স্বৰাজোত্তৰ কালৰ দুখন বিশেষ নাটক: আহাৰ আৰু জন্ম

প্ৰকাশ: ২৩ অক্টোবৰ, ২০১৭ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

আহাৰ (১৯৭১):
যোৱা চাৰিটা দশকত ন ন বিষয় আৰু কৌশলেৰে অসমীয়া নাটকৰ পৰিসৰ বৃদ্ধি কৰোঁতাসকলৰ ভিতৰত অৰুণ শৰ্মাৰ নাম পোনতে মনলৈ আহে। তেওঁৰ ‘আহাৰ’ অসমীয়াত পৰীক্ষামূলক নাটকৰ এক উল্লেখনীয় দৃষ্টান্ত। ইয়াৰ আগতে লিখা ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য্য’ (১৯৬৫)ত শৰ্মাই কাহিনী নির্মাণ আৰু পৰিৱেশন পদ্ধতিত গতানুগতিক ৰীতিৰ পৰা আঁতৰি আহি ভিন্ন ৰুচিৰ পৰিচয় দিছিল যদিও সুগঠিত নাটকৰ পদ্ধতিৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহা নাছিল। সন্দেহ নাই, নাটকখনৰ শেষৰ ফালে এবছাৰ্দ ধাৰাৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ আয়োনেস্কোৰ এখন নাটকৰ প্ৰতিধ্বনি শুনা গৈছে। তথাপি, ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য্য’ সেই ধাৰাৰ অন্তর্ভুক্ত নহয়। কাৰণ, সুগঠিত নাটকৰ সংগতি, সামঞ্জস্য আৰু অৰ্থময়তা ইয়াত ৰক্ষা কৰা হৈছে। কিন্তু পৰৱৰ্তী নাটক ‘আহাৰ’ এবছাৰ্দৰ ওচৰ চপা। নাটকখনৰ কাহিনীটো এনেধৰণৰ— ‘কমল, নলিনী, ধীৰেন আৰু নবীন নামৰ চাৰিজন ডেকাই মেডিকেল কলেজ হস্পিতালৰ পৰা এগৰাকী নাৰীৰ মৃতদেহ চুৰ কৰি আনি চহৰৰ নৰ্থব্রুক গেটৰ তলত লুকাই থৈছে। সেই গেটৰ তলতে শৱটো সমাধিস্থ কৰাৰ উদ্দেশ্যে সন্ধিয়াৰ অন্ধকাৰলৈ সিহঁত ৰৈ আছে। চাৰিটা ভিন্ন দৃষ্টিভঙ্গীৰ ডেকা চাৰিজনৰ এজন কবি, এজন ব্যৱসায়ী, এজন বিপ্লৱী আৰু আনজন মদাহী। ডেকা চাৰিজন ভিন ভিন ৰুচিৰ আৰু সেই হিচাপে সিহঁতৰ এজনৰ লগত আনজনৰ কথাৰ মিল নাই। এইদৰে সংগতিহীন কথা-বতৰাৰ মাজেদি সিহঁতে সময় অতিবাহিত কৰে। গধূলিৰ অন্ধকাৰ নামি অহাৰ লগে লগে মৃতদেহটোৱে জীৱন্ত ৰূপ লৈ নিজৰ পৰিচয় দাঙি ধৰে আৰু এসময়ত ডেকা চাৰিজনৰ ক্ষেত্ৰত গ্রহণ কৰা ভিন্ন ভিন্ন ৰূপ পুনৰ প্ৰদৰ্শন কৰে— কমলৰ প্রেয়সী, নলিনীৰ গৃহিণী, ধীৰেনৰ মাতৃ আৰু নবীনৰ বাৰাংগনা হিচাপে নাৰীগৰাকীৰ এই ৰূপকেইটাই ডেকা চাৰিজনক নিজৰ নিজৰ অতীতলৈ ওভোটাই লৈ যায়। এইদৰে অতীতক লৈ ভাবত বিভোৰ হৈ থকা অৱস্থাতে সিহঁতে জীৱনত সান্নিধ্য লাভ কৰা নাৰীকেইগৰাকীৰ ছবি সিহঁতৰ মনত ভাহি উঠে। অলপ পাছতেই ভাব-বিভোৰ অৱস্থাটোৰ পৰা বর্তমানলৈ ঘূৰি আহি ডেকাকেইজনে শটো সমাধিস্থ কৰিবলৈ খৰধৰ কৰে। শটোত চন্দন সানি আৰু ঠাইডোখৰৰ কেউপিনে ধূপ জ্বলাই সুবাস বিয়পাই দিয়াৰ ব্যৱস্থা কৰাৰ সময়তে মৰাশটোৰ সন্ধানত ব্যস্ত হৈ পৰা পুলিচে সিহঁতক ধৰিবলৈ চেষ্টা কৰে।

img
অৰুণ শৰ্মা

কাহিনীটোৰ পৰা সহজে অনুমান কৰিব পাৰি যে এবছার্দ নাটকৰ আৰ্হি সন্মুখত ৰাখি নাটকখন ৰচনা কৰা হৈছে। ইয়াত যিটো পৰিস্থিতি ৰূপায়ণ কৰা হৈছে, সেইটো আমাৰ বাস্তৱ জীৱনৰ পৰা গ্ৰহণ কৰা হোৱা নাই। কাহিনী আৰু সংলাপৰ সংগতিহীনতা আৰু অভিজ্ঞতা আৰু পৰিস্থিতিৰ অযৌক্তিকতা আদি লক্ষণযুক্ত ‘আহাৰ’ক এবছাৰ্দৰ এক পৰীক্ষা বুলি ক’ব পাৰি। এবছাৰ্দৰ জন্মস্থান ইউৰোপ। দ্বিতীয় মহাসমৰৰ ঠিক পাছতেই ফ্রান্সৰ পেৰিছ চহৰত জন্ম লাভ কৰা এইবিধ নাটকত প্রচলিত নাট্যবিধি উলংঘা কৰা হৈছে। প্রচলিত অথবা সুগঠিত নাটকৰ বিপৰীতে ইয়াত কাহিনীৰ যুক্তিসংগত গাঁথনি নাথাকে। চৰিত্ৰসমূহো কোনো উদ্দেশ্যৰে পৰিচালিত নহয়। আপাত দৃষ্টিত চৰিত্ৰসমূহৰ আচৰণ অস্বাভাৱিক আৰু আচহুৱা। কাহিনী আৰু চৰিত্ৰৰ পৰিৱৰ্তে নাট্যকাৰে ইয়াত দৃষ্টি নিবদ্ধ কৰে একোটি কাব্যিক চিত্রকল্পৰ ওপৰত আৰু চিত্রকল্পটোৱে বহন কৰে একাধিক অর্থ-প্রকাশক ক্ষমতা।

এবছার্দ নাটকৰ উল্লিখিত বৈশিষ্ট্যসমূহৰ প্ৰায় আটাইখিনিয়েই ‘আহাৰ’ত আছে। নাটকখনৰ কাহিনীটোত চাৰিটা ঘটনাৰ সংমিশ্রণ ঘটিছে। এটা কমল আৰু নীলিমাৰ ৰোমাণ্টিক প্রণয়ক লৈ, আন এটা নলিনী আৰু অণিমাৰ দাম্পত্য জীৱনক কেন্দ্ৰ কৰি, তৃতীয়টো এগৰাকী স্নেহময়ী মাতৃ আৰু তেওঁৰ বিল্পৱী পুত্র ধীৰেনৰ সম্পৰ্কক আশ্রয় কৰি আৰু চতুৰ্থটো নবীন আৰু বাৰাংগনা হীৰামতিৰ সম্পৰ্কক লৈ গঢ়ি উঠা। যিটোৱে কেন্দ্রীয়ভাৱে এই চাৰিটা ঘটনাৰ মাজত যোগসূত্র স্থাপন কৰিছে, সেইটো হ’ল— বিভিন্ন প্রকৃতিৰ ব্যক্তিৰ লগত এগৰাকী নাৰীৰ সম্পর্ক। সমাজৰ ভিন ভিন ক্ষেত্ৰত এগৰাকী নাৰীয়ে ভিন ভিন ভূমিকা গ্রহণ কৰিবলগীয়া হয়। তেওঁ প্ৰেমৰ প্ৰতীক, বৈষয়িক আসক্তিৰ প্রতীক, ত্যাগৰ প্ৰতীক আৰু দৈহিক কামনাৰ প্ৰতীক অর্থাৎ এগৰাকী নাৰীয়ে আমাৰ শাৰীৰিক, মানসিক, আৱেগিক ইত্যাদি দাবী পূৰণ কৰে আৰু যিয়ে আমাৰ দাবী পূৰণ কৰে— শাৰীৰিক, মানসিক, আৱেগিক যিয়েই হওক, সিয়েই আহাৰ। এই আহাৰেই আমাৰ প্ৰতিজন ব্যক্তিৰ চিন্তাৰ কেন্দ্ৰবিন্দু। নাটকখনৰ নামকৰণৰ তাৎপর্য বোধকৰোঁ ইয়াতেই সোমাই আছে। অৱশ্যে, নাৰীগৰাকীৰ শৱদেহটোক লৈ নির্মাণ কৰা চিত্ৰকল্পটোৱে একাধিক অর্থ বহন কৰিব পাৰে। শৱদেহটো আমাৰ অতীতৰ প্ৰতীক হ’ব পাৰে। অতীতক আমি পাহৰিবলৈ, আমাৰ স্মৃতিৰ পৰা মচি দিবলৈ চেষ্টা কৰিলেও অতীত আমাৰ মনৰ পৰা আঁতৰি নাযায়। অতীতে অৱচেতন মনৰ পৰা জীৱনজুৰি আমাক আমনি দি থাকে। ডেকা চাৰিজনে শৱদেহটোত চন্দন সানি আৰু ঠাইডোখৰৰ কেউপিনে ধূপকাঠি জ্বলাই মৰাশটোৰ পৰা নিৰ্গত দুৰ্গন্ধ আঁতৰাবলৈ বিচৰা কাৰ্যত এনেধৰণৰ এটা ইংগিত সোমাই থকা বুলি ভাবিব পাৰি। আচল কথা, অতীতক আমি বর্তমানৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰোঁ। অতীতে মানসিক আহাৰৰ যোগান ধৰি আমাক জীয়াই থকাৰ সমল দান কৰে।

অঙ্ক আৰু দৃশ্য-বিভাজনহীন ‘আহাৰ’ত এবছার্দ ধাৰাৰ অন্তৰ্গত অন্যান্য নাটকৰ দৰে এটি কাব্যিক প্রৱাহ আছে। নাটকখনৰ আৰম্ভণিৰে পৰা অন্তলৈকে এই প্ৰৱাহ ৰক্ষা কৰা হৈছে। ইয়াৰ পৰিচয় তলৰ সংলাপছোৱাত পোৱা যাব—
“কমল, নলিনী, ধীৰেন আৰু নবীনহঁতৰ মস্তিস্কৰ আন্ধাৰ গহ্বৰত কিছু সময় ফুৰি আহিলো। সিহঁতে মোক নীলিমা, অণিমা, মা আৰু হীৰা বুলি মাতিলে। মোৰ বৰ ভাগৰ লাগিছে যেন এক ভীষণ দুঃসহ ক্লান্তি, যি ক্লান্তিত মৃত্যুৰো সকলো সৌন্দর্য হেৰাই যায়। আৰু মোৰ ভীষণ জাৰ লাগিছে। গুহাৰ ভিতৰত ইমান ঠাণ্ডা, মৃত্যু ইমান শীতল।”

গীতিধর্মিতা আৰু ব্যঞ্জনাময়তাৰে সমৃদ্ধ এই সংলাপে সাহিত্যকর্ম হিচাপে নাটকখনক সংবেদনশীল কৰি তুলিছে। সঁচা কথা ক’বলৈ হ’লে, ‘আহাৰ’ অভিনয়োপযোগী শিল্পকর্মতকৈয়ো সুখপাঠ্য সাহিত্যকর্ম হিচাপেহে অধিক আদৰণীয়।

এবছার্দ নাটক পশ্চিমীয়া জীৱনবোধৰ আধাৰত ৰচিত। গতিকে, অসমীয়া এবছার্দ নাটকত পাশ্চাত্যৰ কোনো নহয় কোনো নাটকৰ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ সোমাই থকা স্বাভাৱিক। ‘আহাৰ’ৰ কোনো কোনো অংশই এবছার্দ ধাৰাৰ এগৰাকী প্রখ্যাত নাট্যকাৰ ছেমুৱেল বেকেটৰ ‘ৱেটিং ফৰ গোদো’ৰ কথা ততালিকে মনলৈ আনি দিয়ে। ‘ৱেটিং ফৰ গোদো’ৰ বিষয়— অপেক্ষা। ভ্লাদিমিৰ আৰু এষ্ট্রাগন নামৰ দুজন যাযাবৰ ডেকাই কোনোবা এজন গোদোৰ বাবে অপেক্ষা কৰিছে। নাটকখনৰ এই প্রধান চৰিত্ৰ দুটাই সিহঁতৰ কথা-প্ৰসংগত সঘনে ‘অপেক্ষা’ শব্দটোৰ পুনৰোক্তি কৰি থকাটো তাৎপর্যপূর্ণ। ‘আহাৰ’তো নবীন নামৰ ডেকাজনে এবাৰ ‘অপেক্ষা’ শব্দটো সুদীর্ঘ সময় ধৰি বিভিন্ন স্বৰত উচ্চাৰণ কৰি থকা শুনা যায়। সিমানেই নহয়, অতীতত অপেক্ষা কৰি থকা যিসকল মানুহৰ নাম সি গাই যায়, তাৰ ভিতৰত ‘ৱেটিং ফৰ গোদো’ৰ ভ্লাদিমিৰ আৰু এষ্ট্রাগনো আছে। সেইফালৰ পৰা সহজে ধৰি ল’ব পাৰি যে ‘আহাৰ’ ৰচনা কৰাৰ সময়ত নাট্যকাৰে বেকেটৰ নাটকখনৰ আৰ্হি সন্মুখত ৰাখিছিল। তদুপৰি, অপেক্ষাৰ লগত সময়ৰ কথা আহি পৰে, সেইকাৰণে কিছুমানৰ মতে, ‘ৱেটিং ফৰ গোদো’ৰ কেন্দ্রীয় বিষয়— সময়। সময়ৰ প্ৰৱাহ অনন্ত, চিৰন্তন। সময়ৰ এই অনন্ত প্ৰৱাহৰ উল্লেখ ‘আহাৰ’তো আছে। নাৰী চৰিত্ৰটোৰ মুখত দিয়া তলৰ সংলাপখিনি মন কৰিবলগীয়া—

আৰু পঢ়ক:  জনাদেশ ২০১৯ আৰু কেঁচুমটাৰ অতপালি

“এ, মই কি কৰি আছোঁ। সময় দেখোন শেষ হৈ আহিল। ওহোঁ সময় কেনেকৈ শেষ হ’ব পাৰে? সময় অনন্ত। সময় নদী। বৈ যায়। সময় বাগৰি যায়, সময় বাগৰি যায়…।”

‘ৱেটিং ফৰ গোদো’ৰ প্ৰতিধ্বনি ইয়াত শুনা গৈছে।

জন্ম (১৯৭৬):
দীর্ঘদিন ধৰি নাট্যকলাত নিৰৱচ্ছিন্নভাৱে লাগি থকা মুষ্টিমেয় কেইগৰাকীমান লোকৰ ভিতৰত মহেন্দ্ৰ বৰঠাকুৰ অন্যতম। অনাতাঁৰৰ পৰা আৰম্ভ কৰি চৌখিন ভ্ৰাম্যমাণলৈকে সকলো ধৰণৰ মঞ্চৰ উপযোগীকৈ তেওঁ নাটক ৰচনা কৰিছে আৰু যোৱা চাৰিটা দশকজুৰি তেওঁ শ্রোতা-দৰ্শকৰ মনৰ খোৰাক যোগাইছে। সমসাময়িক সামাজিক আৰু ৰাজনৈতিক জীৱনত মূল্যবোধৰ অৱক্ষয় তেওঁৰ নাটকৰ কেন্দ্রীয় বিষয়। দুনীতি, শোষণ, লুণ্ঠন, ভণ্ডামি, আদর্শহীনতা, স্বাৰ্থপৰতা, সংকীর্ণতা আদিয়ে আমাৰ সামাজিক আৰু ৰাজনৈতিক জীৱন পঙ্গু কৰিছে। বৰঠাকুৰে সমালোচনামূলক দৃষ্টিৰে এইবোৰৰ স্বৰূপ উন্মোচন কৰিছে। বৰঠাকুৰৰ আটাইখিনি নাটকৰে লক্ষ্য একেটাই— দুৰ্নীতিৰ বোকাৰ পৰা সমসাময়িক সমাজখনক উদ্ধাৰ কৰা।

img
মহেন্দ্ৰ বৰঠাকুৰ

‘জন্ম’ বৰঠাকুৰৰ প্ৰথম উল্লেখনীয় নাটক। নাটকখনত আছে দুজন শিক্ষিত নিবনুৱা যুৱক— অজয় আৰু অবিনাশৰ সমাজৰ লগত সংঘৰ্ষৰ চিত্র। সিহঁতে দেখিছে দুৰ্নীতিগ্রস্ত সমাজত সৎভাৱে জীৱিকা উপার্জন কৰাৰ সকলো পথেই বন্ধ। দুৰ্নীতিৰ আশ্রয় নল’লে কোনো কামেই নিসিজে, য’লৈকে গৈছে তাতেই দেখিছে দুৰ্নীতিৰ পয়োভৰ। চাকৰি-বাকৰিৰ কোনো আশা নেদেখি ব্যৱসায়ত হাত দিবলৈ মন কৰিছে। চিঞাহী তৈয়াৰ কৰা কাৰখানা প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে প্রয়োজনীয় অনুমতি বিচাৰি চৰকাৰী কাৰ্যালয়লৈ গৈছে। সংশ্লিষ্ট বিষয়াই প্রতিদিনে ইটো সিটো অজুহাত দেখুৱাই কামৰ অগ্ৰগতিত বাধা দিছে। বিৰক্ত হৈ ঠিকা-ঠুকলিৰ পিনে মন মেলিছে। তাতো দেখিছে একেই দুৰ্নীতি। পা-পইছাৰে বিভিন্নজনক সন্তুষ্ট নকৰিলে প্রাপ্য ধনখিনি হাতলৈ নাহে। হতাশ হৈ ৰাজনীতিত প্ৰৱেশ কৰাৰ কাৰণে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে। ইয়াতো মাথোন কুট-কৌশল, ফাঁকি, প্রবঞ্চনা, ভণ্ডামি। এইবোৰৰ আশ্রয় নল’লে, ভোজ-ভাত ইত্যাদি খুৱাই টকাৰ শ্ৰাদ্ধ নকৰিলে, ধর্ম-সম্প্রদায়ৰ নামত মানুহক ভাগ কৰি বিভেদৰ বীজ নিসিঁচিলে নির্বাচনত জয়ী হ’ব নোৱাৰি। এনে এখন সমাজত নিজকে খাপ খুৱাব নোৱাৰি হতাশ হৈ পৰা শিক্ষিত যুৱক দুজনে নতুন সমাজ ব্যৱস্থা প্রৱর্তন কৰাৰ কাৰণে উপায় উদ্ভাৱন কৰিবলৈ বিচাৰি অৱশেষত এটা পুৰণি মামৰে ধৰা বন্দুক হাতত তুলি লৈছে।

‘জন্ম’ সমসাময়িক সমাজৰ এক নির্মোহ সমালোচনা। সমসাময়িক সমাজৰ প্ৰতিটো ক্ষেত্ৰকে গ্রাস কৰা দুৰ্নীতিৰ স্বৰূপ নাট্যকাৰে নিচেই কম পৰিসৰত উন্মোচন কৰিছে। দুৰ্নীতিৰ বোকাত পোত যোৱা এই সমাজখনত এটা শ্রেণীয়ে অসৎ উপায়েৰে অজস্র ধন সংগ্ৰহ কৰি প্ৰাসাদোপম অট্টালিকা সাজিছে আৰু আন এচামে জীৱিকাৰ পথ বিচাৰি, সৎ জীৱন যাপন কৰিবলৈ চেষ্টা কৰি প্ৰতি ক্ষেত্ৰত বিমুখ হ’বলগীয়া হৈছে। এইচাম লোকৰ জীৱনৰ পথ কেতিয়াও মুকলি হ’ব নোৱাৰে। এই পৰিৱৰ্তনৰ উপায় অনুসন্ধান কৰিবলৈ অৰ্থাৎ সমাজখনক দুৰ্নীতিৰ বোকাৰ পৰা উদ্ধাৰ কৰি প্ৰগতিৰ নতুন পথ ৰচনা কৰিবলৈ ডেকাশক্তিক উদ্বুদ্ধ কৰাৰ উদ্দেশ্য নাটকখনত জড়িত হৈ আছে।

নাটকখন আৰম্ভ কৰা হৈছে এক প্রতীকী ব্যঞ্জনাৰে আৰু সামৰণিও মৰা হৈছে অন্য এক প্রতীকী ব্যঞ্জনাৰে। আঁৰকাপোৰ উঠাৰ লগে লগে অবিনাশে এডাল শুকান হাড় হাতত লৈ শুঙি চাই মুখ বিকতাই দিয়া দেখা গৈছে। এই শুকান হাড়ডাল আমাৰ দুৰ্নীতিগ্ৰস্ত, নিস্তেজ সমাজখনৰ প্ৰতীক। এদিন হাড়ডালত যিদৰে তেজ-মঙহ আছিল, সেইদৰে এসময়ত আমাৰ সমাজখনতো সজীৱতা আছিল, জীৱনৰ স্পন্দন আছিল। কিন্তু এতিয়া সমাজখন ঠিক শুকান হাড়ডালৰ দৰে— অনুৰ্বৰ, প্রাণহীন, নিশ্চল, দুৰ্গন্ধময়। তথাপি অজয় আৰু অবিনাশে আশা পৰিত্যাগ কৰা নাই। সিহঁতৰ বিশ্বাস, সূর্য সদায় ডুব গৈ নাথাকে। সূর্য ডুব যোৱাৰ পাছত আন্ধাৰ নামিব, আন্ধাৰৰ পাছত ৰাতি পুৱাব, সূৰ্য আকৌ ওলাব। অর্থাৎ সমাজৰ বর্তমান অৱস্থা সদায়ে চলি নাথাকে। নতুন জীৱনৰ পথ এদিন মুকলি হ’বই। এইদৰে চিন্তা কৰি থাকোঁতেই অবিনাশৰ চকু পৰে ওচৰতে মাটিত পোত গৈ থকা এটি মামৰে ধৰা বন্দুকৰ ওপৰত। বন্দুকটো হাতত তুলি লৈ সিহঁতে স্থিৰ কৰিলে যে জাতীয় জীৱনৰ জড়তাক ধ্বংস কৰাৰ কাৰণে পুৰণি আবৰ্জনা আঁতৰ কৰি নতুন প্রতিষ্ঠা কৰাৰ কাৰণে যি ব্যৱস্থা সিহঁতে গ্রহণ কৰিব, তাৰ আখৰা এই বন্দুকেৰে আৰম্ভ কৰিব। বন্দুকটোৱে কিহৰ ইংগিত দিছে? দর্শক-পাঠকৰ মনলৈ স্বাভাৱিকতে সশস্ত্ৰ সংগ্ৰামৰ কথাই পোনতে মনলৈ আহিব। কাৰণ বন্দুকটো পুৰণি মামৰে ধৰা হ’লেও আখৰাৰ কাম ইয়াৰেই সম্ভৱ হ’ব পাৰে। আখৰাৰ কাৰণেতো নতুন বন্দুকৰ প্রয়োজন নাই। বন্দুকটো তুলি লোৱাৰ ঠিক আগে আগে অজয় আৰু অবিনাশৰ মুখৰ পৰা ওলোৱা কথাখিনিৰ পৰাও এনেধৰণৰ চিন্তাই দর্শক-পাঠকে কৰিব। সিহঁতৰ মুখত দিয়া কথাখিনি এই ধৰণৰ—

“অজয়: আহ, অবিনাশ বহহি। বৰ ভাগৰ লাগিছে। (অবিনাশ বহে) সৌ সূৰ্যটোলৈ চা— লাহে লাহে ডুবি গৈছে। ইয়াৰ পাছত আন্ধাৰ নামিব, ৰাতি হ’ব, তাৰ পাছত? সূৰ্য আকৌ ওলাব। আকৌ এটা পুৱা আহিব, এটা নতুন পুৱা, এটা নতুন দিন, এটা নতুন সূর্য। কিন্তু তাৰ আগতে ৰাতি হ’ব… আৰু হয়তো…।”

“অবিনাশ: ধুমুহা হ’ব, চাইক্লোন হ’ব, বিজুলী মাৰিব, বজ্ৰপাত হ’ব, বৰষুণ হ’ব, বানপানী হ’ব, মানুহ মৰিব, অজস্র মানুহ উটি যাব, এটা প্রচণ্ড জোকাৰণিয়ে পৃথিৱী তল-ওপৰ কৰিব…, …হয়তো পৃথিৱীয়ে ৰক্তস্নান কৰিব…। তাৰ পাছত, তাৰ পাছত এটা নতুন পুৱা, এটা নতুন সূর্য, এটা নতুন জীৱন, এটা নতুন স্পন্দন…।”

এইখিনি সংলাপত সশস্ত্ৰ সংগ্ৰামৰ ইংগিত সোমাই থকা বুলি ভবাৰ থল নথকা নহয়। কিন্তু বন্দুকটোৰ অৰ্থ অন্য ধৰণে উলিয়াই লোৱাৰো অৱকাশ আছে। মন কৰিবলগীয়া কথা যে বন্দুকটো এটা পৰিত্যক্ত বন্দুক, পুৰণি মামৰে ধৰা। অর্থাৎ বন্দুকেৰে সমস্যা সমাধান কৰাৰ পথ আওপুৰণি, অচল হৈ গৈছে। বন্দুকে সমস্যাৰ সমাধান কৰিব নোৱাৰে। গতিকে, অজয় আৰু অবিনাশে আন পথৰ সন্ধান কৰিব লাগিব।

এনেধৰণৰ প্ৰতীকী ব্যঞ্জনাই নাটকখনক এহাতে যিদৰে মননশীল কৰি তুলিছে, আনহাতে সেইদৰে সুখপাঠ্যও কৰি তুলিছে। ইয়াৰ বাবেই প্ৰখৰ সমাজ-চেতনা থকা সত্ত্বেও নাটকখনৰ সংলাপ কোনো ঠাইতে বক্তৃতাধর্মী হৈ পৰা নাই। হাস্য-ব্যঙ্গৰ লগত মহেন্দ্ৰ বৰঠাকুৰৰ সম্বন্ধ বৰ ঘনিষ্ঠ। সৰহভাগ দর্শক-শ্রোতাই বৰঠাকুৰক মনত ৰাখিছে তেওঁৰ ব্যঙ্গ চিত্ৰসমূহৰ কাৰণে। আনকি, তেওঁৰ কোনো কোনো নাটকত হাস্য-ব্যঙ্গৰ আধিক্যই বিষয়ৰ গভীৰতা হ্রাস নকৰাকৈয়ো থকা নাই। কিন্তু হাস্য-ব্যঙ্গৰ সহায় নোলোৱাকৈও যে বৰঠাকুৰে গহীন প্রকৃতিৰ, সুশ্রাব্য সংলাপেৰে সুখপাঠ্য নাটক ৰচনা কৰিব পাৰে তাৰ নিদর্শন ‘জন্ম’।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ শৈলেন ভৰালীয়ে অসমীয়া নাট্য সাহিত্যৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। কেইবাখনো সাহিত্য-সমালোচনামূলক গ্ৰন্থৰেও ডঃ ভৰালীয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে।

অৰুণ শৰ্মাৰ ছবিৰ উৎস: DEPFTI Facebook page
মহেন্দ্ৰ বৰঠাকুৰৰ ছবিৰ উৎস: The Telegraph

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts