ময়ূৰ বৰাৰ ‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’ৰ আঁত ধৰি

ভূপেন শৰ্মা

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সদ্য সমাপ্ত ৮১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনটোতে অধিৱেশনথলীত ‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’ নামৰ কিতাপখনৰ বিক্ৰী নিষিদ্ধকৰণৰ ঘটনাই পঢ়ুৱৈ সমাজত মৃদু উত্তেজনাৰ সৃষ্টি কৰিলে। ময়ূৰ বৰাই লিখা কিতাপখনক লৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘনো কিয় উত্তেজিত হৈ উঠিল তাকে জানিবলৈ অলপ কষ্ট কৰি নিষিদ্ধথলীৰ পৰাই কিতাপখন সংগ্ৰহ কৰিলো (নিষিদ্ধকৰণৰ ঘোষণাই কিতাপখনৰ বিক্ৰী বঢ়ালেহে, মুঠ বিক্ৰী ছহেজাৰ কপিৰ সৰহ সংখ্যকৰেই ক্ৰেতা আছিল ভক্ত-বৈষ্ণৱসকলেই)।

প্ৰথমতে ভাবিছিলো, এই কিতাপখন শ্ৰীকান্ত দেৱশৰ্মাই লিখা ‘শংকৰ বিভ্ৰাট’খনৰ দৰেই হ’ব নেকি? পিছে সম্পূৰ্ণকৈ পঢ়াৰ পিছত দেখিলো, কিতাপখন সন্দৰ্ভত সংঘই প্ৰয়োজনাধিক উত্তেজনা প্ৰকাশ কৰিছে। কিতাপখন নিষিদ্ধকৰণৰ ঘোষণাৰে সংঘই স্বেচ্ছাচাৰী মনোভাবৰ পৰিচয় দিয়াৰ লগতে বৰ্তমানৰ চৰকাৰখনে কাৰো সমালোচনা সহ্য নকৰাৰ দৰে আচৰণ দেখুৱাইছে।

কিতাপখনত সন্নিৱিষ্ট বিষয় সন্দৰ্ভত কিছু মত প্ৰকাশৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলো।

» শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ‘শঙ্কৰদেৱৰ সৃষ্টি’ৰ প্ৰতি নে ‘সংঘ’ৰ প্ৰতি দায়ৱদ্ধ?
লেখক বৰাই স্পষ্টকৈ কৈছে যে গুৰুজনাৰ জন্মস্থানৰ বিতৰ্ক সন্দৰ্ভত সংঘ নিমাত, গুৰুজনাৰ জন্মস্থান বুলি আলোচিত পাটেকিবৰীৰ বেদখল সন্দৰ্ভতো সংঘ তেনেই নীৰৱ, ‘শংকৰ বিভ্ৰাট’ নামৰ গুৰুজনাৰ চৰিত্ৰক ধৰি গালি পৰা কিতাপখনৰ বিৰোধিতা কৰোঁতেও সংঘৰ দুবছৰ লাগিল, গুৰুজনাৰ অক্ষয় কীৰ্তি ‘কীৰ্তন’ সম্বন্ধে হোৱা বিতৰ্কতো সংঘই বৌদ্ধিক তৎপৰতা দেখুওৱা নাই, বৃন্দাৱনী বস্ত্ৰ বিতৰ্কত সংঘই অংশগ্ৰহণেই নকৰিলে, গুৰুজনা বিৰচিত ‘ৰাম বিজয়’ বিকৃতভাৱে পৰিবেশন কৰা বিষয়তো সংঘই কোনো গুৰুত্ব নিদিলে, গুৰুজনাৰ নামত হ’বলগীয়া বিশ্ববিদ্যালয় সন্দৰ্ভতো সংঘ তেনেই নিষ্পৃহ ইত্যাদি ইত্যাদি।

বৰাই অভিযোগ কৰিছে যে সংঘৰ বৌদ্ধিক পৰিপক্কতাৰ অভাৱ আছে বাবেই এইবোৰ বিষয়ত সংঘই একো মাত নামাতে। আমিও ভাবোঁ, শঙ্কৰদেৱৰ কৃষ্টি-সংস্কৃতি-সাহিত্য সম্পৰ্কীয় বিতৰ্কতেই যদি সংঘই অংশ নলয় তেন্তে শঙ্কৰদেৱৰ কোনটো দিশ লৈ সংঘ ব্যস্ত? কেৱল নাম-কীৰ্তন, বিয়া-বাৰু সম্বন্ধীয় আচাৰ আদিত লাগি থাকিলেই হ’ব জানো? বৰাই সঠিকভাৱেই কৈছে যে সংঘৰ ভিতৰৰ মানুহতকৈ বাহিৰৰ মানুহেহে শঙ্কৰদেৱৰ বিষয়ে বেছিকৈ অধ্যয়ন কৰিছে আৰু বিতৰ্কতো অংশ লৈছে। আমাৰো অনুভৱ, সংঘৰ ফালৰ পৰা শঙ্কৰদেৱক ধৰ্মগুৰু সজোৱাৰ প্ৰৱণতা বেছি থকা বাবেই ‘মানৱ’ শঙ্কৰদেৱজন ঢাক খাই যায়। সংঘই শঙ্কৰদেৱ সম্বন্ধীয় বাওঁপন্থী আলোচনাও পঢ়িব নোখোজে। ইয়াৰ কাৰণ হৈছে— বাওঁপন্থীসকলে শঙ্কৰদেৱৰ সৃষ্টি আৰু সময় বস্তুবাদী দৃষ্টিকোণেৰে বিশ্লেষণ কৰিছে। তেনে বিশ্লেষণতেই স্পষ্ট হৈছে যে আহোম যুগত সত্ৰৰ ভকত-বৈষ্ণৱে পাইকৰ শ্ৰমৰ পৰা ৰেহাই পায় বাবেই সত্ৰসমূহত ভকত-বৈষ্ণৱৰ ভিৰ বাঢ়িছিল। বামপন্থী বিশ্লেষণতেই ওলাই পৰিছিল যে শঙ্কৰদেৱ মূলতঃ দায়বদ্ধ আছিল ধৰ্মীয় সংস্কাৰৰ বিশতহে, অৰ্থনৈতিক সংস্কাৰত নহয়। তদুপৰি আহোম আৰু কোঁচ-ৰাজবংশী ৰাজন্যবৰ্গৰ পৃষ্ঠপোষকতাক শঙ্কৰদেৱে আদৰি লৈছিল। আমি ভাবোঁ, এনেবোৰ বিশ্লেষণেহে শঙ্কৰদেৱক অসমীয়া সমাজত বেছি ভালকৈ প্ৰতিষ্ঠা কৰিব।

কিতাপখনত বৰ্ণিত সংঘৰ দুৰ্বলতাৰ কথাই সংঘৰ বিষয়ববীয়াক উত্তেজিত কৰা ঘটনাৰ পৰা স্পষ্ট হৈছে যে সংঘ শঙ্কৰদেৱৰ কৃতি সুৰক্ষাৰ ক্ষেত্ৰত আগ্ৰহী নহয়, সংঘৰ নাম প্ৰচাৰতহে আগ্ৰহী।

» কিতাপখনত থকা দুটা গুৰুত্বপূৰ্ণ অভিযোগ— সংঘ বহিষ্কৰণপ্ৰিয় !
img১. একশৰণ নামধৰ্মক জনপ্ৰিয় কৰিবলৈ সক্ষম হোৱা ইলাৰাম দাসক সংঘই বহিষ্কাৰ কৰি সংঘক দুৰ্বল কৰিলে বুলি উঠা অভিযোগ সত্য। বহিষ্কাৰৰ ঘটনাই সন্দেহৰ অৱকাশ ৰাখিছে যে সংঘৰ তথাকথিত উচ্চ জাতৰ সকলে এগৰাকী ‘কৈৱৰ্ত’ৰ উত্থানত শংকিত হৈ পৰিছিল। আনহাতে, বহিষ্কৰণৰ পিছত দাসে গঠন কৰা ‘একশৰণ ভাগৱতী সমাজ’ত (১৯৭৩) কৈৱৰ্ত সম্প্ৰদায়ৰ উছাহপূৰ্ণ যোগদানে শঙ্কৰদেৱৰ অনুগামীসকলৰ মাজতেই শ্ৰেণী বিভাজন উদঙাই দেখুৱালে। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই ইলাৰাম দাসৰ অৰিহণাক শ্ৰদ্ধা কৰিব জনাহেঁতেন বহিষ্কৰণৰ দৰে আঁহফলা কাৰবাৰ নকৰিলেহেঁতেন।
২. প্ৰায়বোৰ বিজ্ঞানমনস্ক লোকেই মৰণোত্তৰ দেহদানক আদৰণি জনাইছে। চিকিৎসা বিজ্ঞান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক এনে দেহদানৰ কাৰ্যই যথেষ্ট সুবিধা দিয়া বুলি প্ৰতিপন্ন হৈছে। অসমৰ বিদ্বৎ সমাজেও এনে দানক মহৎ বুলি শলাগ লোৱাৰ উপৰি বহুতে দেহদানৰ চুক্তিপত্ৰত চহীও কৰিছে। এনে অৱস্থাৰ বিপৰীতে নগাঁৱৰ ৰাইদেঙিয়াত বিপৰীত ঘটনা ঘটিল। তাৰে এক অৱসৰপ্ৰাপ্ত শিক্ষক দম্পতীয়ে  মৰণোত্তৰ দেহদান চুক্তিপত্ৰত চহী কৰি সংঘৰ প্ৰাথমিক শাখাটোৰ ৰোষত পৰিল। দম্পতীয়ে বহিষ্কাৰৰ ভাবুকি পাই চুক্তিপত্ৰকে বাতিল কৰিলে। কথাবোৰ বাতৰি কাকতত ওলাল। সংঘৰ ৰাজ্যিক সম্পাদকেও যেতিয়া দেহদান কাৰ্য হিন্দুধৰ্মৰ বিৰোধী বুলি বিবৃতি দিলে, তেতিয়া আৰু সন্দেহৰ অৱকাশ নাথাকিল যে প্ৰাথমিকৰ পৰা আৰম্ভ কৰি নেতৃত্বৰ শীৰ্ষলৈকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘত বিজ্ঞান মনস্কতাৰ কোনো স্থান নাই। প্ৰগতিবাদী গুৰুজনাৰ অনুগামীসকলৰ চিন্তাৰ এনে পচ্ছাৎপদতাই আধুনিক মনৰ কোনো লোকক সংঘৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আমাৰ মনে নধৰে।

» উপকাৰীক অজগৰে খায়
ড. ভূপেন হাজৰিকাৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সৃষ্ট অপূৰ্ব নৃত্যশৈলীয়ে ‘সত্ৰীয়া নৃত্য’ নামেৰে মূল সুঁতিত স্থান পালে। সংঘই নামটোতে আপত্তি তুলিলে— ‘সত্ৰীয়া নৃত্য’ নহৈ ‘শঙ্কৰী নৃত্য’হে হ’ব লাগে। নামক লৈ সংঘ আদালতৰ মজিয়াও পালেগৈ যদিও নাম ‘সত্ৰীয়া’ই হৈ থাকিল। সত্ৰৰ নামকে শুনিব নোখোজা সংঘই এই কথাও পাহৰি যাব খোজে যে গুৰুজনাৰ আদৰ্শ, সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰই সবাতোকৈ আগশাৰীৰ নেতৃত্বত আছিল। সংঘৰ বিষয়ববীয়াৰ উচাত্মিকাৰ বিকাৰে অসমৰ ঐতিহ্য-পৰম্পৰাৰ ঐতিহাসিক পটভূমিকো অস্বীকাৰ কৰিবলৈ উদ্গনি যোগাইছে। বৰ্তমানৰ সম্পাদকজনেতো কৈয়েই পেলাইছে— শঙ্কৰদেৱক প্ৰতিষ্ঠা কৰাত সত্ৰতকৈ সংঘ বহু আগত বুলি!

পৰিহাসৰ বিষয়, যোৱা ৮১টা বছৰে সংঘই শঙ্কৰদেৱৰ ইমানেই প্ৰচাৰ কৰিলে যে পশ্চিমবংগৰ খ্যাতিমান বোলছবি নিৰ্মাতা সত্যজিৎ ৰায়েই শুনা নাছিল শঙ্কৰদেৱৰ নাম! অসমত প্ৰচাৰিত নৱ-বৈষ্ণৱ আন্দোলনৰ সৈতে সৰ্বভাৰতীয় ভক্তি-আন্দোলনৰ তুলনামূলক বিশ্লেষণ এতিয়ালৈকে নহ’ল। ইমান দিনে অসমৰ নামঘৰত সোমাই থকা শঙ্কৰদেৱৰ নৃত্য-গীতক বিশ্বদৰবাৰলৈ নিবলৈ প্ৰয়াস কৰা অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাকো সংঘই আদালতলৈ টানিলে। কেৱল ইমানেই নহয়, সংঘৰ সদ্য সমাপ্ত ৮১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল তোৰণ ভূপেন হাজৰিকাৰ নামত হ’ব বুলি প্ৰস্তাৱ লৈও মূৰকত ঠেক মনোবৃত্তিৰ পৰিচয় দি সেই প্ৰস্তাৱ বাতিল কৰিলে।¬

» সংঘত সঁচাকৈ নৱ্য ব্ৰাহ্মণ্যবাদ?
এসময়ত শঙ্কৰদেৱে ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধেই নৱ-বৈষ্ণৱবাদৰ ভক্তিমাৰ্গৰ প্ৰচাৰ কৰিছিল। সমালোচনা আছিল— সত্ৰৰ অধিকাৰে লোকৰ হাতে নাখায়, টৌ-খুঁটি মাৰি নিজে ৰান্ধি খায়। পিছে এতিয়া? বৈদিক আচাৰ মনা কোনো ব্যক্তিয়ে কোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলে সংঘৰ ভকত তালৈ নাযায়, গ’লেও তেওঁলোকক আছুতীয়া ব্যৱস্থা লাগে, য’ত তেওঁলোকে সংঘৰ সঙীয়ে বিলোৱা আহাৰহে গ্ৰহণ কৰে। শঙ্কৰদেৱে নিৰ্বাসন দিবলৈ অহোপুৰুষাৰ্থ কৰা অস্পৃশ্যতাক সংঘই এনেদৰেই পুনৰ সাৰ-পানী দিছে। আনৰ বিশ্বাস-পৰম্পৰাক শ্ৰদ্ধা কৰিব নোখোজা, উপলুঙা কৰা মনোবৃত্তিৰে সংঘৰ বৌদ্ধিক স্বাস্থ্য অটুট নাথাকিব।

» সংঘৰ মেলামুখিতা
সংঘৰ সদ্য সমাপ্ত অধিৱেশনেই স্পষ্ট কৰিছে যে সংঘ মেলাত পৰিণত হৈছে। প্ৰদৰ্শনীৰ নামত ‘মীনাবজাৰ’। মঞ্চৰ সাৰগৰ্ভ ভাষণ বাদ দি ভকতসকলে কোৰ-কটাৰী কিনি ফুৰিছে। সংঘৰ ৩০ লাখ সভ্যই ১০ টকাকৈ বৰঙণি দিলেও তিনি কোটি টকা হয়। তেনে ক্ষেত্ৰত কেৱল ধন আহৰণৰ বাবেই মীনাবজাৰ বহুৱাই সংঘই অধিৱেশনখনকে মৰ্যাদাহীন কৰিছে।

» ময়ূৰ বৰাৰ অন্য এক গুৰুতৰ অভিযোগ
গুৰুজনাক লোকাচাৰৰ চক্ৰবেহুত আবদ্ধ কৰি সংঘই তেওঁৰ বিশাল মানৱতাবাদী দৰ্শনক লুকুৱাই পেলাইছে। লেখকে এই অভিযোগৰ লগতে যোগ দিছে যে এই ক্ষেত্ৰত তেওঁলোকৰ কোনো আত্মসমালোচনাও নাই, উদ্বিগ্নতাও নাই। মাহ-প্ৰসাদৰ মাজতেই আৱদ্ধ হৈ ৰৈছে মানৱতাবাদী দৰ্শন।

ধৰ্মৰ দুটা ভাগ আছে; এটা ৰূপ (Form), আনটো সত্তা (Essence)। সকলো ধৰ্মৰ সত্তা প্ৰায় একেই। ৰূপগত দিশটোহে পৃথক। লোকাচাৰবিলাকেই ৰূপগত আচৰণ। অৱস্থাভেদে ইয়াৰ পাৰ্থক্য থাকিব। ধৰ্মীয় সংস্কৃতিৰ মাজত লুকাই থকা এই ৰূপগত বৰ্ণাঢ্যতাক পৰম্পৰা আৰু ঐতিহ্যৰ দৃষ্টিকোণেৰে চাব নোখোজাৰ বাবে সংঘ লোকাচাৰকেন্দ্ৰিক বাকবিতণ্ডাত নিমজ্জিত হৈ আছে।

» সংঘই ৰাজনৈতিক নেতা এৰি চলিব নোৱাৰে কিয়?
শঙ্কৰদেৱৰ সময়তেই ভক্তি-আন্দোলনত ৰাজন্যবৰ্গৰ প্ৰভাৱ আছিল। এই প্ৰভাৱেই শঙ্কৰদেৱৰ আদৰ্শক চাৰি সংহতিত বিভাজিত কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ৰজাঘৰে চলোৱা ভেদনীতিয়ে সত্ৰসমূহলৈ কি বিপত্তি নমাই আনিছিল, তাক বোধহয় সংঘই পাহৰিলে। বৃহৎ জনসমৰ্থন থকা একোটা অনুষ্ঠানে ৰাজনৈতিক নেতাৰ নেগুৰ বিচাৰি থকাটো বিৰক্তিজনক। সদ্য সমাপ্ত অধিৱেশনতেই যিগৰাকী নেতাক ৰঙা দলিচা পাৰি আদৰি অনা হৈছে, তেওঁৰ দায়িত্বত থকা অসমৰ বনাঞ্চলৰ যোৱা দহ বছৰত প্ৰায় ৩০০০ বৰ্গ কিলোমিটাৰ ধ্বংস পালে বুলি চৰকাৰী প্ৰতিবেদনতে প্ৰকাশ হৈছে। বৃহৎ নদীবান্ধ সন্দৰ্ভত এওঁলোকৰ ভূমিকা গণবিৰোধী। এনেবোৰ ৰাজনৈতিক নেতাক সংঘ, সাহিত্য সভা আদিয়ে কিয় বৰণ কৰি থাকিব লাগে? সংঘৰ বিশাল মঞ্চৰ পৰা এনে ৰাজনীতিকক আচলতে সকীয়নীহে দিব লাগে। পিছে গম পালো যে হাজাৰ হাজাৰ ভকতক মন্ত্ৰীয়ে ভাতো খুৱায়, স্মৃতিগ্ৰন্থও ছপা কৰি দিয়ে। এনে অৱস্থাত সংঘই অসুৰকো দেৱতা বুলিবলৈ সাজু!

» ময়ূৰ বৰাৰ যিটো ব্যাখ্যা সমৰ্থনযোগ্য নহয়
‘সংঘ, সাহিত্য সভা আৰু ছাত্ৰ সন্থা’ শীৰ্ষক অধ্যায়ত লেখকে তিনিওটাকে জাতীয় অনুষ্ঠান বুলিছে। আমাৰ বোধেৰে সদস্যৰ সংখ্যাৰ বৃহৎ আকাৰেৰে একোটা সংগঠনক ‘জাতীয়’ সজোৱাটো উচিত নহয়। জাতীয় বিষয়বোৰত মাত মাতি থকা অনুষ্ঠানকহে জাতীয় অনুষ্ঠান বুলিব লাগে। উল্লিখিত তিনিওটা অনুষ্ঠানৰ ভিতৰত ছাত্ৰ সন্থা (আছু)কহে জাতীয় সংগঠন বুলিব পাৰি। অসমৰ জনজাতীয় সংগঠনসমূহে নিজাকৈ সাহিত্য সভা গঠন কৰাৰ পিছত অসম সাহিত্য সভাও জাতীয় সংগঠন হৈ থকা নাই। সংঘতো কেৱল ধৰ্মক লৈয়ে (মূলতঃ লোকাচাৰ লৈ) ব্যস্ত, গতিকে জাতীয় অনুষ্ঠান হ’বলৈ বহু দূৰ।

» সংঘই আত্মশুদ্ধিৰ পথ লওক
অনুষ্ঠান মাত্ৰেই দোষ-গুণ থাকিবই। দোষৰ সমালোচনাও হ’ব। সমালোচনা সহ্য কৰিব নোৱৰাটো স্বেচ্ছাচাৰিতাৰ পৰিচায়ক। সংঘৰ এজন গুণমুগ্ধই সংঘৰ বৌদ্ধিক উন্নতি কামনা কৰি কৰা সমালোচনাক অসহিষ্ণুতাৰে, চলমান ৰুশ্বদী আৰু তছলিমা নাচৰিনৰ বিৰুদ্ধে মুছলিম মৌলবাদীয়ে কৰাৰ দৰে, আচৰণ কৰি সংঘ বহু খোজ পিছুৱাই গ’ল। দাস্যভাবেৰে উদ্বুদ্ধ এটা সংগঠনৰ বিষয়ববীয়াৰ এনে উদ্ধতালি নিন্দনীয়। এই চৰিত্ৰ শুধৰাব নোৱাৰিলে সংঘৰ অৱস্থাও সত্ৰৰ দৰেই হ’ব। গুৰুজনাৰ ‘সমভাব’ৰ দৰ্শনক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই কায়মনোবাক্যে সাৰোগত কৰি লওক।«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

ভূপেন শৰ্মা

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (শিলঘাট)ৰ অধ্যক্ষ।

Leave a Reply

5 Comments on "ময়ূৰ বৰাৰ ‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’ৰ আঁত ধৰি"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Dr. Bhupendra Kumar Saikia
Guest
Dr. Bhupendra Kumar Saikia

গ্ৰন্থখনৰ সাৰাংশ এই লিখনিত ফুটি উঠিছে৷গঠনমূলক  সমালোচনা সংঘই সহ্য কৰিব নোৱৰাটো পৰিতাপৰ কথা৷

জ্যোতি প্ৰকাশ নাথ
Guest
জ্যোতি প্ৰকাশ নাথ

ময়ূৰ বৰাৰ ‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’ কিতাপখনৰ কথা গ'ম পালো যিদিনা কিতাপখনক নিষিদ্ধ বুলি ঘোষণা কৰা হ'ল, গতিকে স্বভাবিকতে আনৰ দৰে আমাৰো কিতাপ খনৰ প্ৰতি এটা দুৰ্বলতা জাগি উঠিলে আৰু তেতিয়াৰ পৰাই ক'ত পাব পাৰো বিছাৰি ফুৰিছো । আজি "নীলা চৰাই"ত ভূপেন শৰ্মা দেবৰ লিখটো পঢ়ি অলপ হ'লেও কিতাপখনৰ বিষয়ে জানিব পাৰিলো । এই ছেগতে তেখেতক ধন্যবাদ জনালো লগতে নীলা চৰাইকো । লিখনিটোত কিতাপখনৰ সুন্দৰ সমালোচনা হৈছে ।

অঞ্জল বৰা
Guest
অঞ্জল বৰা

মূল কিতাপখন নপঢ়িলেও (পঢ়াৰ সুবিধা পোৱ নাই) আলোচনাটোৰ মাজেৰে ময়ূৰ বৰাৰ চিন্তাখিনিৰ সম্পূৰ্ণ প্ৰকাশ পাইছে৷ দুয়োজনলৈ ধন্যবাদ৷ আশা কৰোঁ ময়ূৰ বৰাই আগলৈ 'অসম সাহিত্য সভা'ৰ বিষয়েও এনে এখন সমালোচনামূলক কিতাপ ৰচনা কৰিব৷

Ajoy Lal Dutta
Guest
"সমালোচনাৰ অগনিৰে পুৰি তুমি মোক কৰা জাতিস্কাৰ" বুলি সম-আলোচনাৰে ভাল দিশলৈ গতি কৰাৰ যি সাহসী মানসিকতা আছিল সেইয়া ভূপেন হাজৰিকা দেৱে আদৰ্শ ৰাখি তথা গীতৰ মাজেৰে সুন্দৰ প্ৰকাশ কৰি গৈছে৷ অথচ ১৪শ শতিকাৰ যুগতে শংকৰদেৱে দেখুওৱা আদৰ্শৰ সৱল প্ৰচার তথা ব্যৱহাৰিক ৰূপত সাৰ্থিকভাৱে পালন কৰাওক বুলি শংকৰ সংঘক আহ্বান জনোৱা এখন কিতাপক লৈ নপঢ়িব, নিষিদ্ভ-বৰ্জিত জাতীয় প্ৰৱণতা খুৱেই নিন্দনীয়৷ ভূল দেখিছে যদি কওক. শুধৰাই লৈ আগবাঢ়ো, তেনে মানসিকতাহে লৈ সংগঠন চলালে সাৰ্থক হব৷ ময়ুৰ বৰাৰ আলোচনামূলক গৰ্ন্থ খনৰ বাবে লেখকক অভিনন্দন জনাইছো৷  মূল কিতাপখনত চকু ফুৰাবলৈ নোপোৱা সত্বেও ভূপেন শৰ্মাৰে দৃষ্টিৰে অকন জুতি লবলৈ পাই ভাল লাগিছে৷ শৰ্মাকো ধন্যাবাদ৷ অসমীয়া… Read more »
অংকুৰ ভূঞাঁ
Guest
অংকুৰ ভূঞাঁ

কিতাপখনৰ সাৰাংশ খিনি পঢি ভাল পালো। ময়ুৰ বৰা ডাঙৰীয়া তথা নীলা চৰাই লৈ ধন্যবাদ থাকিল।

wpDiscuz