তেজস্বী

পূৰ্বৰ খণ্ড: ইয়াত

• দ্বিতীয় খণ্ড
দুই
বাৰিষাৰ দিনবোৰত সাধাৰণতে নাগপুৰৰ পৰা কামটীলৈ বাইক চলাবলৈ অসুবিধা হয়। ৰাস্তাটো ঠায়ে ঠায়ে ভগা, ৰাস্তাত একাঠু পানী। আৰু বোকা মিহলি ৰঙা মাটিবোৰত বাইকৰ চকা পিছলিবৰ ভয়। আবেলিৰ সময়, সুৰুয ডুবিছে। ছজনীয়া ডেকাৰ দলটো লাহে লাহে বাইকেৰে আগবাঢ়িবলৈ ধৰিছে। পিন্ধনত জিনছ আৰু টি-শ্বাৰ্ট।  মুঠ তিনিখন বাইক, প্ৰতিখনতে দুজনকৈ ল’ৰা। দেখিলে‍ই অনুমান হয়, ফুলকুমলীয়া। কৈশোৰৰ মোট সলাই যৌৱনৰ বন্দৰত লংগৰ পেলাইছেহে এথোন। চুলিবোৰ ওপৰলৈ উঠাই স্পাইক কৰি থৈছে, থুতৰিৰ তলত একোছা নামমাত্ৰ ডাঢ়ি। কাৰোবাৰ চকুত এযোৰ চশমা। চিপচিপ বৰষুণৰ মাজেৰে সন্তৰ্পণে বাইককে‍ইখন কামটী অভিমুখে আগবাঢ়িছে। গোটে‍ই পথটো খালী। হঠাত্‍ একো একোখন ট্ৰেন্সপোৰ্ট বাছ আহে আৰু পাৰ হৈ যোৱাৰ লগে লগে পথটো নিতাল মাৰে।

: কিমান আনিছ?
: কি?
: মাল।
: চিক্সতি আছে। চলিব?
: চলিব। যোৱা মাহৰ বাকী আছিল নহয়। দিব লাগিব। নিদিলে মাল নাপাবি।
: এ‍ই মাহত এশ উঠাই দে, বাকীখিনি অহা মাহত দিম বুলি ক’ম।
: মানিলেহে। এ‍ই বেপাৰীকে‍ইটা মহা বে‍ইমান … (অশ্লীল)।
: চাল্লা আমাকে‍ই যদি মাল চাপ্লাই নিদিয়ে … (অশ্লীল), কোনে খুৱাব বে ইহঁতক?
: এ‍ইবাৰ বোলে চাউথৰ চাপ্লাই আহিছে। অন্ধ্ৰৰ পৰা।
: দামটো বেছি হ’ব নেকি বে?
: ক’ব নোৱাৰি। কিন্তু পাক্কা নিউজ মতে, যোৱাবাৰৰ হিমাচলৰ মালতকৈ এ‍ইবাৰৰ মালটো বেছি স্ত্ৰং। গ্ৰীন। যোৱাবাৰ সে‍ইসোপা মটীয়াহে আছিল।
: জমি যাব বাপ। উৰি থাকিম নেকি ঔ?

বাইকৰ শব্দৰ তালে তালে টুকুৰা টুকুৰ কথা আৰু হাঁহিৰ শব্দ ভাহি আহিল। এনেদৰে কিছু দূৰ যোৱাৰ পিছত গড়কাপ্তানী পথৰ পৰা ফালৰি কাটি বাইককেইখন এটা গাৱঁলীয়া পথত সোমাই পৰিল। নিজম পথ। ক’তো পোহৰৰ লেশ নাই। কিছু দূৰ যোৱাৰ পিছত পঁজা এটাৰ সন্মুখত বাইককে‍ইখন ৰ’ল। প্ৰথমখন বাইক চলাই যোৱা হৃষ্ট পুষ্ট ল’ৰাজনে আঙুলিৰ ঠাৰেৰে লগৰ কে‍ইজনক তাতে ৰৈ থাকিবলৈ ক’লে। তাক দেখিলে দলৰ দলপতি যেন ভাব হয়। সি আগুৱাই গৈ পঁজাটোৰ দুৱাৰত টোকৰ দিলে। দুবাৰমান টোকৰ দিয়াত কোনো ওলাই নহাত সি লাহেকৈ মাতিলে।

: ভাউ। ভাউ। আহেস?
দুৱাৰখন মেল খোৱা দেখা গ’ল। এজন আদহীয়া মানুহে হাতত লেম্প এটা লৈ ওলাই আহিছে।
: কায় ৰে? কায় ঝাল?
: কায় নাই। মী ভাউ। মাল…?
দুয়োজনে ফুচফুচকৈ কিবা কথা পাতিলে। বোধহয় টকা-প‍ইছা সম্বন্ধীয় কিবা দীল কৰিলে। খন্তেক পিছত মানুহজনে ইমানপৰে চোতালত ৰৈ থকা বাকী ল’ৰাকে‍ইজনক ভিতৰলৈ আহিবলৈ ইংগিত দিলে। দলপতিজনে চিঞৰিলে— “ঐ আহ। কাম হৈ গ’ল।”
লাহে লাহে এজন এজনকৈ ডেকা ল’ৰাকেইটাই সে‍ই পঁজাটোৰ ভিতৰত প্ৰৱেশ কৰিব ধৰিলে।

***
এটা সাধাৰণ কোঠা। কালি প্ৰায় আশী বৰ্গফুটমান হ’ব। কোঠাটোত আটাইকে‍ইজন ঘূৰণীয়াকৈ বহিল। সোঁমাজত এখন মেজ। মেজখনৰ ওপৰত এটা লাইট আঁৰি থোৱা আছে, ঠিক জে‍ইল আৰু পুলিছৰ তৰ্ছাৰ ৰূমবোৰত যেনেকৈ লাইট একোটা আঁৰি থোৱা থাকে, সাইলাখ তেনেকুৱা।

: মোবাইল বন্ধ কৰ। আৰু কামত লাগ।
মোবাইল পিটিকি থকা ল’ৰাকে‍ইজনক উদ্দেশ্যি দলপতিৰ আদেশ। এজনে মেজৰ ওপৰত বহলকৈ কাগজ এখন মেলি ধৰিলে। পুৰণি বাতৰি কাতত জাতীয় বহল কাগজ। ঘৰৰ মুৰব্বীজনে দুটা টোপোলা কাগজখনৰ ওপৰত পেলাই দি গ’ল। দলপতিজনে টোপোলা দুটা খুলিলে আৰু শুঙি চালে। সি চিত্‍কাৰ কৰি উঠিল—  
: চালিয়া মাল বে। ৰ মাল। চাউথৰ, চিঅ’ৰ।
আন এজনে জেপৰ পৰা সস্তীয়া চিগাৰেটৰ পেকেট এটা উলিয়ালে। আটাইকে‍ইজনে এডাল এডালকৈ চিগাৰেট হাত পাতি ল’লে। এতিয়া চিগাৰেটৰ ফিল্টাৰটো ওপৰমুৱা কৰি মুখখন উলম্বভাৱে তলমুৱা কৰি হাতৰ তলুৱাৰ মাজত সুমুৱাই লৈ এবাৰ ঘড়ীৰ কাঁটাৰ দিশত আৰু এবাৰ তাৰ বিপৰীত দিশত পকাবলৈ ধৰিলে। তেনে কৰাৰ ফলত চিগাৰেটৰ ভিতৰত থকা ধপাতখিনি ওলাই আহি মেজত পাৰি থোৱা কাগজৰ ওপৰত পৰিল। আটাইবোৰ চিগাৰেটৰ পৰা ধপাতবোৰ বাহিৰ কৰাৰ পিছত চিগাৰেটবোৰ দেখাত একো একোটা ফিল্টাৰযুক্ত সৰু কাগজৰ চিলিণ্ডাৰ যেন হৈ পৰিল। খালী চিগাৰেটবোৰক আলফুলে আঁতৰাই থৈ মেজৰ ওপৰত থকা টোপোলা দুটাত থকা বস্তুখিনিৰে কিছু চিগাৰেটৰ ধপাত মিহলি কৰি ল’লে। এতিয়া সে‍ই নতুন দ্ৰব্যখিনিক একাষৰীয়াকৈ থ’লে আৰু সে‍ইখিনিক লাহে লাহে খালী চিগাৰেটবোৰৰ ভিতৰত সুমুৱাই দিলে। এ‍ইবাৰ চিগাৰেটৰ ফিল্টাৰ তলফালে আৰু মুখখন ওপৰফালে থাকিল। এ‍ইখিনি কাম যি-টি মানুহে কৰিব নোৱাৰে। তাৰবাবে এক্সপাৰ্তৰ দৰকাৰ হয়। বহুবাৰ অভ্যাস কৰাৰ ফলতহে হাত কৌশলী হৈ উঠে।

লাহে লাহে এজন এজনকৈ প্ৰত্যেকে নৱনিৰ্মিত চিগাৰেটত অগ্নি সংযোগ কৰিলে আৰু তাক ওপৰমুৱাকৈ ৰাখি ডিঙিটো ওপৰলৈ কৰি হুপিব ধৰিলে। প্ৰচুৰ আমেজত চকুদুটা মুদি লাহে লাহে ধোঁৱাবোৰ বতাহলৈ এৰি দিলে।

: ঐ কেনে পাইছ?
: মজা বে দোষ্ট।
: টান টান। আৰু টান। ভালকৈ উৰিবি।
: এক্কেবাৰে খাঁটি মাল যেন পাইছোঁ। দু‍ই টান মাৰোঁতেই উৰাই লৈ গ’ল বে।
: ঐ চাবি আৰু… বেছিকৈ টানিলে কিবা-কিবি দেখিবি।
: কিবা কিবি দেখা নাই দোষ্ট। ম‍ই দিলৰুবা দেখিছোঁ… জানেমন দেখিছোঁ…।
আটাইকে‍ইজনে কিৰীলি পাৰি হাঁহি উঠিল। ধোঁৱা মিহলি চিঞৰ-বাখৰৰ শব্দৰে কোঠাটো ভৰি পৰিল।

: ই বেটা উৰিলে‍ই। চাল্লা পোৱালি। দু‍ই টান মাৰোঁতে জন্নত গৈ পালে। ঐ কাক দেখা পাইছ বে? প্ৰিন্সিপালক নে হেডক?
: চিক্ৰেত। আহ, কাণে কাণে কওঁ।
সি নামটো ক’বলৈ নিজৰ মুখখন সিজনৰ ওচৰ চপাই নিলে আৰু ফুচফুচাই ক’লে— 'পায়ল… পায়ল শিৰোডকৰ।'

হঠাত্‍  কিবা এটা উফৰি আহি বেৰত পৰিল। ঘটংকৈ শব্দ এটা উঠিল। আটাইকে‍ইজন সচকিত হৈ পৰিল। স্তিলৰ গিলাচ এটা খুব জোৰে উফৰি আহিছে। ভাগ্য ভাল, কাৰো গাত নালাগিল। কাৰোবাৰ মূৰত লগা হ’লে মূৰ ফাটি তেজ ওলালেহেঁতেন। আটাইকে‍ইজনে খঙত ঘূৰি চালে। গিলাচটো উফৰি অহা দিশৰ বন্ধ দুৱাৰখন খোল খাইছে। দুৱাৰমুখত কোনোবা এজন ৰৈ আছে।
: কৌন বে? আৰে টেম্ভৰে ভাইয়া, দেখো তো কৌন … (অশ্লীল) হেয় ৱাহা? দলপতিজনে চিঞৰি ক’লে।
: আয়া। সিটো মূৰৰ পৰা কণ্ঠস্বৰ ভাহি আহিল।

ঘৰৰ গৰাকীয়ে ল'ৰি আহি দুৱাৰমুখত ৰৈ থকা মানুহজনৰ ওচৰ পালে। কানিমুনি আন্ধাৰত ভালদৰে মুখখন চিনিব নোৱাৰি ততালিকৈ টৰ্চটো জ্বলালে। অন্ধকাৰ ভেদি টৰ্চৰ পোহৰ আগন্তুকৰ মুখত পৰিল। শংকিত অৱস্থাত আটাইকে‍ইজনে বহাৰ পৰা ঠিয় হ’ল। কোঠাটোৰ ভিতৰৰ পৰা ভীত-সন্ত্ৰস্ত মানুহৰ গুমগুমনি কিছুমান ভাহি আহিল। সে‍য়া দুৱাৰমুখত উদ্যত অৱস্থাত দুহাতত উদণ্ড হকী স্তিক দুডাল লৈ থিয় হৈ আছে হিৰণ্য। ফটা মলিয়ন কাপোৰ আৰু কপালত বেন্দেজ বন্ধা হিৰণ্যৰ চকু দুটা টৰ্চ লাইটৰ পোহৰতো হিংস্ৰ বাঘৰ দৰে জিলিকি আছে।

বাহিৰত তেতিয়া দোপালপিতা বৰষুণ।«
(ক্ৰমশঃ)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

2 Comments on "তেজস্বী"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত […]

trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত […]

wpDiscuz