কাব্যধাৰা ৩

[ নিবেদিতা হাজৰিকা আৰু চন্দন চিৰিং ফুকনৰ কবিতা ]

 

অনুৰাগ

নিবেদিতা হাজৰিকা

মই তোমাক একোৱেই কোৱা নাছিলো
হৃদয়ৰ বাঙ্ময় ভাষাবোৰ
মোৰ উচপিচ ওঁঠেৰে বাগৰি যোৱাৰ ভয়ত
তথাপিও জানো কেনেকৈ পাইছিলা দূৰৈৰ পৰাই
মোৰ দুচকুৰ উদ্বিগ্নতাৰ উমান
সেয়ে হয়তো জোন হৈ পোহৰাই পেলালা
মোৰ অনুভৱৰ আকাশ।

তোমাক একোকে দিব নোৱৰাকৈ নিঃকিন মই
তুমি জানিছিলা বাবেই দূৰে দূৰে ৰ’লা
মাথোঁ জীৱনৰ কেনভাছত নিশব্দে আঁকি গ’লা
সুখ-দুখ-অশ্ৰু, প্ৰেম-ভালপোৱাৰ অলেখ আঁক-বাঁক।

যেতিয়াই তোমাৰ
স্পৰ্শধন্য শব্দৰ মাজত বিচাৰি পাওঁ নিজক,
বিচাৰি ফুৰোঁ জীৱনৰ হেৰোৱা ঠিকনা
স্মৃতিৰে জীপাল কৰোঁ একান্ত নিজস্ব সময়
অনুভৱৰ প্ৰাচুৰ্যৰে এতিয়াও
উমাল হয় হৃদয়,

ইমানতো বাৰু মই আনে সুধিলে
কেনেকৈ মিছা মাতো—
মোৰ জীৱনত তুমি নাই বুলি কৈ?

 


 

আন্ধাৰ, ৰাতি আৰু কিবাকিবি

চন্দন চিৰিং ফুকন

১.
নিটোলকৈ পকা এখৰাহী ক'লা জামু
বাগৰি গ'ল যেনি-তেনি
আকাশত, গছতলত, অদূৰৰ উদং পথাৰত
জামুৰ ওপৰা-উপৰি চেকা

২.
ময়ো নাও বাওঁ কাঁচিজোনৰ লগত
এটা এটাকৈ চুই চাওঁ সাতোটা তৰা
ঢপলিয়াই ফুৰে দুচকু আকাশৰ ইমূৰ-সিমূৰ
পপীয়া তৰা এটা বিচাৰি

৩.
ক'ৰবাত এটা কেতেকী সাৰে আছে
নিটাল বাৰাণ্ডাত মই অকলে
মই জানো তুমিও কাটি আছা এতিয়া
পুৰণি দিনৰ মুগাসূতা নজহা-নপমা

৪.
বতাহত বহুতো ভগা-ছিগা শব্দৰ আহ-যাহ
খিৰিকিমুখত টুকুৰা-টুকুৰ বাঁহীৰ সুৰ
গীত এটাৰ ওঁঠত ওঁঠ গুজি দিছোঁ
আজি ৰাতিটো এনেকৈয়ে কটাম


ছবি: চন্দন চিৰিং ফুকন


নীলা চৰাই . এপ্ৰিল ২০১২

 

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz