পাৰ ভাঙি দিলা

একশৰণ নাম-ধৰ্মৰ একমাত্র উপাস্য ভগৱান শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ নাম শুদ্ধ মনেৰে লোৱাটোৱেই হʼল প্রকৃত ভক্তৰ মূল কর্তব্য। কিন্তু তেওঁ মোক্ষ লাভৰ প্ৰতি নির্বিকাৰ হ’ব লাগে। প্রকৃত দাস্য ভকতিৰে হৰিৰ চৰণত আশ্রয় লোৱাটোৱেই হʼব লাগে ভক্তৰ প্ৰধান লক্ষ্য। শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম-ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰক হিচাপে অসমীয়া সমাজখনৰ জাতিভেদ প্ৰথাৰ উচ্ছেদ কামনাৰে এক কৌশলী পদক্ষেপ হাতত লৈছিল। তেওঁ বুজিছিল— অশিক্ষিত, হোজা, দুখীয়া মানুহৰ সহযোগত সহস্ৰ বছৰ ধৰি চলি অহা ধৰ্মশাস্ত্ৰসমূহৰ দ্বাৰা স্বীকৃত জাতিভেদ প্ৰথাক উচ্ছেদ কৰিব নোৱাৰি। সেয়েহে তেওঁ প্ৰত্যক্ষভাৱে জাতিভেদৰ বিৰোধিতা কৰা নাছিল। কিন্তু সকলো সংস্কাৰমুখী কাৰ্যসূচীৰ ভিতৰত নিহিত আছিল সকলো জাতিৰ মানুহক একতাৰ ডোলেৰে বান্ধি একেশ্বৰবাদৰ প্ৰতি উৎসাহিত কৰাৰ দৃঢ় লক্ষ্য। কিয়নো ঈশ্বৰ অৱতাৰৰ জাতিকুল নাই। মাধৱদেৱৰ নামঘোষাতো এই নির্মল উদাৰতা বিৰাজমান—

গাৰো ভোট যৱন হৰিনাম লয়।
হেনয় নামক কেনে সজ্জন নিন্দয়।৷
হৰি নামে কৰে অন্ত্য জাতিকো মুকুত।
সজ্জনে নামক নিন্দে কিনো অদ্ভুত।৷
হৰি নাম নাহিকে নিয়ম আদি কৰি।
ৰাম বুলি তৰে মিৰি অহম কছাৰী।৷

শ্ৰীমন্ত শংকৰদেৱে জনজাতীয় সমাজকেই নহয়, হিন্দু জাতিভেদ প্রথাৰো সংকীর্ণতা জয় কৰিব পৰা আৱেগিক প্রেৰণা আৰু গতিশীলতাৰ প্ৰবাহক প্রৱাহিত কৰি তুলিছিল বুলি প্রমাণ কৰিব পাৰি—

হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি৷৷

মাধৱদেৱে কোৱাৰ দৰে ‘শংকৰদেৱে পাৰ ভাঙি দিলা’ৰ ৰূপাত্মক ব্যাখ্যা অনেক ধৰণে কৰিব পাৰি। তেওঁ পাৰ ভাঙি দিছিল যাতে নব্য জীৱন বীক্ষা— যি বীক্ষাত আছে কৃষ্ণভক্তিৰ মাহাত্ম্যৰ কথা, প্রকৃতিৰ কথা, নাটকৰ কথা, গীতৰ কথা, বস্ত্ৰনির্মাণৰ অভিনৱ কৌশলৰ কথা, থলুৱাভাৱে নিৰ্মাণ কৰা লিখন সামগ্ৰীৰ কথা, নৃত্যৰ কথা, ভাওনাৰ কথা আৰু ৰুচিশীল জীৱনবোধৰ কথা। এনে চিন্তাধাৰাৰে সংস্কৃত ভাষাত ৰচিত অব্রাহ্মণ লোকৰ পৰা কৌশলেৰে আঁতৰাই ৰখা হিন্দু ধৰ্মৰ সমস্ত পুথি-পাঁজিৰ সাৰভাগ অসমীয়া ভাষালৈ ভাবানুবাদ কৰি শংকৰদেৱে জ্ঞানৰ আলোকেৰে প্ৰতিজন অসমীয়াৰ হৃদয় স্পর্শ কৰিছে। সেই পাৰ ভাঙি দিয়াৰ বাবে এচাম কুচক্ৰীৰ প্ৰৱল প্রত্যাহ্বানৰ সন্মুখীন হৈছিল। কুচক্ৰীৰ ভাবাদৰ্শৰ বিপৰীতে তেওঁ বিচাৰিছিল সকলো জ্ঞান সর্বসাধাৰণৰ মাজত তেওঁলোকে বুজি পোৱা ভাষাত আৰু প্রয়োজন হলে আন নান্দনিক মাধ্যমৰ যোগেদি বিলাই দিব লাগে। সেই জাতিটো, সেই সমাজখন তেহে সমৃদ্ধ হ’ব পাৰে। স্থিতাৱস্থাৰ সমৰ্থকসকলে সকলো ধৰ্মজ্ঞান কুক্ষীগত কৰি তাৰ জৰিয়তে নিজৰ ধৰ্ম-ব্যৱসায় অক্ষুণ্ণ ৰাখি ঐশ্বর্যশালী হ’ব বিচাৰিছিল। অৱধাৰিতভাৱে দুই শক্তিৰ প্ৰত্যক্ষ সংঘাতত জাতিভেদ প্ৰথাৰ চোক বহু পৰিমাণে কমি আহিছিল। উচ্চবর্ণজাত লোকে পাপ বুলি ভবা কার্য মহাপুৰুষে জনসাধাৰণৰ মঙ্গলৰ হকে হেলাৰঙে কৰিবলৈ আগবাঢ়িছিল। সেইসকলৰ মনত আস্থা, আত্মপ্রত্যয়ৰ ভাব আনি তেওঁ কৈছিল—

কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্ৰাহ্মণজন্ম তাৰ লাগে কিক।।
স্মৰোক মাত্ৰ হৰি দিনে ৰাতি।
নবাছে ভকতি জাতি-অজাতি।। (পাষণ্ড মৰ্দন)

আনহাতে তথাকথিত নীচ জাতিৰ মাজত আত্মগ্লানি আৰু হতাশাৰ ভাবৰ পৰা অসমৰ মানুহক মুক্ত কৰিলে—

সমস্তে ভূতত ব্যাপি আছোঁ মঞি হৰি।
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।।
ব্রাহ্মণ চণ্ডালৰ নিবিচাৰে কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল।।

সকলো জীৱকে ভগৱানৰ অংশ বুলি প্ৰচাৰ কৰি সাধাৰণ মানুহৰ মাজত আত্মবিশ্বাস আৰু আত্মসন্মানবোধ প্রতিষ্ঠা কৰিলে। সাধাৰণ মানুহক জাত-কুল, উচ্চ-নীচ নাচাই অন্তৰতম থলত স্থান দিলে। বেদান্তৰ ব্ৰহ্মাক গীতাৰ শ্ৰীকৃষ্ণৰ মাধ্যমেৰে ভাগৱতৰ ভকতিৰ জৰিয়তে জনসাধাৰণৰ বুকুৰ মাজলৈ নিবলৈ চেষ্টা কৰিছে। হৰিনামৰ ক্ষেত্ৰত কাৰো অগ্ৰাধিকাৰ থাকিব নোৱাৰে। হৰিনাম লোৱা চণ্ডালক হৰিনাম নোলোৱা উচ্চ বৰ্ণতকৈ উচ্চ স্থান প্রদান কৰি শংকৰদেৱে বৰ্ণভেদ প্ৰথাক নিশকতীয়া কৰিলে।

প্ৰায়োগিক বা সামাজিক জীৱনত জাতিভেদ প্ৰথাক উপেক্ষা কৰি তেওঁ আধ্যাত্মিক জগতখনৰ দুৱাৰ সকলো জাতিৰ মানুহৰ বাবে সমভাৱে মুকলি কৰি দিছিল। গীত-বাদ্য, নাট-ভাওনা আদিত নিহিত হৈ থকা সাংস্কৃতিক উপাদানসমূহে তেওঁ সৃষ্টি কৰা ধর্মীয় পৰিমণ্ডলটো অধিক সমৃদ্ধ কৰি এক অভূতপূর্ব উচ্চতালৈ লৈ গৈছিল। ৰুদ্ৰসিংহই পৰ্বতীয়া গোসাঁইক বৰপীৰা পাৰি নবহোৱালৈকে অসমৰ সমাজ জীৱন এক অভূতপূর্ব সুবাসেৰে ধন্য হৈছিল। ব্যক্তিগতভাৱে জাতিভেদ প্রথাৰ দুৰ্ঘোৰ বিৰোধী হৈয়ো সামাজিক ক্ষেত্ৰখনত কিছু কৌশল অৱলম্বন কৰি ইয়াৰ কঠোৰতা কমোৱা কথাটোৱে শংকৰদেৱৰ অদ্বিতীয় বাস্তৱ বুদ্ধিৰ প্ৰমাণ দিয়ে।

(বিভিন্ন লেখাৰ সহায় লৈ)

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz