নদীৰ কথাৰে

নদীখন মূছকঁছ গ’ল
পদপথৰ কাষত অৱহেলিতা হৈ পৰি আছে নদীখন
কৰবাৰ পৰা ঢপলিয়াই অহা।
কেইটামান অচিন শিলৰ আসুৰিক কামনাত গৃহহীন হোৱা গাভৰু নদীখন
ক্ষীণাই শুকাই পদপথৰ কাষেৰে বৈ আছিল
বহুদিন
বহুযুগ…
অৱহেলাৰ এটা মোহৰ লৈ
প্ৰাচীন হৈ পৰিছিল নদীখন।

অঘৰী হোৱাৰ আগতে
নদীখনত জোন এটাই গা ধুইছিল
তৰাবোৰে গছৰ ডালত পৰি ফুল হৈ হাঁহিছিল
চৰাইবোৰে জোকাইছিল
কহুঁৱাবোৰে হালি-জালি জোৰা নাম গাই
বেলিৰ লগত জোকাইছিল নদীক।
(নদীয়ে জোনকহে ভাল পাইছিল)
বেয়া পোৱা নাছিল
বতাহৰ বা পাই নাচি আছিল নদীখন।

বিহুৱতী চৰাই এটাই যেতিয়া ব’হাগৰ কথা কৈছিল
পাৰৰ গোটেই ফুলবোৰ ফুলি উঠিছিল
লতাবোৰ সেউজীয়া হৈছিল
তাই তেতিয়াই গাভৰু হৈছিল।
পাৰ ভাঙি যেনি তেনি বৈ যাব খুজিছিল।

জোনৰ ভালপোৱাত মতলীয়া নদীখন।
কোনদিনা আঘোণ আঘোণ গোন্ধাইছিল গমেই পোৱা নাছিল
নদীখন কঁপিছিল
কঁপিছিল নদীখন!

শীতৰ এসন্ধ্যাত
জোনটো নাছিল
চৰাই আৰু পাৰৰ ফুলবোৰো নাছিল
ভয়লগা পাহাৰীয়া শিল এটাই
জোকাই আছিল নদীক।
উপায়হীন হৈ গছৰ পাতবোৰে চকুপানী টুকিছিল।
এজাক ধুমুহা আহিছিল!
ফেঁচা এটাৰ হুমকি আওকাণ কৰি
শিলটো তললৈ নামি আহিছিল।
নামি আহিছিল… এটা দুটা তিনিটা…
ভালেকেইটা… শিল…
ভালেকেইটা… শিল…
বক্ষ বিদাৰি কঁপাইছিল নদীখন!
দুই পাৰে কান্দি উঠিছিল।
শিশুৰ দৰে শুই আছিল মেঘবোৰ
জোনৰ কোনো খবৰ নাছিল
নদীয়ে হেৰুৱালে ঘৰ…

পদপথৰ কাষে কাষে নিৰৱে বৈ থকা নদীখন
প্ৰখৰ ৰ'দত আজি মূছকঁছ গ'ল।
সাৰ পাবনে
পাবনে সাৰ
এই যে নদীখন মূছকঁছ গ'ল
মূছকঁছ গ'ল…

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz