ৰূপান্তৰৰ গদ্য

এজোপা বৰগছ ৰুই দিলা মোৰ বুকুত
এতিয়া মই ছাঁ আৰু প্ৰেমৰ নামত উৎসৰ্গিত হ’ম

চকুপানীৰে বোকাময় হৈ থকা বুকুৰ পথাৰখনৰ
সীৰলুৱে সীৰলুৱে
বীজ সিঁচি দিলা
এতিয়া মই বহুতৰ আশা-প্ৰত্যাশাৰ বাহক হ’ম

শান্ত সমাধিত বুকুৰ নৈখনত
আবেগৰ বান আনি দিলা
এতিয়া মই জীৱনৰ মোহনাত পলস পেলাই উৰ্বৰা হ’ম

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

2 Comments on "ৰূপান্তৰৰ গদ্য"

avatar
Sort by:   newest | oldest | most voted
ৰাজেন দাস
Guest
ৰাজেন দাস

বৰ সুন্দৰকৈ ভাৱটো ওলাইছে.

Kishor kumar Goswami
Guest

কম কথাত সুন্দৰ প্ৰকাশ @মিতালী ভট্টাচাৰ্য

wpDiscuz