পৰাগ পিংকু বৰঠাকুৰৰ কবিতা

প্ৰকাশ: ১৫ জুলাই, ২০১২ | অন্তিম সম্পাদনা: ৬ এপ্ৰিল, ২০২১

ভালপোৱা

এজাক বৰষুণ ইয়ালৈয়ো আহিছিল
দোপালপিতা
মাটিৰ কলহবোৰ সেমেকি আছিল
সেমেকিছিল আইৰ চকু
আইৰ বুকু…

জোনাক তিতিছিল
জোনে কান্দিছিল
গছে কান্দিছিল
দুখৰ বাঁহী এটা
ওৰে ৰাতি বাজি আছিল

মোৰ জোনাক জোনাক চোতালখনত
বেজাৰ সিঁচি তুমি কাৰ চোতালত তিতিছিলা নাজানো
কিন্তু উৰুখা পঁজাত মোৰ আয়ে
ধাৰাশায়ী মোৰ গাত
দুখ আৰু চেনেহৰ
সেই পুৰণা ভগা জাপিটো মেলি
ওৰেৰাতি উজাগৰে আছিল…।

«

নিৰু তোৰ বাৰীৰ ঢাপত কাউৰী পৰে

মোৰ বাঁও চকু লৰে
তোৰ বাৰীৰ ঢাপত কাউৰী পৰে
কোন আহে নিৰু, কোন আহে
কোন আহে তোৰ পদুলি গছকি,
পথৰুৱা বাটত মটৰ গাড়ী
তোক চাবলৈ আজি কোন আহে নিৰু?

দৰা-কইনা খেলাখন মোৰে সতে খেলি খেলি
গোটেই মানুহজনী কাৰ হ’বি বাৰু!
সমনীয়াক সুধিলেও উত্তৰ নাপাওঁ
চাউল পাতি মঙল চাওঁ
তই কাৰ হ’বি নিৰু
বাৰে বাৰে মঙলত আউল লাগে
বুকুখন মৰাঠাৰি ভগাদি ভাগে
হেঁপেহুৱা সমাজিক এটাই
টোপনি কাঢ়ে নিৰু অ’!
পথৰুৱা বাটেৰে মটৰ গাড়ী আহে।

সেউতীয়ে ক’লে—
লোকাই মণ্ডলে তোক
পুতেকৰ বাবে খোজে,
ধনে-ধানে নদন বদন নিৰু
নদন বদন
মোৰনো কি আছে!
তোক লৈ দিনে নিশাই সমাজিক দেখা বুকুখন
আৰু নাঙলৰ মুঠিটো…
তথাপিও নিৰু!
আটোমটোকাৰিকৈ সাঁচি থোৱা
বৰপেৰাৰ গহনাকেইপদৰ কি হ’ব
আয়ে সাচি থোৱা মুগা সূতা
মোৰ বাৰিষাৰ নৈ যেন বেথা…
কি কৰোঁ নিৰু
কি কৰোঁ?
পথৰুৱা বাটেৰে অহা মটৰ গাড়ী
কেনেকৈ ভেটো বাৰু!

আৰু পঢ়ক:  প্লাৱন বিজয় শইকীয়াৰ কবিতা

নিৰু অ’
পথাৰৰ নৰা ফালি চেঁচোৰ খান্দোতে
জাকি মৰা মোৱা মাছ ধৰোঁতে
বৰলৰ টোপ দি বৰশী বাওঁতে
যিমানবোৰ সমাজিক দেখিলো
আজিচোন নিথৰুৱা হ’ল
মটৰ গাড়ীৰ ধোঁৱা লাগি
পোহৰ মনটোও আন্ধাৰ হ’ল।

আপোনঘাতী হ’ম বুলি ক’মনো কাক
তয়ো দেখো নিদিয় মাত
আই বোপাইৰ বৰ-পো নোহোৱা হ’লে
কাকডোঙাত দিলোহেঁতেন জাঁপ,
পথৰুৱা বাটৰ সেই মটৰ গাড়ীয়ে
বাৰে বাৰে বুকু মোচৰে।

নিৰু তোৰ হালধি গাঁথি যেন ৰং
গাত তোৰ যদিও নাই
আমোলা চাহাবি ঢং
তথাপিও তই হৰ ডেকা-বুঢ়াৰ মন,
লোকাই মণ্ডলৰ বৰ ঘৰ শুৱাই
তই সুখতে থাকিবি নিৰু!
মই মাটিৰ মানুহ
নাঙলতে আৰম্ভ নাঙলতে শেষ মোৰ জীৱন
বোকা-পানীৰ ৰং লগা দেহাত
ক’ত আঁকিম চাহাবি চং?

তই সুখতে থাক নিৰু
সুখতে থাক!
বৰ মানুহৰ সাদৰী হ’লেও
মোক পাহৰি নাযাবি,
মুৰৰ চুলি ছিঙি ঈশ্বৰক খাটিছোঁ
ভৰা নদীৰ দৰে সুখ হওক তোৰ…
তোৰ পদূলিৰ মটৰ গাড়ী চাই
এয়া চা, মই কান্দি কান্দি হাঁহিছো।

আৰু তোক আমনি নিদিওঁ অ’ নিৰু
কেতিয়াও আমনি নিদিওঁ!
বুকুৰ বেথা বুকুত সাৱটি
এনেদৰেই জীয়াই থাকিম

সুখেৰে থাকিবি নিৰু
সুখেৰে থাকিবি।

পৰাগ পিংকু বৰঠাকুৰ | কবিতা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts