আন্ধাৰ

প্ৰকাশ: ১৩ অক্টোবৰ, ২০১৭ | অন্তিম সম্পাদনা: ১২ অক্টোবৰ, ২০১৭

“দংষ্ট্রাকৰাল বদনে শিৰোমালাবিভূষণে।
চামুণ্ডে মুণ্ডমথিনে নাৰায়ণি নমোহস্তুতে।।….”*

কৰাল বদনা, মুণ্ডমালা পৰিহিতা তথা মুণ্ড নামৰ দানৱক নাশ কৰা ভয়ংকৰ দেৱীয়েই হ’ল কালিকা। আজি সেই কালিকাৰ দৰ্শন পাবলৈ আগ্রহী হৈ পৰিছে দ্বৈপায়ন শৰ্মা; অৱশ্যে যুদ্ধভূমিত ধৰ্ম প্রতিষ্ঠা কৰা মহাকালীৰ নহয়, বৰঞ্চ একবিংশ শতিকাত স্বয়ম্ভু হিচাপে মানৱ দেহত থিতাপি লোৱা গোসাঁনীৰ। আমাৰ ভাৰতীয় সমাজত প্রাচীন কালৰ পৰাই কালিকাৰ নামত এক ‘আতংক’ জড়িত হৈ আছে— তাৰ পৰা কামৰূপো ব্যতিক্রম নহয়। সেয়েহে হয়তো কালী লম্ভা (?) মানৱে দিয়া প্রতিটো আদেশেই নতশিৰে সমাজে মানি লয়, লাগিলে তাৰ মৰ্ম অধৰ্মই নহওক কিয়!

দ্বৈপায়ন শৰ্মাই এনেকুৱা কথাত তিলমাত্রও বিশ্বাস নকৰে। তেওঁ যে নাস্তিক— কথাটো তেনেকুৱা নহয়; ভগৱানৰ ওপৰত বিশ্বাস ৰাখে তেওঁ, অন্যহাতে জাততো তেওঁ ব্রাহ্মণ। গতিকে তেওঁৰ ক্ষেত্ৰত নাস্তিকতাৰ কোনো প্রশ্নই নুঠে; কিন্তু বিজ্ঞানে ঢুকি নোপোৱা তথা অনাচাৰী অন্ধবিশ্বাসক কোনোপধ্যেই মানি ল’ব নোৱাৰে তেওঁ। তেওঁ নিজে ৰসায়ন বিজ্ঞানৰ ডক্টৰেট তথা এখন মহাবিদ্যালয়ৰ প্রবক্তা, গতিকে অবৈজ্ঞানিক যুক্তিক কেনেকৈ স্বীকৃতি দিব তেওঁ? তেওঁৰ পৰিবাৰে কিন্ত ধৰ্মৰ লগত জড়িত প্রতিটো কথাই বিশ্বাস কৰে, যাৰ ফলত প্রায়েই পতি পত্নীৰ মাজত মনোমালিন্যও হয়। ধৰ্মক্ষেত্রত ‘ভক্তি’ আৰু ‘ভয়ৰ’ যুঁজত সদায় ‘ভয়ৰ’ জয় হয় যদিও তেওঁ শাস্ত্রক্তো যুক্তিও প্রদৰ্শন কৰে পত্নীৰ আগত। অৱশ্যে জ্ঞানীগণ বাদ-বিবাদত আসক্ত হোৱাটো লজ্জাজনক, ভক্তিসুক্তত কৈছে, “বাদৌ-নাবলম্ব্য”।

আজি পত্নীৰ বাবে তেওঁ ইচ্ছা অবিহনেও দেৱী লম্ভা মানুহৰ দৰ্শনৰ বাবে মান্তি হৈছে; কাৰণ তেওঁলোকৰ একমাত্র পুত্রৰ নৰিয়া। হস্পিটালৰ চিকিৎসাই সুস্থ কৰি তুলিব পৰা নাই তাক, সেয়েহে পত্নীৰ অনুৰোধত এক দেৱালয়লৈ যাবলৈ মান্তি হৈছে তেওঁ; সেই দেৱালয়ৰ পুৰোহিতজনৰ শৰীৰত হেনো মাহেকে-পষেকে ‘গোসাঁনী’ লম্ভে, মানুহৰ বাবে উপায় দিয়ে তথা নানা চমৎকাৰী মায়াৰো প্রদৰ্শন কৰে।

দেৱালয়ৰ বাবে কৰা যাত্রাত তেওঁৰ পৰিবাৰে ক’লে, “সাক্ষাৎ কালী মা প্রৱেশ কৰে পূজাৰীজনৰ শৰীৰত; ভৱিষ্যতে হ’ৱলগীয়া দুৰ্ঘটনাৰ জাননী দিয়ে তেওঁ। লগতে তাৰ পৰা হাত সাৰিবৰ উপায়ো দিয়ে। মোৰ বিশ্বাস যে তেওঁ নিশ্চয়েই আমাৰ মাইনাক সুস্থ কৰি তুলিব। ”

পত্নীৰ কথাত দ্বৈপায়নে ক’লে, “পৰহিলৈ মাইনাৰ চিকিৎসাৰ বাবে মুম্বাইৰ পৰা চিকিৎসক আহিব, গতিকে মোৰ বিশ্বাস এয়ে যে উচ্চ চিকিৎসাই তাক সুস্থ কৰিব। ”

তেওঁৰ তেনে ধৰ্মক উপলুঙা কৰা কথাত পত্নীয়ে ক’লে, “আপুনি ঈশ্বৰত বিশ্বাসী নহ’ব পাৰে, কিন্ত মই বিশ্বাস ৰাখোঁ। বিশ্বাস অবিহনে মানুহ অসাৰ। ”

তৎক্ষণাৎ দ্বৈপায়নে ক’লে, “মই ঈশ্বৰত বিশ্বাস ৰাখোঁ; কিন্ত মই সত্য-বহ্মত বিশ্বাসী, ধৰ্মৰ নামত হোৱা ভণ্ডামিত নহয়। তোমালোকৰ ধাৰ্মিকসকলৰ ধৰ্মশাস্ত্রত সাক্ষাৎ কালী দেৱীয়েই কৈছে যে তেওঁ সত্য তথা প্রেমতহে স্থিত, অত্যাচাৰত নহয়। এই ক্ষেত্রত দেৱী-ভাগৱত, কালিকা-পুৰাণ, কালীবিলাস আদি ধৰ্মগ্রন্থত দেৱীৰ মহানুভৱতাৰ আভাস পোৱা যায়। হয়তো দেৱীলম্ভা বুলি দাবী কৰা লোকসকল Hallucination নতুবা Persecutory আদি মানসিক ৰোগত আক্রান্ত হ’ব পাৰে; নহ’লে অত্যাচাৰ কৰিবলৈ ইচ্ছুক স্বাৰ্থপৰমখাই ভণ্ডামিৰ আশ্রয় লয়। কাৰণ বেছিভাগ দেৱীলম্ভা মানুহেই বৰ্বৰতাৰে পশু-পক্ষী ভক্ষণ কৰে তথা ডাইনী হত্যাৰো আদেশ দিয়ে; যিটো শাস্ত্রীয় দেৱী চৰিত্রৰ বিপৰীত। দেৱীয়ে দানৱৰহে ৰক্তপান কৰে, যি বিশ্বৰ অনিষ্ট কৰে; দুৰ্বল পশুৰ নহয়— এইষাৰ কথা সাক্ষাৎ ‘মাৰ্কণ্ডেয় পুৰাণ’-এ কৈছে।”

দ্বৈপায়ন শৰ্মাৰ প্রতিটো বাক্যই তেওঁৰ পত্নীৰ মুখৰ মাত হৰণ কৰিলে।

যথা সময়ত তেওঁলোক লক্ষ্যস্থানত উপস্থিত হ’ল; বৃক্ষৰে আবৃত দেৱালয়ৰ পৰিৱেশ অতি জয়াল। প্রকাণ্ড বৃক্ষৰ পৰা আদি কৰি সূক্ষ্ম জোপোহালৈকে সকলো গছ-লতিকাই মানুহৰ কামনা পুৰণৰ যেন ৰাস্তা হৈ পৰিছে; হয়তো কৰ্মযোগত অবিশ্বাসীয়ে ৰক্ত-প্ৰাৰ্থনাৰ মাধ্যমেৰে নিজৰ লুলোপ ইচ্ছাক পূৰ্ণ কৰিবলৈ কাকূতি কৰিছে। দ্বৈপায়নহঁতো তাৰ ব্যতিক্রম নহ’ল— ‘এয়াতো ভক্তিযোগৰো লক্ষণ নহয়’। ভক্তসমাজে দেৱালয়ৰ প্রতিটো কোণকেই উপচাই পেলালে; ভক্তৰ ঠেলা-হেঁচাত ইতিমধ্যেই দুই-এজন মূৰ্চিত হৈ পৰিল। তথাপিও কাৰো আহৰি নাই, কাৰণ নিৰ্দিষ্ট ক্ষণত সাক্ষাৎ কালিকা আহি পুৰোহিতৰ শৰীৰত সমাহিত হৈ পৰিব আৰু আৰম্ভ হ’ব মহাজাগতিক ঘটনা। ভক্তগণে দেৱীৰ ভোগৰ বাবে পাৰ-ছাগলী আদিৰো যোগাৰ কৰিছে। ইতিমধ্যে শঙ্খ, দবা,মৃদঙ্গ আৰু উৰুলিৰ ধ্বনিয়ে চৌপাশ কঁপাই তুলিছে। হয়তো দেৱী আহি পুৰোহিতত সমাহিত হৈ পৰিল; তেওঁৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিল, কন্ঠস্বৰো সলনি হ’ল। মস্তক সহিত সৰ্বশৰীৰ জোকাৰি তেওঁ গুজৰি উঠিল; উপস্থিত ভক্তমণ্ডলীয়ে শঙ্খ-মৃদঙ্গাদিৰ ধ্বনিৰে সেই স্বৰৰ কম্পনাংক বঢ়াই তুলিলে। সৰ্বজনে জয়ধ্বনি দিলে, “জয় মা…”, “জয় কালী মা…”। দ্বৈপায়নৰ পত্নীয়ে ইতিমধ্যেই ‘দেৱী’ৰ চৰণত লাং খাই পৰিলগৈ। দ্বৈপায়ন এনে পৰিৱেশত আচৰিত নহ’ল।

বিজুলী বেগেৰে দেৱীলম্ভা পুৰোহিতে ভক্তই আগবঢ়োৱা জীৱন্ত হাঁহ এটাৰ ডিঙি মুচৰি ৰক্তপান কৰিলে, তেনে দৃশ্যত উপস্থিত কণমানি এটি শিশুৱে কান্দিবলৈ ধৰিলে; হয়তো সেইটো সিহঁতৰ পোহনীয়া প্রাণীয়েই আছিল। মায়াসক্ত প্রাণীৰ জানো বলিত অধিকাৰ আছে? যুৱভক্তলৈ উদ্দেশ্যি ‘দেৱী’য়ে ক’লে, “তোৰ মূৰত যমৰাজ বিদ্যমান; সকলো নাশ হ’ব। যদি প্রাণৰ মোহ আছে, তেন্তে মহিষৰ ৰুধিৰ দে মোক…।”

স্বয়ম্ভু দেৱীৰ আদেশত অষ্টাঙ্গ প্রণামেৰে ভক্তই চিঞৰি উঠিল, “আইৰ আদেশ শিৰোধাৰ্য। ”

একেদৰেই অন্যান্য ভক্তগণকো গোসাঁনীয়ে উপায় দিলে; কাৰোবাক বলিৰে, অন্য কাৰোবাক ধনদানৰে; কাৰোবাক তাবিজ-মাদুলিৰে পথ দেখুৱালে। ভক্তগণে ধন-অলংকাৰ আদি তেওঁৰ চৰণত দক্ষিণা হিচাপে দলিয়াই পেলালে। তৎক্ষণাৎ মন্দিৰৰ অন্য এজন পূজাৰীয়ে সেই সমূহ গ্রহণ কৰিলে।

দ্বৈপায়ন শৰ্মাৰ পত্নীৰ কাকূতি-মিনতিত গোসাঁনীয়ে চিঞৰি উঠিল, “তোৰ সমস্যা আঁতৰ হ’ব; বলি প্রদান কৰ, নৰবলি, কোনো শিশুৰ বলি…।” দেৱীৰ তেনে আদেশত শৰ্মানী সহিত সকলো ভক্তই কম্পিত হৈ নতশিৰ হ’ল। এইবাৰ আৰু দ্বৈপায়নে নিজকে ধৰি ৰাখিব নোৱাৰিলে; দেৱী-ভাগৱতৰ ৭ম স্কন্ধৰ দেৱী উক্তিৰ এটা শ্লোক তেওঁ চিঞৰি পাঠ কৰিলে, “পৰপীড়া সমৃন্ধয়েদম্ভ কৃত্বা পুৰসৰম। মৰ্স ক্ৰৌৰ্ধযুক্ত যস্যভ ভক্তিসু তামসী। ।”

তেওঁৰ শ্লোকত সকলো থমকি ৰ’ল, পুনৰ তেওঁ মুখ মেলিলে, “যদি সঁচাকৈয়ে এখেত দেৱী, তেন্তে ইয়াৰ প্রমাণ দিয়ক।” তেওঁৰ তেনে কথাত ধৰ্মান্ধ এজনে ৰক্তনেত্রৰে ক’লে, “মুৰ্খ পাপী, তোৰ বিনাশ নিশ্চিত।” অন্য এজনে ক’লে, “ৰৌ ৰৌ নৰকত জ্বলিবি তহঁত।”

আৰু পঢ়ক:  ড. টেমচুলা আওৰ গল্প: চিঠিখন

পত্নীয়ে দিয়া বাধা নেওঁচি তেওঁ পুনৰ ক’লে, “মই বাৰু পাপী; কিন্ত এই ভণ্ডামি কিয়? দেৱীয়ে কাকো অত্যাচাৰ নকৰে— এয়া মোৰ কথা নহয়, বৰঞ্চ চৈধ্য শাস্ত্র, ওঠৰ পুৰাণ, ওঠৰ উপপুৰাণে এই কথা কৈছে। যদি সাক্ষাৎ বিশ্বজননী দেৱীয়েই ইয়াত উপস্থিত হৈছেহি, তেন্তে শাস্ত্ৰ বিৰোধী কাম কিয় হৈছে?”

ভক্তসমাজ শৰ্মাক প্রহাৰ কৰিবলৈ উদ্যত হ’ল; কিন্ত ধৈৰ্য ধৰি তেওঁ ক’লে, “মোক আপোনালোকে মৰাৰ আগতে মই এইটো প্রমাণ কৰি দিম যে দেৱীৰ নামত ইয়াত ভেঁকোভাওনা চলিছে; মোক মাত্র কিছু সময় দিয়ক— এয়া মোৰ অনুৰোধ।”

দুই-এজন সজাগ ভক্ত দ্বৈপায়নৰ সপক্ষে থিয় হোৱাত তেওঁৰ সাহস দুগুণ বৃদ্ধি পালে। তেওঁ ক’লে, “উপনিষদত উল্লেখ আছে যে পূৰ্বকালত মানৱী দেহাত গন্ধৰ্ৱগণে থিতাপি ল’লে ব্রহ্মবাদী সকলে দেৱসক্ত মনুষ্যৰ পৰা বেদ-বেদান্তৰ ৰহস্যসমূহৰ তত্ত্ব জিজ্ঞাসা কৰে আৰু তেতিয়া বৈদিক সুক্তৰ প্রকৃত অৰ্থ বাখ্যা কৰে। গতিকে, সঁচাকৈয়ে যদি এই পুৰোহিতত দেৱী লম্ভিছে, তেন্তে তেওঁ আমাক আধ্যাত্মিক জ্ঞান-বিজ্ঞান ব্যক্ত কৰক, তেতিয়াই সকলো প্রমাণিত হ’ব; কাৰণ শাস্ত্রত দেৱীকেই জ্ঞান, বুদ্ধি আৰু দয়াৰ মূৰ্তি বুলি কৈছে।”

দ্বৈপায়নৰ কথা শুনি দেৱীলম্ভা পুৰোহিতজনে কিৰীলি পাৰি নাচিবলৈ ধৰিলে, যেন নিচাসক্ত কোনো ব্যক্তিয়ে বহুৱালিহে কৰিছে। দ্বৈপায়নকে আদি কৰি বিভিন্নজনে তেওঁক বেদ-স্মৃতি-পুৰাণ-তন্ত্র আদি বিভিন্ন শাস্ত্রৰ সুক্তসমূহৰ অৰ্থ সুধিলে, কিন্ত অৰ্থতো দূৰৰ কথা, তেওঁ সেইসমূহ পাঠ কৰিবলৈও অক্ষম হ’ল; দেৱালয়ৰ অন্যান্য ব্রাহ্মণগণেও শাস্ত্রৰ অৰ্থ ভেদিবলৈ সক্ষম নহ’ল। পুৰোহিত মণ্ডলীয়ে ক’লে, “এই নাস্তিকমখাই আমাৰ বিশ্বাস তথা আস্থাত আঘাত কৰিছে।” তৎক্ষণাৎ এজন বৃদ্ধ ব্যক্তিয়ে নিজৰ যুক্তি দাঙি ধৰিলে, “মনু সংহিতা, ভাগৱত-গীতা, দেৱী-গীতা আদি গ্রন্থত অত্যাচাৰক ৰোধ কৰিবলৈ নিৰ্দেশ দিছে; গতিকে, যি এনে ধৰ্মৰ নামত হোৱা অনাচাৰক বাধা নিদিয়ে, তেওঁহে পাপী; ঈশ্বৰৰ বাক্যত অবিশ্বাসী সেইসকলহে নাস্তিক। দেৱী গীতাত সাক্ষাৎ মহামায়াই কৈছে, যি ব্যক্তিয়ে সৰ্বভূতত দেৱীক দেখা পায়— তেওঁহে দেৱীৰ প্রিয়।”

তেওঁৰ কথা শেষ নৌহওঁতেই অন্য এজনে তন্ত্রশাস্ত্রৰ যুক্তি দাঙি ধৰিলে, “যোগিনী তন্ত্রই কৈছে, নখেৰে বা দাঁতেৰে বধা পশু দেৱীৰ অভক্ষ। এই পুৰোহিতজনে নখেৰে পক্ষীৰ ডিঙি ছিঙি তেজ খালে, এয়া জানো দেৱীৰ কাৰ্য?” দ্বৈপায়ন শৰ্মাই বিভিন্ন বৈজ্ঞানিক যুক্তিও দাঙি ধৰিলে, কিন্ত গাঁৱৰ সহজ-সৰল লোকসকল সেয়া আয়ত্ত কৰিবলৈ সক্ষম নহ’ল। বহু ব্যক্তিয়ে শাস্ত্রোক্ত যুক্তিৰো বিৰোধিতা কৰিলে; কাৰণ তেওঁলোক অন্ধবিশ্বাসত ৰত, ধৰ্মজ্ঞানত নহয়। শাস্ত্রয়েই কৈছে, কলিকালত ধৰ্মত গ্লানি আহিব; এয়াতো তমগুণৰেই চৰম নিদৰ্শন।

শৰ্মাৰ পত্নীয়ে ইতিমধ্যে কান্দিবলৈ ধৰিলে,তেওঁ কৈ উঠিল, “মোৰ পুত্রৰ হিতৰ বাবে মই আইৰ চৰণত নত। তেওঁক অপমান কৰাৰ সাহস মোৰ নাই। মোৰ স্বামীক ক্ষমা কৰিব।”

কালিকা লগা পুৰোহিতে ৰঙাচকুৰে শৰ্মালৈ ৰণংদেহি দৃষ্টিৰে চাই ক’লে, “তোৰ বিনাশ নিশ্চিত। চৈধ্যপুৰুষ নৰকত পৰিবগৈ। তোৰ পুত্রক নাশ কৰিম মই; তোৰ ৰক্তত মোৰ তৃষ্ণা দূৰ হ’ব।”

দ্বৈপায়নে ক’লে, “মোৰ দোষ কি? মই শাস্ত্রৰ যুক্তিৰে ভণ্ডামি দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। মই কাৰো কেতিয়াও অনিষ্ট কৰা নাই, গতিকে দেৱীয়ে মোৰ কেতিয়াও একোৱেই নাশ নকৰে আৰু যি হ’বলগীয়া আছে, সেয়া দেখা যাব। দেৱীতো দয়াৰ সাগৰ— মহা অনাচাৰী দানৱ-অসুৰক তেওঁ ক্ষমা কৰি বিশ্বপূজনীয় কৰি তুলিছিল— য়া দেৱী সৰ্ৱভূতেষু দয়া ৰূপেন সংস্থিতা…। আপুনি কেতিয়াও ভক্ত হ’ব নোৱাৰে আৰু যদি সঁচাই দেৱীয়ে আপোনাত প্রৱেশ কৰিছে, তেন্তে প্রথমে আপুনি ভক্তগণক মাতৃত্বৰ পৰশেৰে আদৰ্শ দেখুৱাব লাগিছিল— যিটো আপোনাৰ দৰে ব্যক্তিয়ে কৰিব নোৱাৰে। কালিকা হৈছে বিষ্ণুমায়া, যি অনন্য, যি বহ্মজ্ঞান লুপ্ত কৰি ভূতক ভ্রমিত কৰে। কিন্ত তাৰ উদ্দেশ্য হ’ল দুষ্টক দমন তথা সন্তক পালন, ইয়াত অত্যাচাৰৰ প্রশ্নই নুঠে। সেই কালিকাই উদ্যোগীৰ বাবে শ্রীবৃদ্ধি তথা জ্ঞানীৰ বাবে মহাবিদ্যা। সেই কালিকাই ৰামকৃষ্ণ পৰমহংস, সাধক ব্যামক্ষাপ্ত, বিবেকানন্দ আদি মনীষীৰ মনত থিতাপি লৈ মানৱ সেৱাৰ আদৰ্শ প্রদান কৰিছিল। সেই মাতৃ দয়াৰ প্রতীক, কুসংস্কাৰৰ নহয়। বৰ্তমান হয়তো এইস্থানত কালিকাই তমঃগুণেৰে সকলোৰে বুদ্ধি ভ্রস্ত কৰিছে, যাৰ বাবে সকলোৱে অন্ধবিশ্বাসক আঁকোৱালি ধৰিছে। আপোনালোকে সৰ্বভূতৰ আত্মা জগৎমাতাক বিশ্বাস কৰক, কোনো ভণ্ডৰ নাটকত নহয়। মোৰ বিশ্বাস, কায়-বাক্য-মনে তথা সম্পূৰ্ণ সদাচাৰৰে দেৱীক স্মৰণ কৰিলেই তেওঁ তুষ্ট হ’ব। ইয়াত পশুহত্যা, ডাইনীহত্যাত বৰঙণি যোগাৱা দক্ষিণা লোভী ব্যক্তিক স্থান নিদিব। জ্ঞানৰ জ্যোতিয়েহে ইহকাল-পৰকাল সুস্থিৰ কৰে।”

দ্বৈপায়নৰ কথাত নতশিৰ হৈ পৰিল দেৱালয়ৰ কৰ্তৃপক্ষৰ। ঈশ্বৰৰ নিস্বাৰ্থ প্রেমত নিমগ্ন বহুকেইজনে তেওঁৰ কথাত হাত তালি মাৰিলে। দ্বৈপায়নৰ পত্নীয়ে তেওঁৰ হাতত ধৰি ক’লে, “কাইলৈ মাইনাৰ চিকিৎসাৰ বাবে মুম্বাইৰ পৰা চিকিৎসক আহিব; মোৰ বিশ্বাস, উচ্চ চিকিৎসা তথা নিজ দক্ষতাৰে তেওঁ আমাৰ মাইনাক সুস্থ কৰি তুলিব। মোৰ মনৰ আন্ধাৰ এতিয়া দূৰ হ’ল।”

গৃহমুখী যাত্রাত শৰ্মানীৰ কণ্ঠই কবিগুৰুৰ প্রখ্যাত ‘গীতাঞ্জলিৰ’ দুশাৰি পদ্য গাই উঠিল—

“অন্তৰ মম বিকশিত কৰো অন্তৰতৰ হে—
নিৰ্মল কৰো, উজ্জ্বল কৰো, সুন্দৰ কৰো হে।।
জাগ্রত কৰো, উদ্যত কৰো, নির্ভয় কৰো হে।
মঙ্গল কৰো নিৰলস নিঃসংশয় কৰো হে।।”^


* दंष्त्राकराल वदने शिरोमालाविभूषणे।
चामुण्डे मुण्डमथने नारायणि नमोஉस्तुते॥

^ অন্তর মম বিকশিত করো অন্তরতর হে—
নির্মল করো, উজ্জ্বল করো, সুন্দর করো হে॥
জাগ্রত করো, উদ্যত করো, নির্ভয় করো হে।
মঙ্গল করো, নিরলস নিঃসংশয় করো হে॥
যুক্ত করো হে সবার সঙ্গে, মুক্ত করো হে বন্ধ।
সঞ্চার করো সকল কর্মে শান্ত তোমার ছন্দ।
চরণপদ্মে মম চিত নিষ্পন্দিত করো হে।
নন্দিত করো, নন্দিত করো, নন্দিত করো হে॥

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts