কাব্যধাৰা ৪

সেই যে নক'লো তোমাক

ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য

সেই যে প্ৰথম দেখাতে
কিয় যে তেনেকৈ চালো; নক'লো তোমাক।

সেই যে পুৱাতে ফুল তুলি
কৰণি উপচিল
লগতে হৃদয়ো; নক'লো তোমাক।

সেই যে হঠাৎ লগ পালো
চকুত চকু থ'লো, অবুজ সেউজ দেখিলো
লাজতে মাটিকে চুমিলো; নক'লো তোমাক।

সেই যে মনৰ কৌতুক সাজি
আগবাঢ়ি বাঢ়ি পিছলৈ আহিলো
মুঠিতে লুকাই থাকিলো
সীমাৰ পৰিধি ভাঙি; নক'লো তোমাক।

সেই যে দূৰত্ব, ওচৰা-ওচৰি
নীৰৱে কথা পাতি
সময়ত আহিলো আঁতৰি; নক'লো তোমাক।

সেই যে তোমাৰ ওচৰ পালো
কেঁচুৱাটি হ'লো
নিজকে হাতকটা ভিক্ষাৰী সজালো; নক'লো তোমাক।

সেই যে সহজ কথাবোৰ মিছাতে জটিল কৰিলো
গভীৰৰ বুজ লৈ ভাবত ৰহন সানিলো; নক'লো তোমাক।

সেই যে নিকা আলাপ
কিমান গভীৰত বাৰু বিচাৰিলে পোৱা যাব জোনাক
হয়তোবা নাজানিয়েই নক'লো তোমাক।

 


 

অসুখী আন্ধাৰ

ইন্দুকল্প শইকীয়া

বাংগালোৰৰ পৰা চেন্নাই অভিমুখী বাছখনৰ
ময়ো আছিলো এজন মৌন পথিক,
যাত্ৰা পথত আহি থাকোঁতে
আন্ধাৰ অলপ লগ পালো,
মই সুধিলো— কেনে আছা?
আন্ধাৰখিনিয়ে বিষাদগ্ৰস্ততাৰে ক’লে—
অসুখবোৰক আলহী কৰি ৰাখিছোঁ।
মই সুধিলো— কিয়?
আন্ধাৰজাকে হুমুনিয়াহ কাঢ়িলে
আৰু শীত-তাপ নিয়ন্ত্ৰিত গাড়ীখনৰ কাষে কাষে
ওলমি আহি থাকিল…।
মোৰ চুই চাবলৈ মন গ’ল আন্ধাৰখিনি
খিৰিকিৰ আইনাখনে বাধা দিলে,
আইনাত পৰা টোকৰটো
আন্ধাৰখিনিয়ে শুনিলে চাগে,
মোলৈ ঘূৰি চালে।
ঠিক তেনেতে বিপৰীত দিশৰ পৰা
হেল’জেনকেইটামান দৌৰি আহিল
অন্য এখন গাড়ীৰ সন্মুখত ওলমি,
আৰু আন্ধাৰখিনি দৌৰ মাৰিলে নিমিষতে,
ইফালে-সিফালে চালো—
ষ্ট্ৰীট লাইটৰ পোহৰত
জীৰ্ণ খেৰী ঘৰ দুটামান জিলিকি উঠিল,
আন্ধাৰখিনিক কাষত নেদেখি
মই আকৌ মৌনতাত মনোনিৱেশ কৰিলো।

টি-ই-ট…, সন্মুখত আৰম্ভ হৈ
পিছৰফালে শেষ হৈ গ’ল এটা শব্দ,
আইনাৰ মাজেদি চালো,
দেখিলো, আন্ধাৰখিনি আকৌ
খিৰিকিৰ কাষত ওলমি আহি আছে…।

সুধিলোঁ— চহৰত তুমি কিয় নাথাকা?
একেই বিষাদগ্ৰস্ততাৰে ক’লে—
পোহৰে অধিগ্ৰহণ কৰিলে চহৰবোৰ,
দিনত সূৰুযেৰে আৰু নিশা অত্যাধুনিকতাৰে…।

মৌন হৈ দুয়ো আহি থাকিলো।

 


 

বিষাদৰ বৰষুণ

মেৰিলিন দত্ত

সেউজীয়া প্ৰেমত ডুবি আছো মই
ডিঙিলৈকে

আজি মই লালুকী

এদিন ভেকুলী হ'ম
টোৰটোৰাই আনিম জিৰ জিৰ বৰষুণ
বিষাদৰ !


ছবি: গৌতম খাউণ্ড

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz