শান্তনু চাংমাইৰ কবিতা

ৰূপকথা

খোলা হৃদয়ৰ দুৱাৰ
আহিছে ৰূপকথাৰ কোঁৱৰ।
সৌদামিনী তুমি সচ্চৰিত্ৰা
ছটিওৱা মৰমৰ আঁতৰ।

যাঁচি দিয়া বাৰিষা
ঢালি দিয়া বৰষুণ
সানি দিয়া তপত
ওঁঠৰ পৰশ অপৰূপ।

নিঃসাৰ কৰা চেতনা
অৱশ কৰা দেহ-মন।
দুচকুত ফুলৰে ৰেণু
আলফুলে কৰা আলিংগন।

«

সোণতৰা

ঘামেৰে সজা তোৰ এই পঁজা
আজি উৰুঙা উৰুঙা
নাটঘৰৰ চালি আজি দেখোন
উৰুখা উৰুখা
শেন আৰু কোকিলৰ কাজিয়া
তেজেৰে ৰাঙলী মনৰ দৰিয়া
বৰদৈচিলাই নিলেহি উৰুৱাই
তোৰ সেই দিলৰুবাৰ ঠিকনা

মূৰত ঘূৰপাক খায়
তাইৰ বিয়াৰে বাজনা
মন্ত্ৰত আহুতি যায়
তোৰ হিয়াৰে যাতনা

সোণতৰাৰ চকুত ভাহে
কাতৰ প্ৰাৰ্থনা
নিপাত যাওক তোৰ
বুকুৰ আলসুৱা বহনা

কোনো গুণে কম নহৱ তই
বগাবলৈ কিয় দিছ বিষৰে লতিকা
তোৰ দুবাহুত লুইতো থমকি ৰয়
নিপিবি নিপিবি বুলিছোঁ দুখৰে ফটিকা।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz