পৰাশৰ ডেকাৰ কবিতা

উত্তৰোত্তৰ


এইবাৰ শীত বাৰুকৈয়ে পৰিছিল
বুকুৰ ভিতৰলৈকে।
অনুভৱবোৰ কঠিন হ’ল
আমিবোৰ প্ৰস্তৰ
প্ৰশ্নবোৰ জটিল হ’ল
অৰ্থবোৰ সাঁথৰ
এইবাৰ শীত বাৰুকৈয়ে পৰিছিল।


কুঁৱলিৰ আঁৰত চেহেৰাবোৰ হেৰাল।
এতিয়া স্মৃতিবোৰ নিয়ৰ
এইবাৰ শীত এনেকৈয়ে গ’ল
মোৰ চকুত বৰফ লাগিছিল।


এতিয়া শুনিছোঁ এজাক পছোৱাৰ নিনাদ,
খৰাং হয়তো এনেকৈয়ে আহিল।
মোৰ চৌদিশ ধূলিৰে ভৰিল।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz