উমা বাইদেউ

সত্যেন বৰুৱা

মণিকৰ্ণিকা ঘাটৰ লগত মোৰ ঘটনাৰ সংযোগবোৰ অপ্ৰত্যাশিতভাৱে ঘটিছিল আৰু তাতেই মই প্ৰথম সেই গৰাকী বাইদেউ অৰ্থাৎ উমা বাইদেউক দেখিছিলো।

ডিচেম্বৰ মাহৰ কোনোবা এটা আবেলি গঙ্গাৰ বুকুত নাৱৰ ওপৰত বহি লৈ মালবিকাই মোক দাৰ্শনিক বুলি ঠাট্টা কৰি হাঁহিছিল। মালবিকাই হাঁহিয়েই আছিল। মই ডিঙিত ওলমি থকা কেমেৰাটোৰ ফিটাডাল ঠিক কৰি লৈ নাওখনৰ আনটো মূৰত থিয় হৈ মাজ গঙ্গাৰ পৰা পাৰৰ মন্দিৰৰ অপৰূপ শোভা চাই তন্ময় হৈ ৰ’লো। সেইটো বিশ্বেশ্বৰ মন্দিৰৰ চূড়া আৰু সম্মুখত সেয়া মণিকৰ্ণিকা ঘাট। দপ্‍দপ্‍কৈ অহৰহ চিতা জুই জ্বলি আছে। পশ্চিমত সূৰ্যাস্ত হ’বলৈ আৰু বেছি পৰ নাই। কিছুমান গঙ্গা-চিলনি আমাৰ মূৰৰ ওপৰেদি চাপৰতে উৰি ফুৰিছে। মোৰ বাওঁফালে অলপ দূৰত, সেয়া— দশাশ্বমেধ ঘাট। নাৱৰীয়াটোৱে বঠাপাতত ধৰি সেইফালে চাই আছে। আৰু মালবিকা…?

মালবিকা মোৰ গাইড,— মহামহোপাধ্যায় হৰিশ্চন্দ্ৰ তৰ্কভূষণ বেদান্ত বাগীশৰ একমাত্ৰ কন্যা।

পাতল গঢ়ৰ মিঠাবৰণীয়া ছোৱালীজনীয়ে কথাই কথাই হাঁহি থাকে। মণিকৰ্ণিকা ঘাটত জ্বলি থকা চিতাবোৰলৈ চাই চাই মালবিকাক ক’লো— “এখন ফটো লওঁ মালবিকা।” মালবিকাই মোৰ কথাৰ লগে লগে নাৱৰ আনটো টিঙত এটা মোহনীয়া ভঙ্গীত থিয় দি ৰ’ল। মই কেমেৰাটোৰ দূৰত্ব আৰু লাইটটো ঠিক কৰি স্নেপটো ল’বলৈহে পালো, তাই জোৰেৰে নাওখন ল’ৰাই দিবলৈ ধৰিলে। দুষ্ট ছোৱালী। এটা অসতৰ্ক মুহূৰ্তত মই মাজ গঙ্গাত জপংকৈ সৰি পৰিলো আৰু সিফালে নাৱৰ টিঙত জুপুকা মাৰি থকা নাৱৰীয়াটিও দূৰত গৈ ছিটিকি পৰিল।

মই সাঁতুৰিব নাজানো, ঢোকে ঢোকে পানী খাবলৈ ধৰিলো। মালবিকাই ভয়ত নাৱৰ ওপৰত চিঞৰ-বাখৰ লগালে। নাৱৰীয়া আহি মোক পানীৰ পৰা তোলাৰ আগেয়ে মণিকৰ্ণিকা ঘাটৰ খটখটিত ৰৈ থকা মানুহ গৰাকীয়ে চিলনি সাঁতোৰ কাটি গঙ্গাৰ মাজ পালেহি আৰু মোক আনি মণিকৰ্ণিকা ঘাটত উঠাই দিলেহি। মই পাৰত থিয় হৈ মালবিকালৈ চালো। নাওখনৰ মাজত এপাহ পদুম ফুলৰ দৰে সোঁতত উটি আছে। নাৱৰীয়াটোৱে নাওখন ধৰিবৰ কাৰণে যত্ন কৰিছে।

মোক পানীৰ পৰা তুলি অনা মানুহগৰাকীক এটা কৃতজ্ঞতা জনাবলৈও মই সময় নাপালো। নিজৰ গাৰ তিতা শাৰীখন অকণমান চেপি লৈ মণিকৰ্ণিকা ঘাটৰ ওখ খটখটিয়েদি অন্তৰ্দ্ধান হৈ গ’ল। মই এটা সপোন দেখাৰ দৰে অৱশ হৈ গঙ্গালৈ চাই ৰ’লো। মালবিকাক উটুৱাই নিয়া নাওখন নাৱৰীয়াটোৱে লাহে লাহে চপাই আনিলে।

“সেয়া বাৰু কোন আছিল মালবিকা?”
“সেয়া উমা বাইদেউ। ব’লা যাওঁগৈ। তোমাক আজি মই ইমান কষ্ট দিলো।” মালবিকাৰ কথা মোৰ কাণত নোসোমাল। মই মাত্ৰ মনে মনে আওৰালো— উমা বাইদেউ! উমা বাইদেউ!

ৰাতি মই শুব নোৱাৰিলো। উমা বাইদেউৰ মুখখন মোৰ বাৰে বাৰে চকুৰ আগত ভাহিবলৈ ধৰিলে। উমা বাইদেউৰ দৃষ্টি যেন মোৰ নিচেই আপোন। কাশীখন মোৰ কাৰণে লাহে লাহে বৰ জটিল হৈ আহিছে।

কাশীলৈ মই দুটা কাৰণত আহিছিলো। প্ৰকৃততে মই তীৰ্থযাত্ৰী নাছিলো। কিন্তু মালবিকাৰ সৈতে মন্দিৰে মন্দিৰে অনাই-বনাই ঘূৰি ফুৰোঁতে মোৰ অজ্ঞাতে মই তীৰ্থযাত্ৰী হৈ পৰিছিলো।

ককাইদেউ বাৰাণসী বিশ্ববিদ্যালয়ৰ দৰ্শনৰ ছাত্ৰ আছিল। তেওঁ গঙ্গাৰ পাৰত দৰ্শন সূত্ৰ বিচাৰি গৈ আৰু ঘূৰি নাহিল। মণিকৰ্ণিকা মহাশ্মশানত তেওঁ শুই থাকিল চিৰদিনলৈ। আৰু দেউতা…?

ককাইদেউৰ আকস্মিক মৃত্যুৰ শোকত দেউতা ভাগি পৰিল। দেউতাই ককাইদেউক চাবলৈ গ’ল যি গ’লেই। দেউতা আৰু কাশীৰ পৰা ঘূৰি নাহিল। ঘৰত কেৱল পৰি ৰ’লো মই আৰু আমাৰ বিৰাট সম্পত্তি। মোৰ আইৰ সৰুতেই মৃত্যু হৈছিল। দেউতাই মোক কাশীৰ পৰা ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাশী পাই মোক পাহৰি গ’ল। দেউতাই তেখেতে দিয়া প্ৰতিশ্ৰুতি নাৰাখিলে। মই বছৰৰ পিছত বছৰ দেউতালৈ ৰৈ ৰৈ ভাগৰি পৰিছোঁ। তাৰ পিছ্ত মই কাশীলৈ বুলি ওলাই আহিছিলো। ইয়াত আহি কাশীৰ যি মোহনীয় ৰূপ দেখিছোঁ, এই ৰূপে মোক বলিয়া কৰিছে।

আৰু দ্বিতীয়টো কাৰণ হ’ল বেদ-বেদান্ত সম্বন্ধে কিছু অধ্যায়ন কৰা। হিন্দু ধৰ্মচৰ্চাৰ কেন্দ্ৰ হ’ল কাশী। মন্দিৰে মন্দিৰে অহৰহ বেদমন্ত্ৰৰ ধ্বনি শুনা যায়। কিছু সম্যক জ্ঞান লাভৰ আশাৰে, হিন্দু প্ৰধানসকলৰ টোলে টোলে, দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছোঁ। কাশীৰ বিখ্যাত পণ্ডিতমণ্ডলীৰ মাজত মহামহোপাধ্যায় হৰিশ্চন্দ্ৰ তৰ্কভূষণ বেদান্ত বাগীশো এজন।

কাশীলৈ অহা প্ৰায় বছৰেই পাৰ হ’বৰ হ’ল। তথাপি এদিনৰ বাদে দেউতাৰ কোনো খা-খবৰ নাপালো। দেউতাক এদিন দেখিছিলো; কিন্তু সেয়া সপোন বুলি ভাবোঁ। দেউতাক বিচাৰি মন্দিৰে মন্দিৰে, কাশীৰ অলিয়ে-গলিয়ে ব্যৰ্থ মনোৰথ হৈ ঘূৰি ফুৰি এদিন মই দশাশ্বমেধ ঘাটলৈ বুলি আগবাঢ়িলো। ঘাটলৈ নামি যোৱা বাটত অদূৰত হাতত এখন শকত পুথি লৈ উমা বাইদেউক যোৱা দেখিছিলো। কিন্তু মানুহৰ ভিৰ ঠেলি উমা বাইদেউৰ ওচৰ পাওঁ মানে, মানুহৰ মাজত উমা বাইদেউ অদৃশ্য হ’ল। উমা বাইদেৱে মোক গঙ্গাৰ পৰা সাঁতুৰি আনি পাৰত তুলি জীৱন বচাইছিল। কিন্তু তেখেতক এটা কৃতজ্ঞতা জনাবলৈও সময় আৰু সুযোগ নিদিলে। অগণন তীৰ্থযাত্ৰীৰ মাজত সোমাই গঙ্গাৰ পাৰত থিয় হৈ দূৰ দিগন্তলৈ চাই পঠিয়ালো। তন্ময় হৈ স্নানৰত তীৰ্থযাত্ৰীসকলক একান্ত মনে লক্ষ্য কৰিছিলো। কাশীখনৰ কাষেদি গঙ্গা বৈ নোযোৱা হ’লে একেবাৰে নিৰস হৈ পৰিলেহেঁতেন।

এদিন সন্ধিয়া ব্ৰহ্মচাৰী পৰমানন্দ গোস্বামীৰ সৈতে মহাপণ্ডিত সুৰেশ্বৰ স্মৃতিতীৰ্থ বিদ্যাবিনোদৰ টোললৈ গৈছিলো। গৈ মই আচৰিত হৈ পৰিছিলো। কাশীৰ বিদগ্ধ পণ্ডিতমণ্ডলীৰ আগত উমা বাইদেৱে পতঞ্জলিৰ যোগ দৰ্শনৰ আলোচনা কৰিছে। উমা বাইদেৱে আপোন পাহৰি একান্তমনে নিজৰ বক্তব্য কৈ গৈছে। মই বিস্ময় আৰু শ্ৰদ্ধাত একেঠাইতে তন্ময় হৈ বহি পৰিলো। আলোচনা শেষ হোৱাত, উমা বাইদেউ একেবাৰে মোৰ ওচৰ পালেহি। বয়স ৩০/৩১ বছৰমান হ’ব। সুন্দৰ স্বাস্থ্যৱতী, গহীন গম্ভীৰ। সেন্দূৰহীন বগা কপাল আৰু শুভ্ৰ সাজে বৈধব্য ঘোষণা কৰিছে। মোলৈ চাই মহীয়সী মাতৃৰ হাঁহিৰে মোক উমা বাইদেউৰ ঘৰলৈ পিছদিনা ৰাতিপুৱা যাবলৈ নিমন্ত্ৰণ জনালে। মই সন্মতি জনালো। উমা বাইদেউ গ’লগৈ।

উমা বাইদেউ যোৱালৈ চাই পৰমানন্দ গোস্বামীয়ে মোক ক’লে— “সেয়া আমাৰ কলেজৰ দৰ্শনৰ অধ্যাপিকা উমা দেৱী।” গোস্বামীৰ কথাৰ লগে লগে আমি ৰাজপথলৈ ওলাই আহিলো।
—“তেখেতে বিধবাৰ সাজ পিন্ধিছে যে?”
—“সেইবোৰ বহুত কথা দেবমিত্ৰ!”
—“ আপুনি যদি বেয়া নাপায়, মোক কব নে?”

গোস্বামীৰ কথাত মই তন্ময় হৈ পৰিলো। উমা বাইদেৱে বাৰাণসী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে সেই বিশ্ববিদ্যালয়ৰ সবাতোকৈ উজ্জ্বল ছাত্ৰজনৰ লগত অন্তৰৰ সম্বন্ধ ঘটাইছিল। ভাৰতৰ কোনোবা এখন ৰাজ্যৰ পৰা সেই ছাত্ৰ জনে প্ৰতিভা বৃত্তি লৈ বাৰাণসী বিশ্ববিদ্যালয়ত দৰ্শন অধ্যায়ন কৰিছিল। অতি কম সময়ৰ ভিতৰতে তেওঁৰ অগাধ পাণ্ডিত্যৰ বিকাশ হৈছিল। তেওঁলোকে কাশীৰ মন্দিৰে মন্দিৰে আজৰি সময়ত ঘূৰি ফুৰিছিল। কিন্তু বাইদেৱে ভালপোৱা ল’ৰাজনক এদিনৰ জ্বৰতে কাশীবিশ্বেশ্বৰে নিজৰ ওচৰলৈ লৈ গ’ল। ভগৱানে যাক ভাল পায়, তেওঁ এই পৃথিৱীৰ দুখ-কষ্ট বেছি দিন সহ্য কৰিব নালাগে!

তেতিয়াৰ পৰা বাইদেৱে বিধবাৰ সাজ পিন্ধিছে। মণিকৰ্ণিকা মহাশ্মশানত উমা বাইদেউৰ প্ৰিয়জনক চিৰদিনলৈ শুৱাই দি নিজে উকা হৈ পৰিল। উমা বাইদেউ অচল-অটল। উমা বাইদেৱে পূৰ্বজন্ম বিশ্বাস কৰে। সেয়ে পূৰ্বজন্মৰ কৰ্মফলৰ দোষতে বাইদেৱে তেওঁৰ প্ৰিয়জনক হেৰুৱাইছে। এই জন্মত সেই কাৰণে উমা বাইদেৱে একান্তমনে ভগৱানক আৰাধনা কৰিছে। তেওঁ যেন মৃত্যুৰ পিছত তেওঁৰ হেৰুৱা প্ৰিয়জনৰ লগত মিলিত হ’ব পাৰে।

পিছদিনা ৰাতিপুৱা মালবিকাৰ সৈতে মই উমা বাইদেউৰ ঘৰত ভৰি দি আচৰিত হৈ পৰিলো। শাৰী শাৰী কিতাপেৰে বাইদেউৰ ঘৰ ভৰি আছে। বাইদেউৰ জ্ঞান পিপাসা দেখি মই স্তব্ধ হৈ ৰলো। মালবিকাই ভিতৰৰ পৰা ঘূৰি আহি ক’লে, বাইদেউ ধ্যানস্থ হৈ আছে।
—“ বাইদেউৰ ধ্যানমগ্ন অৱস্থাটো এবাৰ দৰ্শন কৰিব পাৰিম নে বাৰু ?”
—“ শব্দ নকৰিবা। লাহে লাহে আহাঁ। ন’হলে বাইদেউৰ ধ্যানত ব্যাঘাত জন্মিব।”

ভৰিৰ চেণ্ডেলযোৰ বাহিৰত খুলি থৈ মালবিকাৰ পিছে পিছে মই সোমাই গ’লো। কিন্তু মোৰ কি হ’ল? মোৰ মূৰটো ঘূৰিবলৈ ধৰিলে। দুয়োখন হাতেৰে মোৰ মূৰটো জোৰেৰে হেঁচা মাৰি ধৰি চিঞৰি উঠিলো— “ মালবিকা, সেয়া মোৰ ককাইদেউ! সেয়া মোৰ ককাইদেউ!” উমা বাইদেৱে আগত লৈ ধ্যানস্থ হৈ থকা মোৰ একমাত্ৰ ককাইদেউৰ বিৰাট অইল পেইণ্টিংখনৰ ওচৰত মই জ্ঞান হেৰুৱাই পৰি গ’লো।

যেতিয়া মোৰ চেতনা আহিল, দেখিলো— মই বাইদেউৰ কোলাত মূৰ থৈ শুই আছোঁ। মই মাতিলো— “উমা বাইদেউ”। বাইদেৱে মোৰ মুখলৈ চালে। বাইদেউৰ চকুত দুটোপাল চকুলো। বাইদেৱে কান্দিছিল।
—“বাইদেউ, মই এতিয়া সকলো বুজি পাইছোঁ। সেয়ে তোমাক মই প্ৰথম দেখাৰে পৰা তোমাৰ স্মৃতি মোৰ বহুত আপোন।”
মোৰ কথাৰ লগে লগে উমা বাইদেৱে জোৰেৰে উচুপি উঠিছিল। অদূৰত মৌন হৈ বহি আছিল মালবিকা। আৰু আমাৰ সন্মুখত থকা ককাইদেউৰ ছবিখনে নিষ্ঠুৰভাৱে আমালৈ চাই হাঁহিছিল। নিষ্ঠুৰ কালে মোহাৰি নিয়া ককাইদেউ ভাস্কৰদেৱ শৰ্মা আৰু উমা বাইদেউৰ জীৱনৰ আদি পুৰুষজনৰ সেইদিনা মৃত্যু হোৱা সম্পূৰ্ণ পাঁচ বছৰ হৈছিল।«

নীলা চৰাই . কাতি . ১৮ অক্টোবৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

সম্পাদক

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "উমা বাইদেউ"

avatar
Sort by:   newest | oldest | most voted
Guest
চন্দনজ্যোতি চুতীয়া

‘উমা বাইদেউ’ বিষয়বস্তু, কথন ৰীতি আকৰ্ষনীয়। উমা বাইদেউ চৰিত্ৰটোৱে হ্ৰৃদয় চুই গৈছে।

wpDiscuz