নিদ্ৰা

প্ৰকাশ: ১৪ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ৬ জানুৱাৰী, ২০২২

ফুলামকৈ সজাই থৈ ফুলনি
মালীজন ঘুমটি গ’ল
শব্দ-ফুলৰ মালাৰে
পখিলা সুগন্ধি হ’ল।

যি বাটেৰে তেওঁ আহিছিল
পথাৰৰ পৰা বুটলি আনি শব্দবোৰ
গাঁথি লৈ বোকা-পানীৰ ঘ্ৰাণবোৰ
ছবি এখন আঁকি থৈ গ’ল।
সেউজ ছবিৰ পৰশত
দলিচা ফুলাম হৈ ৰ’ল।

নিদ্ৰাৰত গানটিৰ সাৰে আছে ঝংকাৰ
নীলাভ শব্দৰ শাশ্বত অংগীকাৰ
মৃত ধ্বনিৰ অমৰ প্ৰতিধ্বনিৰে
পখিলা সুগন্ধি হ’ল
ফুলামকৈ সজাই থৈ ফুলনি
মালীজন ঘুমটি গ’ল।

জোনাক ছটিয়াই জোনটো হেৰাল
আকাশত এখন জোনাকী ৰুমাল
দেশৰ মাটিৰ কেনভাচ
মৃত্যুৰঙী ৰঙেৰে ৰঙাই
মালীজন ঘুমটি গ’ল।
শব্দৰে গঁথা ফুলৰ মালাত
উশাহবোৰ সাৰে ৰ’ল।

আৰু পঢ়ক:

নিদ্ৰা | অসমীয়া কবিতা নতুন | ৰিদীপ কুমাৰ নাথ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts