শাংকৱ চাংমাইৰ কবিতা

বনমালী-তৰাদৈ

১.
আহঁতৰ তলতে
গধুলি পৰতে
তৰাদৈ আছিলে ৰৈ,
বনমালী আহিব
কেঁচাসোণ যাচিব
তাকে নো ভাবিছিল ঐ…

২.
তৰাদৈ: শিৰাই শিৰাই নিৰুত্তাপ তেজৰ চেঁচা সোঁত। চকুৰ গুৰিয়ে ক’লা পৰি জুইত দেই যোৱা কাগজৰ বৰণ লৈছে। আন্ধাৰ নামি আহি বুকুত দকৈ খোপনি পুতিছে। হে নিলাজ জীৱন, কিমান আৰু খেলিবা এই নষ্ট হৈ যোৱা আত্মাৰ সৈতে? ভাগি যোৱা টুকুৰাৰে কিমান দেখুৱাবা অট্টালিকা সজোৱাৰ সপোন? সংগীবিহীনতাৰ দিঠক পাহৰাবা আৰু কিমান মিথ্যা স্বপ্নৰ ৰঙীন বেটুপাত আঁকি? নাটৰ যৱনিকালৈ অপেক্ষা কৰিবলৈ শকতি নাই— অন্ত যে অস্বাভাৱিক নহয়, সেয়াও জানো। প্ৰত্যাগমনৰ কোনো পথ নাই— এটি পাকলগা চক্ৰবেহুৰ মাজত নিঃস্ব হৈ আঠুকাঢ়ি বহি আছোঁ— হাৰি যোৱা মানুহৰ স্তিমিত চকুত নুফুলে কোনো ৰামধেনু; এটাই মাথোন ৰং তাৰ— নীলা।

৩.
বনমালী: মানুহবোৰ সঁচাকৈয়ে আচৰিত ধৰণৰ। ৰামনাম ওঁঠত জপি জপি হানিব পাৰে শেল কলিজাৰ ঠিক মাজখিনিতে। বোবা দৰ্শকৰ দৰে নিশ্চুপ হৈ চাই যাব পাৰে মন্দিৰৰ প্ৰতিমাৰ আগত দিয়া বলি। এটোপাল চকুপানীও নেবাগৰে, নসৰে এটিও দুখৰ নিশ্বাস। উন্মাদ অট্টহাস্যৰ মাতত তল পৰি ৰয় গেঙনি— সৰল প্ৰেমৰ; বলীৰ হাতৰ মুঠিত পেৰ যোৱা সৰিয়হৰ দৰে।

৪.
বনমালী আহিছিল
কেঁচাসোণ আনিছিল
আনিছিল মৰমৰ মৌ,
তোৰে সোণ গাঁৱৰে
মানুহে কাটিলে
বৈয়ে গ’ল তেজৰে ঢৌ…

«

দুটি স্তৱক

১.
তুমি আহাঁ
ধুমুহাৰ দৰে
তছনছ কৰা
কবিৰ বাগিচা
সিঁচি থৈ যোৱা
সোণ ৰূপ হীৰাৰ
এমুঠি কঠীয়া।

২.
মানুহ আহে মানুহ যায়
হাঁহে কান্দে
আৰু ৰচে কবিতা
ধোঁৱা আৰু ধূলিত পোত খায়
কত সপোনৰ বৰপেৰা
হাড় গলি ফচিল হয়
ৰৈ যায় মাথোঁ প্ৰতিধ্বনি
মানুহে কৈ যোৱা কথাবোৰৰ…

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz