তোমাৰ নামত আজিও এচামুচ জোনাক ধাৰে আনো
প্ৰকাশ: ১৪ এপ্ৰিল, ২০১৩ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১
দুওঁঠত জোনাকৰ হাঁহিটি লৈ
এতিয়া আৰু নবজাবা
বিষাদ বাঁহী,
এতিয়া আৰু নাসানিবা
আপোন সুঘ্রাণ।
জাহ গ’ল অবিনাশী সপোন,
ম্লান হ’ল পূৰ্ণিমাৰ জোন।
তগৰ ফুলিলেই বসন্ত বলিয়া নহয়
তুমি ব’হাগৰ ঠিকনা।
আজি বিচাৰি যাম
মৰুৰ বুকুত কেকটাছৰ জীৱনৰ সাৰুৱা,
বিচাৰি যাম
মোৰ আদ্যশ্রাদ্ধৰ নিমন্ত্রণীত তোমাৰ হস্তাক্ষৰৰ নমুনা।
মই জানো,
সপোন দেখিলেই স্বীকৃতি নাপায়,
হেঁপাহ সপোনৰ আলংকাৰিক ব্যাকুলতা !
মই জানো,
মৃত্যুৰ চমন আহিলেও সপোন অস্ত নাযায়,
আশাবোৰ সপোনৰ সৰ্বদা ৰখীয়া।
বসন্তই কি সাঁজ পিন্ধি আহিলে
কপৌ-তগৰে সুহুৰি বজায়…
তুমি হয়তো নাজানা !
সেয়েহে
মৰিচিকা আজিও তোমাৰ
যৌৱনোচ্ছল হাবিয়াসৰ
অন্তিম ঠিকনাৰ বাটকটীয়া।
সময়ে এদিন বতৰা দি যাব তোমাকো
বিষাদৰ ওজন কিমান,
বিষণ্ণতাৰ সাৰথি কোন ?
কৈ যাব এদিন…
কিমান ভালপালে অকপটে দেখুৱাব পাৰে
অবাধ্য হৃদয়ৰ স্বচ্ছ দাপোণ।
আত্মীয়তাৰ বান্ধোনেৰে কিয় বাৰু তুমি
আজিও চুই চাব বিচাৰা
আকাশৰ এবুকু নীলা বিশালতা !
অথবা তোমাৰ সপোন গাঁথা,
নিদাৰুণ তোমাৰ বুকুৰ আত্মীয়তা।
তুমি জানানে,
জোনাক মই আজিও নিবিচাৰোঁ,
তুমি আহি বুকুত টোকৰ মাৰিবাহি।
সান্ত্বনা মই আজিও নলওঁ,
বুকুত সাঁচি থৈছোঁ বেদনাৰ এটা এটা শেঁতা হাঁহি।
(তোমাৰ বাবেই)
ভংগুৰ হৃদয়ত,
আজিও ন-সাজ পিন্ধা সপোন,
অব্যক্ত বেদনাৰ সূচীপত্র।
তথাপিও,
তোমাৰ নামতেই আজিও এচামুচ জোনাক ধাৰে আনো,
তোমাৰ নামতেই
আজিও ব’হাগৰ প্রথমজাক বৰষুণত তিতি
এটা হেঁপাহৰ গান গুনগুনাওঁ,
তোমাৰ নামতেই
আজিও প্রতিটো পুৱাত এটা নতুন সপোন খোদিত কৰো।
তোমাৰ নামতেই…
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply