সত্যেন বৰুৱাৰ কবিতা

প্ৰিয়তমালৈ

দুঃখ আৰু বেদনাৰ মাজত,
তোমাক মই বিচাৰি ফুৰিছোঁ।
আন্ধাৰ নিশা
জোনাকী পৰুৱাৰ পোহৰত
জিলিৰ বেসুৰা চিঞৰ শুনি
মই ভাগৰি পৰিছোঁ।
মোৰ কবিতাবোৰ
মনৰ মাজতে মৰহিছে।

উত্তৰ মেঘলৈ বুলি
তুমি ৰুই যোৱা শেৱালিজোপা,
শৰতত তলভৰি ফুলিছিল,
মোৰ সদায় মনত পৰে
আহাৰৰ প্ৰথম দিনলৈ।
আৰু কোনোবা এটা
মোহনীয় বসন্তত,
কাঞ্জিভৰমৰ গুলপীয়া সাজেৰে
সূৰ্যাস্ত হ’ব খোজা এটা সন্ধিয়াত
তোমাক যে কিমান অপৰূপা দেখাইছিল।
তুমি যেন মোৰ কবিতাৰ
এটি নতুন ৰূপ। এটি নতুন ছন্দ।
মই পাহৰিলো সেইদিনা
মোৰ অস্তিত্ব, মোৰ ভালপোৱাবোৰ
আৰু মোৰ গান।
মই হেৰাই গ’লো তোমাৰ মাজত;
এডাল সোণালী সূতাৰে বন্ধা—
প্ৰিয়তমা,— তোমাৰ খোপাৰ
এপাহি কপৌফুল।
মনত পৰেনে বাৰু?

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar