ৰূপ গোস্বামীৰ কবিতা

প্ৰকাশ: ১৪ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

spl poem 100112বন্ধুত্ব

নীলা খামৰ সেউজীয়া চিঠি,
অনুভৱৰ জখলাইদি নামি অহা
জীৱনৰ একান্ত গোপনীয় কথাবোৰ,
হৃদয়ৰ প্রতি টোপা তেজেৰে লিখি ৰখা
সোণসেৰীয়া দিনৰ স্মৃতিবোৰ,
অতীতত এৰি অহা জীৱনৰ আধা অঁকা ছবিবোৰ
মেলানি মাগে জানো কাৰোবাৰ বুকুৰ পৰা?

দ্বন্দ্ব-সংঘাত, উত্তৰণ-অৱৰোহণ
স্বপ্ন-স্মৃতি, বিষাদৰ এক মধুৰ সমাহাৰেৰে
অনুভূতিৰ বান্ধোনেৰে জড়িত জীৱন,
সেই অনুভূতিৰে কুৰকি কুৰকি
বুকুৰ নিভৃত কোণলৈ আগবাঢ়ি আহে
জীৱনৰ তেজ আৰু ধূলিৰে ধূসৰিত
অতীত বৰ্তমান আৰু ভবিষ্যতৰ বহু আশা…
অন্তৰৰ ভালপোৱাৰ পৱিত্র স্পর্শ
সুখ-দুখৰ সময়ৰ অতিকে আপোনজনৰ এধানি মৰম
মনৰ গোপন কোণত পুহি ৰাখি বিচাৰিছোঁ একাত্মভাৱে
বিশ্বাস আৰু অনুভূতিৰে বান্ধি ৰাখা এক সম্বন্ধ…

«

বন্দনা

ভাৱনাৰে
জীৱনী সুধাৰে
তুমিয়েতো দিলা জীৱন
তোমাৰ উশাহেৰে বুকুৰ স্পন্দন
আছেনে মনত সেই অবুজ ক্রন্দন…

ৰাতি কিয় লাগে ইমান আন্ধাৰ
তুমি দিয়া জ্যোতিৰে দেখিছোঁ স্বপ্ন
তোমাৰ পৰশেৰে, তোমাৰ আৱেশেৰে
বুজিলো জানিলো এখুজি-দুখুজি লাহে লাহে
জীৱন কঠিন নহয়, ফুলাম বাট
কাঁইটো আছে ফুলৰ পাহে পাহে

তোমাক কাষতে পাওঁ
সাহসেৰে আগুৱাওঁ
তুমি যে সৰ্বময় যুক্তি
তুমি যে মাতৃ…

নীলা চৰাই . জুলাই ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts