সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সন্মুখীন হোৱা ভাষাগত সমস্যাৱলী | হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ উপন্যাস আৰু ইয়াৰ অনূদিত ৰূপ ‘Wings of Desire’-অৰ উল্লিখনসহ

প্ৰকাশ: ৪ জুলাই, ২০১৬ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

hitesh_deka

১.০ প্রস্তাৱনা:
এটা ভাষাত থকা কোনো কথা আন এটা ভাষালৈ নিয়া কাৰ্যই অনুবাদ। সাহিত্যৰ ক্ষেত্ৰত অনুবাদে দুটা ভাষাৰ সাহিত্য আৰু সেই সাহিত্যৰ প্রেক্ষাপটত থকা দুখন সমাজ সংস্কৃতিৰ মাজত এক যোগসূত্র স্থাপন কৰে। অনুবাদৰ সহায়ত এটা বেলেগ ভাষা সংস্কৃতিত সাহিত্যৰ পুনৰ্নিৰ্মাণ কৰা হয়। অনুবাদৰ যোগেদি এটা ভাষাৰ পৰা আন এটা ভাষাৰ সাহিত্য-সংস্কৃতি সমৃদ্ধ হয় তথা জ্ঞানৰ পৰিসৰ বিস্তৃত হয়। সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত অনুবাদকে মূল পাঠৰ ভাষা (source language) হৃদয়ঙ্গম কৰিব পাৰিব লাগিব আৰু যিটো ভাষালৈ অনুবাদ কৰিব, সেই ভাষাটোত (Target language) মূল পাঠৰ মর্মার্থ ফুটাই তুলিব পাৰিব লাগিব। সকলো ভাষাৰে নিজা নিজা বৈশিষ্ট্য থাকে। সেই বৈশিষ্ট্যসমূহ বুজিব পৰা অনুবাদকৰ অনুবাদে সার্থক ৰূপ লাভ কৰে। সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত আক্ষৰিক অনুবাদৰ লগতে সাৰানুবাদৰ প্রয়োজন হয়। অনুবাদকে মূল গ্রন্থৰ সকলো সাৰমৰ্ম স্পষ্টকৈ উপলব্ধি কৰি সেই মর্ম লক্ষ্য ভাষাত (Target language) মূলৰ পৰা বেলেগ নোহোৱাকৈ অনুবাদ কৰিব লাগে। এনে ক্ষেত্ৰত অনুবাদকজন দুয়োটা ভাষাতে যথেষ্ট আধিপত্য থকা সাহিত্যৰ গুণগ্রাহী ব্যক্তি হ’ব লাগে। ভাষাগত দক্ষতাৰ লগতে অনুবাদকজনৰ আত্মনিয়ন্ত্রণ থাকিব লাগিব। তেওঁ অনুবাদত নিজা সংযোগ কৰিলেও তাৰ আধিক্যই মূল ৰূপক ঢাকি ৰাখিব নোৱাৰিব। মূলপাঠৰ ভাষাগত, ভাবগত সকলো বৈশিষ্ট্য তেওঁ লক্ষ্য ভাষাটোত ৰাখিব লাগিব। গতিকে অনুবাদকজনৰ সৃষ্টিশীল প্রতিভাও থাকিব লাগিব। এনে ক্ষেত্ৰত অনুবাদ পৰিণত হয় অনুসৃষ্টিত। (কৰবী ডেকা হাজৰিকা, ‘তুলনামূলক সাহিত্য আৰু অনুবাদ-কলা’, পৃষ্ঠা- ৭৮) বর্তমান সময়ত সাহিত্যৰ অনুবাদ অতি গুৰুত্বপূর্ণ বিষয়। বর্তমান মানুহে বিভিন্ন সমাজৰ সাহিত্য সম্পর্কে জানিব বিচাৰে। এই ক্ষেত্ৰত অনুবাদে বিভিন্ন সাহিত্য আৰু বিভিন্ন মনৰ মাজত এক যোগসূত্ৰৰ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।

সাহিত্যৰ অনুবাদ সম্পর্কে ইংৰাজী ভাষাত যথেষ্ট চিন্তা-চৰ্চা হৈছে। অসমীয়া সাহিত্যত এই সম্পর্কে কিছু আলোচনা হৈছে যদিও সেয়া পর্যাপ্ত নহয়। অনুবাদকৰ কাৰণে সাহিত্যৰ অনুবাদ এক প্রত্যাহ্বানস্বৰূপ। সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত অনেক সমস্যা আছে। এই সম্পর্কে গৱেষণাৰ থল আছে। এই আলোচনাত সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত অনুবাদকে সন্মুখীন হোৱা ভাষাগত সমস্যাৱলী সম্পর্কে আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে। এই ক্ষেত্ৰত আমি হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ উপন্যাস আৰু ইয়াৰ অনূদিত ৰূপ ‘Wings of Desire’-ৰ উল্লিখনেৰে সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত অনুবাদকে সন্মুখীন হোৱা ভাষাগত সমস্যাৰ কথা আলোচনা কৰিম।

Ajir-Manuh-Hitesh-Deka২.০ ‘আজিৰ মানুহ’ উপন্যাসৰ চমু আভাস:

অসমীয়া সাহিত্যৰ এজন লেখত ল’বলগীয়া সাহিত্যিক হিতেশ ডেকাৰ এখন অনুপম উপন্যাস ‘আজিৰ মানুহ’। ১৯৫২ চনত ৰচনা কৰা এই উপন্যাসখনিত লেখকে তদানীন্তন সমাজৰ সঁচা স্বৰূপ প্রতিফলিত কৰিছে। সমাজৰ এচাম তথাকথিত ধনী, শোষক শ্রেণীৰ হাতত লাঞ্ছিত, শোষিত, নিম্পেষিত এচাম দৰিদ্র প্রজাৰ দুখ-দুৰ্গতিৰ কৰুণ চিত্র উপন্যাসখনিত প্রতিফলিত হৈছে। সমাজ জীৱনৰ ঘাত-প্রতিঘাতৰ লগত যুঁজিবলৈ সক্ষম হোৱা শিক্ষিত ডেকা প্রতাপে ধনী শহুৰেকৰ তলতীয়া হোৱা নাই, তথাকথিত আধুনিক পত্নী বীণাপাণিৰ ওচৰত নিজকে সঁপি দিয়া নাই। সৰুৰে পৰা ককায়েক মাধৱ আৰু বৌৱেক কল্যাণীৰ মৰমৰ মাজত ডাঙৰ হোৱা প্রতাপে ভাল পাইছিল ককায়েকৰ খুলশালীয়েক নীলিমাক। কিন্তু ককায়েকৰ আদেশমতে প্রতাপে ধনী মহাজন গোপীকান্ত বৰুৱাৰ জীয়েক বীণাপাণিক বিয়া কৰাই সুখী জীৱন যাপন কৰিব পৰা নাই। বীণাই গাঁৱলীয়া পৰিৱেশত মিলিব নোৱাৰি পিতাকৰ ঘৰলৈ গুচি গৈছে। প্রতাপেও বীণাৰ অভিমান ভাঙি শহুৰেকৰ ঘৰৰ পৰা তেওঁক লৈ নাহিল। শেষত স্বাভাৱিক অৱস্থাৰ মাজেৰে দুয়োৰে বিচ্ছেদ ঘটিছে। প্রতাপৰ বৈবাহিক জীৱনৰ আৰম্ভণিতে কেনা লাগিছে যদিও তেওঁ মানসিক শক্তি হেৰুওৱা নাই। বন্ধু মহেশৰ আদৰ্শৰে অনুপ্রাণিত হৈ দুখীয়া খেতিয়কৰ মাজত নিজকে বিলাই দি সমবায় পদ্ধতিত বিজয় লক্ষ্মী ফার্ম খুলি খেতিয়কসকলক সহায় কৰিছে। উপন্যাসখনত ধনী-দুখীয়াৰ সংঘাতৰ লগে লগে আধুনিক সমাজৰ সমস্যা সম্পর্কে প্রতাপৰ মনোভাৱ প্রকাশ হৈছে। শেষত প্রতাপৰ প্রতি নীলিমাৰ নিস্বার্থ প্রেমৰ প্রকাশ, নীলিমাৰ সাহস, স্পষ্টবাদিতা, প্রতাপ-নীলিমাৰ মিলনৰ মাজেৰে উপন্যাসখনৰ কাহিনীভাগৰ অন্ত পৰিছে। ঔপন্যাসিকে সুন্দৰ প্রকাশভঙ্গীৰে, ৰচনাৰ মাধুর্যৰে উপন্যাসখনিৰ কাহিনীভাগ পাঠকৰ হৃদয়গ্রাহী কৰি তুলিছে। হিতেশ ডেকাৰ আজিৰ মানুহ উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে পৰাগ দাসগুপ্তই। অনূদিত ৰূপটোৰ নামকৰণ কৰিছে ‘Wings of Desire’ নামেৰে। নামকৰণটো আক্ষৰিক অনুবাদ নহয়, প্রতীকাত্মক। অনুবাদকৰ ভাষাৰে— “The title of the translated version has also been deliberately coined to bring it out of its antique context and to give it a modern look.”। অৰ্থাৎ অনুবাদকে নামকৰণৰ ক্ষেত্ৰত প্ৰাচীন পৰিপ্ৰেক্ষিতৰ পৰা আধুনিক দৃষ্টিভঙ্গী গ্রহণ কৰিছে। ২০১১ চনত প্রকাশিত এই অনূদিত উপন্যাসখন অনুবাদক দাসগুপ্তাই মূলানুগ কৰিবলৈ চেষ্টা কৰিছে। সমাজ জীৱনৰ ঘাত-প্রতিঘাতৰ লগত যুঁজাৰ যি মানসিক দৃঢ়তা, সাহস প্রতাপৰ চৰিত্ৰত দেখা গৈছে আৰু লগতে মহেশৰ সমাজ পৰিৱর্তনকামী মনোভাৱ উপন্যাসখনত প্রতিফলিত হৈছে তাকে বোধহয় Wings of Desire অর্থাৎ ইচ্ছাৰ ডেউকা বা বাসনাৰ ডেউকা নামেৰে অভিহিত কৰিব বিচাৰিছে।

৩.০ সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৱলী:
সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত ইংৰাজীৰ পৰা অসমীয়ালৈ তথা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰোঁতে যথেষ্ট অসুবিধা পৰিলক্ষিত হয়। অসমীয়া ভাষাৰ দুই বা ততোধিক বাক্যৰ অনুবাদ ইংৰাজী ভাষাৰ একেটা বাক্যতে সুমুৱাব পাৰি, কিন্তু ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁতে একোটা বাক্য একাধিক অসমীয়া বাক্যলৈ অনুবাদ কৰিব লগা হয়; তেতিয়াহে ইংৰাজী বাক্যশাৰীৰ ভাব স্পষ্ট হয়। উপন্যাস অনুবাদৰ ক্ষেত্ৰত দেখা যায় যে ইংৰাজীৰ পৰা অসমীয়া নাইবা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰোঁতে কিছুমান অনুচ্ছেদৰ সাৰ্থক অনুবাদ কৰিব পৰা নাযায়। এই ক্ষেত্ৰত সাৰানুবাদৰ আশ্রয় ল’ব লগা হয়।

সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৱলীক এনেধৰণে দেখুৱাব পাৰি—

৩.১ জতুৱা ঠাঁচৰ ক্ষেত্ৰত:
জতুৱা ঠাঁচেই হ’ল ভাষাৰ প্রকৃত প্রাণ। জতুৱা ঠাঁচতেই ভাষাৰ চালিকাশক্তি অন্তর্নিহিত হৈ থাকে। জতুৱা ঠাঁচবিলাক অনুবাদ কৰিলে মূলৰ সৌন্দর্য ম্লান হয়। অনুবাদৰ মাজেৰে ভাব প্রকাশ পালেও তাত মূলৰ আবেদন নাথাকে। উদাহৰণস্বৰূপে, ‘আজিৰ মানুহ’ উপন্যাসত গোপীকান্ত বৰুৱাই গাঁৱৰ সাধাৰণ খেতিয়ক প্রজাক কৈছে— “তহঁতক মই কোনোমতে নাৰাখোঁ। তহঁত আঁতৰি যা। কিন্তু যোৱাৰ আগতে মোৰ প্রাপ্য মোক দি যাবি, নহ’লে তহঁতক মই নালে পাতে বাইম। তহঁতৰ ফুটনি মাৰিম। পানীত হাঁহ নচৰা অৱস্থা কৰিম মই। বাপেৰহতৰ বুদ্ধি শুনি তহঁতে মোক জুলুম কৰিছ মই তাৰ পোটক তুলিম।” (পৃষ্ঠা-৩২)

এই কথাখিনি ‘Wings of Desire’-অত আছে— ‘‘I shall not retain you. Go away all of you. But pay me my due before you leave, or else I will teach you a very sound lesson. I will make you pay for your impertinence. (p-33) মূলৰ কথাসমূহ অনূদিত গ্রন্থত প্রকাশ পাইছে। কিন্তু মূলত থকা অসমীয়া ভাষাৰ জতুৱা ঠাঁচবিলাকৰ সৌন্দর্য অনুবাদত ফুটি উঠা নাই।

৩.২ প্ৰৱচনৰ ক্ষেত্ৰত:
কোনো এটা ভাষাৰ প্রকৃত স্বৰূপ লুকাই থাকে ভাষাটোৰ প্রবাদ-প্ৰৱচনৰ মাজত। প্রবাদ-প্ৰৱচনৰ উপযুক্ত প্রয়োগে কোনো ভাষাৰ গদ্যক এক স্বকীয় মর্যাদা প্রদান কৰে। এটা ভাষাৰ প্ৰৱচনবোৰ অন্যভাষালৈ অনুবাদ কৰা কঠিন কাম। কিয়নো এই বিলাক হ’ল জাতীয় জীৱনৰ সঞ্চিত অভিজ্ঞতাৰ প্রতীক। এটা ভাষাৰ লগত সেই ভাষাৰ প্রেক্ষাপটত থকা সমাজ-সংস্কৃতি, জাতীয় জীৱন জড়িত হৈ থাকে। এটা জাতিৰ জাতীয় জীৱনৰ পৰা অন্য এটা জাতিৰ জাতীয় জীৱন সুকীয়া। গতিকে জাতীয় জীৱন প্রতিফলিত কৰা প্ৰৱচনবোৰ অন্যভাষালৈ অনুবাদ কৰাটো দুৰূহ কাম। উদাহৰণস্বৰূপে, ‘আজিৰ মানুহ’ উপন্যাসত ‘’আলচা কাম নহয় সিদ্ধি বাটত আছে কণাবিধি’’ (পৃষ্ঠা- ২৮)— এই প্ৰৱচনটোৱে গোপীকান্ত বৰুৱাৰ মনৰ চিন্তা, উদ্বিগ্নতা দুগুণে বঢ়াই তোলাত সহায় কৰিছে। কিন্তু অনুবাদত এই প্ৰৱচনটোৰ সাৰভাগৰো উল্লেখ নাই। এইখন উপন্যাসতে থকা আন দুটা প্ৰৱচন— ‘দাঁত নোহোৱা সাপৰ ফোঁচফোঁচনিয়ে সাৰ’ (পৃষ্ঠা-৯২) আৰু ‘স্বৰগলৈ গ’লেও যে ঢেকীয়ে ধান বানিব লাগে’ (পৃষ্ঠা- ১২৮)ৰ উল্লেখ ‘Wings of Desire’-অত নাই। কিন্তু আন এটি প্ৰৱচন— ‘যেনে কর্ম তেনে ফল…’ (পৃষ্ঠা -৯২)ৰ অনুবাদ ‘As one sows, so one reaps’ (p-93) ৰূপে উল্লেখ কৰিছে।

৩.৩ অলংকাৰৰ ক্ষেত্ৰত
অলংকাৰে ভাবক সুদৃঢ় আৰু মনোৰম কৰি ভাষাৰ নান্দনিকতা বঢ়াই তোলে। ঔপন্যাসিক হিতেশ ডেকাই তেওঁৰ উপন্যাসত অনুপ্রাস অলংকাৰ, উপমা অলংকাৰ আদিৰ প্রয়োগ উপযুক্তভাৱে কৰিছে। যেনে—

অনুপ্রাস অলংকাৰ: কোনো এটা বাক্যত এটা বর্ণ বা বর্ণসমষ্টি যদি বাৰে বাৰে ব্যৱহৃত হয় তেতিয়াই অনুপ্রাস অলংকাৰ হয়। ‘আজিৰ মানুহ’ উপন্যাসত ইয়াৰ উদাহৰণ— তিৰীহীন গিৰী যায় হত চিৰি। (পৃষ্ঠা- ১২১) ইয়াত ই চাৰিবাৰ, ঈ’ তিনিবাৰ, ‘ৰ’ তিনিবাৰ প্রয়োগ কৰিছে। এনেদৰে বৰ্ণবোৰ বাৰে বাৰে ব্যৱহাৰ হোৱা বাবে অনুপ্রাস অলংকাৰ হৈছে।

উপমা অলংকাৰ: দুটা বস্তুৰ সাদৃশ্য তুলনা কৰিবলৈ উপমা অলংকাৰ ব্যৱহাৰ হয়। উপন্যাসখনত গোপীকান্ত বৰুৱা আৰু জীয়েক বীণাপাণিৰ প্ৰসংগত বুঢ়া ধনায়ে প্রতাপক কৈছে– “বৰুৱা এলাপেচা মানুহ নহয় বোপা, স্বয়ং কালীনাগ আৰু জীয়েক হৈছে স্বয়ং বিষহৰি।” (পৃষ্ঠা – ৯২) ইয়াত বৰুৱা আৰু বীণাপাণিৰ চৰিত্ৰত ‘কালীনাগ’ আৰু বিষহৰি’ উপমাৰ প্রয়োগ কৰা হৈছে। তদুপৰি অধ্যায় আঠাইশত প্রতাপৰ মুখৰ ধাৰৰ লগত পৰশুৰামৰ কুঠাৰৰ উপমা অনা হৈছে— “তাই জানে প্রতাপৰ মুখ যে পৰশুকুঠাৰ।” (পৃষ্ঠা -৮৯) ইংৰাজী অনুবাদত অনুবাদকে উক্ত অলংকাৰপূৰ্ণ কথাসমূহ বাদ দিছে। এটা ভাষাৰ অলংকাৰপূৰ্ণ কথাসমূহ অনুবাদ কৰোঁতে অনুবাদক সমস্যাৰ সন্মুখীন হয়।

৩.৪ চৰিত্ৰৰ স্পষ্টতা ফুটাই তোলাৰ ক্ষেত্ৰত:
উপন্যাসত চৰিত্ৰৰ মুখৰ ভাষাই চৰিত্ৰসমূহৰ ব্যক্তিত্ব ফুটাই তোলে। এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰোঁতে চৰিত্ৰসমূহৰ মুখৰ ভাষা সলনি হয়। এনেক্ষেত্ৰত চৰিত্ৰ উজলাই তুলিব পৰা উপযুক্ত শব্দ অনুবাদত ব্যৱহাৰ নকৰিলে মূল চৰিত্ৰৰ বিকাশত প্রতিবন্ধকতাৰ সৃষ্টি হয়। মূলত ব্যৱহাৰ কৰা শব্দৰ সমপর্যায়ৰ শব্দ অনূদিত ভাষাটোত ব্যৱহাৰ কৰিব লাগে। সাহিত্যৰ অনুবাদত ই যথেষ্ট গুৰুত্বপূর্ণ কাম। উদাহৰণস্বৰূপে, আজিৰ মানুহ উপন্যাসত প্রতাপৰ চৰিত্ৰৰ ব্যক্তিত্বত ৰসিকতা ফুটি উঠিছে। প্রতাপৰ কথা কোৱাৰ ধৰণে পাঠকক আমোদ যোগাইছে। কিন্তু ‘Wings of Desire’-অত সেই ৰসিকতা কিছু পৰিমাণে লুপ্ত হৈছে। সপ্তম অধ্যায়ত নীলিমাই ভাত ৰন্ধা প্রসংগত বৌৱেকৰ মাকক প্রতাপে ৰসিকতা কৰি এষাৰ কথা কৈছে— “বিশেষকৈ যদি আঞ্জা সোৱাদ হয় আই, তেন্তে মোৰ মতে তেওঁ বামুণৰ জাত। তাৰ কথা শুনি সকলো কেইজনে হাঁহি দিলে। প্রতাপে আকৌ ক’লে— তাৰ উপৰি আপদত নিয়ম নাস্তি, পানী নহ’লে বালিয়ে স্বস্তি। কোনো প্ৰকাৰে কাম চলিলেই হ’ল।” (পৃষ্ঠা-২১) ‘Wings of Desire’-অত— “If the curry tastes good, then the cook automatically becomes a high caste person. It’s the food that matters, not the person who prepares or serves it. (p-21)

আৰু পঢ়ক:  নগাঁৱত সাহিত্য চর্চা: মাধৱ কন্দলীৰ পৰা মহিম বৰালৈ

একাদশ অধ্যায়ত সৰযু আৰু প্রতাপৰ কথোপকথনত প্রতাপৰ ৰসিক চৰিত্ৰ ফুটি উঠিছে। প্রতাপে সৰযুক কৈছে— “ শুনা সৰযু, কল পকিলে সোৱাদহে হয়। তুমি যেতিয়া ভাটৌৱে মাত শিকাৰ দৰে বক্র কথাবোৰ শিকিব ধৰিছা, মোৰে মঙ্গল; কাৰণ ভৱিষ্যতে মোৰ শিষ্যা হ’বৰ সম্ভাৱনা। পিছে ব’লা, তোমাৰ ভকতীয়া দৰৰ চাউলমুঠিৰ দিহা লগাওঁ।”(পৃষ্ঠা-৩৩) ‘Wings of Desire’-অত আছে— When the banana ripens, it becomes sweet and likewise, it is good for me that you have also learnt the art of making intelligent remarks. It is good for me, for you can be my disciple in future by virtue of this qualification. Now, let us go and let me make good use of the food you’ve made. (p-34) ইংৰাজী অনুবাদত মূল কথাখিনি যথাযথ ৰূপত প্রকাশ কৰিছে কিন্তু প্রতাপৰ চৰিত্ৰৰ ৰসিকতা স্পষ্ট ৰূপত ফুটি উঠা নাই।

৩.৫ সমাজ সংস্কৃতিৰ লগত জড়িত শব্দসমূহৰ ক্ষেত্ৰত:
প্ৰত্যেক জাতি-জনগোষ্ঠীৰে নিজা সমাজ-সংস্কৃতি আছে। এইবোৰৰ লগত জড়িত বিভিন্ন শব্দ আছে। অনুবাদ কাৰ্যই দুটা ভাষাৰ দুখন সমাজৰ সংস্কৃতিৰ প্রতিফলন ঘটায়। এটা ভাষাৰ সংস্কৃতি প্রকাশক বিভিন্ন শব্দ অনুবাদৰ জৰিয়তে অন্য এটা ভাষালৈ নিয়া হয়। এনে কৰোঁতে এখন সমাজৰ সংস্কৃতি প্রকাশক শব্দসমূহ অন্য এখন সমাজৰ বাবে পৰিচিত নহ’বও পাৰে। সেই শব্দসমূহ অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদক সমস্যাৰ সন্মুখীন হয়। উদাহৰণস্বৰূপে, ‘আজিৰ মানুহ’ উপন্যাসত প্রতাপৰ ককায়েক মাধৱে কৈছে— “বৰষুণ গ’লে জাপিৰ দৰ্কাৰ নাই।” (পৃষ্ঠা – ১০৪) ‘Wings of Desire’-অত আছে— “No need to open the umbrella after the rain stops” (P-104)। ইয়াত অসমীয়া সংস্কৃতিৰ জাপিৰ ইংৰাজী প্রতিশব্দ umbrella কৰিছে। কিন্তু জাপি আৰু ছাটি একে নহয়। ইংৰাজী ভাষা কোৱা সমাজখনত যিহেতু জাপিৰ ব্যৱহাৰ নাই, সেয়ে জাপিৰ প্রতিশব্দ উলিয়াবলৈ অসুবিধা হয়। ঠিক তেনেদৰে ঢেঁকী (পৃ-১২৮) , তাঁতশাল (পৃ-৬৬) আদি শব্দৰ প্রতিশব্দ অনূদিত গ্রন্থত পাবলৈ নাই।

৩.৬ দীঘল বাক্য অনুবাদ কৰাৰ ক্ষেত্ৰত:
মূলত থকা দীঘল বাক্য অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদক সমস্যাৰ সন্মুখীন হয়। অনুবাদকে মূলৰ ঠাঁচ অক্ষুণ্ণ ৰাখি দীঘল বাক্য অনুবাদ কৰাটো জটিল কাম। তদুপৰি কিছুমান দীঘল বাক্য অনুবাদকে অনুবাদ নকৰাকৈ এৰিও দিয়ে। ই মূলৰ সৌন্দর্যও নষ্ট কৰে। উদাহৰণস্বৰূপে, “এফালে পেটত খাবলৈ এমুঠি অন্ন নাই— বাটে বাটে সহস্র মানুহে দুৰ্বাসা হৈ ফুৰিব লগাত পৰিছে আৰু আনফালে মটৰ, ৰেডিঅ’ লৈ অট্টালিকা সাজি ধনৰ জয়গান গাবলৈ কল্পনা কৰিছে। এফালে ক্ষুধিত নৰকঙ্কাল আৰু আনফালে আভিজাত্যৰ চৰম সার্থকতা। কোনোৱে তল গৈছে আটলাণ্টিকৰ অতল তলিত আৰু কোনোৱে সাজিছে তাৰ সৌধ গগণস্পর্শী গৌৰীশঙ্কৰৰ উচ্চ চূড়াত। এয়ে কুৰি শতিকাৰ সভ্য, ভদ্র দুনীয়া।” (পৃষ্ঠা – ২৯) ‘Wings of Desire’-অত আছে— ‘‘On the one hand, some people go starving while on the other, some think of building, radios and cars. Hungry human skeletons on one side and the vanity on the rich on the other. This is the cultured and civilized society of the twentieth century.’’ (p -29)। ইয়াত “কোনোৱে তল গৈছে আটলাণ্টিকৰ অতল তলিত আৰু কোনোৱে সাজিছে তাৰ সৌধ গগণস্পশী গৌৰীশঙ্কৰৰ উচ্চ চূড়াত”— বাক্যশাৰী এৰি দিয়াৰ বাবে মূলৰ সৌন্দর্য হানি হৈছে।

৩.৭ বিশিষ্ট ব্যক্তিৰ নামেৰে অনা ব্যঞ্জনাৰ ক্ষেত্ৰত:
সৃষ্টিশীল সাহিত্যত এখন সমাজৰ বিশিষ্ট ব্যক্তিৰ নামেৰে ব্যঞ্জনা আনিলে সেই ব্যঞ্জনা অন্য এটা ভাষালৈ অনুবাদ কৰিবলৈ কঠিন হৈ পৰে। উদাহৰণস্বৰূপে, ‘আজিৰ মানুহ’ উপন্যাসত প্রতাপে ধনী, শোষক শহুৰেক গোপীকান্ত বৰুৱাৰ বিষয়ে আঘণুৰ আগত কৰা মন্তব্য— “শহুৰ বুলি নহয়, ধনী মানুহ বুলিহে খাতিৰ কৰিব লাগিছিল। শুনক, ধন থকা বাবে অযথা আপোনালোকে ধনীত আৰোপ কৰে। তাৰ বাবে সিহঁত হৈ উঠে মহা অত্যাচাৰী; ধন আছে বুলিয়ে সিহঁতে সন্মানৰ অধিকাৰী ; গতিকে সহস্র অন্যায় কাম কৰি হ’লেও সিহঁতে ধন গোটায়; কাৰণ অসৎ উপায়ে আজি ধনী হ’ব পাৰিলেও সিহঁতে সন্মান পায়। কিন্তু ঠাই বিশেষে তাৰ ব্যতিক্রম হয় দেখি সিহঁত হৈ উঠে বিশ্বামিত্র। বিশ্বামিত্ৰকতো স্বয়ং হৰিশ্চন্দ্রয়ো সন্তুষ্ট কৰিব নোৱাৰিলে, আমি কোন ছাৰ?” (পৃষ্ঠা -৯৩)

imgএই কথাখিনি ‘Wings of Desire’-অত আছে— “Yes, I should have shown him respect not because he is my father-in-law but because he is rich,” Pratap says, “Look here, because you honour a person for being rich, so he becomes an oppressor and exploiter and he commits all kind of offences. You see ,the rich want to subjugate all with their wealth but they do not know that there is one thing which cannot be purchased.” (p 93-94)

মূলত ভাৰতীয় ঐতিহ্যৰ বিশ্বমিত্ৰ ঋষি, ৰজা হৰিশ্চন্দ্ৰৰ উল্লেখ আছে, অনূদিত ৰূপত ইয়াৰ উল্লেখ নাই। বিশ্বমিত্র ঋষি, ৰজা হৰিশ্চন্দ্ৰৰ উল্লেখে মূলত ব্যঞ্জনাৰ সৃষ্টি কৰিছে। খঙাল ঋষি বিশ্বমিত্রক যিদৰে ৰজা হৰিশ্চন্দ্রয়ো সন্তুষ্ট কৰিব পৰা নাছিল, ঠিক তেনেদৰে গোপীকান্তৰ দৰে মানুহক প্রতাপ বা আঘণুয়ে কি সন্তুষ্ট কৰিব। বিশ্বমিত্ৰ ঋষি, ৰজা হৰিশ্চন্দ্ৰৰ বিষয়ে অনূদিত ভাষাটোত পৰিচয় থাকিলেহে সেই ভাষাটোলৈ এই শব্দ দুটা নিব পৰা হ’ব।

৩.৮ ব্যঙ্গাত্মক প্রকাশভঙ্গীৰ ক্ষেত্ৰত:
এটা ভাষাত থকা ব্যঙ্গাত্মক প্রকাশভঙ্গী অন্য এটা ভাষালৈ অনুবাদ কৰোঁতে অনুবাদক সমস্যাৰ সন্মুখীন হয়। উদাহৰণস্বৰূপে, ‘আজিৰ মানুহ’ উপন্যাসত প্রতাপে শহুৰেক গোপীকান্ত বৰুৱাক তিৰস্কাৰ কৰি আঁতৰাই পঠিওৱাৰ পাছত ধনায়ে চিন্তা কৰি কৈছে— “তেওঁতো খং কৰি প্রতিজ্ঞা কৰিয়েই গ’ল। কি যে হয় তাক ভগৱানেহে জানে।” (পৃষ্ঠা- ৯৩) তেতিয়া প্রতাপে কৈছে— “দাঁত নথকা সাপৰ ফোঁচফোঁচনিয়েই সাৰ। বুঢ়া মানুহ। তাৰ উপৰি সাপৰ বিষ যাৰে তাৰে গাত নালাগে নহয়। মানুহৰ গাত লাগে, কিন্তু নেউলৰ গাত নালাগে আৰু লাগিলেও নেউল নমৰে। চিন্তা কৰিছে কিয়?” (পৃষ্ঠা- ৯৩) প্রতাপৰ এই উক্তিত ব্যঙ্গাত্মক ভাব প্রকাশ পাইছে। গোপীকান্তৰ দপদপনিক প্রতাপে ভয় কৰা নাই। গোপীকান্তক তেওঁ দাঁত নথকা সাপৰ লগত তুলনা কৰিছে আৰু নিজকে নেউলৰ লগত তুলনা কৰিছে। অর্থাৎ গোপীকান্তই মুখেৰে দপদপালেও প্রতাপক যে একো কৰিব নোৱাৰে, এই ভাব উক্তিটোত প্রকাশ পাইছে। ‘Wings of Desire’-অত এই ব্যঙ্গাত্মক প্রকাশভঙ্গীৰ উল্লেখ নাই। এই গ্রন্থত আছে— “Dhonai says in a thoughtful mood, Didn’t you see how he was cursing and threatening all of us? God only knows that what will happen now.”
“Donot worry, old man,” pratap assures him, “he cannot do anything to us.” (p 94)

৪.০ সমাধানৰ উপায়:
এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ অনুবাদ কৰোঁতে ভাষাগত দিশত অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হয়। এই সমস্যাসমূহ সমাধানৰ কাৰণে যথেষ্ট চিন্তা-চৰ্চাৰ থল আছে। আমাৰ দৃষ্টিভঙ্গীৰে সমাধানৰ দুটা উপায় তলত উল্লেখ কৰা হ’ল—

৪.১ অসমীয়া ভাষাত অনেক জতুৱা ঠাঁচ, খণ্ডবাক্য আছে। এইবোৰে অসমীয়া ভাষাৰ চহকী ৰূপটো প্রকাশ কৰে। এইবোৰ পণ্ডিতসকলে উপযুক্ত ভাব প্রকাশ কৰিব পৰাকৈ, মূলৰ সৌন্দর্য ম্লান নোহোৱাকৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিব লাগে। এই কাম এজন ব্যক্তিয়ে কৰাতকৈ কর্মশালাৰ জৰিয়তে সমূহীয়াভাৱে কৰিলে নিশ্চয় এনে সমস্যাৰ কিছু সমাধান হ’ব।

৪.২ মূল ভাষাৰ সমাজত থকা কিছুমান শব্দ অনূদিত ভাষা ব্যৱহাৰ হোৱা সমাজখনত নাথাকিব পাৰে। উদাহৰণস্বৰূপে, ফল, ফুল, চৰাই ইত্যাদিৰ কথা ক’ব পাৰি। এনে ক্ষেত্ৰত অনুবাদকে পাদটীকা ব্যৱহাৰ কৰিব পাৰে। বিশিষ্ট ব্যক্তিৰ নামেৰে অনা ব্যঞ্জনাৰ ক্ষেত্ৰতো পাদটীকা ব্যৱহাৰ কৰিব লাগে।

৫.০ উপসংহাৰ:
সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত অনেক সমস্যা থাকিলেও বর্তমান সার্থক অনুবাদ নোহোৱাকৈ থকা নাই। এই ক্ষেত্ৰত অনুবাদকজনৰ ভূমিকা অতি গুৰুত্বপূর্ণ। অনুবাদকজনে অনুবাদ কাৰ্যৰ প্রতি আন্তৰিকতা তথা নিষ্ঠা সহকাৰে উপযুক্ত অনুবাদ পদ্ধতিৰে অনুবাদ প্রক্রিয়া আগবঢ়াই নিব লাগিব। মূল ভাষাৰ পৰা অন্য এটা ভাষালৈ অনুবাদ কৰোঁতে সেই অনুবাদ সেই ভাষাভাষীৰ বাবে পঠনযোগ্য, মনোগ্রাহী তথা মূলৰ প্রতিনিধিত্বমূলক হ’ব লাগিব। অনুবাদক এজন ভাষাগতভাৱে সকলো দিশৰ পৰা শুদ্ধ, শব্দভাণ্ডাৰৰ ক্ষেত্ৰত সমৃদ্ধ, ভাষাৰ জতুৱাঠাঁচ সম্পর্কে জ্ঞাত আৰু তেওঁৰ ৰচনাশৈলী উন্নত হোৱা প্রয়োজন। তদুপৰি যি অনুবাদ সাহিত্য পঢ়িলে অনুবাদ যেন নালাগে, মৌলিক সৃষ্টি যেনহে লাগে এনেভাৱে অনুবাদকজন কার্যশীল হ’ব লাগিব।

গ্রন্থপঞ্জী:
১. কটকী, প্রফুল্ল: তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ, জ্যোতি প্রকাশন, গুৱাহাটী, দ্বিতীয় প্রকাশ, নৱেম্বৰ ২০০২
২. ডেকা, হিতেশ: আজিৰ মানুহ, চন্দ্র প্রকাশ, গুৱাহাটী, ত্রয়োবিংশ সংস্কৰণ, ২০০৯
৩. ডেকা হাজৰিকা, কৰবী: তুলনামূলক সাহিত্য আৰু অনুবাদ কলা, বনলতা, ডিব্ৰুগড়, প্রথম প্রকাশ, এপ্রিল ২০০৩
৪. মহন্ত বেজবৰা, নীৰাজনা: অনুবাদ- তত্ত্ব আৰু প্রয়োগ, বনলতা, ডিব্ৰুগড়, দ্বিতীয় প্রকাশ, এপ্রিল ২০১১
6. Dasgupta, Parag (translator): Wings of Desire, Chandra Prakash, Guwahati, 1st publication, 2011


ছবি ১: হিতেশ ডেকা,  উৎস: অসম সাহিত্য সভাৰ আনুষ্ঠানিক ৱেবচাইট।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts