স্মৃতিৰেখা ভূঞাৰ কবিতা

গ্ৰীষ্মৰ দুপৰীয়া

গ্ৰীষ্মৰ প্রখৰ ৰ’দত সূৰ্যটো মোৰ কাষ চাপি বহে
ক্ৰমশঃ জ্বলি জ্বলি ছাই হৈ ছাইদানিত জাহ যাওঁ
সমগ্র উপত্যকাটো যেতিয়া মুজুৰা পৰি ৰয়
নৈখনেৰে উজাই আহে ঘাম আৰু দুৰ্গন্ধ
ইমান যে নিৰৱ, নিৰস গ্ৰীষ্মৰ দুপৰীয়া!

খিৰিকীৰে দেখা ওখ আজাৰ আৰু আহঁত গছবোৰে
অৱয়বত কাঠিন্যৰ প্রলেপ সানি অহংভাৱেৰে সূৰ্যক প্ৰত্যাহ্বান জনায়,
সৰু লিহিৰি বনবোৰে লেৰেলি কুঁজা হৈ উচুপে
সান্ত্বনা দিব খুজি পথাৰলৈ যোৱাজনক
সেউজ সাৰৰ গছবোৰে পৰশি যায়
আৰু কাণে কাণে কয়— গ্ৰীষ্ম সদায় নাথাকে।

«

জীৱন এনেকৈয়ে

সকলো কথা বুজাই ক’ব নোৱাৰি
জিভাৰ পাক লাগি উজুটি খায় শব্দই
সেয়েহে আমি নিৰৱতা আৰু গীতক আশ্ৰয় কৰোঁ।
দুখ আৰু অনিশ্চয়তাৰ জঞ্জলীয়া পৰিধি ভাঙি
ভুলৰ বাবে ৰখা ঠাইবোৰ মোহাৰি পেলাওঁ।

সন্দেহবোৰ নিঃসন্দেহে সুৰুঙা বুজি
মগজুৰ কলাবোৰত নিকপকপীয়াকৈ সোমাই পৰে
ঘূণপোকবোৰে কুটি কুটি খায়
সুখ আৰু প্রশান্তিৰ নিৰাপদ সময়
সুখ বিচাৰি বাউলী হয় আকাশ।

তথাপি নিৰৱতা আৰু গীতেৰে
অনুভৱৰ পৃথিৱীখন সজাই পৰাই
নতুনত্বৰ সম্ভাৱনাৰ বীজ ছটিয়াওঁ
শঙ্কাবিহীন আশাৰ কোলাত নিশ্চিন্তে
ওমলাব পাৰোঁ মানুহ হোৱাৰ গৌৰৱ।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz