ৰম্য পদ্য

প্ৰকাশ: ১৫ মাৰ্চ, ২০১২ | অন্তিম সম্পাদনা: ৬ জানুৱাৰী, ২০২২

ৰসাল কবিতা

১.
বজাৰলৈ ওলাই গ’লো ভাইটোৰ বাইকত
লোকেল মাছৰ দাম শুনি চকু উঠিল কপালত
বেপাৰীৰ ওপৰত উঠিল খং
নাচাওঁ মই তহঁতৰ ৰং
গেলামালৰ দোকান পালোগৈ চয়াবিনৰ সন্ধানত।

২.
বিদ্যুৎ মন্ত্রীয়ে নদীবান্ধ নিৰ্মাণ কৰিবই অসমত
ৰাইজক পেলাব আকৌ এবাৰ বিপদত
অখিল গগৈক কৰে আওকাণ
এনএইচপিচিৰ গাই গুণ-গান
বাধা দিওঁতা হেনো কোনো নাই স্বৰ্গ-মৰ্ত্য-পাতালত।

ৰসাল কবিতা

৩.
‘শিক্ষা’ক লৈ প্রস্তুত হৈছে ন ন আঁচনি
নিউজ চেনেল, বাতৰি কাকতত প্রচাৰ হয় জাননী
শিক্ষকৰ হ’ব যোগ্যতা নিৰূপণ
চালাক আমাৰ যুৱ নেতাজন
আদান-প্রদান নহ’ব কেতিয়াও লাখ লাখ মাননী।

আৰু পঢ়ক: হীৰুদাৰ কবিতা

ৰম্য পদ্য | ৰসাল কবিতা | ঈশান জ্যোতি বৰা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “ৰম্য পদ্য”

  1. Dhiraj kumar nath Avatar

    বঢ়িয়া লিখিছা ঈশান। আগলৈও পঢ়িবলৈ পাম বুলি আশা  ৰাখিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।