তিনিটা স্তৱক

[ চন্দন চিৰিং ফুকন ]

১.
কালি গোটেই ৰাতি
নব্বৈটা শৰালিৰ উচুপনিত
আকাশখন দো খাই আছিল
সিহঁতৰ ভাগীৰথী চকুলোত
আধাপোৰা ঘৰবোৰ জী উঠিব নে?

২.
সোণালী পানীৰ নৈখন
হঠাত্‍ ৰঙচুৱা হ'ল
বতাহৰ পাখিও খহি পৰিল
বুকুত দা ধৰোৱা শিলৰ হেঁচা।

৩.
নেকান্দিবি ককাই,
ফেঁচু চৰাইৰ ডেউকাত বাতৰি পথাবি
একেলগে বান্ধিম পুনৰ
সুখৰ দুখৰ আটোমটোকাৰি ঘৰ।

লেখকৰ ঠিকনা: তিতাবৰ
ই-মেইল: chandan.c.phukon@gmail.com
ফোন : +৯১ ৮০১১৩১৪৮৮৫

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz