তেজস্বী

প্ৰকাশ: ১৫ মে, ২০১২ | অন্তিম সম্পাদনা: ২৯ নৱেম্বৰ, ২০১৬

• প্ৰথম খণ্ড

গীতাঞ্জলি এক্সপ্ৰেছৰ একেবাৰে সমুখৰ ডবাটোৰ দুৱাৰখনৰ কিনাৰত আঠা লগাই থোৱা যাত্ৰীৰ ৰিজাৰ্ৱেশ্যনৰ তালিকাখনত চকু ফুৰাই বিবেক আস্বস্ত হ’ল। তাৰ নামটো আছে। কালিলৈকে তাৰ নামটো ৱেটিং লিষ্টত আছিল, আজি কোনোমতে কনফাৰ্ম হ’ল। ৰক্ষা। যোৱাবাৰৰ দৰে এ‍ইবাৰ অন্ততঃ টয়লেটৰ ওচৰৰ ঠেক স্থানখিনিত থিয় হৈ ঘোঁৰা-টোপনি মাৰি যাব নালাগে। নিজৰ চিটত দুভৰি মেলি দি ৰজাৰ দৰে শু‍ই যাব সি। পকেটৰ পৰা ৰুমালখন উলিয়াই কপালত বিৰিঙি উঠা ঘামৰ টোপালবোৰ মচিলে। হাতৰ ঘড়ীটোলৈ চাই দেখিলে এক বাজি দহ মিনিট পাৰ হৈছে। ডেৰ বাজিবলৈ এতিয়াও বিশ মিনিট বাকী আছে। খৰধৰকৈ ডবাটোত প্ৰৱেশ কৰি যথাস্থানত নিজৰ বয়-বস্তুবোৰ ৰাখিলে। চুটকেচটো চিটৰ তললৈ ঠেলা মাৰি শিকলি লগাই তলা মাৰিলে। দেউতাকে এ‍ই ক্ষেত্ৰত সাৱধান হ’বলৈ দঢ়াই দঢ়াই কৈ পঠিয়াইছে। ঝাৰখণ্ডত বহুতো চোৰ-ডকাইতে ৰাতিৰ সময়ত ৰেলত প্ৰৱেশ কৰে। কোনে কেতিয়া কোন সময়ত কাৰ মাল-পত্ৰ উঠাই লৈ উধাও হয়, তাৰ ঠিকনা নাই। সকলো বয়-বস্তু সামৰি-সুতৰি তলা লগাই অলসভাৱে সি চিটটোত বহি পৰিল। ল’ৱাৰ বাৰ্থ। খিৰিকীৰ ওচৰৰ চিট তাৰ বৰ প্ৰিয়। সৰুতে বাছত উঠি গুৱাহাটীৰ পেহীয়েকহঁতৰ ঘৰলৈ যাওঁতে খিৰিকীৰ ওচৰৰ চিটটোত বহিবৰ বাবে ভনীয়েকৰ সৈতে অৰিয়াঅৰি লগা কথাবোৰ মনলৈ আহিল। উপায়ন্তৰ হৈ দেউতাকে দুয়োকে সময় ভগাই দিয়ে। ৰঙিয়া নোপোৱা পৰ্যন্ত বিবেক বহিব আৰু ৰঙিয়াৰ পৰা গুৱাহাটীলৈ পিংকি বহিব। সে‍ইবোৰ দিন কেনেকৈ চকুৰ পচাৰতে পাৰ হৈ গ’ল, ভাবিলে আচৰিত লাগে। তাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাজতে মাকৰ আদ্যশ্ৰাদ্ধ আছিল। হৃদৰোগত আক্ৰান্ত হৈ মাকৰ মৃত্যু হৈছিল। মাকৰ খুব ইচ্ছা আছিল বিবেক ডাঙৰ হৈ চিত্ৰকৰ হ’ব। দেশ-বিদেশত সুনাম অৰ্জন কৰিব। মাকে ধুনীয়া ছবি আঁকিছিল। শৰত কালৰ ভৰি থকা শেৱালি এজোপাৰ সৈতে নিয়ৰ আৰু পোহৰৰ খেলাক সুনিপুণভাৱে অংকন কৰা তৈলচিত্ৰখন বিবেকৰ পঢ়া কোঠালীত ফ্ৰেমিং কৰি আঁৰি থোৱা আছে। মাকক সি চিত্ৰকলাৰ গুৰু মানি আহিছে। মাকৰ গুণ বিবেকৰ গালৈও আহিছে। তাৰ আঙুলিৰ পৰশত তুলিকাই নতুন ৰূপ লয়। কেৱল ষোল্ল বছৰ বয়সতে সি অসমৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পীৰূপে সুধীমহলত পৰিচয় দিবলৈ সক্ষম হৈছে। তাৰ চিত্ৰশিল্প অসমৰ সকলো আগশাৰীৰ কলাবীথিকাতে প্ৰদৰ্শিত হৈছে আৰু বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তিনি বছৰ আগতে তেনেকুৱা এখন চিত্ৰশিল্প প্ৰদৰ্শনীতে বিবেকে লগ পাইছিল বিশ্ববিশ্ৰুত আৰ্কিটেক্ট বি. ৱি. দোশীক। দোশী চাহাবে বিবেকৰ ‘এৰাইজিং’ নামৰ পে‍ইণ্টিংখনলৈ একেথিৰে বহু সময় ধৰি চাই আছিল।

: তোমাৰ ছবিখনত এক বিশেষত্ব আছে। তুমি কিউবিজিমৰ অদ্ভুত ব্যৱহাৰ কৰিছা। তোমাৰ অন্তৰ সৃজনশীলতাৰ ফালে ধাৱমান হৈছে। তুমি ফাইন আৰ্টচ পঢ়া আৰু তাৰ পিছত আৰ্কিটেক্সাৰলৈ আহাঁ। তুমি খুব ভাল আৰ্কিটেক্ট হ’ব পাৰিবা।

চাহমেলত দোশী চাহাবে বিবেকক উদ্দেশ্যি কথাখিনি কৈছিল। বিবেক অভিভূত হৈ পৰিছিল। দোশী চাহাবৰ সেইখিনি কথাকে সাৰোগত কৰি উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়ত সি ফাইন আৰ্টচৰ ক্লাছত নাম লগাইছিল। পাৰ্ট টাইম। দেউতাকে কৈছিল, “আৰ্কিটেক্সাৰ সৃষ্টিশীল বিজ্ঞান। কেৱল কলাসুলভ মন এটাৰে কোনেও আৰ্কিটেক্ট হ’ব নোৱাৰে। কলা আৰু সৃষ্টিশীলতাৰ লগতে বৈজ্ঞানিক প্ৰয়োগক যথোপযুক্তভাৱে  ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱাজনহে আৰ্কিটেক্ট।” বিবেক নিজেও বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংশ্যন লাভ কৰি ওচৰৰে কলেজখনত বিজ্ঞান শাখাত নামভৰ্তি কৰাইছিল। কালক্ৰমত উচ্চতৰ মাধ্যমিক সুক্ষাতিৰে উত্তীৰ্ণ হৈ অল ইণ্ডিয়া ইঞ্জিনিয়েৰিং এন্ট্ৰেন্সতো চিট দখল কৰিলে। এদিন ঘৰলৈ চিঠি আহিল। এন আই টি, নাগপুৰত আৰ্কিটেক্সাৰত সি এডমিশ্যন পাইছে। বচ। তাৰ সপোনৰ আৰম্ভণি। মাকৰ আশা, দেউতাকৰ অনুপ্ৰেৰণা, আশীৰ্বাদ আৰু পিংকিৰ চকুপানীৰে উখহি থকা চকু দুটাক সাক্ষী কৰি জীৱন সাগৰত নিজৰ নৌকা মেলি দিলে। জুলাই মাহৰ কোনোবা এটা দিনত সি ঘৰৰ চৌহদ পাৰ হ’ল। সমুখৰ যাত্ৰা— অৰেঞ্জ চিটি নাগপুৰ। প্ৰেমময় নাগপুৰ।…

: আপনাৰ কি ল’ৱাৰ বাৰ্থ? ল’ৱাৰ বাৰ্থ ইজ য়’ৰ্চ?
: য়েচ।
: ইফ য়ু ড’ন্ত মাইন্ড, ক্যা আপ ওপৰৱালা বাৰ্থ লে লেংগে? আই  হেৱ আ  ফ্ৰেক্সাৰ ইন মাই লেগ। চ’ আই কাণ্ট ক্লাইম্ব আপ। য়ু আৰ য়ংগ।
ওচৰত বহি থকা আদহীয়া মানুহজনলৈ সি চালে। মানুহজনে পেং এডাল লৈ আহিছে। তাৰ বেয়া লাগিল।
: নো প্ৰব্লেম এট অল। বাট আই ৱান্ট টু এনজয় দ্য দে ৱিথ দ্য ৱিন্দ’ৱিউ । ৱিল টেক য়’ৰ চিট এট নাইট।
: থেংচ চান। আপ ক্যা কৰতে হো? চিম লাইক আ ষ্টুডেণ্ট।
: য়া আই এম। ষ্টাডিং বি আৰ্ক ইন এন আই টি, নাগপুৰ।
হাঁহি এটা মাৰি সি জবাব দিছিল। প্ৰত্যুত্তৰত সহযাত্ৰীজনে তাৰ পিঠিত থপৰিয়াই চাব্বাচ বুলি শালাগিলে। সেয়াই ৰেলযাত্ৰা। অচিনাকি জনো অচিনাকি ঠাইত আপোন হৈ পৰে। সীমিত সময়ৰ বন্ধুত্ব আৰু সহৃদয়তা। সৰুতে এল পি স্কুলত পঢ়া পদ্য এফাঁকিলৈ মনত পৰিল— “ৰেল ঐ ৰেল, দীঘে লেল পেল, পেটৰ মাজত সুমাই নিয় ডেকা বুঢ়াৰ মেল।” পদ্যটিৰ সৈতে অনন্ত কৰা অভিনয়খিনিৰ কথা মনলৈ আহিল। কি যে ধেমেলীয়া আছিল অনন্ত। সকলো কথাতে হাঁহি-ধেমালি। জীৱনত কেতিয়াও কোনো কথাতে চিৰিয়াচ নহ’ল। তাৰ ওঁঠৰ কোণেৰে অজানিতে হাঁহি এটা নিগৰি আহিল।

ঘেটেংকৈ শব্দ এটা হোৱাত বিবেক বাস্তৱলৈ ঘূৰি আহিল। দীঘলীয়াকৈ ঊকি এটা ভাহি আহিছে। ৰেলখন চলিবলৈ আৰম্ভ কৰিছে। সি ঘড়ীটোলৈ চালে। দুপৰীয়া এক বাজি ত্ৰিশ মিনিট।

: ডেটচ হোৱাই আই অলৱেজ লাইক টু ট্ৰেৱেল বাই গীতাঞ্জলি। ইটচ অলৱেজ ইন ৰাইট টাইম। দ্য বেষ্ট ট্ৰে‍ইন ইন হাওৰা-মুম্বই ৰুট।
সহযাত্ৰীজনৰ কথাত বিবেকে হাঁহিৰে সন্মতি জনালে। লাহে লাহে গীতাঞ্জলি চুপাৰফাষ্ট এক্সপ্ৰেছ হাওৰা জংছনৰ পৰা ওলাল। খিৰিকীৰে চালে এনে লাগে যেন ওচৰৰ ট্ৰে‍ইনখনহে গতি কৰি আহে। আপেক্ষিকতাবাদ। আইনষ্টাইনে আৱিষ্কাৰ কৰিছিল। লাহে লাহে গছ-গছনি, পথাৰ, পুখুৰী, ৰাস্তা, গাড়ী, মানুহ ইত্যাদি সকলো স্থাৱৰ-অস্থাৱৰ, স্থিৰ-চলমান বস্তুকে নিজ নিজ স্থানত ৰাখি গীতাঞ্জলি এক্সপ্ৰেছ মুম্বই অভিমুখে তীব্ৰ গতিত আগুৱাব ধৰিলে। সাঁতাৰাগাঁছিৰ শাৰী শাৰী ধোবাৰ ঘৰৰ চেমনীয়াবোৰে হাত জোঁকাৰি ৰেলযাত্ৰীক বিদায় দিছে। গীতাঞ্জলিৰ গতি তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিছে। বিবেকৰ মনৰ গতিয়ে কেতিয়াবা‍ই ট্ৰে‍ইনৰ গতিক চেৰ পেলালে। ৰেল নিজ গতিত চলি আছে, কিন্তু বিবেক ইতিমধ্যে শংকৰ নগৰৰ হোষ্টেলৰ কোঠাত উপস্থিত হৈছে। এৱিনিউ ষ্ট্ৰীটত উপস্থিত হৈছে। জামথা গ্ৰাউণ্ডত সেহৱাগৰ বিধ্বংসী বেটিং উপভোগ কৰিছে। ধৰমপেঠত দেশপাণ্ডেৰ দোকানত আইচক্ৰীম খাইছে। কুট্টী চাৰৰ জেৰক্সৰ দোকানত অজানিতে সালসলনি হোৱা ফোটোষ্টেট পেপাৰখিনিত চকু ফুৰাইছে, আচৰিত হৈছে। বিনয়ে ভুলতে বিবেকে জেৰক্স কৰিবলৈ দিয়া নোটখিনি বেলেগ এজনক দি দিলে আৰু বিবেকৰ হাতলৈ সেয়া কাৰ নোট আহিল? সমুখতে নামটো জিলিকি আছে। পায়ল শিৰোডকাৰ।…

***

বিবেক বিবুদ্ধিত পৰিল। কাৰণ সি জনাত তাৰ ক্লাছত কোনো পায়ল শিৰোডকাৰ নামৰ ছোৱালী নাই। ইফালে নোটছখিনিত চকু ফুৰাই দেখিলে যে সে‍ইখিনি ফাৰ্ষ্ট ইয়েৰ বিল্ডিং মেটেৰিয়েলছৰ নোট। গতিকে তাৰ পৰা এটা কথা নিশ্চিত হ’ল যে ছোৱালীজনী তাৰ কলেজৰ নহ’লেও একে বিভাগৰে ছাত্ৰী। সমগ্ৰ নাগপুৰত আৰ্কিটেক্সাৰৰ পাঁচখন কলেজ আছে বুলি হিৰণ্যই কৈছিল। তাৰে এখন কন্যা মহাবিদ্যালয়। এল ই ডি ইন্সিটিউট। যদি কেনেবাকে তাই সে‍ইখন কলেজতে‍ই পঢ়ে!

: আৰে বাদ দে না। বিল্ডিং মেটেৰিয়েলছ হে। এনেও সুশীল কুমাৰৰ কিতাপ পঢ়িবই লাগিব। নোটছ পঢ়ি কোনেও পাছ কৰিব নোৱাৰে। ইমান কিহৰ টেনশ্যন খাইছ। হোঁ, চিগাৰেট খা।
: মই চিগাৰেট নাখাওঁ বুলি তোক কিমান দিন কৈছোঁ? ভৱিষ্যতে মোক চিগাৰেট নাযাঁচিবি।
: আৰে দোষ্ট, খং কিয় কৰিছ? নাখাৱ যদি নাখাবি। ভালে‍ই হ’ল। এনেইও মই চিগাৰেট, কম্বল আৰু জোতা— এ‍ই তিনিবিধ বস্তু বেলেগৰ লগত শ্বেয়াৰ কৰি ভাল নাপাওঁ। ঐ, তই  জেৰক্স কৰিবলৈ দিয়া নোটছখিনি কি চাবজেক্টৰ আছিল?
: ষ্ট্ৰাক্সাৰ। ৰেজ’ল্যুশ্যন অৱ ফোৰ্চ। লাইব্ৰেৰীত যিকে‍ইখন কিতাপ আছে তাত বহুত বহলভাৱে লিখা আছে। মোৰ মূৰত সোমোৱা নাই। এ‍ইখিনি নোটছ বহু কষ্ট কৰি এম আই টিৰ ষ্টুডেণ্ট এজনৰ পৰা গোটাইছিলো। জনেল নাছালৈ যাওঁতে কোলহাপুৰত লগ পাইছিলো যে, মনত আছে নে?
: কোন? অভিনৱ? যোৰহাটৰ ল’ৰাজন? অলপ মনত আছে। মোৰ হ’লে ল’ৰালৈ ৰাপ নাই। সুন্দৰী ছোৱালীবোৰলৈ চাই চাই কেতিয়ানো কোলহাপুৰ এৰিবৰ হ’ল গমে‍ই নাপালো। বৰ দুঃখ লাগে বে।
: তোৰ মাতলামি এৰ। এতিয়া পঢ়িবৰ হ’ল। পৰীক্ষালৈ বেছি দিন নাই আৰু। তিনিমাহ আছে। বুজিছনে?
: পঢ়া-শুনা— এ‍ইবোৰ তোৰ কাম। তই পঢ়। পৰীক্ষাৰ আগে আগে মোক শিকাবি, তেতিয়া মোৰো উপকাৰ হ’ব আৰু তোৰো ৰিৱিজ্যন হ’ব। মই এতিয়া যাওঁ।
: ক’লৈ যাৱ?
: আজি ডিউটি আছে। টৰ্চাৰ ৰূমত আমাৰ বাপকে‍ইজন ৰৈ থাকিব। সময়ত উপস্থিত হ’ব নোৱাৰিলে জুগনু ডান্স কৰোৱাব। চাল্লা আজি মোৰ কুণ্ডলীত শনি লম্ভিলে। বাই বাই।
: যা যা, অল দ্য বেষ্ট।

আৰু পঢ়ক:  ভালপোৱাৰ অপদ্য

মুখত এমোকোৰা হাঁহি ওপচাই হিৰণ্য কোঠাটোৰ পৰা ওলাই গ’ল। আজি তাৰ ৰেগিং হ’ব। কলেজৰ জিমনেচিয়ামৰ কাষৰ ৰিটায়াৰিং ৰূমটোৰ নাম টৰ্চাৰ ৰূম। তাত বাঘা বাঘা চিনিয়ৰকে‍ইজন থাকে। সাধাৰণতে জুনিয়ৰবোৰ সে‍ইফালে নাযায়। কিন্তু হিৰণ্যৰ কথা সুকীয়া। তাৰ ভাষাত— “ডৰতা তো মে‍ই আপনে বাপচে ভী নেহী, তুম এড়া লোগ আপুন কো ক্যা ডৰাওগে?” বিবেকৰ হাঁহি উঠি যায়। সিদিনা জিমনেচিয়াচমৰ ওচৰত লুকাই লুকাই চিগাৰেট হুপি থকা সময়ত চিনিয়ৰৰ হাতত হিৰণ্য হাতে-লোটে ধৰা পৰিছিল। দহটামান চৰ অন দ্য স্পট খোৱাৰ পিছত সিঁহতে তাৰ বাবে ৰুটিন তৈয়াৰ কৰিলে। এতিয়া সপ্তাহত তিনিদিন সি টৰ্চাৰ ৰূমত হাই ডোজ ৰেগিং খাব লাগিব। সি লগালগ মান্তি হৈছে। কথাটো শুনাৰ পিছত হোষ্টেলত ভয়ৰ ধুমুহা বলিব ধৰিছে। এনেয়ে চিনিয়ৰবোৰে নিজ নিজ ৰূমলৈ মাতি নি ৰেগিং কৰিলে বিশেষ ভয় কৰিবলগীয়া একো নাথাকে। কিন্তু টৰ্চাৰ ৰূমৰ কথা সুকীয়া। তালৈ এনে কিছুমান চিনিয়ৰ আহে, যিবোৰৰক কাহানিও কলেজ কেম্পাছৰ ভিতৰত দেখা পোৱা নাযায়। হিৰণ্যৰ ভাষাত, তেনেকুৱা দুষ্প্ৰাপ্য চিনিয়ৰৰ দৰ্শন লাভ কৰা সৌভাগ্যৰ কথা। পূৰ্বজন্মৰ পাপ খণ্ডন হয় হেনো। আৰু বেকত বৃহস্পতি থাকিলে কোনে জানে কাৰ আশীৰ্বাদ কাৰ শিৰত পৰে। তেতিয়াতো কথাই নাই। কলেজৰ প্ৰিন্সিপালৰ পৰা আৰম্ভ কৰি গৱাৰ্ণিং বডী, অফিচ ষ্টাফ সকলোৱে সমীহ কৰি চলিব। ষ্টুডেণ্টচ য়ুনিঅনৰ লীডাৰ হৈ দুমাহত দুচকীয়া বাহন আৰু পিছৰ চিটত মাৰোৱাৰী শেঠৰ জীয়েক। তিনিসাঁজ চেণ্টাৰ পইণ্টত খাব পাৰিব। মাটন বিৰিয়ানি, বিলাতী সুৰা আৰু কত কি! ৰেগিং খাই ৰজা হোৱাৰ সুফলৰ ওপৰত নিশা শোৱাপাটীত হিৰণ্যই এক দীঘলীয়া বক্তৃতা দিয়ে। বিবেক আচৰিত হয়। ৰেগিঙৰ পৰা ইমান সুফল পোৱা যায় যদি মহাৰাষ্ট্ৰ চৰকাৰে ৰেগিঙক আ‍ইনবিৰুদ্ধ বুলি কিয় ঘোষণা কৰিছে?
: নকৰিব কিয়? আ‍ইনৰ লগত জড়িত বহুতো নীতি কথা যে প্ৰবচন হৈ সাধাৰণ লোকৰ মাজলৈ গুচি আহিব সে‍ই ভয়তে আকৌ।
: কি ক’ব খুজিছ, খোলা-খুলিকৈ ক।
: তই এ‍ইবোৰ নুবুজিবি। তই ভাল ল’ৰা। তই এনেয়ো আমাৰ দৰে হাটে-বজাৰে টিঘিলঘিলাই নুফুৰ। গতিকে তোক কোনেও বেছিকৈ দিষ্টাৰ্ব নকৰে। জাষ্ট কেজুৱেল ৰেগিংখিনিহে কৰে। তাতে‍ই তোৰ ইমান ভয়। সিদিনা অমিত কুমাৰে মোক দেখোন বাইকত উঠাই লৈ আম্বঝাৰী লেকৰ পাৰলৈ লৈ গৈছিল, পাহৰিলি হবলা? তাত বিশজন মান আংকল যেন লগা চিনিয়ৰে মোৰ যিটোহে অৱস্থা কৰিলে; তোৰ লগত তেনে হোৱা হ’লে তই তাতে‍ই হাৰ্ট ফে‍ইল কৰিলিহেঁতেন।
: সে‍ই বাবে‍ই মোৰ বেয়া লাগে। ইমান দূৰৰ পৰা মাক-বাপেকে ল’ৰাবোৰক মানুহ হওক বুলি পঢ়িবলৈ পঠিয়ায়, তাত ৰেগিং কৰি জুনিয়ৰবোৰক মিছতে হাৰাশাস্তি কৰি কি যে ভাল পায় ইহঁতে। আমি জানো সিহঁতৰ নিজৰ ভায়েকৰ দৰে নহয়? সকলোৰে লগত মিলা-প্ৰীতিৰে থাকিব লাগে। সিদিনা বিহাৰৰ ল’ৰাজনক যে ৰেগিঙৰ নামত মাৰধৰ কৰি চকু মুখ উখহাই পঠিয়াইছিল, পাহৰিলি?
: আবে এ‍ইবোৰ একো নহয়। মানুহে তিলটোকে তালটো কৰে। ভুল সে‍ই বিহাৰীটোৰে। ৰেগিঙৰ এটাই ফান্ডা— চিনিয়ৰ্চ আৰ অলৱে‍ইজ ৰাইট। সিহঁতে সূৰ্য পশ্চিমফালে উদয় হয় বুলি ক’লেও ‘য়েচ চাৰ’ বুলি হয়ভৰ দিবি। বচ। তোৰ ওপৰত চব খুচ।
: সে‍ইটো বাৰু বুজিলো। কিন্তু কিছুমান কলেজত যে ৰেগিঙৰ নামত অত্যাচাৰ হয়? বাতৰিত প্ৰায়ে পঢ়িবলৈ পাওঁ, অমুক কলেজত ৰেগিঙৰ অত্যাচাৰত ছাত্ৰৰ আত্মহত্যা। সে‍ইবোৰ?
: চা, সকলো বস্তুৰে সুফল আৰু কুফল দুয়োটাই আছে। অতি বেছিটো অৱশ্যে ভাল নহয়। এ‍ইক্ষেত্ৰত ময়ো ৰেগিঙক সমৰ্থন নকৰোঁ। কিন্তু সুস্থিৰ চা-চিনাকিৰ মাজেৰে ৰেগিঙে চিনিয়ৰ আৰু জুনিয়ৰৰ সম্বন্ধক অধিক মজবুত কৰে। তইন সদায় নিগেটিৱ কথাবোৰ কিয় ভাব? পজিটিৱবোৰ ভাব না। জীৱনত ভাল, বেয়া সকলো থাকিব। কিন্তু পজিটিৱ কথা ভবাজনৰ বাবে জীৱন সদায়ে‍ই মধুৰ হয়।
: কোনোবাই আত্মহাত্যা কৰা কথাটোত তই কি পজিটিৱ থিংকিং দেখিলি?
: বাদ দে। তই নুবুজ। এতিয়া শো বাবা। কাইলৈ হেডৰ ক্লাছ আছে। ক্লাছৰ পিছত আমি আকৌ তৰ্ক কৰিম।

ৰেগিঙক লৈ এনেবোৰ বাক বিতণ্ডা অৱশ্যে বিবেক আৰু হিৰণ্যৰ মাজত সদায়ে‍ই হয়। হিৰণ্য‍‍‍ই ৰেগিঙৰ সুফলবোৰ দেখিছে। সেয়ে সি ৰেগিঙক সমৰ্থন কৰে। কিন্তু বিবেকে ৰেগিঙৰ ভয়াবহতাবোৰ শুনি আহিছে। সেয়েহে তাৰ ৰেগিঙলৈ ভয় লাগে। অসমৰ পৰা এন আই টি, নাগপুৰলৈ অহা অসমীয়া ল’ৰা কেৱল সিঁহত দুজনে‍ই। সেয়েহে ৱাৰ্ডেনক কৈ দুয়ো একেটা কোঠা ভগাই লৈছে। সে‍ই যে এদিন ৰূম শ্বেয়াৰ কৰিলে, তাৰ পিছত সকলো বস্তুৰে শ্বেয়াৰ আৰম্ভ হ’ল। হিৰণ্যই বাদাম এটা খালে‍ও আধা বিবেকক দিয়ে। এগিলাচ গাখীৰ, এখন পৰাঠা, আনকি পিন্ধা পোছাকযোৰো। শ্বেয়াৰ যদি নহয়, সেয়া চিগাৰেটৰ পেকেটটো। বিবেকে চিগাৰেট বেয়া পায়। কিন্তু হিৰণ্যক বুজাই লাভ নাই। তাৰ হাতত তাৰ সকলো কথাৰে যুক্তি থাকে। উঠা-বহা-খোৱা-শোৱা আনকি শ্বাস-প্ৰশ্বাসৰো সপক্ষে হিৰণ্যৰ যুক্তি আছে। সেয়েহে বিবেকে কিছুমান কথাত মাত মাতিবলৈ এৰিছে। এদিন যেতিয়া নিজে বুজিব, তেতিয়া পাছলৈ সি নিজেই এ‍ই বদ অভ্যাসবোৰ এৰিব।

কাৰোবাৰ হৈ-চৈত বিবেকৰ সপোন ভাগিল। ইমানপৰে সি হিৰণ্যৰ কথাবোৰকে ভাবি আছিল। তাৰ কোঠাৰ দুৱাৰত কোনোবাই সজোৰে ঢকিয়াবলৈ ধৰিছে। প্ৰচণ্ড বিৰক্তিত দুৱাৰখন খুলিলে।
: ক্যা হুৱা? শ্বোৰ কিউ মচা ৰহে হো?
: জলদি চল।
: কাহা?
: চলনা মেৰে ভাই। তেৰে ৰূমমেটকো চিনিয়ৰ লোগোনে বুৰি তৰহ চে পিটা। খুন বেহ গয়ে। কিচমত আচ্ছা থা, চিকিউৰিটি গাৰ্ড নে দেখা। হাস্পতাল মে এডমিট কিয়া। চল চল জলদি চল।
একে উশাহত কথাখিনি কৈ ল’ৰাজনে বিবেকক একপ্ৰকাৰ টানি লৈ যোৱাৰ দৰে লৈ গ’ল। বিবেকে একো ভাবিব পৰা নাই। মগজৰ চিন্তা শক্তি লোপ পাইছে। গোটে‍ই দেহৰ তেজ আহি একেলগে তাৰ মুখমণ্ডলত থুপ খাইছে। বিবেক দৌৰিছে। হাস্পতাল অভিমুখে দৌৰিছে। চকুপানীবোৰে তাৰ ৰাস্তা আগচি ধৰিছে। তাৰ মাজত চকামকাকৈ দেখা পাইছে চিনিয়ৰৰ ৰেগিঙৰ অত্যাচাৰত থকা-সৰকা হোৱা হিৰণ্যৰ মুখখন। বিবেকে আৰু ভাবিব পৰা নাই। কেৱল দৌৰিছে।…
(ক্ৰমশঃ)

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “তেজস্বী”

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts