নিৰঞ্জন ভূঞাৰ কবিতা

অকণমান মুক্তিৰ আমেজ লৈ যাবা

তুমি যেতিয়া মোক ’যুক্তি’ৰ পাঠ দি আছিলা
মই মোৰ দেহৰ পৰা আভৰণবোৰ আঁতৰোৱাত মত্ত আছিলো

তুমি যেতিয়া মোক অপাৰ্থক বুলি জোকাবলৈ আৰম্ভ কৰিছিলা
মই নঙঠা হবলৈ আৰম্ভ কৰিছিলো

তুমি যেতিয়া মোক ক্লীৱ উপাধিৰে বিভূষিত কৰিবলৈ যো-জা কৰিছিলা
মই মোৰ সত্তাৰে কথা পাতি আছিলো

তুমি যেতিয়া আকাশ চুবলৈ সমস্ত শক্তিৰে হাত মেলি মেলি ভাগৰি পৰিছিলা
মই মোৰ ভৰিৰ তলৰ মটিৰ জৰিয়তে পৃথিৱীৰ লগত মিত্ৰতা পাতিছিলো
বতাহে মোক আকাশৰ সতে চিনাকি কৰি দিছিল

তোমাৰ যুক্তি এৰি
পাৰিলে কেতিয়াবা আমাৰ আড্ডালৈ আহিবা
অকণমান মুক্তিৰ আমেজ লৈ যাবা…

«

অপৌৰুষ

মাজুলী, মোৰ হৃদয়ৰ মাজুলী,
তোমাৰ নিমন্ত্ৰন যে মই ৰাখিব পৰা নাই
বহু বছৰে তোমাৰ ওচৰলৈ যাব পৰা নাই
তোমাৰ লগতে যদি জহি যাওঁ লুইতৰ বুকুত চপৰা হৈ!

তুমিতো ইতিহাসৰ অংশ… তুমি নাথাকিলেও থাকিবা
এসোপা সপোন গোটাই অজস্ৰ পোহৰত থাকোঁ মই
সেইবোৰ সাৰ্থক নকৰাকৈ নো এৰি যাওঁ কেনেকৈ

তোমাৰ ওচৰলৈ যাবৰ সময়ৰ লগতে সাহস গোটাব নোৱাৰোঁ মই
যি অজস্ৰ পোহৰত থাকোঁ মই,তাৰে অকণমান
তোমাকো দিবলৈ মনটোৱে হাহাকাৰ কৰে
অপুৰুষ-আপোনপেটা বুলিলেও বুলিবা
ভালে থাকিবা, থাকিবা তুমি আন্ধাৰে-পোহৰে

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar