কাব্যধাৰা ৬

[ তুলিকা নিৰ্মলীয়া আৰু ৰুণজুন গগৈৰ কবিতা ]

 

সুবাস

তুলিকা নিৰ্মলীয়া

হাচনাহানাৰ ভৰত ৰাতিটো দোঁ খাই পৰোঁতে
মই আজি আকৌ এবাৰ তুমি তুমি গোন্ধাইছোঁ!
ব’হাগৰ কোনোবা এটা দুপৰীয়াক সুঁৱৰি
দুচকু আজিও ওলমি ৰয় খিৰিকিৰ ফাঁকত জোনাকৰ স’তে।

বৰদৈচিলাই উৰুৱাই নিয়ে সোঁৱৰণিৰ গাৰ শেলুৱৈ-চাদৰ
বৰষুণে আহি গুণগুণাই খিৰিকিৰ সিটো পাৰে,
কাঁচৰ খিৰিকিত পৰীৰ ছবি আঁকি
নিচুকাই টোপনি নহা সপোনবোৰক।

আমোলমোলাই বিষাদৰ ফুলবোৰ ফুলে ৰাতিৰ বুকুত
পিন্ধি লওঁ কাণৰ লটিত,
আঁৰি লওঁ ডিঙিৰ গলপতা কৰি
আলফুলে সানি লওঁ সুবাস সমস্ত শৰীৰত।

তোমাৰ নামতেই দুচকুৰে সৃষ্টি হয় এখন নৈ
আকণ্ঠ ডুবি ডুবি স্নান কৰোঁ তাতে,
সাঁতোৰো…
তথাপিও থাকি যায় তুমি তুমি গোন্ধ!

 


 

সৰিয়হ ফুলৰ গান

ৰুণজুন গগৈ

আকাশ ধিয়াই ফুলি থকা সৰিয়হৰ
মুঠি মুঠি হালধীয়া ৰংবোৰ—
গালে মুখে সানি লোৱা গাভৰুৰ
উচ্ছল হাঁহিৰ খিলখিলনি

হালি জালি থকা সৰিয়হডৰাই
বতাহৰ তালত গানৰ গুণগুণনি তোলে
যেন এজাক মৌমাখি

উদাস আবেলিবোৰত পথাৰ খনত
সৰিয়হৰ ৰাগীত মতলীয়া হৈ
কোনোবা জনে বাঁহীত
সুৰৰ খলকনি তোলে।

নীলা চৰাই . এপ্ৰিল . ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar