তেজস্বী (৩)

পূৰ্বৰ খণ্ড: ইয়াত

• তৃতীয় খণ্ড

ৰাতিপুৱা কিছু সোনকালে বিবেকে টোপনিৰ পৰা সাৰ পালে। ওচৰৰ বিচনাখনত হিৰণ্য শু‍ই আছে। যোৱাৰাতি বিবেক টোপনি যোৱাৰ সময়লৈ হিৰণ্য আহি পোৱা নাছিল। হিৰণ্যক বিচাৰি হোষ্টেলৰ ল’ৰাৰ দল এটাই ইতিমধ্যে ওচৰ-পাজৰৰ ঠাইসমূহ চলাথ কৰিছিল বুলি সি গম পাইছে; কিন্তু কাৰণটো নাজানে। আজি বিবেক পৰীক্ষা ভৱনলৈ যাবগৈ। তাৰ নামটো ভুলকৈ ৰেজিস্তাৰ কৰা হৈছে। শুধৰাবলৈ যাব। পৰীক্ষালৈ হাতত তিনি মাহ সময় থাকিলেও এ‍ইবোৰ কাম আগতীয়াকৈ কৰি থ’ব পাৰিলে ভাল। অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামবোৰ ৰেজিস্তাৰ কৰাৰ সময়ত প্ৰায়ে‍ই আহুকালৰ সৃষ্টি হয়। কাৰোবাৰ যদি নামটো ভুল হৈ আছে, তেন্তে আন কাৰোবাৰ উপাধি ভুল। কলেজ কৰ্তৃপক্ষইবও এ‍ই ক্ষেত্ৰত বিশেষ একো কাৰ্যপন্থা গ্ৰহণ কৰা নাই। সেয়েহে বিবেকে সিদ্ধান্ত ল’লে যে সি নিজে‍ই গৈ তাৰ নামটো ঠিক কৰি আহিব। এবেলাৰ কাম। পৰীক্ষা ভৱন অৱশ্যে শংকৰ নগৰত নহয়; ভৰত নগৰলৈ যাব লাগিব। সে‍ইফালে সাধাৰণতে চিটি বাছবোৰ কমকৈ চলে। অৱশ্যে ফুটালা হৃদ আৰু আম্বঝাৰীলৈ যোৱা টেম্প’ পোৱা যায়। বাৰ্ডীৰ পৰা সাত টকা ভাড়া লয়। কিন্তু টেম্প’বোৰো মানুহ হ’লেহে যায়। আনহাতে দিনৰ বাৰ বজাৰ পিছত পৰীক্ষা ভৱনলৈ গৈ লাভ নাই। বাৰ বজাৰ আগতেহে নতুন এডমিশ্যনবোৰৰ কাম চলে, আবেলি পুৰণা ছাত্ৰ-ছাত্ৰী আৰু বেক পৰীক্ষাৰ কামবোৰ সমাপন কৰা হয়। বিবেকে এতিয়াও নাগপুৰৰ আওভাও ভালকৈ বুজি উঠা নাই। সাধাৰণতে ভাষাৰ সমস্যাটো তাৰ দৰে বহিঃ ৰাজ্যৰ ছাত্ৰৰ বাবে প্ৰধান সমস্যা। মাৰাঠী ক’ব নোৱাৰিলে অসুবিধাত পৰে। ন-বজাৰ আগতে গা-পা ধু‍ই ব্ৰেকফাষ্ট কৰি বিবেক আজৰি হ’ল। এনেয়ো ৰাতিপুৱা সোনকালে গা ধুব পাৰিলে ভাল। কাৰণ, ৰাতিপুৱাৰ সময়খিনিত হোষ্টেলত পানীৰ বৰকৈ নাটনি হয়। ন-বজাৰ পিছত গা ধুবলৈ যোৱা সকলৰ বাবে পানীৰ টনাটনি হয়। এ‍ই পানীৰ টনাটনি অৱস্থাৰ বাবে কেতিয়াবা বহুতৰে ক্লাছলৈ যোৱাই নহয়। সিহঁতে বহুবাৰ কলেজ কৰ্তৃপক্ষক এ‍ই বিষয়ে অৱগত কৰিছে যদিও একো ফল ধৰা নাই। আচলতে উক্ত বিষয়টোত কলেজে মন নিদিয়া নহয়, কিন্তু সমস্যাটো হ’ল যে ৰাতিপুৱা আঠবজাৰ পৰা দহ বজালৈ সাধাৰণতে দুঘণ্টা সময় নাগপুৰত লোড শ্বেডিং হয়। গতিকে সে‍ই সময়ত পানী তোলাটো সম্ভৱ নহয়। কাৰেণ্ট নাথাকিলে পাম্প ক’ৰ পৰা চলিব! সেয়েহে থাপা ভায়াই আহি কাহিলি পুৱাতে পানীৰ পাম্পৰ চু‍ইচ অন কৰে। টেংকিত পানী ভৰ্তিও হয়। কিন্তু তিনিশ ছাত্ৰই একে সময়তে গা ধোৱা, কাপোৰ ধোৱা আৰু নিত্য কাৰ্য সম্পন্ন কৰিব খুজিলে সে‍ইখিনি পানীৰে নোজোৰে। সেয়েহে যিজনে সোনকালে টোপনিৰ পৰা সাৰ পাব, সিয়ে‍ই গা ধু‍ই কাপোৰ ধু‍ই আজৰি হ’বলৈ সকাহ পাব। বিবেকে সাধাৰণতে কাহিলি পুৱাতে শেতেলি এৰে। এয়া তাৰ বাল্যকালৰে অভ্যাস। ঘৰত থাকোঁতে দেউতাকে তাক আৰু ভনীয়েকক ৰাতিপুৱা চাৰি বজাতে টোপনিৰ পৰা জগাই দিয়ে আৰু তিনিওজনে ৰাতিপুৱা ফুৰিবলৈ যায়। শৰতৰ নিয়ৰ গচকি, মুকুল খুৰাহঁতৰ পদূলিৰ খৰিকাজাঁই ছিঙি জঁপিয়াই জঁপিয়াই এঘণ্টা পিছত সি ঘৰলৈ ওভতে। সে‍ই অভ্যাস ৰৈ গ’ল। নাগপুৰত মুকুল খুৰাও নাই, খৰিকাজাঁইও নাই। কিন্তু সে‍ই ৰাতিপুৱাটো আছে। ৰাতিপুৱাই উঠি কেনৱাচৰ জোতা পিন্ধি শংকৰ নগৰৰ পৰা বাৰ্ডীলৈ দৌৰে এঘন্টা। নাগপুৰৰ ৰাতিপুৱাটো অসমৰ ৰাতিপুৱাতকৈ সুকীয়া। পাঁচ বজাৰ পৰা মানুহবোৰৰ ব্যস্ততাৰ আৰম্ভণি হয়। বাৰ্ডী অঞ্চলটোক ‘হাৰ্ট অৱ দ্য চিটি’ বুলি ক’ব পাৰি। ৰাতিপুৱাৰে পৰা ৰেল ষ্টেশ্যনলৈ ৰিক্সা, অটো, চিটিবাছ ইত্যাদি যান-বাহনৰ চলাচল আৰম্ভ হয়। কিন্তু দোকান-পাহাৰ চেগা চোৰোকাকৈহে খোলে তেতিয়া। সৰু সৰু পানঠেলাবোৰ খোল খায়। চাহৰ খোলা আৰু লগতে চিংৰা আৰু পোহাৰ মেলা আৰম্ভ হয়। নাগপুৰৰ ‘ষ্ট্ৰীট ফুড’ বুলিলে চিংৰা আৰু পোহা বিখ্যাত। সস্তা আৰু খাবলৈও সোৱাদ। অৱশ্যে বিবেকে বাহিৰত বেছি খোৱা-মেলা নকৰে। প্ৰথম অৱস্থাত পোহা দেখি তাৰ হাঁহি উঠিছিল। চিৰাও তেল, নিমখ, জলকীয়াৰে ভাজি খায় নে? আমি দেখোন গাখীৰ-গুড়েৰে মিহলাইহে চিৰা খাওঁ। পিছত হোষ্টেলত ৰাতিপুৱা চাহৰ লগত পোহা খাই খাই অভ্যাসত পৰিণত হ’ল। হিৰণ্যৰ ভাষাত— “নাও পোহা হেজ বিক’ম পাৰ্ট অৱ লাইফ”। অৱশ্যে নাগপুৰ বুলিয়ে‍ই নহয়, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত পোহাৰ এক বিশেষ আদৰ আছে আৰু লোকে চাহৰ লগত পোহাৰ জলপান কৰি তৃপ্তি পায়। আনহাতে নাগপুৰত থাকিলে অন্যাৰ্থত আপুনি পোহা খাবলৈ বাধ্য। পোহা নাখালে খাব কি?

সময় পাৰ হয়। অন্য এখন সমাজৰ পৰা অহা কিছু স্বপ্নাভিলাষী ছাত্ৰই লাহে লাহে নতুন সমাজখন গ্ৰহণ কৰিবলৈ শিকে, মিলিবলৈ শিকে। ঘৰ এৰাৰ দিনা পদূলিলৈ চাই চাই ৰুমাল তিওৱা চকুলোবোৰ পাহৰণি হয়। পাঠ্যপুথিৰ বাহিৰতো যে ‘জীৱন’ নামৰ এজন শিক্ষক আছে, সে‍ই কথা লাহে লাহে উপলব্ধি কৰিবলৈ সক্ষম হয় আৰু সমাজত নিজকে বিলীন কৰি দিবৰ বাবে উপযুক্ত হৈ উঠে। লাহে লাহে চিন্তাধাৰাবোৰ পৈণত হয়। ভয় নামৰ দানৱক ক’ৰবাত এৰি থৈ আহে আৰু এ‍ইসকল তেজস্বীয়ে এদিন নিজৰ তেজেৰে স্বদেশৰ নাম উজ্বলায়, নিজ মাটিৰ নাম উজ্বলায়, আইৰ নাম উজ্বলায়। কিন্তু সকলো তেনে হ’ব পাৰেনে? ব্যতিক্ৰম স্বাভাৱিক। ব্যতিক্ৰমে‍ই যদি নাই তেনেহ’লে কিহৰ এ‍ই জৈৱ বৈচিত্ৰ্য?

বাৰ্ডীৰ বাছ ষ্টপত বিবেক ৰৈ আছে। পান জপা দি মানুহ জাপি বাছ এখন আহিল। খন্তেক হৈ চৈ; উঠিব খোজা জন উঠিল, নামিব খোজা জন নামিল। গুৱাহাটীৰ দৰে “খালী গাড়ী খালী গাড়ী” বুলি চিঞৰি বাছ ষ্টপত বাছ ৰৈ থকাৰ সকাম নাই ইয়াত। সে‍ইখন বাছ গুচি যোৱাৰ পিছত ভালেমান সময়লৈ কোনো বাছৰ দেখা দেখি নাই। ইফালে ৰাতিপুৱাৰ ৰ’দটোৱেও খাওঁ খাওঁ মূৰ্তি ধৰি আহিছে। ঘড়ীটোৱে ন বজাৰ সংকেত দিছে। বহু সময়লৈ বাছ নহা দেখি বিবেকে বাছৰ আশা বাদ দি টেম্প’ ষ্টেণ্ডলৈ আগুৱালে। টেম্প’ এখন লাইনত আছিলে‍ই। সি চালকৰ ওচৰত বহি পৰিল। ন বাজি দহ মিনিট। দহ বজাত পৰীক্ষা ভৱন খুলিব। বাৰ্ডীৰ পৰা পোন্ধৰ-বিশ মিনিটৰ পথ। চিন্তাৰ প্ৰয়োজন নাই। বিবেকে স্বস্তিৰ নিঃশ্বাস এৰিলে।

আপদীয়া বতৰটোক আকৌ কিহে জগৰ লগালে! ৰাতিপুৱা আকাশখন বেচ ফৰকাল আছিল। এতিয়া চোন গোমা কৰি আহিছে। বিবেক গৈ ভৰত নগৰ পায়গৈ মানে দোপালপিতা বৰষুণ। দৌৰ মাৰি টেম্প’ৰ পৰা নামি বাছ আস্থানত জিৰণি বিচাৰিলে। বাছ আস্থানৰ টিনপাতৰ তলত বৰষুণ নকমা পৰ্যন্ত জিৰাব লাগিব। ছাটিটো অনা নহ’ল। গতিকে বৰষুণ কমিলেহে তাৰ পৰা যাব পাৰিব। সাধাৰণতে এনেকুৱা বৰষুণবোৰ বেছি সময় নিটিকে। খুব বেছি আধা ঘণ্টা, এক ঘণ্টাৰ পিছত আকৌ আকাশ ফৰকাল হৈ যায়। টেম্প’ত আহোঁতে তাৰ পেণ্টটো আধা তিতিলে। পকেটৰ পৰা ৰুমালখন উলিয়াই মূৰটো মচি ল’লে আৰু কাপোৰখিনি দুহাতেৰে জোঁকাৰি অলপ থানথিত লগাবলৈ চেষ্টা কৰিলে। লাহে লাহে বাছ আস্থানটো মানুহেৰে ভৰি পৰিছে। সকলোৱে দৌৰি দৌৰি আহি তাত জিৰণি লৈ বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছে। বিবেকৰ ওচৰতে গাভৰুৰ দল এটা। বৰষুণৰ মাজে মাজে গাভৰুৰ খিলখিল হাঁহিৰ টুকুৰাবোৰ উফৰি আহি বিবেকৰ কাণত খুন্দা খাইছে। আটাইবোৰ মাৰাঠী শব্দ। সেয়েহে সি মন দিয়া নাই। এবাৰ আকাশখলৈ চালে, কিজানি মেঘবোৰ আঁতৰিছে। সময় তেতিয়া ন বাজি পঞ্চল্লিশ মিনিট পাৰ হৈছে। বৰষুণৰ গতি আগতকৈ ভালেখিনি কমিছে। ৰঙা ৰঙৰ চৰকাৰী চিটি বাছ এখন আহি ৰৈ গ’ল। বৰষুণৰ বাবে মানুহবোৰ লাহে লাহে নামিছে। কনডাক্টৰজনে বাছ আস্থানত থকা যাত্ৰীসমূহলৈ চাই তাৰ ভাষাত কিবা কিবি চিঞৰিছে। সম্ভৱতঃ কোনোবা যাত্ৰী আছেনে নাই সুধিছে। বাছখন ষ্টেশ্যনলৈ যাব। ৰৈ থকা গাভৰুৰ দলটোৰ মাজত এটা কম্পনৰ সৃষ্টি হ’ল আৰু এজনী এজনীকৈ সিঁহতবোৰ যাবলৈ ওলাল। দু‍ই এজনীয়ে আপত্তি দৰ্শালে, বৰষুণ ভালকৈ কমিলে সিঁহত যাব, কিন্তু দুজনীমানে উচ্চ স্বৰত ধমকি দিয়াৰ সুৰত কিবা ক’লে। বোধহয়, এ‍ইটো পথত যান-বাহন বৰ সুলভ নহয়। তাতে আজি বৰষুণৰ বতৰ। হঠাৎ এজনীয়ে হাতত থকা ছাটিটো মেলি ধৰিলে। ওচৰতে যে বিবেক ৰৈ আছে, সে‍ইটো কথা বোধহয় মনলৈ নাহিল। ছটিটোৰ পৰা পানীৰ টোপালৰ ছিটিকনি আহি বিবেকৰ মুখত পৰিল। সি বিৰক্ত হ’ল। এনেকুৱা মানুহো আছেনে? ওচৰে-পাজৰে কোন আছে চাই লৈ ছাটি মেলা উচিত। তাৰ ভাগ্য ভাল, অলপৰ কাৰণে ছাটিৰ গুণা তাৰ চকুত নোসোমাল। টিঙিচকৈ খং এটা উঠি আহিল। ছোৱালীজনীক কিবা এষাৰ ক’বলৈ সি আগবাঢ়ি গ’ল। ইফালে বাছখন যাবলৈ সাজু হৈছে। লগৰ কে‍ইজনীয়ে ছাটি লোৱা ছোৱালীজনীক উদ্দেশ্যি কিবা কৈ আছে। বিবেকে ছোৱালীজনীৰ মুখামুখি হ’বলৈ খৰকৈ আগবাঢ়িল। ইফালে বাছখনৰ পৰা অ‍ইন গাভৰুসকলৰ চিঞৰ-বাখৰ ভাহি আহিল— “পায়ল, জলদি কৰ… বাছ ঝাল ৰে…।”
: “আলাতো মী… আলা…।” হাঁহিৰে চৌপাশ ৰজনজনাই তাই জাঁপ মাৰি বাছত উঠিল।

বিবেক ৰৈ গ’ল। তাৰ ভৰি দুখন স্থিৰ হৈ গ’ল। পায়ল? এ‍ইজনী? মানে তাৰ সৈতে যে নোটছৰ সালসলনি হৈছিল, তায়ে‍ই নেকি? নে অ‍ইন কোনোবা? কিন্তু সি যে তাইৰ মুখখন দেখা নাপালে।… তাইৰ মাতটো কিন্তু সুৱলা। মুখখন নেদেখিলে কি হ’ল, গুলপীয়া চালৱাৰযোৰেৰে গাভৰুজনীক পিছপিনৰ পৰা সুন্দৰ দেখাইছে। গতিকে মুখখনো ধুনীয়াই হ’ব চাগে’।… ছেঃ, সি ইমান কথা কিয় ভাবিছে? সংগতি নথকা এশ এবুৰি ভাব আৰু চিন্তাৰ তৰংগ তাৰ মনৰ মাজেৰে পাৰ হৈ যাবলৈ ধৰিলে। বতাহত এতিয়াও বিয়পি আছে তাই বিলাই যোৱা সুগন্ধি। বিবেকে এবাৰ চকুযুৰি মুদি সে‍ই সুগন্ধি অনুভৱ কৰিলে। মনৰ মাজতে গুণগুনালে— ‘পায়ল’; কোনেও নুশুনাকৈ।

আকাশ তেতিয়া ফৰকাল। বৰষুণ এৰিছে।«
(ক্ৰমশঃ)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz