বিদ্যাৰ্থী আৰু যুৱসমাজলৈ ডঃ এ পি জে আব্দুল কালামৰ দহোটা শপত

প্ৰকাশ: ২৭ জুলাই, ২০১৬ | অন্তিম সম্পাদনা: ১২ আগষ্ট, ২০১৮

ভাৰতৰত্ন ডঃ এ পি জে আব্দুল কালামে (১৫ অক্টোবৰ, ১৯৩১ – ২৭ জুলাই, ২০১৫) অনেক অনুপ্ৰেৰণামূলক গ্ৰন্থ, লেখা, বক্তৃতাৰে অনুগামীসকলক উপকৃত কৰাৰ উপৰি এলানি শপত বাক্যৰেও সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ লোককে উজ্জীৱীত আৰু অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰিছিল। এই শপতলানি তেখেতে বেলেগে বেলেগে শ্ৰেণীৱদ্ধ কৰি আগবঢ়াইছিল। সেই শ্ৰেণীসমূহ হৈছে—

১. বিদ্যাৰ্থী আৰু যুৱসমাজৰ বাবে শপত (Oath for Students and Youth)
২. শিক্ষকৰ বাবে শপত (Oath for Teachers)
৩. জৱানৰ বাবে শপত (Oath for Jawans)
৪. চিকিৎসকৰ বাবে শপত (Oath for Doctors)
৫. আই আই টি ছাত্ৰৰ বাবে শপত (Oath for IIT Students)
৬. ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াৰ বাবে শপত (Oath for Civil Service Officers Promoted in IAS)
৭. ঔষধ সম্বন্ধীয় পেশাৰ লগত জড়িতসকলৰ বাবে শপত (Oath for Pharma Professional)
৮. শিক্ষিত নাগৰিকৰ বাবে শপত (Oath for Enlightened Citizens)
৯. আমবেদকাৰ জয়ন্তীৰ বাবে শপত (Oath for Ambedkar Jayanti)
১০. গাঁওবাসীৰ বাবে শপত (Oath for Village citizen)
১১. সাধাৰণ জনতাৰ বাবে শপত (Oath for Common People)
১২. শুশ্ৰূষা-সেৱাৰ লগত জড়িতসকলৰ বাবে শপত (Oath for Nursing Community)
১৩. খেতিয়কৰ বাবে শপত (Oath for Farmers)
১৪. পেশাদাৰী নেতৃত্বৰ বাবে শপত (Oath for Professional Leaders)


২৭ জুলাই (২০১৬)-ৰ ডঃ এ পি জে আব্দুল কালামৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাঁচি তেখেতৰ শপতলানিৰ বিদ্যাৰ্থী আৰু যুৱসমাজলৈ বুলি আগবঢ়োৱা শপত বাক্যকেইটি ‘নীলা চৰাই’ৰ পাঠকলৈ আগবঢ়ালো।


বিদ্যাৰ্থী আৰু যুৱসমাজলৈ ডঃ এ পি জে আব্দুল কালামৰ দহোটা শপত

Kalam-Sir
Courtesy: Abdulkalam.com

*

[su_dropcap style=”flat” size=”2″]১.[/su_dropcap] মই উপলব্ধি কৰোঁ যে লক্ষ্য সৰু হোৱাটো এক অপৰাধ। মই মোৰ জীৱনত এক মহান লক্ষ্য ৰাখিম আৰু সেয়া পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিম। মই নিৰৱচ্ছিন্নভাৱে জ্ঞান লাভৰ প্ৰয়াস কৰিম। মই লক্ষ্যত উপনীত হ’বৰ বাবে অবিচল থাকিম।

[su_dropcap style=”flat” size=”2″]২.[/su_dropcap] মই ন্যায়নিষ্ঠ হৈ কাম কৰিম আৰু ন্যায়নিষ্ঠাৰে সৈতে সফল হ’ম।

আৰু পঢ়ক:  বিশ্ব কবিতা দিৱস

[su_dropcap style=”flat” size=”2″]৩.[/su_dropcap] মই মোৰ পৰিয়াল, সমাজ, ৰাজ্য, দেশ আৰু বিশ্বৰ ভাল সদস্য হ’ম।

[su_dropcap style=”flat” size=”2″]৪.[/su_dropcap] মই সদায়েই জাতি-বৰ্ণ-ভাষা-ধৰ্ম-ৰাজ্য নিৰ্বিশেষে কোনোবা এজনৰ জীৱন সুৰক্ষিত আৰু উন্নতৰ কৰাৰ চেষ্টা কৰিম। মই য’তেই নাথাকোঁ কিয়, এটা সিদ্ধান্ত সদায় মনত থাকিব। সেয়া হৈছে— ‘মই আপোনাৰ বাবে কি কৰিব পাৰোঁ?’

[su_dropcap style=”flat” size=”2″]৫.[/su_dropcap] মই কেতিয়াও মদ, ধুমপান আৰু জুৱাত আসক্ত নহ’ম। মই সদায়েই, অন্ততঃ পাঁচজন ব্যক্তিৰ হ’লেও মদ, ধুমপান আৰু জুৱাৰ আসক্তি আঁতৰাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকক এক ভাল জীৱন যাপন কৰাত সহায় কৰিম।

[su_dropcap style=”flat” size=”2″]৬.[/su_dropcap] মই সদায়েই সময়ৰ মহত্বৰ কথা মনত ৰাখিম। মোৰ জীৱনৰ ব্ৰত হ’ব— ‘পাখিলগা সময়বোৰ যাতে অবাবত ব্যয় নহয়’।

[su_dropcap style=”flat” size=”2″]৭.[/su_dropcap] মই মোৰ চৌপাশত অন্ততঃ পাঁচজোপা গছ ৰুম আৰু সেইবিলাকৰ আপডাল কৰিম। মই সদায় মোৰ গাঁও, নগৰ আৰু ৰাজ্যক পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিম যাতে পৃথিৱীখন পৰিষ্কাৰ আৰু সেউজীয়া হৈ থাকে। ২০৩০ চনৰ ভিতৰত শক্তি-স্বাধীনতা (Energy Independence) পাবৰ বাবে মই মোৰ সৰ্বাধিক ক্ষমতাৰে কাম কৰিম।

[su_dropcap style=”flat” size=”2″]৮.[/su_dropcap] এই দেশৰ যুৱক হিচাপে মই মোৰ সকলো কামত সফলতা আৰ্জিবলৈ সাহসেৰে সৈতে কাম কৰিম আৰু আনৰ সফলতাৰো আনন্দ ল’ম।

[su_dropcap style=”flat” size=”2″]৯.[/su_dropcap] মই মোৰ বিশ্বাসৰ সমানেই নবীন আৰু সন্দেহৰ সমানেই প্ৰৱীণ। গতিকে মই মোৰ হৃদয়ত বিশ্বাসৰ প্ৰদীপ জ্বলাই ৰাখিম।

[su_dropcap style=”flat” size=”2″]১০.[/su_dropcap] মোৰ হৃদয়ত আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰি থাকে। মই মোৰ ৰাজ্য আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিম।

— মই ইয়াৰ দ্বাৰা শপত লওঁ যে ডঃ কালামে আগবঢ়োৱা এই শপতসমূহ মই মানি চলিম আৰু আৰু মোৰ সকলো কাৰ্যত সফলতা অৰ্জন কৰিম।


নাম:
ঠিকনা:
তাৰিখ আৰু সময়:                                                                              চহী


 

APJA-Kalam-with-Children
Courtesy: Youthconnect.in

Featured image courtesy: Wikipedia.org

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts