পুতলা নাচ

প্ৰকাশ: ১৪ জুন, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

image

ল'ৰালিৰ সোণসেৰীয়া বাটেদি
খোজকাঢ়ি আহি
পালোহি জীৱনৰ এই জটিল বাট
এতিয়া কলৈ যাওঁ… কলৈ নাযাওঁ
হাঁহো নে কান্দো
কাৰ বাবে থাকিম জীয়াই
কাৰ বাবে মৰিম!
অহা বাটেদি নোৱাৰো যাব উভতি
যাব নোৱাৰো এই বাট এৰি আন বাটেদি

অতীতৰ বুকুত নাছিল
বৰ্তমানৰ ঠিকনা
বৰ্তমানেও নকয়—
ভৱিষ্যতৰ বুকুত আছে কি?
প্ৰেম নে বিষাদ
এমোকোৰা হাঁহিৰ ৰেঙণি নে
দুধাৰি বৈ অহা চকুপানী!
জীৱনৰ কথাবোৰ কাক কওঁ
অব্যক্ত বেদনাৰে আৰু
কিমান লিখিম জীৱনৰ কবিতা
পাক লগা সূতাৰ দৰে
জীৱনৰ এই কথাবোৰ যে নহয়
জেলেপীৰ পাকবোৰৰ দৰে!

কথাবোৰ ভাবি থাকোঁতেই
তেওঁ ক'লে, মই এতিয়া ডাঙৰ হ'লো
অ' ঠিকেই, মই ডাঙৰ হ'লো
শিশুসুলভ অবুজ হাঁহিবোৰ যে হেৰুৱালো

কি পালো… কি নাপালো
পোৱ-নোপোৱাৰ দোমোজাত ৰৈ
উভতি চাওঁ
ভাললগা দিনবোৰ
ভাললগা অনুভৱবোৰ
কেতিয়াও আঁতৰি নোযোৱাৰ প্ৰতিশ্ৰুতিৰে
লগপোৱা প্ৰিয় মানুহবোৰ
পাখি গজি উৰি যোৱা
পখিলা হ'ল

কাৰোবাক স্মৰণ কৰা
আৰু কাৰোবাক লৈ সপোন দেখা
এই স্বপ্ন আৰু স্মৃতিয়ে
আঁকিব খোজে
জীৱনৰ আয়ুস ৰেখাডাল

জীৱনৰ একাঁ বেকাঁ বাট
কোনটো কেকুঁৰিত কাক হেৰুৱাওঁ!
উজুটি খাই পৰোঁ বুলি
মসৃণ বাটেদি খোজ দিওঁ
মসৃণ বাটত উজুটি খালে
কোন বাটে যাওঁ!

আৰু পঢ়ক:  শিকলিৰে বান্ধি থোৱা প্ৰেম

সুত্ৰধাৰৰ বচনেৰে আগবাঢ়ে
জীৱনৰ পুতলা নাচ
পুতলা নচুৱাজনৰ আঙুলিত
নাচি উঠা
আমি জীৱন্ত পুতলা।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts