পম্পী নেওগৰ কবিতা

বুকুত ভালপোৱাৰ গছ

নজনা হ'লেই ভাল আছিল

তেওঁ যে মোৰ বুকুত লাহে লাহে
ঘৰ বান্ধিছে
এতিয়া ক্ৰমশঃ মই নিজকে
হেৰুৱাই পেলাব ধৰিছোঁ
তেওঁৰ মাজত।

মোৰ প্ৰতিটো শব্দৰ জন্ম তেওঁৰ বাবে
তেওঁৰ বাবেই আকাশৰ সহস্ৰ তৰাৰ উজ্জ্বলতা
তেওঁৰ বাবেই সকলোবোৰ ৰং

তেওঁৰ বাবেই প্ৰতিটো বিনিদ্ৰ ৰজনী
আৰু এতিয়া তেওঁৰ বাবেই বুকুত গজিব ধৰিছে
এজোপা গছ, ভালপোৱাৰ গছ

বৰ তীব্ৰ আৰু দীপ্ত সেই বৃক্ষৰ বাঢ়ন
আস্ নজনা হ'লেই ভাল আছিল
নজনা হ'লেই…

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz