ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ কবিতা

সত্য আৰু প্ৰতিবাদ

চৌদিশে অন্ধকাৰ
সময়ত ধৰালৈ নামিব পোহৰ
পোহৰৰ হিৰণ্ময় মুহূৰ্ত
এন্ধাৰ-পোহৰৰ পৰিণতি
এটি নতুন দিনৰ পাতনি

দিনৰ পোহৰৰ ছাঁত উম লৈ গা-কৰা শব্দই
ৰাতি বাট বোলাটো সত্য
মানুহৰ মাজতে ঈশ্বৰ,
আত্মা-পৰমাত্মাৰ সম্পৰ্ক বিচাৰাটো পৱিত্ৰ কৰ্তব্য

ক'বলৈ গ'লে,
ভূমিৰ উৰ্বৰতাই শইচৰ অনুপম উপাদান
চাবলৈ হ'লে,
সেউজৰ প্ৰকাশ্য ৰূপ বিতোপন
হৃদয়লৈ প্ৰসাৰিত ই এক অনুভৱ স্পন্দন

মাথোঁ ছাঁ-পোহৰৰ খেলা
ভুল আৰু শুদ্ধৰ য'ত বিৰামহীন যাত্ৰা
ত'ত সত্য আৰু প্ৰতিবাদত আস্থা অবিচল।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz