‘স্বচ্ছ ভাৰত’ প্ৰতিফলিত হ’বনে?

২০১৪ চনৰ ২ অক্টোবৰত গান্ধীজীৰ জন্মদিনৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ পাতনি মেলি দেশবাসীক স্বচ্ছতাৰ দিশত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছিল৷ এই অভিযানৰ প্ৰধান লক্ষ্য আছিল ২০২২ চনলৈ অর্থাৎ স্বাধীনতাৰ ৭৫তম বর্ষপূর্তিলৈ ভাৰতবর্ষক এক স্বচ্ছ ৰূপত গঢ়ি তুলি গান্ধীজীৰ সপোনক বাস্তৱ ৰূপ দিয়া৷ এই অভিযান আৰম্ভ হোৱা ৩ বছৰ অতিক্ৰম হ’ল আৰু ২০২২ চনৰ স্বাধীনতা দিৱসলৈ মাজত ৫ বছৰতকৈও কম সময় আছে৷ পাৰ হৈ যোৱা সময়ছোৱাত এই অভিযানৰ সফলতা তথা ২০২২ চনলৈ স্বচ্ছ ভাৰতৰ মূল লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা কিমান, তাক বিচাৰ কৰি চোৱাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে৷ যোৱা ৩ বছৰত এই অভিযানৰ নামত বহু টকা ব্যয় কৰা হ’ল তথা ইয়াক সফল আৰু জনসাধাৰণৰ কাষ চপাবলৈ বহু কার্যসূচীও হাতত লোৱা হ’ল৷ তৎসত্বেও বহুল পৰিসৰত আজিকোপতি এই অভিযানে বিশেষ পার্থক্য আনিবলৈ সক্ষম নোহোৱা বুলিয়েই বাহ্যিক ধাৰণা মনত সৃষ্টি হয়৷ অৱশ্যে কিছু কিছু ক্ষেত্ৰত এই অভিযান সফল নোহোৱাও নহয়৷ বিশেষকৈ, এক শ্ৰেণীৰ জনসাধাৰণৰ মাজত স্বচ্ছতা সর্ম্পকে সজাগতা তথা জাগৰণ আনিবলৈ ই কিছুদূৰ সফল হৈছে৷ এই লেখাৰ জৰিয়তে স্বচ্ছ ভাৰত অভিযানৰ সফলতা-বিফলতাৰ লগত জড়িত কিছু দিশ পর্যালোচনা কৰি চাবলৈ প্ৰয়াস কৰা হৈছে৷

স্বচ্ছ ভাৰত অভিযানক সফল কৰি তোলাৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণৰ প্ৰত্যক্ষ সহযোগ আৰু অংশগ্ৰহণৰ বিষয়টো জড়িত হৈ আছে৷ উদাহৰণস্বৰূপে, এখন এখন চহৰ-গাঁও-চুবুৰি ইত্যাদি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত তাত বাস কৰা নাগৰিকৰ ভূমিকা অপৰিসীম৷ নিজৰ ঘৰখন লেতেৰা হৈ থাকিলে তাক পৰিষ্কাৰ কৰাৰ দায়িত্ব যেনেকৈ গৃহস্থৰ, ঠিক তেনেকৈ নিজৰ চহৰ বা গাঁওখনো পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব নাগৰিকসকলৰ৷ ৩৬৫ দিনৰ কোনোবা এটা দিনত হাতে হাতে বাঢ়নি-ঝাড়ু লৈ ঠাই চাফা কৰি ফটো-চেলফি তুলি চছিয়েল মেডিয়াত আপলোড কৰি বাকী ৩৬৪ দিনত তাতে জাবৰ-জোঁথৰ পেলাই থাকিলে দেশ কেতিয়াও স্বচ্ছ নহয়গৈ৷ নিজে এবাৰ চাফা কৰা ঠাইডোখৰ যাতে ভবিষ্যতে কোনেও লেতেৰা কৰিব নোৱাৰে, তাৰ প্ৰতিও সকলো সজাগ হোৱাটো প্ৰয়োজন৷ আমাৰ দেশৰ এটা প্ৰধান সমস্যা হৈছে যে এই ক্ষেত্ৰত কোনো কঠোৰ আইনো নাই আৰু নিয়ম প্ৰৱর্তন কৰিলেও মানি চলোতা কোনো নাই৷ মোৰ গৃহ-চহৰ মৰাণত আজি কেইদিনমানৰ আগতে পলিথিন নিষিদ্ধ কৰা বুলি শুনিলো, কিন্ত এনে ঘোষণা আগতেও বহুবাৰ শুনিছোঁ৷ অর্থাৎ এবাৰ নিষিদ্ধ কৰা সত্বেও ইয়াৰ প্ৰচলন অব্যাহত আছিল৷ কেইদিনমান নিষিদ্ধ হয়, তাৰ পাছত আকৌ প্ৰচলন হ’বলৈ আৰম্ভ কৰে৷ বিদেশী ৰাষ্ট্ৰত কোনো ঠাই লেতেৰা কৰিলে ১ লাখ টকালৈকে জৰিমণা বিহাৰ নিয়ম আছে, কিন্তু ভাৰতবর্ষত এটকাও কোনেও জৰিমণা দিয়াৰ উদাহৰণ পাবলৈ নাই৷ গতিকে কিবা বস্তু ক’ৰবাত পেলাবলৈ চিন্তা কৰাৰো কোনো প্ৰয়োজন নাই৷ তদুপৰি চহৰখন তথা অঞ্চলটো পৰিষ্কাৰ কৰি ৰখাৰ স্বার্থত ডাষ্টবিনৰ অস্তিত্ব আমাৰ মুলুকত ভাগ্যক্ৰমেহে ক’ৰবাত দেখিবলৈ পোৱা যায়৷ এচিয়াৰ সবাতোকৈ পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি লাভ কৰা মাওলিনঙলৈ যাওঁতে দেখিছিলো যে পেলনীয়া সামগ্ৰী পেলাবলৈ প্ৰায় ১০০ মিটাৰ দূৰে দূৰে বাঁহৰ ডাষ্টবিনৰ ব্যৱহাৰ হৈছে৷ কোনো লোকে কিবা সামগ্ৰী পেলাবলৈ হ’লে চিন্তা কৰাৰ প্ৰয়োজন নাই, নিৰ্দিষ্ট ডাষ্টবিনত সামগ্ৰীবিধ পেলাই দিলেই হ’ল৷ পিছে আমাৰ চহৰ তথা অঞ্চলসমূহত ১০০ মিটাৰতো বাদেই, ১ কিলোমিটাৰলৈকেও ডাষ্টবিনৰ অস্তিত্ব বিচাৰি পাবলৈ নাই৷ আচৰিত কথা যে ৰাজহুৱা স্থান, যেনে— বাছ আস্থান আদিতো ডাষ্টবিনৰ অস্তিত্ব তেনেই সীমিত৷ তেনে অৱস্থাত উপায়বিহীন হৈ সর্বসাধাৰণ ৰাইজে পেলনীয়া সামগ্ৰী ৰাস্তাৰ দাঁতিত বা বিভিন্ন মুকলি ঠাইত পেলাবলৈ বাধ্য হয়৷ জৰিমণা দিয়াৰো কোনো ভয় নাথাকে, তদুপৰি ঠাইসমূহ যিহেতু আগৰে পৰা লেতেৰা হৈ থাকেই, গতিকে তাতেই পুনৰ পেলনীয়া সামগ্ৰী নিক্ষেপ কৰোঁতে কোনো দ্বিধাবোধ কৰিবলগীয়া নহয়৷ পুনৰ কোনো এটা বিশেষ দিনত কোনো নেতা-পালিনেতা-সমাজকর্মীয়ে হাতে হাতে ঝাড়ু লৈ বছৰটোৰ ভিতৰত এদিন নিৰ্দিষ্ট ঠাইডোখৰ পৰিষ্কাৰ কৰি ফটো-ছেলফি তুলি চছিয়েল মেডিয়াত আপলোড কৰি বাঃ বাঃ ল’ব আৰু বাকীকেইদিন লেতেৰা কৰা প্ৰক্ৰিয়াও নিৰন্তৰভাৱে চলি থাকিব৷ ক’ৰবাত ডাষ্টবিন যোগান ধৰিলেও দুদিনৰ পাছতেই সেয়া অন্তৰ্ধান হয়৷ ৰাজহুৱা স্থানসমূহৰ কদর্যময় অৱস্থাই তাকেই প্ৰতিফলিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু ঠাইত স্বচ্ছতাৰ বিষয়ে সজাগতা সৃষ্টি হ’লেও ইয়াক সফলভাৱে ৰূপায়ণ কৰিবলৈ কোনো কঠোৰ আইন বা নিয়ম এতিয়াও বলৱৎ হোৱা নাই৷ কেৱল আহ্বানৰ ওপৰতে ভিত্তি কৰি এই অভিযান কেতিয়াও সর্ম্পূণৰূপে সফল হ’ব নোৱাৰে৷ কেইমাহমানৰ পূর্বে অক্ষয় কুমাৰ অভিনীত ‘টয়লেট: এক প্ৰেম কথা’ ছবিখন উপভোগ কৰাৰ সৌভাগ্য হৈছিল৷ তাত দাঙি ধৰা অনুসৰি গাঁওবাসীয়ে চৰকাৰীভাৱে যোগান ধৰা শৌচাগাৰ লাভ কৰিও পূর্বৰ দৰে মুকলিতেই মলত্যাগ কৰাৰ দৰে বদভ্যাগ ত্যাগ কৰিবলৈ অপাৰগ হৈছিল৷ ঠিক তেনেকৈয়ে প্ৰধানমন্ত্ৰী বা অন্যান্য কোনোৱে হাজাৰবাৰ আহ্বান জনালেও বা সজাগ কৰিবলৈ প্ৰচেষ্টা চলালেও আমি জানো পুৰণি অভ্যাস ত্যাগ কৰি স্বচ্ছতাক আঁকোৱালি ল’ম? এই প্ৰশ্নটোৰ উত্তৰৰ ওপৰতেই নির্ভৰ কৰিছে অভিযানৰ সফলতা৷

স্বচ্ছ ভাৰত অভিযানৰ যোগেদি বিভিন্ন পৰ্যায়ত চৰকাৰীভাৱে সজাগতা অনুষ্ঠান, স্বচ্ছ ভাৰতৰ থিমৰ ওপৰত বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি চৰকাৰে এই অভিযানক ৰাইজৰ কাষ চপাই নিবলৈ বিগত সময়ছোৱাত প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক এই অভিযানত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ দি উঠি অহা প্ৰজন্মক স্বচ্ছতা সর্ম্পকে সজাগ-সচেতন কৰি তোলাৰ বাবে কিছু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা বুলি ক’ব পাৰি আৰু ইয়াৰ সুপ্ৰভাৱো কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে৷ কিন্তু দীর্ঘকালীনভাৱে এই অভিযানে সফলতা লাভ কৰিবলৈ হ’লে কিছু কঠোৰ নিয়ম তথা আইন প্ৰৱর্তন কৰাটো প্ৰয়োজন৷ কেৱল আহ্বান জনায়েই দায়িত্ব সামৰিলে নহ’ব; কিয়নো ভাৰতবর্ষৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে বর্তমানেও স্বচ্ছতাক মূলমন্ত্ৰৰূপে গ্ৰহণ কৰা নাই৷ কোনো চহৰ-অঞ্চল-গাঁও আদি অপৰিষ্কাৰ হৈ থাকিলে সেই অঞ্চলৰ জনপ্ৰতিনিধি, যেনে— ৱার্ড মেম্বাৰ, পঞ্চায়তৰ সভাপতি, সাংসদ, বিধায়ক ইত্যাদিক জবাবদিহি কৰাৰ ব্যৱস্থা কৰিব লাগে৷ চহৰসমূহৰ বিভিন্ন ঠাইত চিচি টিভি কেমেৰা আদি স্থাপন কৰি স্বচ্ছতাক প্ৰত্যক্ষভাৱে পর্যবেক্ষণ কৰাৰ ওপৰিও পৰিৱেশ লেতেৰা কৰা লোকক চিনাক্ত কৰি জৰিমণা-শাস্তি বিহিব পৰা যায়৷ স্বচ্ছ ভাৰত অভিযান সফল হোৱাটো কেৱল শাসকীয় দলটোৰ কৃতিত্ব নহয়, ই হ’ব সমগ্ৰ দেশবাসীৰ বাবে এক গৌৰৱ তথা কৃতিত্বৰ বিষয় আৰু বিফল হ’লে ই হ’ব দেশবাসীৰ বাবে দুৰ্ভাগ্য আৰু লজ্জাৰ বিষয়৷ সময় থাকোঁতেই এই বিষয়ক লৈ সাধাৰণ নাগৰিক তথা চৰকাৰে কিমান সজাগতা তথা তৎপৰতা দেখুৱায়, তাৰ ওপৰতে নির্ভৰ কৰিব স্বাধীনতাৰ ৭৫তম বর্ষপূর্তিত আমি গান্ধীজীৰ স্বপ্নক বাস্তৱায়িত কৰাত কিমান সফল হ’ম৷

Featured image courtesy: Creates Trust

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz