ৰামধেনু

প্ৰকাশ: ১৫ মে, ২০১২ | অন্তিম সম্পাদনা: ২৪ মে, ২০১৮

ফুটফুটীয়া ফ্রকটো এহাতে জোঁকাৰি জোঁকাৰি আনখন হাতেৰে দেউতাকৰ তৰ্জনী আঙুলিত ধৰি অঞ্জলি মামাকৰ ঘৰৰ পৰা গৈ আছে নিজৰ ঘৰলৈ বুলি। উলাহতে তাই জঁপিয়াইছে, কিবাকিবি গুণগুণাইছে। দেউতাকৰ মুখলৈ চাই তাই ধৰিব পৰা নাই তেওঁনো কি চিন্তাত বিভোৰ হৈ আছে। পথাৰৰ মাজৰে অহা এই পথচোৱা তাইৰ খুব ভাল লাগে। পথাৰখন কেতিয়াবা শুকান, কেতিয়াবা বোকাময়, কেতিয়াবা সেউজীয়া আৰু কেতিয়াবা সোণালী। কিমান যে ৰূপ পথাৰখনৰ! তাইৰ দুচকুৱে যিমানলৈ পাৰে সিমানলৈ চাই পঠিয়ালে কি আছে পথাৰৰ সিপাৰে। পথাৰখনৰ দেখোন শেষেই নাই! তাই ভাবে, সুধিব নেকি দেউতাকক এবাৰ? পথাৰখন দেখোন সিটো মূৰত আকাশখনৰ লগতে লাগি আছে! আৰু তাই দেখি থকা বিলখন কেতিয়াও নুশুকাই কিয়নো? ইম্মান পানী ক’ৰ পৰা আহে বাৰু? কি ভাবি জানো তাই একো নোসোধে দেউতাকক।

সপ্তাহৰ প্রতিটো শনিবাৰৰ আবেলি তাই এইদৰে দেউতাকৰ আঙুলিত ধৰি ঘৰলৈ আহে। তাই মোমায়েকৰ ঘৰত থাকি পঢ়ে। মোমায়েকৰ ঘৰৰ পৰা তাইৰ ঘৰলৈ বেছি দূৰ বাট নহয়। মাজত এখন ডাঙৰ পথাৰ আৰু এখন বিল। বিলৰ সাঁকোডাল পাৰ হৈ পথাৰে পথাৰে পোনাই গ’লে আধা ঘণ্টাৰ বাট। দেউতাকে পথাৰেদি নিনিয়ে তাইক। অকোৱা পকোৱা ৰাস্তাটোৱেদিয়েই সদায় যায়। এঘণ্টামান লাগে তেতিয়া।

তাই আহিছে বুলি মাকে আজি কিবাকিবি ৰান্ধিছে। অঞ্জলিয়ে লুকাই চুৰকৈ মন কৰি আছে মাকেনো আজি ৰাতিৰ সাঁজৰ বাবে কি ৰান্ধিছে। দেউতাকে ভনীয়েকক কোলাত লৈ জুইকুৰাৰ কাষতে বহি আছে। তাইও ফু-চুঙাটোৰে জুইকুৰা ফুকি ফুকি আইতাকৰ কাষতে জুই পুৱাই বহি আছে । আইতাকে দেউতাকক কিবাকিবি কৈ আছে। সেইবোৰ তাইৰ কাণত সোমোৱা নাই। ভনীয়েক দেউতাকৰ কোলাতেই টোপনি গ’ল। তাই আঁঠুমূৰত থুতৰিটো গুজি জুইকুৰাকে ৰ লাগি চাই আছে। আঙঠাবোৰ ইমান ধুনীয়াকৈ ৰঙা হৈ পৰিছে। তাই মনে মনে ঠিক কৰি থ’লে, কাইলৈ আইতাকৰ দৰে তায়ো শুই উঠিয়েই আঙঠাৰে দাঁত মাজিব। কথাবোৰ মনতে পাগুলি থাকি অঞ্জলিয়ে খুব ফূৰ্তি পালে।

: অ’ই সোণটি, জুইত আলুকেইটামান আছে। লুটিয়াই দেচোন। মাকৰ কথাত অঞ্জলিৰ ভাৱনাত যতি পৰিল।
: ইচ্ জুইৰ কাষত বহি নতুন আলু পুৰি খাই কিম্মান যে মজা লাগে! অ’ আইতা, ভাত খাই উঠি তেজীমলাৰ সাধু কবি দেই। টেটোন তামুলীৰ সাধুটো দদৌ আহিলে কবি। তোক মই পকা চুলি কাঢ়ি দিম নহয় কাইলৈ। অঞ্জলিয়ে আইতাকক শিশুসুলভ সৰলতাৰে ফুচুলাবলৈ লাগিল সাধু শুনাৰ আশাত।

অঞ্জলিৰ দদৌয়েকে বুঢ়ীদিহিঙৰ মাজত থকা চাপৰিত মাটি মোকলাই পাচলিৰ খেতি কৰিছে। এতিয়া চাগে বিধে বিধে পাচলি হৈছে দদৌৰ বাৰীত। অঞ্জলিয়ে মনৰ ভিতৰতে হিচাপবোৰ আকৌ এবাৰ জুঁকিয়াই চালে। কাইলৈ যদি আইতাক দদৌৰ ওচৰলৈ যায়, তায়ো যাওঁ বুলি ক’ব। মাকে মানা নকৰিব নিশ্চয়। বৰপাইক ক’লে সৰুবাকো যাবলৈ দিব। কথাবোৰ ভাবি ভাবি উলাহতে তাই বনফৰিঙৰ দৰে জঁপিয়াবলৈ লাগিল।
: অ’ই এইজনী কিনো জঁপিয়াই আছ? ভাত দিছোঁ, খাই লহি আহ। মাকে মৰম মিহলি ধমকি এটাৰে তাইক ভাতৰ পাতত বহিবলৈ ক’লে। তৃপ্তিৰে মাকৰ হাতৰ ভাতকেইটা খাই তাই আইতাকৰ মুখেৰে সাধু শুনি শুনি কেতিয়া টোপনিৰ কোলাত ঢলি পৰিল গমেই নাপালে।

***

Little girl silhouette
ফ্লিকআৰ

: অ’ই সোনটি, উঠ উঠ। ব’ল আজি এপাক তোৰ দদৌৰ ওচৰৰ পৰা আহোঁগৈ। আইতাকৰ কথাষাৰ টোপনিৰ ভাও জুৰি বিচনাত পৰি থকা অঞ্জলিক জগাবলৈ যেন এপালি মহৌষধ! তাই একে জাঁপে বিচনাৰ পৰা নামি আহিল।
: কেতিয়া যাবিনো আইতা? মই সৰুবাক লগ ধৰি আহোঁগৈ দেই। আৰু একো কথা নুশুনি তাই পিছফালৰ দুৱাৰেদি ওলাই গৈ বৰমাকৰ কাষ পালেগৈ। বৰমাকে পুৱাতেই তাইক দেখি আচৰিত হ’ল।
: ঔ আই! কেতিয়া আহিলি তই?
: ইহ্ তুমি হ’বলা গমেই নোপোৱা? মই কালিয়েই আহিলো।
: অ’ হয় নেকি? ভালে আছনে তই? হো ল, পিঠা খা। বৰমাকে তাইৰ ফালে তিলৰ পিঠা দুখন আগবঢ়াই দিলে।
: মই ভালে আছোঁ বৰমা। পিঠা খাই থকাৰ লগে লগে তাইৰ দুচকুৱে সৰু বায়েকক বিচাৰিলে। নাইচোন কেনিও।
: অ’ বৰমা, সৰুবা ক’তনো? বৰপাই ক’ত আছে?
: ভঁৰালৰ কাষত আছে নেকি, চাগৈচোন যা।
অঞ্জলি ভঁৰালৰ কাষ পালেগৈ। দেখিলে বৰপায়েকে মাটিতে লেপেটা কাঢ়ি বহি লৈ সৰুবায়েকৰ কাণৰ মাকৰি চাফা কৰি আছে। ওখ ভঁৰালটোৰ সন্মুখত এখন জাল পাতি থৈছে তেওঁ। অঞ্জলিয়ে জানে, জালখনত এতিয়া ভঁৰালৰ ধান খাবলৈ অহা ঘৰচিৰিকাবোৰ লাগি ধৰিব আৰু অকণমানি চৰাইবোৰ ধৰি ধৰি বৰপায়েকে তেলত ভাজি বৰ তৃপ্তিৰে খাব! বৰপায়েকৰ এই কামটো তাই অকণো ভাল নাপায়।

সৰুবায়েকৰ কাণ চাফা কৰা হৈছিল। তাই ঠিয় হৈ দেখিলে কিবা ভাবত বিভোৰ হৈ অঞ্জলি জানো কেতিয়াৰ পৰা ৰৈ আছেহি!
: অ’ই, কেতিয়া আহিলি তই? মনে মনে আহি ৰৈ আছহি যে?
: মই কালিয়েই আহিলো। আজি চাপৰিলৈ যাবি মোৰ লগত? আইতা যাব। অঞ্জলিৰ লগতে সৰু বায়েক কল্যাণীয়েও গহীন হৈ বহি থকা দেউতাকৰ মুখলৈ ভয়ে ভয়ে চালে।
: যা যা। গৈ আহ। ঘূৰি আহিবি, থাকি নাযাবি কিন্তু!
বৰপায়েকে ইমান সোনকালে সন্মতি দিব বুলি অঞ্জলিয়ে ভবাই নাছিল। তাই ভাবিলে, ইয়াৰ পৰা এতিয়া সোনকালে আঁতৰি যোৱাই ঠিক হ’ব। কোন সময়ত বৰপায়েকৰ মন ঘূৰি ‘নালাগে যাব, থ’ বুলি কয় ঠিক নাই । দুয়ো বায়েক-ভনীয়েকে চকুৰ ঠাৰতে কথা পাতি তাৰ পৰা আঁতৰ হ’ল।

পুৱা যিমানেই সোনকালে ওলাই যাব পাৰিব, সিমানেই বেছি সময় চাপৰিত থাকিব পাৰিব। গতিকে দুয়োজনীয়ে খৰধৰকৈ গা-পা ধুই কিবা অলপ খাই আইতাকৰ সৈতে যাবলৈ ওলাল।

চাপৰিলৈ বেছি দূৰ নহয়। গাঁৱৰ কেঁচা আলিবাট দুই কিল’মিটাৰমান, তাৰ পাছত পকী ৰাস্তা। পকী ৰাস্তাৰে আৰু দুই কিল’মিটাৰমান যাব লাগে। পকী ৰাস্তাৰ পৰা নামি সৰু সৰু জোপোহা গছবোৰ পাৰ হৈ কেইগজমান গলেই বুঢ়ীদিহিংখন দেখা পায়।

এইকণ ৰাস্তা খোজকাঢ়িয়েই অহা-যোৱা কৰে অঞ্জলিহঁতে। অভ্যাস হৈ গৈছে। খুব সোনকালেই দুয়োজনী আইতাকৰ সৈতে নৈৰ কিনাৰ পালেহি । নৈখন এতিয়া পানীৰে উপচি থকা নাই। মূল সুঁতিটোহে বৈ আছে, বাকীখিনি বালি। দুয়োজনীয়ে চেণ্ডেল খুলি লৈ বালিৰ ওপৰেদি নৈৰ কাষলৈ দৌৰিবলৈ ধৰিলে। আইতাকে মানা কৰিলে যদিও এজনীৰো কাণত কোনো কথা নোসোমাল। পানীৰ কাষ পাই দুয়োজনীয়ে সুৰ ধৰি চিঞৰিবলৈ ধৰিলে— দ…দৌ…, আমি আহিছোঁ। নাওখন লৈ আহ। তিনিবাৰমান চিঞৰাৰ পিছত দদৌয়েকে মূৰত গামোচাখন মেৰিয়াই নাওখন লৈ আহিল।

: অই সোণটি, তই কেতিয়া আহিলি ঔ? এইকেইদিনতে বৰ এজনী হ’লি দেখোন। বঠা বাই বাই দদৌয়েকে অঞ্জলিক সুধিলে।
: কালিয়েই আহিলো দদৌ। সৰিয়হবোৰ ফুলিছেনে? নতুন আলুবোৰ খান্দিলিয়েই নেকি? মটৰবোৰ ছিঙিব পৰা হৈছেনে? এহাতেৰে নৈৰ পানীবোৰ চুই চুই অঞ্জলিয়ে দদৌয়েকক সুধি গৈ থাকিল কথাবোৰ।
: আলু খানিলো অলপ । জুইত পুৰি খাব পাৰিবি। সৰিয়হবোৰ ফুলিবলৈ লৈছে। মটৰ ছিঙিবি আজি দুইজনীয়ে আইতাৰৰ লগত।
নৈৰ পাৰত নামিয়েই তাই বিশেষ এজোপা বগৰীৰ ওচৰলৈ দৌৰি গ’ল বগৰী আছেনে নাই চাবলৈ। তাই সেইজোপা তাইৰ বগৰী গছ বুলি কয়। খাবলৈ বৰ সোৱাদ।

এইবাৰ তাই দদৌয়েকে সাজি লোৱা সৰু দুই কোঠালিৰ ঘৰটোত সোমালগৈ। ইকৰাবোৰ কাটি ৰ’দত শুকুৱাই সেইবোৰেৰে বেৰবোৰ গাঁঠিছে দদৌয়েকে। ওপৰৰ চালখন উলুখেৰেৰে ডাঠকৈ চাইছে।

: অই, তহঁত দুইজনী এতিয়াই বাৰীলৈ লৰ নামাৰিবি। আগতে কিবা অলপ খাই লহি আহ।
সিহঁত দুজনীৰ উৎপাতবোৰ দেখি আইতাকে ডবিয়ালে। নৈৰ পৰা পানী এবাল্টি আনি আইতাকে মাটিৰ কলহটোত বাকিছে। ঠাণ্ডা হৈ থাকে, পিছত সেইপানীকে খোৱা হয়। কেতিয়াবা নৈৰ পানী গৰম কৰি খাবলৈ দিয়ে আইতাকে।

দদৌয়েক কোৰখন লৈ আলু খেতিডৰাৰ ফালে গ’ল। সৰুবায়েকে চাউল ধুই জুইত ভাতৰ চৰু পাতিছে। তাই আইতাকৰ সৈতে লাইশাক কাটিবলৈ লাগিল। মাছমৰীয়াৰ পৰা সৰু মাছ লৈ থৈছে দদৌয়েকে। লাইশাকখিনি কেৰাহীখনত দি নিমখ অলপ ছটিয়াই দিলে আইতাকে। ভাপতে অলপ সিজাৰ পিছত পানী দিলে। উতলিবলৈ লোৱাত সৰু মাছবোৰ ধুই তাতে দি দিলে। লগত আদা এডোখৰো খুন্দি দিলে। জুইত দুটামান নতুন আলু সুমুৱাই দিলে অঞ্জলিয়ে খাই ভাল পাই বুলিয়েই। দুটা ডাঙৰ গৰৈ মাছ চেনা কাটি নিমখ অলপ ছটিয়াই দীঘলে দীঘলে খৰিকাত শিঙি জুইত পুৰিবলৈ লাগিল ।

: এতিয়া ভাত খাই তঁহতে মটৰ ছিঙিব লাগিব দেই। দদৌয়েৰক মাতি দে ভাত খাবলৈ। আইতাকে কল্যাণীক ক’লে। কথা পাতি পাতি আটাইকেইটাই ভাত খালে। কাঁহী-বাটিবোৰ ধুই দুয়োজনী আইতাকৰ সৈতে মটৰ ছিঙিবলৈ ওলাল ।
: অ’ দদৌ, বাৰীখন দেখিবলৈ ইম্মান ধুনীয়া হৈছে!
: মই কষ্ট কৰি কাম কৰিছোঁ বাবেহে ধুনীয়া হৈছে। তয়ো ভালকৈ পঢ়া-শুনা কৰিবি। তেতিয়াহে তোৰ জীৱনটো ধুনীয়া হ’ব। বুজিলি মোৰ আইজনী?
: বুজিলো দদৌ। মই ভালকৈয়েতো পঢ়োঁ। তই জাননে নাই, মই শ্রেণীৰ পৰীক্ষাবোৰত সদায় প্রথম হওঁ?
: বৰ ভাল কথা। সদায়েই প্রথম হৈ থাকিব পৰাকে পঢ়িবি। এতিয়া যা, আইতাৰক অকণমান সহায় কৰি দেগৈ।
অঞ্জলি মটৰডৰাত সোমালগৈ। আইতাক আৰু সৰু বায়েকৰ খৰাহিকেইটা ভর্তি হ’বই এতিয়া। তায়ো এটা খৰাহি লৈ মটৰ ছিঙাত লাগিল।
: অ’ আইতা, জলকীয়াও ছিঙিব লাগিব নেকি? কল্যাণীয়ে সুধিলে আইতাকক।
: লাগিবতো। ধনিয়া, লাই, মূলা— এইবোৰো উঘালিব লাগিব। দদৌয়েৰে চাগে জিলমিল বুটলিছে। হাওলি হাওলি দূৰৈত কিবা বুটলি থকা মানুহজনলৈ চাই আইতাকে ক’লে।
: অ’ই এইজনী, তই মটৰ ছিঙিছনে খাইছ? কল্যাণীয়ে অঞ্জলিক মটৰ খাই থকা দেখি সুধিলে।
: ইহ! কৈছে শুনা। তহঁতেহে কথা পাতি আছ। মই কিমান ছিঙিলো চা। এচিৰা মটৰ খালেনো কি হ’ব? অঞ্জলিয়ে ভর্তি হওঁ হওঁ হোৱা খৰাহিটো দেখুৱাই ক’লে।
: তহঁত দুজনীয়ে চুপতি মাৰি থাকিব নালাগে এতিয়া। মটৰ ছিঙা বহুত হ’ল। জলকীয়া ছিঙিবি ব’ল। আইতাকে ক’লে। মটৰবাৰীৰ পৰা ওলাই সিহঁত এইবাৰ জলকীয়াডৰাত সোমালগৈ। দদৌয়েকে লাইশাক, মূলা, গাজৰ উঘালিলে। ফুলকবি, বন্ধাকবি অলপো কাটিলে। মুঠতে বাৰীত হৰেক ৰকমৰ পাচলিৰ খেতি কৰিছে দদৌয়েকে। আটাইকেইটাই মিলিজুলি পাচলিবোৰ নৈৰ পানীত ধুলেগৈ। এইবাৰ আইতাক কিবা ৰান্ধিবলৈ গ’ল। সিহঁত দুজনীয়ে দদৌয়েকৰ লগত লাই, মূলা, ধনিয়া, জিলমিলবোৰ মুঠি মুঠিকৈ বান্ধিবলৈ ধৰিলে। দদৌয়েকে এইবোৰ নগৰৰ মঙ্গলবৰীয়া বজাৰলৈ নি বিক্রী কৰিব।
: তহঁতে আজি বগৰী নাখাৱ নেকি? দুইজনীয়ে তেতিয়ালৈকে বগৰীৰ নাম নোলোৱা দেখি দদৌয়েকে সুধিলে।
: খাম খাম। কিয় নাখাম? ব’ল দদৌ, এইবাৰ বগৰী পাৰোঁগৈ। অঞ্জলিয়ে যেন ৰৈ হে আছিল সেই কথাষাৰ শুনিবলৈ।
: ৰ ৰ, খৰাহি এটা লৈ লওঁ। কল্যাণীয়ে ভিতৰৰ পৰা খৰাহি এটা লৈ আহিল। লগত দাউকি এদালো ললে দীঘল চায়। দুইজনীয়ে হেঁপাহ পলুৱাই বগৰী পাৰিলে। বগৰীৰ লগতে কাঁইটৰ আঁচোৰো ভালকৈ খালে। উভতি আহোঁতে কচুঠোৰ, টিকনি বৰুৱা, তৰা গাজ বুটলিলে। জোপোহানিবোৰত শৰালি হাঁহে কণী পাৰি থৈছে নেকি তাকো বিচাৰি চালে। মুঠতে চাপৰিলৈ আহিলে কিমান যে কৰিবলগীয়া কাম থাকে! বগৰী পাৰি আহি অঞ্জলি সৰুবায়েকৰ লগত নৈৰ পাৰলৈ দৌৰ দিলে।

আৰু পঢ়ক:  অপহৃত টুপিটোৰ ৰহস্য

: অই, তহঁত দ পানীলৈ নাযাবি। সিহঁত যে সাঁতুৰিবলৈ গৈছে গম পাই আইতাকে দুয়োজনীকে সাৱধান কৰি দিলে। ক’ত আৰু আইতাকৰ কথা শুনিবলৈ সময়! দুয়োজনীয়ে ওখ গৰাত বহি দিলে, বালিৰ ওপৰেদি চুচৰি আহি তল পালেহি। কল্যাণীয়ে ভালকৈয়ে সাঁতুৰিব পাৰে। অঞ্জলিয়ে মামাকৰ ঘৰৰ পিছফালে থকা পুখুৰীটোতে অলপ অলপ সাঁতুৰিবলৈ শিকিছে। শিকা আৰু কি, কেতিয়াবা ডাঙৰ মামাকে জাল মাৰি মাছ ধৰিলে পাছে পাছে খালৈটো লৈ ঘূৰি ফুৰে। নিজেও কেতিয়াবা জাকৈখন লৈ মাহীয়েকৰ লগত মাছ ধৰে। মাছ ধৰাৰ আচিলাতে সাঁতোৰা হয় অলপ। নতুবা বাৰিষা দিনত পথাৰৰ পৰা আহি গাৰ বোকা আঁতৰাবলৈ পুখুৰীতে জপংকৈ জাঁপ মাৰি দিয়ে। সেইখিনিকে সম্বল কৰি এতিয়া তাই সাঁতুৰিবলৈ নামিছে বুঢ়ীদিহিঙৰ বুকুত। দুয়োজনীয়ে হেঁপাহ পলুৱাই গা ধুলে, সাঁতুৰিলে। সিহঁতৰ নিষ্পাপ খিলখিল হাঁহিত নৈখনেও যেন কিছু সময় খিলখিল হাঁহিৰে ধেমালি কৰিলে। আবেলিৰ বেলিটোৱে খৰধৰ লগাইছে ৰান্ধনি বেলিৰ নাম ল’বলৈ। দুয়োজনীয়ে এইবাৰ বালিত শামুক বগাই যোৱা চিন বিচাৰিবলৈ লাগিল। চিনে চিনে আগবাঢ়ি গৈ থাকিলেই শামুক পোৱা যায়। কিন্তু আজিলৈকে দদৌয়ে কোৱাৰ দৰে শামুকৰ পেটত মুক্তা হ’লে এটাও পোৱা নাই সিহঁতে!

: অই, তহঁত পানীৰ পৰা উঠি আহিলিনে? জল দেৱতাই পানীৰ তললৈ টানি লৈ গ’লে গম পাবি হক ৰহ! উঠি আহ ভালে ভালে। গধূলি হ’ব এতিয়া। কিবা অলপ নাকে-মুখে গুজি ঘৰলৈ যাব লাগে বুলি খেয়াল আছেনে নাই তহঁতৰ? দদৌয়েকে পাৰৰ পৰা চিঞৰিলে। দুয়োজনীয়ে খৰধৰকৈ আহি লগত অনা কাপোৰ সলাই লৈ আইতাকে যতনাই দিয়া ধোঁৱা ওলাই থকা গৰম ভাত এমুঠি এমুঠি খাই ঘৰলৈ যাবলৈ সাজু হ’ল। দিনত গোটাই লোৱা বগৰী, কচুঠোৰেৰে তিনিটা বেগ ভর্তি হ’ল। বেগৰে সৈতে দদৌয়েকে সিহঁতক নাৱেৰে ইপাৰত থৈ উভতি চাপৰিলৈ গ’ল। মঙ্গলবৰীয়া বজাৰৰ পিছতহে তেওঁ ঘৰলৈ যাব। আইতাকে দুটা বেগ দুয়োজনীকে পিঠিত কেঁচুৱা ল’ৰা বোকোচাত লোৱাৰ দৰে বান্ধি দিলে। চাপৰিলৈ আহোঁতে উলাহত বালিত দৌৰি দৌৰি আহিছিল। এতিয়া উভতিবৰ পৰত বালিৰ ওপৰত ভাগৰত গধুৰ দুভৰি যেন আগেই নাবাঢ়ে! এখোজ আগলৈ গ’লে দুখোজ পিছলৈ অহা যেন লাগিবলৈ ধৰিল সিহঁতৰ। পকী ৰাস্তাত উঠিয়েই আইতাকৰ কথামতে বেগাই খোজ দিলে দুয়োজনীয়ে। সোনকালে ঘৰ পাবগৈ লাগে।ৰাস্তাৰে অহা-যোৱা কৰি থকা গাড়ীৰ পোহৰতে আগবাঢ়ি গৈ থাকিল সিহঁত।

অঞ্জলিহঁত ঘৰ পায় মানে মাকে পাকঘৰত চৰু পাতিলেই। কাৰেণ্ট নাই। চাকিৰ ঢিমিক ঢামাক পোহৰত মাকে জুপি জুপি কিবা কাটি আছে।
: অ তহঁত পালিহি। ভৰি-হাত ধুই জুইৰ কিনাৰতে বহি ল অলপ। মোৰ ভাত হ’বই আৰু এতিয়া। খাই-বৈ সোনকালে শুই থাকিবি। কাইলৈ স্কুল পোৱাকে যাব লাগিব নহয় পুৱাতে। মাকে অঞ্জলিক উদ্দেশ্যি কৈ উঠিল।

মাকে কোৱাৰ দৰেই অঞ্জলিয়ে ভাত খাই উঠি সোনকালে আইতাকৰ সৈতে শুবলৈ গ’ল। পিছে বিছনাত উঠিল যদিও অঞ্জলিৰ চকুলৈ দেখোন টোপনিয়েই নহা হ’ল। ভাগৰি থকা আইতাক বিচনাত পৰিয়েই টোপনি গ’ল। তাইৰ দুচকুত বাৰে বাৰে ভাহি উঠিছে দদৌয়েকৰ গেৰোৱা ফটা ভৰি দুখন, ৰ’দে পোৰা মুখৰ তামবৰণীয়া ৰঙটো, নাঙলৰ মুঠি-কোৰৰ মুঠি ধৰি ধৰি কঠিন হৈ পৰা হাতৰ তলুৱা দুখন,— যি দুখন হাতে তাইক মৰেমেৰে গালত মোহাৰি দিওঁতে তাই অনুভৱ কৰিছিল খহটা খহটা স্পর্শ। অঞ্জলিৰ অকণমানি মনটোৱে ফেঁকুৰি উঠে, কিয় বাৰু দদৌয়ে ইমান কষ্ট কৰে? তাইৰ দেউতাকেও ইমান কষ্ট কৰে! অৰুণাচল বুলি কোৱা পাহাৰীয়া ঠাই এডোখৰত কাম কৰিবলৈ দেউতাক গুচি গৈছিল মাজতে। মাকে তেতিয়া ৰাতি অঞ্জলিৰ পেচাব লাগিলে বিচনাৰ তলত থৈ দিয়া চৰিয়াটোত কৰিবলৈ কৈছিল। মাকে বাৰু ৰাতি বাহিৰলৈ ওলাবলৈ কিয় ভয় কৰিছিল? দেউতাক এতিয়া ঘৰতে থাকি কামলৈ অহা-যোৱা কৰে। কেতিয়াবা ৰাতি যায়, কেতিয়াবা পুৱা অঞ্জলি শুই নৌ উঠোঁতেই যায়, কেতিয়াবা দুপৰীয়া গৈ ৰাতি উভতি আহে। ইমান কষ্ট কৰে দেউতাকে। মাকৰো কষ্ট জানো কম! খেতিৰ দিনত ৰোৱা-তোলা কৰা, গৰু-ম’হকেইটাৰ বাবে ঘাঁহ কটা, হাঁহকেইটাক দানা দিয়া, শুই উঠিয়েই বাহী চোতাল সৰা, পাকঘৰ চম্ভালা, ধান মৰা, আলহী শুশ্রূষা কৰা, বিহুৰ দিনত ঢেঁকীত পিঠাগুৰি খুন্দা, জলপান খুন্দা, তাঁতশালৰ গামোচাত ফুল তোলা…। মাকৰ কাম যে শেষেই নহয়। তথাপিও অঞ্জলিক খুব মৰম কৰা আইতাকে কেতিয়াবা মাকক জানো কিয় কেটকেটাই থাকে! তেতিয়াই আইতাকজনীক বৰ বেয়া বেয়া যেন লাগে অঞ্জলিৰ। বাহী চোতাল সাৰি গা নোধোৱাকৈ আইতাকে কাকো ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়ে। কেতিয়াবাহে বাঢ়নিডাল হাতত লোৱা অঞ্জলিৰ ক্ষেত্রতো সেই নিয়মৰ হীন-দেঢ়ি নহয়। অঞ্জলিৰ একমাত্র পেহীয়েকজনীয়ে মাকক সহায় কৰি দিয়ে ঘৰৰ কামৰ লেঠা মৰাত। কাম নকৰাৰ ভিতৰত ডেকা দদায়েক দুজনেহে ক’ত কি কৰি ফুৰে অঞ্জলিয়ে নাজানে। ডাঙৰ দদায়েকে খেতি-খোলাত হাত দিয়ে সময়ত। সৰুজনৰহে কাম-কাজত অলপো মন নাই। ঘৰতেই নাথাকে বেছিভাগ সময়।

অলেখ কথাই ভিৰ কৰিলেহি অঞ্জলিৰ কণমানি মনটোত। নিজকে প্রশ্ন সুধি সুধি নিজেই উত্তৰ উলিয়ালে। কিছুমান কথা বুজিলে, কিছুমান নুবুজাকে ৰৈ গ’ল। হঠাতে তাইৰ মনটোৱে ঠিক কৰি ল’লে, কাইলৈৰ পৰা তাই খুব মন পুতি পঢ়িব। দদৌয়ে কৈছে নহয় তাইক, ভালকৈ পঢ়িলেহে তাইৰ জীৱনটো ধুনীয়া হ’ব। তাই পঢ়িব। ভালকৈ পঢ়িব। বিহুত নতুন কাপোৰ লাগিবই বুলি এইবাৰ তাই দেউতাকৰ ওচৰত আব্দাৰ নধৰে। ঘৰলৈ মনত পেলাই তাই আৰু মনে মনে উচুপি নাথাকে। তাইৰ নিজৰ জীৱনটো ধুনীয়াকে গঢ়িব। দেউতাক, মাক, দদৌয়েক, আইতাক— আটাইৰে জীৱনবোৰ তাই ধুনীয়া কৰি দিব। মাক-দেউতাকে তেতিয়া ইমান কষ্ট নকৰিলেও হ’ব। দদৌয়েও চাপৰিত খেতি কৰি চাইকেল ঠেলি ঠেলি মঙ্গলবৰীয়া বজাৰত পাচলি বিক্রী নকৰিলেও হ’ব। অজানিতে অঞ্জলিৰ দুচকুৰে দুটোপাল চকুপানী ওলাই গাৰুটোতে পৰিল। তাইৰ কণমানি মনটোৱে বুজি নাপালে,— সেয়া সুখৰ নে দুখৰ চকুপানী। বিচনাতে উঠি বহি তাই আইতাকৰ মুখলৈ চালে। বেৰৰ ফাঁকেৰে সৰকি অহা জোনৰ পোহৰত দেখিলে, আইতাক প্রশান্তিৰে শুই আছে। এপাকত তাইৰ মন গ’ল উঠি গৈ মাক-দেউতাকৰ মুখকেইখনো এবাৰ চাই আহিবলৈ। আকৌ ভাবিলে, নাই মাক-দেউতাকক আমনি নকৰে তাই। শোৱক তেওঁলোক। কুঁচি-মুচি অঞ্জলি আইতাকৰ বুকুতে মুখ গুজি শুই পৰিল। কাইলৈ যে পুৱা সোনকালে উঠি স্কুল পোৱাকৈ দেউতাকৰ হাতত ধৰি মামাকৰ ঘৰলৈ যাব লাগিব।«

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “ৰামধেনু”

  1. Tulika Nirmolia Avatar
    Tulika Nirmolia

    সঁচা কথা ক’বলৈ হ’লে __ মই ভয়ে ভয়ে হে নীলা চৰাইলৈ বুলি গল্পটো পঠিয়াইছিলো ।
    মনতে সন্দেহ ‘গল্প’ বুলি ক’ব পৰা হ’ল বা নহ’ল !
    আপোনালোকৰ মন্তব্য পায় সঁচাকৈ খুব ভাল লাগিছে, লগতে উৎসাহিত অনুভৱ কৰিছো ।

    ধন্যবাদ Mahendra Kakati.
    ধন্যবাদ Likhan Nil Konwar,Abhijit Dehingia চেষ্টা নিশ্চয় কৰিম ।
    ধন্যবাদ Santanu, ঠিকেই সেয়া বুঢ়ীদিহিঙৰ মাজুলীয়েই হয় । চেষ্টা কৰিম বেছি সময় লৈ লিখিবলে’ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts