নীলা চৰাই

[ নিকুঞ্জ নাথ ]image

হঠাৎ
সাউৎকৈ উৰি আহিল এটি চৰাই
আৰু বুকুত গুজি থৈ গ’ল অনুৰাগ

আচম্বিতে হৈ গ’ল সকলো
কোনেও গমকে নাপালে
আনকি চৰায়েও নাজানিলে
(নীলা চৰাই আহিল, গ’ল।)

ইয়াৰ পিছৰ
সময়বোৰ
জুইৰ শিখাৰ দৰে কঁপি থাকিল…

এই যেন পোহৰ হওঁ হওঁ পৃথিৱী
পাখি মেলি নামিব উৎসৱৰ ৰাতি!

নীলা চৰাই . জুন ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz