পলাশৰ দুখ

[ দেৱীকা ফুকন ]img

শুকান বতাহজাকত
নাভাহে পলাশৰ গোন্ধ
ৰঙা পলাশ সুগন্ধিবিহীন, সংগীবিহীন
নাই লগত তাৰ সেউজীয়া পাতৰ সংগ

শুকান ধূলিৰ আশাহীন দিনবোৰত
পলাশৰ বুকু ফাটি শোণিত নিগৰে

পলাশৰ ৰঙা ৰঙত
মোহাচ্ছন্ন এই পৃথিৱী,
তথাপি পলাশক আদৰি আনি
নসজাই কোনেও ফুলৰ কুঁকি,
কিজানি পলাশৰ দৰে
মানুহৰ দুখবোৰো শোণিতৰ ৰূপ লৈ
বুকু ফাটি নিগৰে!

নীলা চৰাই . ফেব্ৰুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz