বেশ্যা

অ’ই কিমান দিবি…?

ধুৰ্ চাল্লা, ১০০ টকাত কাপোৰ খুলিম নেকি! আব্বে ৫০০ লাগিব, তেতিয়া চব পাই যাবি।

তাই যে ইমান লিপষ্টিক লয় নহয়! বুকুৰ এফাল তাইৰ এনিটাইম ওলায়েই থাকে। চূৰ্ণীখন তাইৰ বুকুত লোৱা মনতেই নপৰে। এইটো লাইনত তাইৰ বহুত দিনেই হ’ল; কেতিয়াবা কাপোৰ খোল খায়, কেতিয়াবা নাখায়। দেহটোলৈ তাইৰ অলপো মমতা নাই, শৰীৰৰ অ’ত ত’ত থকা দাগবোৰ তাইৰ বৰ প্ৰিয়— কিছুমান নখৰ দাগ, কিছুমান জ্বলা চিগাৰেটৰ দাগ। সেই দাগবোৰ তাইৰ কষ্ট কৰি ঘটা পইচাৰ প্ৰমাণ, সেয়েহে তাই সেইবোৰ মচিব নিবিচাৰে, মলমো নলগায়। কেতিয়াবা কোনোবা কাষ্টমাৰে তাইক সোধে,— আজিলৈকে কিমানে আকুঁহিছে তোক? তাই গৰ্বেৰে কয়— চা’ব, আপ আম কা মজা লিজিয়ে, গুটিলিয়াঁ বাদ মে গিণ্‌না।

ৰাতিটো ক্লান্ত হৈ শোৱাৰ পাছত আজিও আন দিনৰ দৰেই তাই শোৱাৰ পৰা উঠিছিল, কিন্তু তাইৰ বাবে আজি বৰ খাচ দিন, কাৰণ তাইৰ ছোৱালীজনীক আজি তাই স্কুলত ভৰ্তি কৰাব, জীয়েকক লৈ তাই স্কুললৈ ওলাল। আজি তাইৰ বুকুত চূৰ্ণীখন আছে।

জীয়েকক লগত লৈ তাই ৰাস্তাত থিয় দিলে। পুৰণি চিনাকি ৰিক্সাৱালাটোৱে চিঞৰিলে,— অ’ই ক’ত যাবি? মই লৈ যাম ব’ল, কিন্তু আজি ৰাতি মোক ফিৰি দিব লাগিব। জীয়েকৰ আগত তাই তাক একো ক’ব নোৱাৰিলে, চুপ-চাপ ৰিক্সাত উঠিল। ৰিক্সাৱালাটোৱে সুধিলে,— এইক ইচকুলত নিবি নেকি? তাই অঁ বুলি ক’লে। ৰিক্সাৱালাটোৱে চিঞৰি চিঞৰি হাঁহিলে আৰু ক’লে,— বাপেকৰ নাম সুধিলে কাৰ নাম ক’বি?

তাই মৌন হৈ গ’ল। কথাটো তাই ভবাই নাছিল। এক আজব চিন্তাই তাইক আগুৰি ধৰিলে। অলপ ভাবি তাই ক’লে,— অ’ই চিক্‌না, আজিৰ কাৰণে তই এইৰ বাপেক হৈ যাচোন, পিলিজ! তোক মই কাইলৈয়ো ফিৰি দিম। পিলিজ। হ’বিনে কচোন। সি ক’লে,— আৰে পাগ্‌লা হৈ গৈছ নেকি? মোক কিয় ফচাইছ? তাই ৰিক্সাৱালাটোৰ বাহুত হাতটো দি ক’লে,— লাগিলে সপ্তাহভৰ ফিৰি দিম, পিলিজ ব’লনা।

সি অলপ ভাবিলে আৰু ক’লে,— সপ্তাহভৰ নালাগে, একটা ৰাতি তোৰ এই লেড়কীটো দিলেই হ’ব। দিবি?

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz