পখী

[ শান্তনু চাংমাই ]image

কেতিয়াবা ভাব হয় মোৰ মনত যিমান ভাব
আবেগৰ বসন পিন্ধি তুমিয়েই তাৰ যাদুকৰ

যাদুকাঠীৰে শূন্যত এই শৰীৰক ওপঙাই তুমি
সিঁচি দিয়া প্ৰেমৰ সঁচ সবিস্তাৰে মহাকাশ জুৰি

স্তব্ধ কায়াত সানি দি বনৰীয়া শিপাৰ ৰসৰ প্ৰলেপ
নিপুণ সংগীতজ্ঞৰ দৰে গোৱা যে গান প্ৰণয়ৰ

অলস কোমল নিৰ্জু আৰু অকণ উন্মাদ হৈ
গলি যাওঁ পলে পলে তোমাৰ সংগীতৰ তালত

হ্ৰদ এটিৰ গোট মৰা বৰফ লাহে লাহে গলে
তগৰ তগৰ গোন্ধোৱা তোমাৰ কেশৰ সুঘ্ৰাণত

এটুকুৰা মঙহ সৰি যেন পখী হৈ উৰি যায়
দোকমোকালিতে মৌচুমী বতাহৰ মৃদু মন্থনত

নীলা চৰাই . জুন ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz