প্রয়াণ

[ তুলিকা নিৰ্মলীয়া ]

হলিৰামৰ ঘৈণীয়েক মৰিল। হলিৰামৰ চকুপানী নোলাল এটোপালো। মতা মানুহে হেনো কান্দিব নাপায়। তেওঁ মনৰ ভিতৰতে মন্ত্রৰ দৰে আওৰালে— নাপায়, নাপায়। ভালেই হ’ল, লেলাট ভুঞ্জি থকাতকৈ মানুহজনী মৰি থাকিল। আকৌ এবাৰ হলিৰামে মনতে আওৰালে মন্ত্রৰ দৰে— ভালেই হ’ল, ভালেই হ’ল।

হলিৰামৰ চাৰিটা পুতেক, তিনিজনী জীয়েক। জীয়েককেইজনী নিজৰ নিজৰ পছন্দৰ ল’ৰাৰ লগত গৈ সংসাৰ ধর্ম পালন কৰি আছে। পুতেককেইটাও নিজৰ পছন্দৰ মানুহ একোজনী গোটাই লৈ নিজৰ সংসাৰত ব্যস্ত। হিচাপত হলিৰামৰ সংসাৰখন এখন ডাঙৰ সংসাৰ— জী-জোঁৱাই, পো-বোৱাৰী, নাতি-পুতিৰে উভৈনদী। পিছে আজি বহুদিনৰ পৰা হলিৰামে বেমাৰী মানুহজনীকে ধৰি দুটা মানুহলৈহে সুদাই-নিকাই ভাত এমুঠি নিজে ৰান্ধি আছিল। এতিয়া তাৰে এটা খাৱৈয়া মানুহ কমিল। কমিল মানে, একেবাৰে নাইকিয়াই হৈ থাকিল! মাকজনী নাইকিয়া হোৱাৰ খবৰ পাই জীয়েক-পুতেককেইটা একেলগ হৈছেহি। মাজু পুতেকটো দুলীয়াজানত থাকে। ডাঙৰটো আৰু তিনি নম্বৰটোৱে বেলেগে বেলেগে ঘৰ সাজিলে। পেটমোচাটো হলিৰামৰ লগতে আছিল। মানুহ এজনী গোটাই লোৱাৰ পিছতেই সিও নিজৰ ভাতৰ চৰু বেলেগ কৰি ল’লে, যদিও মূল ঘৰৰ ভেটি একেটাই। মাজতে থকা দুৱাৰ এখন বন্ধ কৰি দিয়াত দুটা চৌকা জ্বলোৱা দুখন ঘৰ হৈ পৰিল। হলিৰামে মাজে মাজে পাহৰি যায়, নিজৰ পুতেক চাৰিটা থকাৰ কথা। মানুহজনী ইমানদিন বিছনাত পৰি থাকোঁতেও দেখোন কাৰো আহৰি নহ’ল আহিবলৈ। এজনী মানুহ নোহোৱা হওঁতে মানুহে গিজগিজাই থকা ঘৰখন দেখি হলিৰামৰ মুখত কিবা অকৰা হাঁহি এটা ওলমি ৰৈছেহি, এখিলাও পাত নথকা শুকান গছ এজোপাত ওলমি থকা ৰঘূমলাৰ দৰে।

মানুহজনী নোহোৱা হোৱা আজি তিনিদিন হ’ল। হাড়ে-ছালে লগা মানুহ নামৰ জকা এটাহে বিছনাত পৰি আছিল ইমানদিন। জুইকুৰাৰ স’তে জ্বলি জ্বলি ছাই হৈ থাকিল মানুহজনী। কি যে এটা গোন্ধ লাগিছিলহি জানো হলিৰামৰ নাকত! গোন্ধটো কুমটি এটাৰ দৰে এতিয়াও বগাই ফুৰিছে তেওঁৰ মূৰৰ পৰা ভৰিলৈকে! পিছফালৰ হাবিখনলৈ চালেই যেন মানুহজনীক দেখা পাব তেওঁ, তেনেকুৱা এটা ভাবেই মগজুত বাহ লৈছেহি তেওঁৰ। আজি তিলনি। মাজু পুতেকটো আহিব নোৱাৰে। নোৱাৰে মানে, সমাজে নিদিয়ে। গতিকে সি তাৰ দুলীয়াজানৰ ঘৰতেই মাকৰ তিলনি পাতিছে। ডাঙৰটোৰো এখন বেলেগ সমাজ। সৰু দুটাৰো এখন বেলেগ সমাজ— য’ত ঘৰুৱা সাজপানীটোপা ভকতক দিয়াৰ নিয়ম। হলিৰাম দোধোৰ মোধোৰত পৰিছে। মানুহ এজনীয়েই। চাৰিওটা একেজনী মানুহৰেই পেটৰ পোৱালি। সেই এজনী মানুহৰেই এতিয়া তিনিখন তিলনি পাতিছে পুতেকহঁতে। হলিৰামে এতিয়া কোনখন সমাজত আঁঠু ল’ব?

হলিৰামৰ বেজাৰ লাগে আগৰ দিনবোৰৰ কথা মনত পৰিলে। গাঁওখনত এটাই নামঘৰ আছিল। গাঁৱৰ গোটেইমখা ৰাইজে একেটা নামঘৰতে আঁঠু লৈছিল। উঠি অহা ডেকা চামটোক খোল বজাবলৈ শিকাইছিল। গায়ন-বায়নৰ আখৰা হৈছিল। বছৰেকত ৰাস-ভাওনাও কৰিছিল ৰাইজে। ভাদ মাহত নাম লৈছিল গাঁৱৰ মাইকী মানুহখিনি মিলি। বছৰৰ ন-ভাত মুঠিও আটায়ে একেলগে মিলি-জুলি খাইছিল। জন্মাষ্টমীৰ ৰাতিটোৰ কথা মনত পৰিলে হলিৰামৰ বুকুত বৰতাল দুযোৰমান গুমগুমাই একেলগে বাজি উঠে আজিও। জন্মাষ্টমী বুলিলে গাঁৱৰ গোটেইবোৰ মানুহ উঠি-পৰি আহিছিল নামঘৰলৈ। বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, বোৱাৰী, সৰু ল’ৰা-ছোৱালী— কোনো বাদ পৰা নাছিল। জন্মাষ্টমীৰ মিঠৈৰ সোৱাদেই আছিল সুকীয়া। নাম-প্রসঙ্গ সামৰাৰ পিছত আৰম্ভ হৈছিল দিহানাম। নেগেৰাৰ মাতত নামঘৰৰ ভিতৰখন গমগমাই উঠিছিল। সৰু সৰু দুজনীমানে নেগেৰাৰ তালে তালে নাচিছিল। টোপনি যোৱা পোৱালিকেইটাও মাজনিশা সাৰ পাইছিল কৃষ্ণৰ জন্ম হোৱা চাবলৈ। মণিকূটৰ ভিতৰত আন্ধাৰতে কোনোবাই জুইশলাৰ কাঠি এটা জ্বলাই দিছিল। সৰু ল’ৰা ছোৱালীখিনিয়ে তাকেই চাইছিল কৃষ্ণ জন্ম হোৱা বুলি চকুৰ পলক নেপেলোৱাকৈ। “আজি ৰাতি কৃষ্ণাই উপজিলে কেৱে নাজানিলে ঐ কেৱল বাসুদেৱৰ বিনে, কংসৰ ভয়তে পলুৱাই থ’লেগৈ নন্দ-যশোদাৰ ঘৰে।” পুনৰ আৰম্ভ হৈছিল দিহানাম। পুৱতি নিশালৈকে একে গতিতে দিহা নাম গায়েই থাকিছিল ৰাইজে। তাৰ মাজতে কলপাত, দিমৌপাত শাৰী শাৰীকৈ পাৰি প্রসাদ ভাগ কৰা হৈছিল। তাৰ পিছতহে ৰাইজ ঘৰাঘৰি গৈছিল।

হঠাতে ক’ত জানো খেলিমেলি আৰম্ভ হৈছিল। আধাখিনি মানুহ কাষৰ গাওঁখনত থকা নামঘৰলৈ যাবলৈ লৈছিল। হলিৰামৰ সৰু পুতেক দুটাইও তালৈ যোৱা আৰম্ভ কৰিছিল। ডাঙৰটো পুতেক আগৰ সমাজখনৰ লগতেই ৰৈ গ’ল। মাজুটোৰ কথা সুকীয়া। তাৰ শহুৰেক শঙ্কৰ সংঘৰ লেখত ল’বলগীয়া মানুহ আছিল। তেওঁলোকৰ গাঁৱৰ ওচৰৰ গাওঁখনত খ্রীষ্টান মিছনেৰীৰ কিবা এটা প্রতিষ্ঠান হৈছিল নতুনকৈ। ওচৰ-পাজৰৰ গাওঁবোৰৰ দুখীয়া মানুহখিনিৰ উন্নতিৰ বাবে কিছু কাম হাতত লৈছিল। তাঁত ব’বলৈ মাইকী মানুহখিনিক সূতাৰ যোগান দিছিল। তাৰে আধা কাপোৰ শিপিনীয়ে নিজৰ লগত থৈ বাকীখিনি সূতা যোগান ধৰোঁতাৰ তাতে বিক্রী কৰিব পাৰিছিল। সেই প্রতিষ্ঠানটোক হাতে-কামে লাগি সহায় কৰি দিয়াৰ বাবেই এচাম মানুহে হলিৰামৰ বিয়ৈয়েকক খ্রীষ্টান ধর্ম ল’লে, গৰুৰ মাংস খালে বুলি এক প্রকাৰৰ অপমান কৰিয়েই শঙ্কৰ সংঘৰ পৰা উলিয়াই দিছিল। দুখে-শোকে জর্জৰিত হৈ তেওঁ আঁতৰি আহিছিল নিজে গঢ়ি লোৱা সমাজখনৰ পৰা। আঁতৰি আহিবলৈ একপ্রকাৰ বাধ্যই হৈ পৰিছিল। তেওঁ আঁতৰি অহাৰ লগে লগে তেওঁক ভালপোৱা মানুহ এখিনি নিজে নিজে তেওঁৰ সৈতে গুচি আহিছিল। জন্ম হৈছিল শঙ্কৰী সমাজ বুলি এখন নতুন সমাজৰ। হলিৰামৰ দুই নম্বৰ পুতেকটো সেইখন সমাজলৈকে গুচি গৈছিল। সৰুটো পুতেকে হলিৰামক কৈছিল— “তয়ে-ময়ে যিহেতু একেটা ভেটিতে ঘৰ পাতি আছোঁ, গতিকে মই থকা ৰাইজখিনিৰ লগতেই তয়ো থাকিব লাগিব।” পাকে প্রকাৰে সি যেন হলিৰামক বুজাই দিছিল— “তোৰ যদি ডাঙৰ পুতেৰৰ সমাজখনৰ লগত খাবলৈ মন, তেন্তে তই তাৰ লগতেই থাক, তাৰ ঘৰত।”

হলিৰামে ভাবিবলৈ আৰম্ভ কৰিছিল, পুতেককেইটাই বাৰু সিহঁত বুঢ়া-বুঢ়ীহালক বোজা বুলি ভাবিবলৈ লৈছে নেকি? সেইষাৰ কথা হলিৰামৰ মনত এবাৰ যি সোমাল; সোমাই গৈ থাকিল, গৈ থাকিল, গৈয়েই থাকিল…। কুমটিয়ে মাটি খান্দি গৈ থকাৰ দৰে। পুৰণি ঘৰৰ ভেটিটো কিবা এটা মোহত এৰিব নোৱাৰি সৰু পুতেকৰ লগতে থকাটো ঠিৰাং কৰিছিল তেওঁ। তথাপিও হলিৰামে কোনোদিন সিহঁতৰ ওপৰত নির্ভৰ কৰি চলা নাছিল। চাপৰিত শাক-পাচলিৰ খেতি কৰি বজাৰত বিক্রী কৰিছিল। বাঁহ-বেতৰ কামো জানিছিল বাবে ডলা-চালনি, পাচি-খৰাহী, জাকৈ-খালৈ নিজে সাজি বিক্রী কৰি দুটা মানুহৰ খৰচ উলিয়াইছিল। ভঁৰালৰ ধান আছিলেই। মানুহজনীও জানো কম আছিল! পিছফালে শুকান বাঁহৰ খুঁটা পৰি থাকিলে দাখন লৈ গৈ কাটি আনি থয়। কুঠাৰখন লৈ গৈয়ো গছৰ মূঢ়া পৰি থাকিলে ঘপৰ ঘপৰকৈ কাটি দুডোখৰ মান চলিখৰি হ’লেও নিজে যোগাৰ কৰি লয়। হলিৰামে এতিয়াও হাল টানিব পাৰে। তথাপিও খেতি পথাৰলৈ যাব লগা দিনকেইটাত লাগনি-পাচনি কৰি দিবলৈ ল’ৰা এটা ৰাখিছিল। খেতিৰ মাটি চহাই ধানকেইটা তাৰ লগতেই ভঁৰালত তোলেহি হলিৰামে। দুই বুঢ়া-বুঢ়ীকনো কিমান লাগিছিল! তথাপিও আপত্তি আছিল পুতেকহঁতৰ, দুটা মানুহক নিজৰ লগত ৰখাত। এইবোৰক লৈ কোনো খেদ নাছিল হলিৰামৰ। দুই বুঢ়া-বুঢ়ী নিজৰ মতে চলিছিল। বুঢ়া বয়সত পুতেকহঁতক কাষত নোপোৱাৰ বেজাৰে কেতিয়াবা দুয়োটাকে আমনি কৰিছিল যদিও চকুৰ আগতে দেখি থকা নাতি-পুতিকেইটাৰ মুখকেইখনে সেইখিনি পাহৰাই ৰাখিছিল। সিহঁতবোৰো ডাঙৰ হ’ল। আগৰ দৰে আইতাকৰ ওচৰলৈ আহি পিঠিৰ ঘামচি ভাঙি দিবলৈ, গৰমৰ দিনত চোতালতে পাটী এখন পাৰি বিচনিৰে বিচি দিবলৈ আব্দাৰ নধৰা হ’ল। সাধু শুনাৰ আশাত হাতত ধান এটা লৈ হলিৰামৰ পকা চুলি কাঢ়ি নিদিয়া হ’ল।

বহুত কিবাকিবিয়েই নোহোৱা হ’ল চকুৰ পচাৰতে। মানুহজনীয়ে হঠাতে বিছনা ল’লে। মাজুটো পুতেকে ডাক্তৰী চিকিৎসা কৰোৱালে যদিও দুদিনমান ভালে থাকি পুনৰ উক দিয়ে বেমাৰটোৱে। লাহে লাহে পুতেকহঁতেও গা এৰা দিলে। দৌৰি-ঢাপলি ফুৰা তজবজীয়া মানুহজনী হাড়ে-ছালে লগা বেমাৰী হৈ বিছনাতে পৰি থকা হ’ল। হলিৰামে মানুহজনীৰ আলপৈচান ধৰিবলৈকে চাপৰিলৈ যাবলৈ এৰিলে। পিছফালৰ বাৰীৰে কিবাকিবি শাক-পাত বুটলি আনি ভাতমুঠি পানী বেছিকৈ দি অকনমান ঢিলাকে ৰান্ধি দিয়ে। কেতিয়াবা জুইকুৰা জ্বলাই জুইশালতে পাটী এখন পাৰি মানুহজনীক শুৱাই দিয়ে। মানুহজনীয়ে যেতিয়া ধেলা চকু দুটাৰে হলিৰামৰ ফালে চাই পঠিয়াই, তাৰ বুকুখন মোচৰ খাই উঠে। বুজাব নোৱৰা কিবা এসোপা উজাই আহি ডিঙিটো সোপা মাৰি ধৰে। অলেখ কথাই যেন ক’ব খোজে মানুহজনীয়ে। ইটো-সিটো কিবাকিবি কৈ ফুচুলাই থয় হলিৰামে। নিজকো যেন তেনেদৰেই ফুচুলায়! কেতিয়াবা দুয়োটাই হাঁহে। কেতিয়াবা ঘৰৰ মুধচটোৰ কথা কয় মানুহজনীয়ে। দুই-এটা ফুটা হৈছে, বৰষুণ আহিলে পানী পৰিব ঘৰৰ ভিতৰত। হলিৰামে বুজে, মুধচটো নতুনকৈ চাবৰ হ’ল। বাৰীৰে টকৌপাত কেইখনমান কাটিম কাটিম বুলি ভাবি থকাতেই থাকে। মানুহজনীক যে ক’ব নোৱাৰি কঁকালৰ বিষটোৰ কথা! নাওৰাখনো পচিছে। দুটামান ফুটা হৈছে ঠায়ে ঠায়ে। বৰষুণ দিলে পানী সৰকি জুইশাললৈ যোৱা বাটটোতে পৰিব। হলিৰামে ভাবি আছে, বিষেশ্বৰৰ দোকানত মিঠাতেল অনা টিং যদি খালী হৈছে, তাৰে দুটামান আনি, কাটি লৈ নাওৰাখনৰ ফুটাকেইটাত বান্ধি দিব লাগিব। বহুত কথা ভবাতেই থাকিল দেখোন! মানুহজনী যোৱাৰ দিনাৰে পৰা বৰষুণ দি আছে। ফুটা মুধচেৰে এটোপ-দুটোপ পানী পৰিছে। নাওৰাখনৰ ফুটাৰেও পানী পৰিছে। মানুহজনী থকাহেঁতেন হলিৰামক বকিলে হেঁতেন। এতিয়া ডাঙৰ জীয়েকে ঘটি, গামলা, চৰিয়া— যি পাইছে তাকে পাতি থৈছে পানী পৰা ঠাইবোৰত। এইকেইদিন ভকত দুজনমান আহি ভাগৱত পাঠ কৰি আছে গধূলি গধূলি। দহ দিনৰ দিনা ভাগৱত পাঠ সামৰি মানুহজনীৰ দহাখন পাতি পেলালেই মানুহবোৰ আজৰি হ’ব। হলিৰামে ডিঙিত লৈ থকা গামোচাখনেৰে সেমেকি থকা দুচকু নিৰৱে মচি লয়। একেখন ভাগৱতেইতো পঢ়ি আছে বাকী দুয়োটা পুতেকৰ দুখন ঘৰত!
***

চাওঁতে চাওঁতে আজি পোন্ধৰ দিনেই হ’ল মানুহজনী যোৱা। হলিৰামে আঙুলিৰ মূৰত হিচাপ কৰি চালে। জীয়েককেইজনীও গ’ল নিজা নিজা ঘৰলৈ। মানুহ এজনী নোহোৱাৰ নামতেই ঘৰখন এইকেইদিন ভৰি আছিল! এতিয়া উদং হৈ পৰিল। নিমাওমাও হৈ পৰি থাকে গোটেই ঘৰটো। সৰু বোৱাৰীয়েকজনীয়ে এইকেইদিন ভাত এমুঠি ৰান্ধি খুৱাইছে হলিৰামক। নাই, নোৱাৰেচোন খাব। একোতেই সোৱাদ নোপোৱা হ’ল জিভাখনে। মাজু বোৱাৰীয়েকজনীও আহি গ’ল পুতেকৰ সৈতে। হলিৰামক সিহঁতৰ লগতে থাকিবলৈ কৈছিল। নাযায়, হলিৰাম নাযায় তালৈ। বুজি পায় তেওঁ, টাউনৰ সেই অকণমানি কোম্পানীৰ কোৱার্টাৰটোত থাকিবলৈ গ’লে মিছাকৈ তাৰ লগতে ঘৰৰ আটাইকেইটা প্রাণীৰ আলৈ-আথানি হ’ব। থকাৰ ঠাইক লৈ চিন্তা কৰা নাই হলিৰামে। যিমান দিন পাৰে নিজে কৰি খাব। কুটা এগছ নকৰাকে বহি বহি খাইছ বুলি যাতে কোনো এটা পুতেকে কেটেৰা-জেঙেৰা পাৰিব নোৱাৰে। লাগিলে সামৰি থোৱা কাঠি-কামিৰ কামকে কৰিব। ঘৰটোত থাকি আমনি লাগিলে মাজে মাজে গৈ চাপৰিতে থাকিবগৈ। তাতে ইটো সিটো শাক-পাচলিৰ খেতি কৰি থকা লিলেশ্বৰক কিবা সহায় কৰি দিব। মুঠতে তেওঁ কাকোৱেই অসুবিধা নিদিয়ে। হলিৰামৰ মাথোন এতিয়া এটাই চিন্তা— যিদিনা সি মৰিব, পুতেককেইটা গোট খাবনে তেওঁক সাঙি ভাৰ কৰি তেওঁৰ মানুহজনীৰ কাষতে শুৱাই থৈ আহিবলৈ? তেওঁৰ বাৰু কেইখন দহা পাতিব পুতেকহঁতে? ভাবি ভাবি একো ঠাৱৰ কৰিব নোৱৰা হয় তেওঁ। মানুহজনীৰ ঠাইত যদি হলিৰাম আগতে গুচি গ’লহেঁতেন! কথাটো এবাৰ নিজকে নিজে সুধি চালে হলিৰামে। অকলশৰীয়া মানুহজনীয়ে কি কৰিলেহেঁতেন?

মানুহজনী তাতকৈ আগতে গুচি গ’ল, ভালেই হ’ল! হলিৰামে আকৌ এবাৰ মন্ত্রৰ দৰে আওঁৰালে— ভালেই হ’ল, ভালেই হ’ল!

লেখকৰ ঠিকনা:
Indian Council for Medical Research
RMRC, ICMR
Post box No. 105, Lahoal, Dibrugarh, Assam
ই-মেইল: tulikanirmolia@gmail.com

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

সম্পাদক

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz