স্নেহে আমাৰ শত শ্রাৱণৰ: এটি পুনর্নির্মাণ

ৰ’দ আৰু বৰষুণ। বৰষুণ আৰু ৰ’দ। আগ বসন্তৰ দুই-এজাক বৰষুণ পৰিবলৈ লোৱাৰে পৰা এই দুটা চৰিত্রই মনত খুন্দিয়াই থাকে। কলহৰ কাণে ঢলা বৰষুণৰ দৰে মনৰ ভিতৰত বর্ষণপাত হৈ থাকে। দুটা বিপৰীত প্রক্রিয়া— ৰ’দ থাকিলে বৰষুণ নাথাকে, বৰষুণ থাকিলে ৰ’দ নাথাকে। কিন্তু ৰ’দৰ পাছত বৰষুণ থাকিব পাৰে আৰু বৰষুণৰ পাছতো ৰ’দ থাকিব পাৰে। দুয়োটা একেলগে থকাটো ব্যতিক্রম। তেনেহ’লে দুয়োটা প্রক্রিয়াৰ কথা একে সময়তে মনলৈ কিয় আহে? ৰ’দ আৰু বৰষুণ? আৰু মনলৈ বাৰে বাৰে উভতি আহে এই দুটা শাৰী—

অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে

‘বাৰিষাৰ তৰংগৰাশি’ কি? কল্পনা কৰক— আহাৰ মাহৰ এটা ন বজাৰ পুৱা। দহ বজাত কর্মস্থলী অথবা শিক্ষানুষ্ঠান পাবগৈ লাগিব। তাৰ আগতে শেষ কৰিব লাগিব গা ধোৱা, আহাৰ খোৱা আদি যাৱতীয় কামবোৰ। দুডৰা মাটিত আলি বান্ধি কিম্বা পাঁচ আষি কঠীয়া তুলি খৰধৰকৈ ঘৰলৈ উভতি আহিছে। আকাশৰ কোনখিনিত জানো গোট খাই আছিল ইমানবোৰ মেঘ, ৰ’দখিনি শুহি খাই উত্তাল হৈ নামি আহিল এজাক বৰষুণ। যোৱা দুদিন একেৰাহে বৰষুণত তিতিছে, আজি আৰু তিতাৰ ইচ্ছা একেবাৰেই নাই। ক’ত সোমাব, ক’ত আশ্রয় ল’ব? এই দিগন্ত বিয়পা মুকলি পথাৰৰ মাজত? কথাষাৰ ভাবি এবাৰ চৌফালে চকু ফুৰাই ক্ষণিকতে সিদ্ধান্ত এটা লৈ দৌৰ মাৰিলে বঁকিয়াটোৰ কাষৰ প্রকাণ্ড আঁহতজোপাৰ তললৈ।

কেই মিনিটলৈ নিতিতাকৈ থাকিব? গছৰ পাতৰ পৰা বৰ বৰ টোপাল খহি পৰিবলৈ ধৰিলে দুহাতত, মূৰত, মুখত। ঢৌ তুলি তুলি উফৰি পৰিব ধৰিছে পথাৰৰ পানীত, বঁকিয়াটোৰ মাটিত আৰু বননিত। ঢৌ, ঢৌ আৰু ঢৌ। কেউফালে। বাৰিষাৰ তৰংগৰাশি— দিগন্ত বিয়পা।

এটা সময়ত এই গোটেই প্রক্রিয়াটোৱেই ভাল লাগি যায়। শৰীৰৰ আধাতকৈ বেছি তিতি যোৱাৰ পাছত গছৰ তলত থকাটো অসাৰ-সাৰ হৈ যায়। এটা মুহূর্তত গোটেই ঘটনাটোৱেই এক বিৰাট আনন্দৰ উৎস বুলি উপলব্ধি হ’ব আৰু সেই মুহূর্তত খুব নিশ্চিন্ত মনেৰে আপুনি মুকলিলৈ ওলাই আহিব। এটা নির্ভাৰ মন লৈ নিজৰ
বাটত আগবাঢ়োঁতে আপোনাৰ আলফুলীয়া শৈশৱলৈ মনত পৰিব পাৰে। আৰু মনত পৰিব পাৰে এই দুটা শাৰী—

নির্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে

অৱলীলাক্রমে আপুনি ইচ্ছা কৰিলে গাব পাৰে পাছৰ দুটা শাৰী—

অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে…

অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে।

আৰু এই মুহূর্তত অপ্রাসংগিকভাৱে মোৰ মনলৈ আহিছে এই এটা পংক্তি—বৰষুণৰ দৰে ৰ’দ নে ৰ’দৰ দৰে বৰষুণ—

এই রোদ কি বর্ষার রোদ?
চারিদিকে পারিজাত আলো
ঝরে পড়েছে বৃষ্টির মতো—
এ রোদে ভেজার লোভটুকু
একান্তই জলবায়ুগত।
(যুবক পতাকাঃ মন্দাক্রান্তা সেন)

বৰষুণীয়া দিনে বোলে মন বেয়া কৰে। ‘মন খারাপ করা বিকেল মানে মেঘ করেছে/ দূরে কোথাও দু-এক পশলা বৃষ্টি হচ্ছে…’ (সুমন চট্টোপাধ্যায়)। সঁচাকৈ কৰে? এবাৰ বৰষুণৰ মাজত থিয় হৈ চাওক— সঁচাকৈ কৰেনে? নে মন ভালো কৰে? ধানৰ গান হ’ব পৰা বৰষুণৰ কথা এবাৰ ভাবকচোন। ‘আকাশ ভাঙি হুৰহুৰকৈ বৰষুণ আহক/ আৰম্ভ হওক শস্যমালাৰ ধান-সোণোৱালী ভ্রমণ…’ (শস্যমালাৰ ভ্রমণঃ হীৰেন ভট্টাচার্য)। পৃথিৱীক পৰিপূর্ণা কিহে কৰিব পাৰে? ঋতুমতী কৰি সন্তান ধাৰণৰ বাবে পৃথিৱীক প্রস্তুত কৰে বৰষুণে। আৰু আমাক— মানুহক? প্রেমে। বৰষুণৰ দৰে স্নিগ্ধ প্রেম, বৰষুণৰ দৰে উত্তাল প্রেম, বৰষুণৰ দৰে মন্দ্র প্রেমে। ঘাঁ লগা কলিজা শুকুৱাব পাৰে প্রেমে। মনত জোঁৱাৰ তুলি লৈ যাব পাৰে শিল্পৰ বহল পৃথিৱীলৈ—

স্নেহে আমাৰ শত শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে

জেঠৰ বাৰখৰে পৃথিৱী শুকুৱাই পেলালেও বৰষুণ আহিবই প্রেমৰ বতৰা লৈ, সঞ্জীৱনী সুধা হৈ। প্রেমবিহীন কৰি কোনোবা কাষৰ পৰা আঁতৰি গ’লেও আকাশৰ কোনোবাখিনিত আহাৰৰ ভৰুণ প্রেমৰ ডাৱৰ গোট খাই আছে— ধাৰাসাৰে বৰষিবলৈ— ৰিক্ত কলিজা সিক্ত কৰিবলৈ। আশাই বৰষুণ— আশাৰ বৰষুণ। আহিবই আপোনাক প্লাৱিত কৰিবলৈ।

যৌৱন বাসনাৰ ৰিক্তোপকুল
পূর্ণ কৰে উন্মত্ত বানে

আপুনি প্রেমেৰে সম্পূর্ণ অথবা কণমান প্রেমৰ বাবে উন্মুখ, যিয়েই হওক, এবাৰ হৃদয়েৰে গাওক—

স্নেহে আমাৰ শত শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন বাসনাৰ ৰিক্তোপকুল
পূর্ণ কৰে উন্মত্ত বানে
নির্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে
অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে।

আৰু তাৰ পিছতে—

বিদ্যুৎক্ষিপ্র নয়নে তোমাৰ
মৌন ভাষাৰ উন্মাদনা সানে
নিশ্বাসে মোৰ আশাৰ আশ্বাসত
তৃপ্তিৰ পৰিধি নেমানে।

বিদ্যুৎক্ষিপ্র নয়নে তোমাৰ…

বিজুলী মাৰিলে ডাৱৰে গৰজিব, বৰষুণ আহিব। প্রথমে মৌনতাৰে, তাৰ পাছত শব্দেৰে জগত জিনিব। চকুত চকু থ’লে সাকোঁ গঢ়িবই। আৰু যদি নাচি উঠে চকুৰ পৰা চকুলৈ এডাল হালধীয়া কৰবীৰ মালা আৰু বুকুৰ পৰা বুকুলৈ এডাল নীলা অপৰাজিতাৰ মালা? চকুত চকু, ওঁঠত ওঁঠ, বুকুৰ মাজত দুহাতৰ আৱেষ্টনীত ‘তুমি’— চিৰকালৰ তুমি— তেতিয়া চাৰি চকু সেউজীয়া হ’বই— বৰষুণৰ পাছত ৰ’দ উঠি অহা গছ-বনৰ জাতিষ্কাৰ সেউজীয়া।
এই সেউজীয়াই কিমান অক্সিজেন দিব পাৰে— কিমান দূৰলৈ নিব পাৰে?

প্রীতি দিগ্‌বলয়ত গতিশীল গীত গাওঁ
ব্রজৰ গর্জনে হাৰ মানে

উত্তৰটো— দিগ্‌বলয় চুই যোৱাকৈ— দিগ্‌বলয়লৈ সেই সেউজীয়াই আমাৰ সাৰথি। শ্বামী কাপুৰৰ ‘য়াহু’ৰ দৰে দিগ্‌বলয়ত প্রতিধ্বনিত কৰাব আত্মাৰ আমোলন গান। সেই গান, সেই দূৰন্ত ইচ্ছাই বজ্রৰ গর্জনক হাৰ মনাবই।
কিন্ত সেই ‘য়াহু’ কি ‘হাই হুকু’ বা ‘হাইটেক পপ’ৰ চিঞৰৰ দৰে অর্থহীন কিম্বা মাথোঁ চমক?
ভূপেন হাজৰিকাই গাইছে—

প্রীতি দিগ্‌বলয়ত গতিশীল গীত গাওঁ
ব্রজৰ গর্জনে হাৰ মানে
বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়
আমাৰ সৃষ্টিয়েও লক্ষ্য জানে।

ব্রজৰ গর্জনে হাৰ মানে…

দৃষ্টি থাকিলে লক্ষ্য নেহেৰায় নে লক্ষ্য থাকিলে দৃষ্টি নেহেৰায়? নাজানো। মুঠতে শত শাওণৰ বৰষুণৰ সমান প্রেম থাকিলে ভূপেন দাক বজ্রৰ গর্জনক তল পেলাই দিগন্ত কঁপাই গীত গোৱাব পাৰে। পাৰে আপোনাক, মোক, সকলোকে।

এইবাৰ বাৰিষাৰ প্রথমজাক বৰষুণত তিতিবৰ বাবে আপোনালোকলৈ আমন্ত্রণ থাকিল। আপুনি গুণগুণাব নেকি—

বৰষুণৰ বতৰত
মইনা নুঠে মটৰত

মইনাৰ একো গৰজ পৰা নাই বৰষুণৰ বতৰত মটৰত উঠিবলৈ। মইনা বৰষুণত তিতিব। বৰষুণে মইনাৰ চুলিৰে মইনাৰ গালত নক্সা কাটিব, ভাস্কর্য সাজিব।

Images: CC0

আপোনাৰ আৰু ভাল লাগিব পাৰে:

পল্লৱপ্ৰাণ গোস্বামী

‘নীলা চৰাই’ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz