মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওনাত মুখাশিল্পৰ প্রয়োগ

ত্ৰিভুৱন বন্দন দৈৱকী নন্দন
যোহৰি মাৰল কংস।
জগজন তাৰণ দেৱ নাৰায়ণ
শঙ্কৰ তাকেৰি অংশ।

ধৰ্মান্ধতাৰ তমসাচ্ছন্ন পৰিৱেশত ১৪৪৯ চনৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলিপুখুৰী অঞ্চলত স্বনামধন্য ভূঞা পৰিয়ালত ভগৱন্তৰ অংশকলা প্রদর্শিত ৰূপত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হ’ল। জন্ম কালৰে পৰাই নানান ঐশ্বৰিক লীলা প্ৰদৰ্শন কৰি শিক্ষা লাভৰ বাবে ১২ বছৰ বয়সত প্রখ্যাত গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত প্ৰৱেশ কৰে। শিক্ষা আৰম্ভৰ দিন ধৰি একান্ত মনোযোগেৰে দিবাৰাত্রি অষ্ট প্ৰহৰকৈ শিক্ষা আহৰণত মনোযোগ প্রকাশ কৰিলে। শংকৰৰ আগ্ৰহ আৰু পাৰদৰ্শিতাত মুগ্ধ হৈ গুৰু কন্দলীয়ে ‘ওজা ছাত্ৰ’ আখ্যা প্ৰদান কৰিলে। কোনো সহযোগী বৰ্ণ ব্যৱহাৰ নকৰাকৈয়ে “কৰতল কমল কমল দল নয়ন” শীর্ষক ভগৱন্তৰ ৰূপ-গুণ বৰ্ণনা কৰি লিখা গীতি-কবিতাটি পঢ়ি আশ্চর্য প্রকাশ কৰি “শংকৰ মনুষ্য নুহি, কিবা হৰি হৰ ছদ্মৰূপে আছেহি” বুলি ধাৰণা কৰিয়েই সিদিনাৰে পৰা শংকৰক শংকৰদেৱ বুলি সম্বোধন ধৰিবলৈ সকলোকে নির্দেশ দিলে। অধ্যাপক কন্দলীৰ টোলত মাত্র ৬ বছৰ কাল অধ্যয়ন কৰি থকাৰ সময়তে চাৰি বেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ সংহিতা, ওঠৰ পুৰাণ, ওঠৰ কোষকাব্য, ওঠৰ তন্ত্র, চৈধ্য ব্যাকৰণ, ৰামায়ণ, মহাভাৰত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰাৰ লগতে ‘তৌর্যতুক’ (গীত বাদ্য-নৃত্য শাস্ত্ৰ)ৰ জ্ঞান আহৰণ কৰিছিল। লগতে যোগাভ্যাস কৰি নিজ জীৱনৰ সৰ্বাত্মক পূর্ণতা প্রতিফলিত কৰিছিল।

পঢ়াশালিৰ অধ্যয়ন শেষ কৰি নিজ গৃহত প্রৱেশ কৰাৰ সময়তে শংকৰৰ প্ৰতিভাৰ প্ৰভাৱত বংশধৰসকল, বন্ধুবৰ্গ আৰু সমীপস্থ সকলো মোহিত হৈ আনন্দত আত্মহাৰা হৈ পৰিল। শংকৰৰ সান্নিধ্য লাভ কৰি বার্তালাপ কৰোঁতে তেওঁৰ মুখত বিশ্বব্ৰহ্মাণ্ডৰ বৃত্তান্ত, মনুষ্য জীৱনৰ জন্ম-কৰ্মৰ সন্ধান, সংসাৰী জীৱ-জড়, চৈতন্য, আত্মা-পৰমাত্মা, ঈশ্বৰ, বিশ্বপ্রকৃতি আদি আধ্যাত্মিক আৰু পৰমার্থিক তত্ত্ব সম্বলিত ভাষ্য শ্ৰৱণ কৰি বিস্ময়াভিভূত হ’ল। লগতে সপ্ত বৈকুণ্ঠৰ বিৱৰণ আৰু ভগৱন্তৰ লীলা চৰিত্ৰসমূহৰ সাৱলীল ব্যাখ্যা শুনি বুঢ়াখা, কর্ণপুৰ, চতুৰ্ভূজ আদি গুণমুগ্ধসকলে সপ্ত বৈকুণ্ঠৰ প্ৰদৰ্শন কৰি দেখুৱাবলৈ অনুৰাধো জনলে। শংকৰদেৱেও সেই অনুৰোধক্রমে কৰ্তব্য পালনত অগ্ৰসৰ হ’ল।

প্রথমতে অতুলনীয় চিত্ৰকৰ শংকৰদেৱে হাতত হিঙ্গুল-হাইতাল আৰু লিখনি লৈ সপ্ত বৈকুণ্ঠৰ চিত্র অংকন কৰা কাৰ্যত ব্ৰতী হল। চিহ্নযাত্ৰা নামৰ নাট-ভাওনা প্ৰদৰ্শন কৰি দেখুওৱাৰ কাৰ্য হাতত ল’লে। বাদ্যযন্ত্র খোলৰ সৃষ্টি কৰিলে। দবা, কাঁহ, শংখ-ঘণ্টা, ভোৰতাল, পাতি তাল মঞ্জিৰা তাল আদি বাদ্য যন্ত্র সংগ্ৰহ কৰিলে বা সৃষ্টি কৰিলে। গীত-ৰাগ, তাল-মান-লয়, সুৰ-সঞ্চাৰ আদিৰো উদ্ভাৱন কৰি আৱশ্যকীয় উপাদান— সিংহাসন, ঠগা, গছা, আঁৰিয়া, অগ্নিগড়, ভোটা, মর্টা, চৌ-তৰা, বাদুলী সঁচাৰ, গোম, চেঙেলী, ফুলজাৰি আদি সম্ভাৰ আহৰণ কৰিলে। কেটাইখা, ভীমা, নিত্যানন্দ আদিক গায়ন-বায়নৰ শিক্ষা প্ৰদান কৰিলে; লক্ষণ, যদু, হৰি, সতানন্দ, বলো, ৰামচৰণ আদিক নাচিবলৈ শিকালে। মুখা, চোঁ, সাজ-পোছাক, ধনু-গদা আদি সকলোখিনি যোগাৰ হোৱাত সপ্ত বৈকুণ্ঠ প্ৰদৰ্শন তথা চিহ্নযাত্রা নাট-ভাওনাৰ প্ৰদৰ্শনৰ বাবে ৰাইজক এটি ৰভাঘৰ সাজি দিবৰ বাবে আহ্বান জনালে। চৰিত পুথিৰ বিৱৰণ অনুসৰি এই শুভ কার্য আৰম্ভ হৈছিল ১৪৬৮ খ্ৰীষ্টাব্দত, শংকৰদেৱৰ ১৯ বছৰ বয়সত। ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত মতে, ইয়াৰ বিৱৰণ—

ধেমালিৰ ঘোষা পটতে লিখিলা দ্বিতীয়ে শ্লোক কৰিল।
সূত্র ভটিমাক গীতক কৰিয়া চিহ্নসৱ বিভাজিল।।
লক্ষী-সৰস্বতী চৈধ্য পাৰিষদ গীততে সবাকো দিলা।
সাত বৈকুণ্ঠৰ সাত গোটা নাথ সৱাকে তাত নির্মিলা।।
গীত নাট সূত্র সৱাকে কৰিয়া যেবে সাঙ্গ কৰিলন্ত।
ভূঞাসৱে ৰভাঘৰ সাজি শংকৰক জনাইলন্ত।।

এই নাট-ভাওনা সপ্তৰস যুক্ত। ইয়াৰ বিৱৰণো চৰিত পুথিত লিখিছে—

সপ্তৰসে নাটক ৰচনা কৰয়।
শুনিয়োক সপ্ত ৰসৰ নিৰ্ণয়।।
গায়ন-বায়নসৱে সভাজয় কৰে।
সূত্র নাট্য গণে ৰসিকৰ মন হৰে।।
পণ্ডিতে বুজিবে শ্লোক কৰিল বচন।
গীত অৰ্থ বুজিবেক দ্বিজ, সভ্যগণ।।
ব্ৰজাৱলী ভাষাক বুজিবে গ্রামী লোক।
চোঁ-মুখা দেখিবেক অজ্ঞ মূঢ় লোক।।
শুদ্ধে বা অশুদ্ধে তথাপি কৃষ্ণ নাম।
এহি সপ্তৰস নাটকৰ অনুপাম।।

অসমৰ সেই সময়ৰ শিক্ষা-দীক্ষা আদি গুৰুত্বপূর্ণ একো কথাৰে আভাস নোপোৱা হোজা সাধাৰণ মানুহখিনিক ধর্ম-সংস্কৃতিৰ প্ৰতি মনোৰঞ্জনৰ জৰিয়তে আকৰ্ষিত কৰিবলৈ সাহিত্য সৃষ্টিৰ মূল উপাদান নৱৰসৰ লগতে ভক্তিৰসৰো সংযোগ কৰি মানৱীয় প্রমূল্যবোধৰ পথাৰখন এই চিহ্নযাত্রা কাৰ্যসূচীৰে কৰ্ষণ কৰা হ’ল। থলুৱা সামগ্ৰী প্রস্তুতকৰণত পৰম্পৰাগত পদ্ধতিকে ব্যৱহাৰ কৰি মহাপুৰুষ গুৰুজনাই চিহ্নযাত্রা ভাওনাত নানা তৰহৰ মুখাৰ ব্যৱহাৰ কৰাৰ পাছত মহাপুৰুষ মাধৱদেৱেও মুখাৰে ভাওনা কৰাৰ কথা চৰিত পুথিসমূহত পোৱা যায়। বৰপেটা সত্ৰৰ ৰঙীয়াল ঘৰটো সজাৰ পাছত মাধৱদেৱেও ভালেকেইটা মুখা সাজি ভাওনাত ব্যৱহাৰ কৰাৰ কথা দৈত্যাৰি ঠাকুৰ প্ৰণীত চৰিত পুথিত আছে। বুঢ়া লুইত পাৰ হৈ সুন্দৰীত ৰাভা-খলা পাতি গোৱৰ্দ্ধন পর্বত কৃত্রিমভাৱে সাজি গোপ-গোপী আৰু গো-বৎসৰ মুখা সাজি ভাওনা কৰিছিল। তাত নাৰায়ণ দাস ঠাকুৰ আতা আৰু বৰবিষ্ণু আতাই মুখা সজাৰ উল্লেখ আছে। হিৰণ্যকশিপু, নৰসিংহ আদিৰ মুখা ইয়াত ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী কালত ৰাজ দৰবাৰসমূহতো মুখা ব্যৱহাৰ কৰি ভাওনা পতাৰ বহুখিনি তথ্য বিভিন্ন গ্ৰন্থত লিপিৱদ্ধ হৈ আছে। স্বৰ্গদেউ জয়ধ্বজ সিংহ, শিৱসিংহ আৰু ৰুদ্ৰসিংহৰ শাসনকালত নৃসিংহ যাত্রা, ৰাম বিজয়, অজামিল উপাখ্যান, কংস বধ, ৰুক্মিণী হৰণ অদি ভাওনা অসমৰ বিভিন্ন সত্ৰৰ তৰফে মুখা ব্যৱহাৰ কৰি কৰাৰ তথ্য পোৱা যায়। পৰৱৰ্তী কালত দুজনা গুৰুৰ ৰচিত অংকীয়া নাটসমূহৰ উপৰিও ৰামচৰণ ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, গোপাল আতা আদিয়েও অংকীয়া শৈলীৰ ভালেকেইখন নাট ৰচনা কৰি গৈছে। সেইবোৰ নাট কৰোঁতেও মুখাৰ ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী কালত বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলে ৰামায়ণ, মহাভাৰত, ভাগৱত আৰু অন্য পুৰাণ আদিৰ পৰাও বিষ্ণু বা কৃষ্ণ ভক্তিযুক্ত অলেখ নাট ৰচনা কৰে। নিজ সত্ৰৰ সত্রানুৱৰ্তীসকলৰ সহযোগত ভাওনা পাতি মুখাৰ ব্যৱহাৰ কৰি আহিছে। অসমৰ প্রতিষ্ঠিত কেউটি সংহতিৰ প্ৰতিখন সত্ৰতে মুখা সজাৰ এটি পৰম্পৰাৰ সৃষ্টি হৈছিল যদিও বর্তমান সেই পৰম্পৰা সংৰক্ষিত নহয় যেনেই অনুমান কৰিব পাৰি।

mukhashilpa01

বাঁহৰ কাঠিৰে মুখা সাজি মঞ্চত ব্যৱহাৰ কৰি দেখুওৱা প্ৰথমজন মহান শিল্পী শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ আগতে বিশ্বৰ কোনো ৰংগমঞ্চতে মুখাৰ প্রদর্শনেৰে নাট প্রদর্শন কৰাৰ দৃষ্টান্ত আমি দেখিবলৈ পোৱা নাই। তেৰাই সজা মুখাসমূহৰ ভিতৰত অনন্ত নাগ, ব্ৰহ্মা আৰু তেওঁৰ বাহন ৰাজহংস, শিৱ আৰু তেওঁৰ বাহন বৃষভ, বিষ্ণুৰ বাহন গৰুড়ৰ মুখা আদিয়েই প্রধান।

“গৰুড়ৰ মুখা সর্বজয়ক দিলন্ত
ব্ৰহ্মাৰ মুখাক সণ্ঢৰায়ে পিন্ধি গৈল
হৰৰ মুখাক পিন্ধি ৰংগে ধ্বজা গৈল।”
সর্বজয়, সণ্ঢৰা আৰু ধ্বজা আতৈয়ে মুখা পিন্ধি ভাও দিলে। সূত্রধাৰ হ’ল ৰামৰাম গুৰু। নিত্যানন্দ, ভীমা, কেটাইখা আদি গায়ন-বায়নসকলে গুৰুজনাৰ নির্দেশ মতে কাম কৰি গল। গীত, নৃত্য, বাদ্য, অভিনয় সকলোৰে তদাৰক কৰি গ’ল শ্ৰীমন্ত শংকৰে। ৰভাঘৰৰ বাহিৰে-ভিতৰে অগণন লোকৰ সমাবেশ ঘটিল। সাত দিন সাত ৰাতি জোৰা অভূতপূর্ব এই সাংস্কৃতিক সমাৰোহ দৰ্শন কৰি বিমোহিত হৈ ঐশ্বৰিক শক্তিৰ প্ৰভাৱত ৰভাঘৰটি জাতীয় সমন্বয় ক্ষেত্ৰ তথা জাতীয় মহাতীৰ্থত পৰিণত হ’ল। লগে লগে ভাগৱত বৰ্ণিত ঋষিসত্ৰৰ আৰ্হিৰে বৰদোৱাৰ চিহ্নযাত্রা প্রদর্শনৰ থলি ৰভাঘৰকে কেন্দ্ৰ কৰি সৃষ্টি হ’ল সত্ৰ নামৰ অনুষ্ঠান। ইয়াৰ জৰিয়তে ধর্ম সাধনা, চর্চা, প্ৰচাৰ, প্রদর্শন, প্রৱর্তন; কলা-সংস্কৃতি, শিক্ষা, স্বাস্থ্য, কৃষি, শিল্প, বাণিজ্য আদি মানৱ জীৱনৰ অপৰিহার্য মৌলিক দিশসমূহৰ সমন্বয় সাধনৰ লগতে কৰণীয়, পালনীয় আৰু আচৰণীয় আদি নৈমিত্তিক দিশসমূহ সামৰি মানৱীয় প্রমূল্যবোধৰ শিক্ষাৰ জৰিয়তে সমাজৰ শান্তি-শৃংখলা অটুট ৰাখি গোষ্ঠী নিৰপেক্ষ চিন্তাধাৰাৰে সত্ৰসমূহৰ দায়িত্ব আৰু কৰ্তব্য নিৰূপিত হ’ল। সত্ৰসমূহ এক গণতান্ত্রিক অনুষ্ঠান, অসমত গণতন্ত্ৰৰ পাতনি মেলি জাতীয় জীৱনৰ উত্তৰণ ঘটোৱাৰ এক মহান পদক্ষেপ। এই ব্যৱস্থাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ জাতীয় প্ৰাণ প্রতিষ্ঠা কৰি থৈ গ’ল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ পিছৰ পর্যায়ত মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, গোপাল আতা, পুষোত্তম ঠাকুৰ, চতুৰ্ভূজ ঠাকুৰ, কনকলতা আই আদিৰ অনুগ্ৰহত সত্ৰসমূহৰ সংখ্যা বৃদ্ধি হৈ সমগ্ৰ অসমত একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ চলিল। কালক্ৰমত স্বকীয় মতাদর্শ কিছু সংযোগ হোৱাত ব্ৰহ্ম সংহতি, নিকা সংহতি, কাল সংহতি আৰু পুৰুষ সংহতিৰ নামত অঘোষিত বিভাজন ঘটি মূল পৰম্পৰাৰ লগতে কিছু অতিৰিক্ত বিষয় সংযোগ ঘটা যেন পৰিলক্ষিত হয়। কিন্তু গুৰুজনাৰ প্ৰচাৰিত ধৰ্মৰ মূল চাৰি তত্ত্বৰ প্রয়োগৰ ক্ষেত্ৰত কোনো বিসংগতি নাই, মাত্ৰ আচৰণৰ ক্ষেত্ৰত ইয়াক আগ-পাছ কৰা দেখা যায়। গুৰুধর্ম গ্রহণকাৰীসকলে মানি চলিব লগা চাৰিটি খাপ যেনে— শৰণ, ভজন, ভক্তি আৰু পৰমাৰ্থ শিক্ষা সকলো সংহতিতে একে, মাত্র আচৰণ-প্ৰৱৰ্তনৰ মাজত কিছু তাৰতম্য পৰিলক্ষিত হয়। জ্ঞান, বিজ্ঞান, তদংগ আৰু ৰহস্য তথা গুৰু, দেৱ, নাম আৰু ভকতৰ আশ্রয় গ্রহণ কৰি আচাৰ, ৰীতি-নিয়ম, সংযম চাৰি বান্ধনীৰ মাজত থাকি সত্য, শৌচ, ক্ষমা, দয়া, চাৰি তপস্যা সাধনেৰে কাম, ক্ৰোধ, লোভ, মোহ আদি শৰীৰস্থ বিকাৰসমূহ নিয়ন্ত্ৰণ কৰি গুৰুৱে দিয়া জ্ঞান সাধনৰ জৰিয়তে সৃষ্টি-স্থিতি-প্ৰলয়ৰ অধিকাৰী পূৰ্ণব্ৰহ্ম দৈৱকী নন্দন কৃষ্ণদেৱক চিনি লৈ কৃষ্ণদেৱৰ অনুগ্রহতে তেওঁৰেই গুণ-নাম কীর্তন-শ্ৰৱণ কৰি সেই নামৰ অনুগ্রহতে ভগৱৎ ভক্তিত ৰতি-প্রীতি বঢ়াই ভকত পৰিচয় তথা আত্ম পৰিচয় লাভ কৰি গুৰুৰ অভয় চৰণ, দেৱৰ অৰুণ চৰণ, নামৰ ৰাতুল চৰণ আৰু ভকতৰ শীতল চৰণ সেৱাৰ জৰিয়তে পৰম ব্ৰহ্ম দৈৱকীনন্দনক হৃদয়ত লাভ কৰি ধৰ্ম-অৰ্থ-কাম-মোক্ষ চাৰি পুৰুষাৰ্থকো নেওচি জীৱ গুচি শিৱ হ’ব পৰাৰ শিক্ষা দি আমাক কৃপা কৰি থৈ গৈছে। সেই আদৰ্শই সত্ৰসমূহত বর্তি আছে।

আধ্যাত্মিক শিক্ষা অজ্ঞ জনসাধাৰণৰ মাজত প্রতীকী ক্ষেত্ৰত ব্যৱহাৰ কৰি ভগৱৎ চিন্তাৰ প্রতি আকৃষ্ট কৰিবলৈকে মুখাৰ ব্যৱহাৰ কৰা যেন লাগে। লোক সংগ্ৰহ আৰু মনোৰঞ্জনৰ বাবে মুখা ব্যৱহৃত হৈছে। পৰৱর্তী কালত ৰাস উৎসৱ আৰু ভাওনাসমূহত ব্যৱহাৰৰ বাবে হাতী, ঘোঁৰা, গৰু-গাই, গৰুড়, ৰাজহংস, অনন্ত শয্যা, কালীয় আৰু বাসুকী নাগ, নৰসিংহ, বৰাহ, হিৰণ্যকশিপু, হিৰণ্যাক্ষ, বটুব্রাহ্মণ, গয়াসুৰ, সম্বৰাসুৰ, ত্ৰিশিৰাসুৰ, গজকেতু, দশমুণ্ড ৰাৱন, কুম্ভকৰ্ণ, মাৰিচ, সুবাহু, পুতনা, হিৰিম্বা, তাৰকা, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, কেশী, বঘাসুৰ, হনুমন্ত, জাম্বৱন্ত, বাঘ, সিংহ, হৰিণ আদি বিভিন্ন চৰিত্ৰৰ মুখা ভাওনাত ব্যৱহাৰ কৰি আহিছে। এই মুখাসমূহ তিনি ভাগত বিভক্ত কৰা হয়— ‘মুখ মুখা’ বা ‘মূৰ মুখা’, ‘লোটোকাই’ বা ‘লোটুকৰি মুখা’ আৰিু ‘বৰ মুখা’। কেৱল মুখা বা মূৰটো ঢাকি ৰাখিব পৰা মুখাক মুখ মুখা বা মূৰ মুখা বুলি কোৱা হয়। লোটোকাই বা লোটুকৰি মুখা হাত-ভৰি, চকু, কাণ, মুখ লৰচৰ কৰিব পৰাকৈ সজা হয়। মূৰৰ পৰা কঁকাল পর্যন্ত ঢাকি সমগ্ৰ শৰীৰটো আৱৰণ কৰি ল’ব পৰা মুখাক বৰ মুখা বুলি কোৱা হয়। বাঁহৰ কাঠি ব্যৱহাৰ কৰি কাঠেৰে, কাপোৰেৰে বা সাঁচ ব্যৱহাৰ কৰি চাৰিটা পদ্ধতিৰে অসমত মুখা সজা হয়। মুখা সজা শিল্পীজন নাট্যশাস্ত্ৰত অভিজ্ঞ আৰু শাস্ত্ৰজ্ঞ হ’ব লাগে। মুখা সাজোঁতেই নির্দিষ্ট চৰিত্ৰৰ মুখা কলাৰ মাধ্যমেদি প্রকাশ কৰিবলৈ যত্ন কৰা হয়। এইখিনিতে মুখা সজা শিল্পীজনৰ শাস্ত্রজ্ঞান, বিচক্ষণত আৰু পৰিপক্কতাৰ প্ৰকাশ ঘটে।

mukhashilpa02

অসমৰ সত্ৰসমূহত পৰম্পৰাগতভাৱে মুখা সজা আৰু নৃত্য-গীত-বাদ্য-শিল্প-সংস্কৃতৰ চৰ্চা, প্ৰচাৰ, প্রদর্শন সংৰক্ষণ আৰু অনুশীলনৰ এক অবিৰত ধাৰা প্রবাহিত হৈ আহিলেও স্বাধীনোত্তৰ কালত বস্তুবাদী জগতৰ স্বাৰ্থপৰতা, স্বদেশী আৰু বিদেশী ৰাজনীতিৰ মেৰপাক, আধুনিক শিক্ষা পদ্ধতিৰ স্বজাতি বিৰোধী দৃষ্টিভংগী, স্বজাতীয় আত্মকলহ, জাতীয় চেতনাহীন ভাবাদর্শ গ্রহণেৰে পাশ্চাত্য সংস্কৃতিৰ অনুকৰণ, নিজ ৰাজ্যৰ বৈশিষ্ট্যসমূহলৈ আওকাণ কৰি সহজলভ্য অৰ্থপ্ৰাপ্তিৰ আশা বান্ধি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ মাধ্যমেদি বৈদ্যুতিক কৌশল গ্রহণেৰে উদ্ভাৱিত কিছুমান তত্ত্বহীন মনোৰঞ্জনৰ সামগ্ৰীৰ প্ৰতি আগ্ৰহে আমাৰ সংস্কৃতিৰ পথাৰখন আৱৰি লোৱাত পৰম্পৰাগত সংস্কৃতি সাধনৰ মূলক্ষেত্ৰ বৰঘৰটোৰ পৰা বাহিৰ ওলাবলৈ যত্নপৰ হৈছে। ই শুভ লক্ষণ নহয়। ইয়াৰ বিপৰীতে দেশপ্রেম বোধযুক্ত এচামে স্বজাতীয় ভাবাদর্শ আৰু অস্তিত্ব ৰক্ষাৰ কাৰণে পৰম্পৰাগত নৃত্য, গীত, বাদ্য, শিল্প, অভিনয় আদি সম্পদসমূহৰ চৰ্চা, প্ৰচাৰ, প্ৰদৰ্শন, অনুশীলন আৰু সংৰক্ষণৰ বাবে আন্তৰিকতাৰে যত্নপৰ হৈ আহিছে। ইয়াৰ ফলশ্রুতিত বহু নতুন অনুষ্ঠানৰ জন্ম হৈছে। পৰম্পৰাগতভাৱে মহাপুৰুষীয়া সংস্কৃতি সংৰক্ষণকাৰী সত্ৰসমূহৰ সীমিত কেইখনমান সত্ৰই নিজ দায়িত্ব আৰু কর্তব্য নিষ্ঠাৰে পালন কৰি সংস্কৃতিৰ পথাৰখন উজ্জ্বল কৰি তুলিছে। উপৰিউক্ত অনুষ্ঠানসমূহেও সত্ৰৰ লগতে মহাপুৰুষীয়া সংস্কৃতিক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰিবলৈ সর্বাত্মক প্রচেষ্টা অব্যাহত ৰাখিছে, ই আমাৰ বাবে গৌৰৱৰ কথা।

বর্তমান অসম আৰু ভাৰতৰ কেইখনমান ঠাইত ছেগা-চোৰোকাকৈ দুই-এখন মুখাশিল্পৰ কৰ্মশালা অনুষ্ঠিত হৈছে। মুখা ভাওনাও বিভিন্ন প্রান্তত প্রদর্শিত হৈছে, লগতে এই শিল্প-সংস্কৃতিৰ উপাদানসমূহৰ গুৰুত্বও বাঢ়িছে, কিন্তু চৰকাৰৰ তৰফৰ পৰা এইবোৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা নাযায়। ৰাজ্যিক বা ৰাষ্ট্ৰীয় পর্যায়ৰ সংগ্ৰহালয়সমূহত কেইপদমান মুখা সংগ্ৰহ কৰি ৰাখিলেই দায়িত্ব পালন কৰা নুবুজায়। অসমৰ একমাত্র চিত্ৰকলা মহাবিদ্যালয়খনতো মুখা শিল্পৰ কিবা পাঠ্যক্ৰম আছে বুলি আমি নাজানো। এই সম্পদৰাজিৰ ওপৰত গৱেষণা কৰাৰো থল আছে। অসমৰ চুকে-কোণে প্ৰচাৰবিমুখ বহু শিল্পীয়ে অক্লান্তভাৱে ঐকান্তিক সাধনা কৰি আছে। সেহ সকলক অনুসন্ধান কৰি বাহিৰলৈ উলিয়াই অনাৰ প্রয়োজন আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন স্থানতসিঁচৰতি হৈ অনাদৃতভাৱে বহু মুখা আৰু সাংস্কৃতিক সাংস্কৃতিক সম্পদ পৰি আছে। সেইখিনি অসমৰ জাতীয় শিল্পৰ নিদর্শন স্বৰূপ। এই আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণ আৰু সংবর্ধনৰ ক্ষেত্ৰত জাতীয় চৰকাৰ আৰু যাদুঘৰ কর্তৃপক্ষৰ দায়িত্ব অপৰিসীম। দেশৰ চৰকাৰ আৰু বুদ্ধিজীৱী, গৱেষক তথা চিন্তাবিদসকলে দেশীয় শিল্প-সংস্কৃতিৰ সাধকসকলক সর্বতোপ্রকাৰৰ অনুপ্রেৰণা যোগাই ইয়াৰ উন্নয়নৰ প্ৰণালীবদ্ধ প্রচেষ্টা গ্ৰহণ কৰিলে অসমৰ সংস্কৃতিয়ে বিশ্বদৰবাৰকো পোহৰাই তোলাৰ ক্ষমতা লাভ কৰিব বুলি আমাৰ ধাৰণা হয়।


ছবিত: মাজুলীৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ মুখা।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

ৰেৱকান্ত মহন্ত

ৰাষ্ট্রীয় শিল্পগুৰু বঁটা প্রাপক তথা সংগীত নাটক অকাডেমী বঁটা বিজয়ী মুখাশিল্পী। শিৱসাগৰৰ শ্ৰীশ্ৰীখাটপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ।

Leave a Reply

1 Comment on "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওনাত মুখাশিল্পৰ প্রয়োগ"

avatar
Sort by:   newest | oldest | most voted
trackback

[…] ৰাষ্ট্ৰীয় শিল্পগুৰু বঁটা আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰেৱকান্ত মহন্তৰ লেখা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওন… […]

wpDiscuz