নতুন কথা শিকাৰ প্ৰতি বা অসমীয়া ভাষাৰ প্ৰতি একাংশ লোকৰ উদাসীন মনোভাৱো ইউনিকোডৰ প্ৰসাৰৰ বাধাৰ এটা কাৰণ বুলি বিবেচিত কৰিব পাৰি। আমাৰ চৰকাৰী কাম-কাজতো অসমীয়া ভাষাৰ ব্যৱহাৰ নহয়। অসম সাহিত্য সভাৰ দৰে এটা সন্মানীয় জাতীয় অনুষ্ঠানেও এই ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ লোৱাটো চকুত নপৰে বা চেষ্টা কৰিছে যদিও ফলপ্ৰসূ হোৱা নাই। চৰকাৰে বাতৰি কাকতত বিজ্ঞাপন দিয়েই নিজৰ দায়িত্ব শেষ কৰি থয়। আজি আমাৰ অসমীয়া ভাষাৰ ব্যৱহাৰ নকৰাকৈ অসমত সুকলমে সকলো ধৰণৰ কাম চলাই যাব পাৰি, ফলত ‘অসমীয়া লিখা বা অসমীয়া ভাষাৰ চৰ্চা কেবল সাহিত্যিক বা প্ৰবন্ধকাৰ সকলেহে কৰা উচিত’ ধৰণৰ এটা ধাৰণা গঢ় লৈ উঠিছে। কম্পিউটাৰত অসমীয়া লিখাটো অতি টান কাম বুলি আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত এটা ভুল ধাৰণা আছে। প্ৰকৃততে কম্পিঊটাৰত অসমীয়া লিখাটো বৰ্তমান অতি সহজ হৈ উঠিছে, আগৰ দৰে অসমীয়া আখৰ দেখাৰ সমস্যাও কমি আহিছে। ৰাইজৰ এই ভুল ধাৰণাটো অতি সোনকালেই আঁতৰিব বুলি আমাৰ বিশ্বাস।

আমাৰ প্ৰচাৰ মাধ্যমৰ এই দিশটোৰ প্ৰতি উদাসীন মনোভাৱ:
প্ৰচাৰ মাধ্যমে এই ক্ষেত্ৰত যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সিমান গুৰুত্ব দিয়া দেখা নাযায়। বহুতৰে ইয়াৰ ভৱিষ্যৎ প্ৰয়োজনীয়তাৰ ওপৰত জ্ঞান নথকাৰ বাবে ইয়াক কেৱল ইণ্টাৰনেটৰ লগত জড়িত বুলি ধৰি লৈ নিজেও শিকিবলৈ নিবিচাৰে আৰু আনৰ মাজত সজাগতা অনাৰ বিষয়েও চিন্তা-চৰ্চা নকৰে। আগৰে পৰা চলি অহা পদ্ধতিবোৰৰ বিকল্প হিচাপেহে মাত্ৰ ইয়াক ভবাৰ বাবেও এনে উদাসীন মনোভাৱ হ’ব পাৰে। প্ৰতিস্থিত সাহিত্যিক/ প্ৰৱন্ধকাৰ সকলোৱে এই দিশটো সামৰি কোনো উল্লেখযোগ্য লেখা এতিয়ালৈকে লিখা নাই। অৱশ্য কেইখনমান আঙুলি মূৰত গণিব পৰা আলোচনী আৰু বাতৰি কাকতে ইউনিকোড সম্পৰ্কে কেইটামান লেখা প্ৰকাশ কৰিছে, কিন্তু পৰ্যাপ্ত নহয়। আটাইতকৈ শক্তিশালী প্ৰচাৰ মাধ্যম— বাতৰি কাকতৰ লগত জড়িত ব্যক্তিসকলৰ এই মাধ্যমক লৈ থকা অজ্ঞতাও এটা উল্লেখযোগ্য কাৰণ বুলি বিবেচিত হৈছে। অথচ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে তেওঁলোকৰ সংবাদ মাধ্যমত ইউনিকোডৰ ব্যৱহাৰ ইতিমধ্যে আৰম্ভ কৰি সুচাৰু ৰূপে পৰিচালনা কৰি আছে।

প্ৰযুক্তিবিদ্যাৰ এই দ্ৰুত পৰিৱৰ্তনৰ লগত খাপ খুৱাই চলিবলৈ সকলোবোৰৰ একো একোটা পৰিৱৰ্তন যে হ’ব, সেয়া খাতাং; হয়তো এই পৰিৱৰ্তনবোৰৰ কোনোটোৰ বাবে সময় কম লাগিব আৰু কোনোটোৰ অলপ বেছি দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব। খুব কম সময়ৰ ভিতৰতে হয়তো কাগজ তথা ছপাশালৰ বিকল্প হিচাপে পৰিগণিত হ’ব ইণ্টাৰনেট। কিয়নো ইণ্টাৰনেটে যিমান কম সময়ত যিমান গৰিষ্ঠ সংখ্যক ব্যক্তিক সামৰি ল’ব পাৰে, সেয়া বেলেগ মাধ্যমৰ তুলনাত এক বিশাল পৰিসৰ। তেনে ক্ষেত্ৰত লেখক আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপন কৰাত ইউনিকোড মাধ্যমে এক বলিষ্ঠ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে অসমৰ তুলনাত এই ক্ষেত্ৰত আন ৰাজ্যবোৰ কেতিয়াবাই আগবাঢ়ি গৈ এই মাধ্যম ব্যৱহাৰ কৰিবলৈ ধৰিছে। উদাহৰণ স্বৰূপে, ‘অন্ধ্ৰজ্যোতি’ নামৰ তেলুগু বাতৰি কাকত, ‘আনন্দবাজাৰ পত্রিকা’ নামৰ বাংলা কাকত আদিয়ে তেওঁলোকৰ ইণ্টাৰনেট সংস্কৰণ ইউনিকোড ব্যৱহাৰ কৰি প্ৰকাশ কৰি আহিছে।

এই কথাও সত্য যে ইউনিকোড পদ্ধতি বৰ্তমানেও সম্পূৰ্ণ ৰূপে আঁসোৱাহ মুক্ত নহয়। শেহতীয়াভাৱে বজাৰত উপলবদ্ধ কম্পিউটাৰ, ম’বাইল আদিত অসমীয়া আখৰ দেখা পোৱাটো সুচল হৈছে যদিও কেইবছৰমানৰ আগলৈকে এইটো এটা ডাঙৰ সমস্যা হৈ আছিল। এতিয়াও সকলো মোবাইলৰ Operating System-অত অসমীয়া দেখা পোৱা নাযায়। অৱশ্যে কম্পিউটাৰৰ ক্ষেত্ৰত এই সমস্যাটো প্ৰায় আঁতৰ হৈছে। অসমীয়া লিপিৰ কিছুমান চিহ্ন ইউনিকোড পদ্ধতিৰ দ্বাৰা কম্পিউটাৰত লিখিবলৈ অসুবিধা হয়। ম’বাইলৰ ক্ষেত্ৰত অসমীয়া লিখা ব্যৱস্থাটো এতিয়াও চালুকীয়া অৱস্থাতেই আছে। অসমীয়া লিখাৰ সঁজুলিবোৰৰো কিছুমান সীমাবদ্ধতা আছে। কেতিয়াবা এটা Operating System-অৰ সঁজুলিয়ে আন এটা Operating System-অত কেতিয়াবা কাম নকৰে। এনেবোৰ সৰু-সুৰা অসুবিধাৰ বাবেও ইউনিকোডে আমাৰ মাজত পাব লগা সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইউনিকোড ভৱিষ্যতৰ যিকোনো ভাষাৰ লিপিৰ বাবে একমাত্ৰ মাধ্যম ৰূপে পৰিগণিত হ’ব আৰু এই কথাটো অসমীয়া ভাষাৰ ক্ষেত্ৰটো একেই হ’ব। বৰ্তমানে এতিয়া ইয়াৰ বিকল্প ৰূপে ছপাশাল বা অন্যান্য মাধ্যমসমূহ আছে বাবে আমি হয়তো কথাটো বোধগম্য কৰিব পৰা নাই। অসমীয়া ভাষাক জীয়াই ৰাখিবলৈ হ’লে ইউনিকোড ব্যৱহাৰ কৰিবই  লাগিব। ইয়াৰ অন্য বিকল্প নাই। আহক, আমি ইউনিকোডক সঠিক মূল্য দি তথা ইয়াৰ প্ৰসাৰ ঘটাই অসমীয়া ভাষাক বিশ্ববাসীৰ মাজত একক ভাবে চিনাকি কৰাই দিয়াৰ পথত আগুৱাই লৈ যাওঁ।

চিৰ চেনেহী মোৰ ভাষা জননী।

ডাঃ বনজীৎ পাঠক | ইউনিকোড

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “ইউনিকোড: এক নতুন যুগৰ আৰম্ভণি ২”

  1. যাদৱ চন্দ্ৰ Avatar
    যাদৱ চন্দ্ৰ

    ভালপালো আৰু উপকৃত হ’লো। লেখকলৈ ধন্যবাদ জনালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts