তুলিকা নিৰ্মলীয়াৰ কবিতা

সংকল্প

জিলিৰ কোৰাছত মুখৰিত আন্ধাৰ ৰাতিবোৰত
উদাস বেজাৰমুৱা দুপৰীয়াবোৰত
নিৰৱে উচুপি নুঠিবি আই
ভঁৰালৰ ধান টুনীয়ে শেষ নকৰে খাই।
গধুৰ হুমুনিয়াহেৰে ভৰাই নুতুলিবি তোৰ পঁজা
নিষিদ্ধ গলিৰ জুপুৰিত
নিলিখোঁ মই উন্মত্ত যৌৱনৰ ৰঙীন পৃষ্ঠা।
তই মাথোঁ সজাগ হৈ থাকিবি
তোৰ পদূলিতে চোপ লৈ থাকে
মানুহৰ মোট পিন্ধা বিষাক্ত সৰীসৃপ।
সুৰুঙা পালেই সোমাই আহিব পাৰে বগুৱা বাই
জোখৰ জোখাৰে চাই কাঁচিখন শিতানতে ৰাখিবি।

শোষণ কৰিব পাৰিলেই ৰজা
ৰজাৰো আছে প্রজা
বন্য উল্লাসত মত্ত তেজেৰে ফাঁকু খেলাত।
ৰজাই কয় হয় হয়
প্রজাই মাৰে হাত তালি
সকলো যে পোহনীয়া ক্রীতদাস!
কিমান সেমেকাবি শিতানৰ গাৰু
কিমান আৰু বজাবি বিষাদৰ বাঁহী,
ভণ্ড তপস্বীৰ ভোগৰ লালসাক
দুচকুৰ লোতকত ব'বলৈ নিদিবি,
উমনি দে বুকুত এহেজাৰ সূর্যক
ভষ্ম কৰিবলৈ তেনে হাজাৰ তপস্বীক
মহাদেৱৰ ত্রিনয়ন গুপুতে ৰাখিবি।

«

ধেমালি

এচিপ এচিপকৈ পি থ’ব পাৰি
দুখৰ সুৰা!
এৰাল ছিঙি দৌৰে যেতিয়া
স্মৃতিৰ ঘোঁৰা।

জিঞাৰ পিছে পিছে জিঞাজনী হৈ
পখিলাৰ পিছে পিছে পখিলাজনী হৈ
দৌৰি ফুৰা দিনবোৰত
তুমি নো কি হৈ দৌৰিছিলা মোৰ পিছে পিছে?

দূবৰিৰ চোতালতে বাগৰি
সেইযে আছিলো তৰা লেখি লেখি
এইটো মোৰ, সেইটো তোমাৰ।
জোনবাইক খোজা বেজীটোৱে
আজিকালি মোক বৰকৈ বিন্ধে!

বুকুতে গোঁজ পুতি বহে
আইতাৰ সাধুৰ ৰাজকোঁৱৰ,
শুকুলা ঘোঁৰাৰ কটলপ্ কটলপ্ খোজ
আগুৱাই আহে ক্রমশঃ।
তুমি তুমি যেন দেখি
দৌৰি যাওঁ উফৰি-সাফৰি
কাষ পালেই আঁতৰি যায়
ধূসৰ ছবি তোমাৰ!

নৈৰ পাৰত বহি ৰামধেনু চোৱা
বছৰেই হ’ল,
ধেমালিতে নো কিয় কৈছিলা
ৰামধেনুখন আনি দিম বুলি?
মই যে আজলী
আজিও নাপাওঁ বুজি
তুমি নোকোৱাকৈ গুচি যোৱাটো
ধেমালি নহয় বুলি!

দূবৰিৰ চোতালখন আজিও সেউজীয়া
মন গ’লে তাতে বাগৰি দিওঁ
বিচাৰি নাপাওঁ দেখোন মোৰ তৰাটো!
তৰাবোৰেও চাগে’ ধেমালিয়েই কৰিছিল।

আজিকালি জেতুকাৰ ৰঙবোৰো
দুহাতত নধৰা হ’ল।
তুমি জোনবাইক খুজি
দি থৈ যোৱা বেজীটোৱে
সীবলে’ যতন কৰিছোঁ
দুফাল হোৱা কলিজা।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz