প্ৰাঞ্জল শইকীয়াৰ কবিতা

শব্দৰ উদাসীনতাত জঞ্জাল পৃথিৱী

কিহৰ অপেক্ষাত ৰৈ থাকে সময়
জ্বলন্ত জীৱনৰ গান শুনিবলৈ নে
ফট্-ফট্ কৈ জ্বলি ছাই হোৱা
জীৱনৰ আচবাব চাবলৈ !

মৰিশালিৰ বুকুত দুলি আছে
মোৰ জীৱনৰ এবুকু প্রত্যাশা।
পাৰিজাত পৃথিৱী অথবা শেৱালি নিশা
জীৱন-আবেলিৰ অস্তমিত ৰ’দজাকত জুপুকা মাৰে
মোৰ নিস্তব্ধ অনুভৱৰ সুৰৰ আটলাণ্টিক।

সেপ ঢুকি জীয়াই আছে আজি
মোৰ হৃদয়ৰ অস্পষ্ট কণ্ঠস্বৰ,
সেউজীয়াক ভালপোৱাৰ অপৰাধত অপৰাধী সি।
সমুখত
নিৰাশাই আবৰা ধূসৰ সন্ধিয়াৰ ৰূপকথা,
আকাশ চুব খোজা হৃদয়ৰ
হতাশাৰ অন্তহীন পথ।

এতিয়া মুখাখন খুলি থ’লেও নিচিনো মুখখন।
তলাবন্ধ হৃদয়ত খিৰিকীৰ সন্ধান,
অস্থিৰতাৰ কফিনত জীৱনৰ উত্তাল নাচোন।

শব্দৰ ৰাজপথ কলৈ গ’ল…
তীৰকঁপে হোৱা জ্বৰত কঁপি থকা জোনাকৰ দেশলৈ
নে উচন বুকুত শাণ দিয়া তপত হুমুনিয়াহবোৰলৈ!

এতিয়া আৰু চপৰা-চপৰে নখহে
মোৰ শব্দৰ পংকিল পাথৰ
অত্যাচাৰী অনামী ধুমুহাত বুকুত গোট মৰা
মোৰ অনুভৱৰ উৰুখা পথাৰ।

শব্দহীনতা আৰু অনুভৱহীনতা…
মহাশূ্ণ্যত বিস্ফোৰণ
মোৰ হৃদয়ৰ ব্যাকুল আস্ফালন,
মোৰ শব্দৰ জ্বালামুখী অভিলাষ।

শব্দৰ উদাসীনতাত আজি
মোৰ জঞ্জাল পৃথিৱী।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz