ৰাজ প্ৰতিম গগৈৰ কবিতা

কবিতা

কিছু সপোন আৰু ভাৱনা
তাতে নিহিত মনৰ বাসনা,
কথাবিলাক গুপুতে তাতেই থাকিবলৈ দিয়া
কোনোদিনে ৰাজহুৱা নকৰিবা।
নহ'লে মৰীচিকাৰ দৰে অন্তৰ্নিহিত খন্তেকীয়া সুখ
সোমাই যাব এটুপি পানী
যেন মহাসাগৰৰ মাজলৈ।
কথা ক'লে বঁটা পায়
কথা ক'লে গতা খায়,
পিছল ৰাস্তাত পৰিলে
তোমাক তুলিবলৈ আজি কোনো নাই।
পাহৰণিৰ গৰ্ভলৈ সকলো সোমাই গৈছে
ক্ৰমে গভীৰৰ পৰা গভীৰতৰলৈ,
সকলোৱে যেন জীৱনৰ অন্তিম ক্ষণত
অমৃত বিচাৰি ফুৰিছে।
সাহসকেই সাৰথি কৰি
চৰাইৰ দৰে তুমিও মেলি দিয়া পাখি,
সেইবুলি বেছি দূৰলৈ নাযাবা উৰি
নহ'লে ওভতনি যাত্ৰাত খাবা উজুটি।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz