ৰশ্মিৰেখা দাসৰ কবিতা

শুক্লপক্ষৰ ৰাতিবোৰত মই এপাহ ভেট-ফুল হ’ম

নিসংগতাত উজাই আহে হেঁপাহ…
তই দুৰ আকাশৰ ৰূপোৱালী জোন
তোৰ স্নিগ্ধতাত এবাৰ হেৰাই চাবলৈ,
ওৰে নিশা তোৰ প্রেমত পৰিবলৈ
শুক্লপক্ষৰ ৰাতিবোৰত মই এপাহ ভেট-ফুল হ’ম !

কোনো অনামী আবেলি
তোৰ নামত নুগুঠোঁ থুনুকা সপোনৰ মালা
তোক লৈ সেয়ে কিঞ্চিতো নাই বুকুৰ ব্যাথা
নক’লেও যেন তই উমান পাৱ
হৃদয়ত উকমুকাই থকা মোৰ এহেজাৰ কথা।
ৰাগী লাগি যায় জোনাকৰ মায়াত
এই যে বেনামী আবেগবোৰ
মনৰ চালে বেৰে এঠা লগা আকৰ্ষণ
কি নাম থওঁ বাৰু তাৰ ?
আকুলতা… নে ভালপোৱা ?

দুপৰ নিশা দুচকুত উজ্জ্বলে জোনাকী সাধু
সুকোমল পাহিত মোৰ কোমল আহ্বান
তোৰ বাবেই…!
তই মোৰ হিয়াৰ আহ্লাদিত জোন…
তোৰ সৈতে
শব্দৰ জোনাকত তিতিম !
এটি আলাসৰ সপোন এয়া…
তিতি তিতি আত্মহাৰা হ’ব মোৰ পনীয়া হৃদয়
এখন এখনকৈ সুলকি পৰিব
বুকুত মেৰ খাই থকা বিষাদৰঙী চাদৰ
ভালপোৱাবোৰ উজাই আহিব এনেকৈয়ে
পানীত খলকনি তুলিব লাজৰ এটোপাল
আৰু তই ডাৱৰৰ আঁৰ হৈ
আমেজ ল’বি আজলী প্রিয়াৰ…!

মই এপাহ ভেট-ফুল
তই নেদেখা দূৰৰ নীহাৰিকাত উজলি উঠা নূৰ…
মূৰ তুলি চালেই যেন
তোৰ সুন্দৰতাত সুখৰ চকুলো সৰিব মোৰ !
মোৰ জোন,
দূৰে দূৰেই প্রতিশ্রুতি দিম তোক
তোক পোৱাৰ হেঁপাহত
জনমে জনমে মই তোৰ জোনাকী হ’ম
বুকু ভৰি তোক চোৱাৰ হেঁপাহত
শুক্লপক্ষৰ ৰাতিবোৰত মই এপাহ ভেট-ফুল হ’ম !

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz