ৰাজনীতিত স্কাউণ্ড্ৰেল

উঁই পৰুৱাই মাটি তোলে; হাফলু সাজে; ঘৰৰ কাঠ, বেৰ, চৌ-কাঠ পচায়; ঘৰ খহে। সমাজ ভঙা উঁই পৰুৱা ৰাজনীতিৰ স্কাউণ্ড্ৰেলসকল নেকি? এনে পাষণ্ডসকলে হাফলু সাজি অপকৰ্মৰ সৌধ সাজে। জৰ্জ বাৰ্নাড শ্ব’ই ৰাজনীতি স্কাউণ্ড্ৰেলসকলৰ শেষ আশ্ৰয়স্থল বুলি কৈছে। এতিয়া হোৱাই নোহোৱাই এই শব্দৰ ব্যৱহাৰ হৈছে। এটা স্থানীয় চেনেলৰ মুৰব্বী এগৰাকীয়ে ৰাজ্যখনৰ সন্মানিত মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এই শব্দৰ ব্যৱহাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। ভদ্ৰ সমাজে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এনে শব্দ ব্যৱহাৰ কৰাটো অশালীন বুলি আখ্যা দিছে। পিছে চেনেলৰ মুৰব্বীগৰাকীয়ে কথাটো কেনেবা হ’ল বুলি নগা মতা দিলে।

তেতিয়াৰ ৰাজনীতিত শেষ আশ্ৰয় লোৱা জন ‘পাষণ্ড’ আৰু পাষণ্ডেৰে পৰিপূৰ্ণ এতিয়াৰ ৰাজনীতি বুলি জনমতৰ বেহা কৰা সকলেও উল্লেখ কৰিছে। ২৬ মাৰ্চ, ২০০৭ তাৰিখে Outlook আলোচনীখনৰ ৰাষ্ট্ৰজোৰা ‘অপিনিয়িন পল’ত ভাৰতবৰ্ষৰ ৭৬ শতাংশ লোকে ৰাজনৈতিক নেতাক ঘিণ কৰে বুলি কৈছে। তেওঁলোকে ভাবি-চিন্তি উলিয়াইছে— ৰাজনীতি এতিয়া বাও নোহোৱা পুৰণা গোবৰৰ পাচি।
(ক) বিধান সভা, পাৰ্লামেণ্টত উপস্থিতিৰ সংখ্যা কম হয়। সহজে কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। লোকসভা প্ৰকৃততে গড়ে নিৰ্ধাৰিত ১০০ দিনৰ ভিতৰত ৪৫ দিনহে মাত্ৰ হয়।
(খ) কংগ্ৰেছৰ দৰে পৰিয়ালকেন্দ্ৰিকতা ডি এম কে, সমাজবাদী, আৰ জে ডি, জে ডি (এচ) আৰু আকালি দলে অনুসৰণ কৰিছে।
(গ) আদৰ্শবাদ এতিয়া মষিমুৰ হৈছে। বাঘে-ছাগে একেলগে পানী খাব পাৰে। সুবিধাবাদৰ ৰাজনীতি প্ৰবল হৈছে।
(ঘ) অপৰাধীসকলক ৰাজনৈতিক দলৰ পৰা টিকট দিয়াৰ প্ৰাধান্য বাঢ়িছে। অকল বিহাৰ বিধান সভাত ২৬জন অতি দাগী অপৰাধী বিধায়ক হৈ আছে। কমেও ১০৭জনৰ অতীত বৰ সন্দেহজনক (তদানীন্তন)।
(ঙ) পাৰ্লামেণ্ট বা বিধান সভাত এতিয়া ৰাজনৈতিক নেতাৰ গুৰুত্বপূৰ্ণ দুৰ্নীতিৰ তথ্য পোহৰলৈ নাহে। ‘তয়ো কুশলে থাক, ময়ো সুখৰে থাকোঁ’ নীতিৰে বিৰোধী, শাসকীয় দলৰ নেতাসকল আস্বস্ত থাকে। সেয়ে দুৰ্নীতিৰ বিষয় পোহৰলৈ নাহে আৰু শাস্তি নহয়। বৰ ব্যৱসায়ী গোষ্ঠীৰ হাতৰ পুতলাত পৰিণত হৈছে ৰাজনৈতিক দলৰ সদস্যসকল।

এনেকৈ ভালেমান বিষয় তেওঁলোকে উত্থাপন কৰিছে। বিধান সভা বা পাৰ্লামেণ্টৰ মজিয়াত আচৰণ বেছিকৈ অমাৰ্জিত আৰু অশালীন হ’বলৈ আৰম্ভ কৰিছে। ১৯৮৯ চনত মণিপুৰ বিধান সভাৰ অধ্যক্ষৰ আসনত সেই সময়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰস্ৰাৱ কৰি অমাৰ্জিত আচৰণৰ চূড়ান্ত ৰূপ প্ৰকাশ কৰিছিল। গণতন্ত্ৰৰ ৰক্ষকসকলৰ গণতন্ত্ৰৰ প্ৰতি আস্থাহীনতাৰ এনে নজিৰ বিশ্ব ইতিহাসত পাবলৈ নাই।

এনেবোৰ কথাতে ৰাজনৈতিক নেতাক বেয়া পোৱা, ঘিণ কৰা অৱস্থাৰ সৃষ্টি হৈছে। স্বাধীনতাৰ আগতে ৰাজনৈতিক নেতাসকলে স্বদেশৰ বাবে যুঁজিবলৈ গৈ কাৰাবন্দী হৈছিল। এনে বন্দীত্ব আছিল ত্যাগৰ নিদৰ্শন। কিন্তু এতিয়া বহুতো ৰাজনৈতিক নেতা বন্দী হৈছে হত্যা আৰু ধৰ্ষণৰ অপৰাধত। চুৰি আৰু ধন আত্মসাতৰ অভিযোগত অভিযুক্ত হৈ কাৰাগাৰত আন সাধাৰণ কয়দীৰ লগত একেলগে জীৱন কটাব লগা হৈছে। এনেবোৰ ঘটনাই ৰাজনৈতিক নেতাৰ প্ৰতি থকা সন্মান অৱনমিত কৰিছে।

ৰাজনীতিত স্কাউণ্ড্ৰেল হোৱাটোৰ বাবে তেওঁ নিজেই জগৰীয়া নেকি? আপাত দৃষ্টিত সেইটোৱেই সত্য। কিন্তু ভালকৈ চালে দেখিম, এনে অধঃপতন ৰাজনীতিবিদসকলৰেই কেৱল হ’ব নোৱাৰে। তেওঁলোককে ‘যত দোষ নন্দ ঘোষ’ বুলি ভাবিলে ভুল কৰা হ’ব; আমি সামগ্ৰিকভাৱে সমাজৰ নৈতিক অৱনমন অস্বীকাৰ কৰা হ’ব। উট চৰাইৰ দৰে বালিত মূৰ গুজি সমস্যা সমাধান কৰিবলৈ বিচৰাটো পলৰীয়া মনৰ পৰিচায়ক হ’ব। আনহাতে এই ৰাজনৈতিক নেতাসকল যিহেতু সমাজৰ আগৰণুৱা-কাণ্ডাৰী ব্যক্তি, তেওঁলোকৰ প্ৰতি ক্ৰমাৎ বাঢ়ি অহা ঘৃণাই সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাৰে ব্যাপক ক্ষতি সাধন কৰিব পাৰে।

বৰ্তমান আমাৰ নিৰ্বাচন-ব্যৱস্থা অতি ব্যয়বহুল হৈ আহিছে। জানিব পৰা মতে, ১৯৬৭ চনত কলিয়াবৰ বিধান সভা সমষ্টিৰ বিৰোধী দলৰ প্ৰাৰ্থী হিচাপে অতুল চন্দ্ৰ গোস্বামীদেৱে মাত্ৰ পাঁচ হাজাৰ টকা খৰচ কৰিছিল। আজি এটা কেন্দ্ৰৰ বিপৰীতেই কোনো প্ৰাৰ্থীয়ে পাঁচ হাজাৰতকৈ অধিক টকা খৰচ কৰে। অথচ নিৰ্বাচনী আয়োগৰ বাধা-নিষেধ, নীতি-নিয়ম ১৯৬৭ চনৰ তুলনাত অতিশয় কঠোৰ হৈ পৰিছে। সেয়ে একোজন প্ৰাৰ্থীৰ ৰাজনীতিৰ যুঁজত অৰ্থ নোহোৱাকৈ বিজয়ী হোৱাটো প্ৰায় অসম্ভৱ হৈ উঠিছে। সাধাৰণ ভোটাৰে যেনেকৈ প্ৰতিশ্ৰুতি বিচাৰে, তেনেকৈ নিৰ্বাচনত নগদ ধন, খাদ্যবস্তু, কাপোৰ-কানি আদিও আশা কৰে। তেনে প্ৰলোভনেৰে ভোট সংগ্ৰহ সাধাৰণ ঘটনাত পৰিণত হৈছে। নিৰ্বাচনৰ এনে ব্যয়বহুলতাৰ জোৰা মৰাৰ বাবে নিৰ্বাচনৰ পাছত সম্পদশালীৰ আশ্ৰয়প্ৰাৰ্থী হোৱাটো সাধাৰণ কথা হৈ পৰিছে। অথবা নিজেই অনিয়মৰ মাজেৰে অৰ্থবল বঢ়ায়।

বৰ্তমান আমাৰ ভোটদাতা নাগৰিকৰ মাজত এনে ধাৰণা হৈছে— নিৰ্বাচিত প্ৰাৰ্থীজনক যিহেতু জিকাই পঠাইছে— তেওঁ ভাল-বেয়া, ব্যক্তিগত-সামূহিক সকলো কাম কৰিব লাগিব। চাকৰি দিয়া, ল’ৰা-ছোৱালীৰ বিয়া, ঘৰ সজাৰ বাবে ধনৰ আবেদন বিধায়কক দিয়ে। চিকিৎসা বা আন বিপদৰ কথা সুকীয়া। এনে হেঁচা দিনক দিনে নিৰ্বাচিত প্ৰতিনিধিৰ ওপৰত বাঢ়িছে। ইয়াৰ প্ৰতিৰোধৰ দায়িত্ব সমাজে ল’ব লাগিব। অৱশ্যে এই কথাও সঁচা, এনে মন্ত্ৰী-বিধায়কো আছে, যিসকলে ৰবীনহুডৰ লেখিয়াকৈ ধন আনে আৰু বিলায়। চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি সেই ধনৰ কিছু অংশ নিজৰ সমষ্টি প্ৰতিপাল কৰিবলৈ সমষ্টিৰ সমৰ্থকক দুখীয়া-ধনী নিৰ্বিচাৰে বিতৰণ কৰে,— যাতে এই সকল লোক ভৱিষৎ নিৰ্বাচনত তেওঁৰ অনুগত হৈ থাকে। দুই-এজনৰ এনে কাম-কাজৰ ফলত সকলো বিধায়ক তথা নেতাৰ ওচৰত সমানে ৰাইজৰ হেঁচা পৰে। ৰাজহুৱা সম্পদ আত্মসাতৰ প্ৰৱণতা অকল এচাম ৰাজনৈতিক নেতাৰে নহয়, এচাম আমোলা আৰু আন লোকৰ মাজতো বৃদ্ধি হৈছে।

সমাজৰ অপকৰ্মসমূহ সামগ্ৰিকভাৱে নিয়ন্ত্ৰণলৈ আনিবলৈ নগ’লে ৰাজনীতিৰ স্কাউণ্ড্ৰেলৰ সংখ্যা কমোৱাটো সম্ভৱ নহ’ব। এই ক্ষেত্ৰত ৰাজনৈতিক দল, সমাজৰ সকলো শ্ৰেণীৰ কৰ্তব্য আছে। ৰাজনৈতিক দলসমূহৰ সংকীৰ্ণ নেতৃত্বৰ কবলত বশীভূত হোৱাতকৈ আদৰ্শবাদী ভাবধাৰাৰ মাজেৰে পৰিচালিত হ’লে এনে সমস্যা সমাধান কৰিবলৈ সহজ হ’ব। সমাজৰ উন্নতিত সকলো শ্ৰেণীৰ প্ৰচেষ্টাৰ প্ৰয়োজন;— অকল ৰাজনৈতিক নেতাৰ দোষতেই সমাজ অধঃপতিত হ’ব নোৱাৰে।«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

1 Comment on "ৰাজনীতিত স্কাউণ্ড্ৰেল"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Jitumoni Hazarika
Guest

ৰাজনীতিত স্কাউণ্ড্ৰেল pahilu khub sintanio Bisoy 100 jan Ati medha lora sualir 1% kua xuna nai je Moi politician hom. eitu nohoy je sakalu polotician medha nohoy. Likhanitur sakalubur kathai gurttapurna.Bisexvabe 1. নিৰ্বাচিত প্ৰাৰ্থীজনক যিহেতু জিকাই পঠাইছে— তেওঁ ভাল-বেয়া, ব্যক্তিগত-সামূহিক সকলো কাম কৰিব লাগিব। চাকৰি দিয়া, ল’ৰা-ছোৱালীৰ বিয়া, ঘৰ সজাৰ বাবে ধনৰ আবেদন বিধায়কক দিয়ে। চিকিৎসা বা আন বিপদৰ কথা সুকীয়া। এনে হেঁচা দিনক দিনে নিৰ্বাচিত প্ৰতিনিধিৰ ওপৰত বাঢ়িছে। ইয়াৰ প্ৰতিৰোধৰ দায়িত্ব সমাজে ল’ব লাগিব।.

wpDiscuz