পাণচিনি (চেংৰি আপিৰ মনেৰ কাথা)

ৰাজবংশী উপভাষাৰ কবিতা

[ নীল নীলিম ]

মাও তোয়ে জানু পাৰিবি  
মোক চাৰিয়া দিবাৰ
এতো দিনে মাও
তোৰ বুকুতে উচুং লৈয়াই
ডাঙাৰ হৈলুং।

মোৰ ধুৱানীৰ কাথা জানু
পাহৰিবাৰ পাৰিবি,
মাও, উদিনকায়ে বোধয়ে
তোৰ বুকুত ভয়ে বাহা বনাইছিল
বাঢ়িয়া আসা নদীৰ পানীয়ে
মোৰ বুকুতো চাপাৰা ভাঙাইছিল।

পাণচিনিৰ দিনা
অচিনাকি গিলান চিনাকি হৈয়া
আদূৰেৰে সোমেয়া আসিব, চোতালত জ্বলিয়া উঠিব
মোৰ কাপালেৰ সেন্দুৰ।
উগো দেখিয়াই মাও
তোৰ অন্তৰেৰ কুনবা কোনাত বোধয়ে ফুলিয়া উঠিব
এক ডানি সান্ত্বনাৰ ফুল।

মোৰ ভিতৰত জেংকা
অৱস্থা আজি,
একদিন উংকা বোধয়ে
মাও তোৰো হৈছিল
পৰম্পৰাৰ বান্ধে তোকো পিটাইছিল।
সেই জৈন্নে ছিঙিয়া
আহিছোঁ আপোন তেজ।

বিয়াৰ দিনা
মাও তোয়ে বোধয়ে
কাপাল ঢাকাৰেয়া কান্দিবি, নামাতি গান আৰো
জোখাৰেৰ সুৰত
মনটা মোৰো আউলিয়া যাব,
তোক চাৰিয়া যাওৱাটা
মোৰ বিৰাট কষ্ট হ’ব মাও
বাজানাৰ বাজনত দুখেৰ
চকুৰ পানী নিগিৰিয়া আসিব।

তাও মা মোয়ে
এই দুখেৰ মাজতো
সুখী হ'বাই লাগিব,
চেলা অচিনাকি গিলানে
মোৰ পৰিচয়ে হ’ব।

শব্দাৰ্থ:
পাণচিনি: জোৰণ, চেংৰি আপি: গাভৰু ছোৱালী, চাৰিয়া: এৰি, উচুং: উম, হৈলুং: হ'লো, ধুৱানী: নোৱাই-তোলনী বিয়া, উদিনকা: সেই দিনা, চাপাৰা: চপৰা, উগো: সেইটো, জেংকা: যেনেকুৱা, উংকা: তেনেকুৱা, পিটাইছিল: খেদি দিছিল, সেই জৈন্নে: সেই কাৰণে, ঢাকাৰেয়া: খুন্দা মাৰি, নামাতি গান: বিয়ানাম, জোখাৰ: উৰুলি, আউলিয়া: বান্ধিব নোৱৰা, বাজানা: বিয়াত বজোৱা এক ধৰণৰ বাদ্যযন্ত্ৰীৰ দল, নিগিৰিয়া আসিব: নিগৰি আহিব, চেলা: তেতিয়া

নীলা চৰাই . মে' ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz